‘মই তেতিয়া কেৰিয়াৰৰ তুংগত৷ হাতত সময় নাথাকেই৷ ঘৰত থাকিবলৈ সময়ে নাপাওঁ৷ ইখনৰ পাছত সিখন নতুন চিনেমাৰ বাবে চুক্তিবদ্ধ হৈছিলোঁ৷ শ্বুটিঙৰ কামত নিয়মীয়াকৈ মুম্বাইৰ পৰা বিমানত বাহিৰলৈ যাবলগীয়া হৈছিল৷ সেইদিনাও একে উদ্দেশ্যৰে বিমানত যথা সময়ত বহিলোঁ৷ মোৰ কাষতে এজন ভদ্ৰলোক৷ মানুহজন দেখাত শিক্ষিত, মাৰ্জিত আৰু মধ্যবিত্ত যেন লাগিল৷ বিমানৰ ভিতৰত মোৰ এই সহযাত্ৰীজনে একান্তমনে এখন বাতৰি কাকত পঢ়ি আছিল৷
মই নিজৰ আসনত বহিয়েই কাষৰ আসনখনত বহা ভদ্ৰলোকক যথা ৰীতি মাত দিলোঁ৷ তেওঁ মোলৈ নোচোৱাকৈয়ে ‘থেংক ইউ...’ বুলি ক’লে৷ মোৰ এনেকুৱা লাগিল– মানুহজনে মোক গুৰুত্বই দিব বিচৰা নাই৷ ইতিমধ্যে চিনেমাত এজন সফল নায়ক হিচাপে ভাৰতবৰ্ষত মোৰ এটা নাম হৈছিল৷ বিমানত বহাৰ লগে লগে বিভিন্নজনে মোৰ অট’গ্ৰাফ ল’লে৷ মই সকলোকে সন্তুষ্ট কৰিবলৈ অট’গ্ৰাফ দি গ’লোঁ৷ কাষতে বহা এই মানুহজনে মোৰ ব্যস্ততা, অট’গ্ৰাফ দিয়া এইবোৰৰ প্ৰতি কোনো গুৰুত্ব নিদি কেৱল বাতৰি কাকতখন পঢ়ি থাকিল৷ মই নিজেই আচৰিত হ’লোঁ৷ আজিলৈকে বিমানত যেতিয়াই য’লৈকে গৈছোঁ, তেতিয়াই কাষত বহা যাত্ৰীৰ কথা বাদেই বিমানৰ প্ৰায় সকলো যাত্ৰীয়ে মোৰ ওচৰলৈ আহি এষাৰ মাত দিয়ে আৰু মোৰ চিনেমাৰ চৰিত্ৰটোক লৈ কথাৰ আদান-প্ৰদান কৰে৷ মোৰ কাষৰ আসনখনত বহিবলৈ পোৱাটোৱে বহুতে সৌভাগ্য বুলিও কৈছিল৷ কাষৰ আসনখনত বহি থকা এই মানুহজন কিন্তু সম্পূৰ্ণ বিপৰীত৷ বিমানৰ ভিতৰত বিমান পৰিচাৰিকাই কফি, আলোচনী আদি আন যাত্ৰীক দিয়াৰ দৰে মোৰ কাষৰ আসনত বহা মানুহজনক যেতিয়াই দিছে, তেতিয়াই বিনিময়ত কাৰো চকুলৈ নোচোৱাকৈ তেওঁ কেৱল ‘থেংক ইউ’ বুলি কৈছে৷
সহযাত্ৰীজনৰ এই নিৰুদ্দেগ, নিৰুত্তাপ চৰিত্ৰটোৱে মোক বৰকৈ আকৰ্ষিত কৰিলে৷ মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ যদিও তেওঁ মোৰ সৈতে কথা পাতিবলৈ বৰ আগ্ৰহ দেখুওৱা নাছিল৷ মোৰ কিন্তু মানুহজনৰ প্ৰতি কৌতুহল প্ৰতি ছেকেণ্ডত বাঢ়ি আহিছিল৷ মই নিজেই তেওঁক মোৰ পৰিচয়টো দি ক’ব বিচাৰিলোঁ যে মই চিনেমা জগতৰ সৈতে জড়িত৷ তেওঁ মাথোঁ ক’লে– বঢ়িয়া৷ ইমানতে শেষ৷ ইয়াতকৈ আৰু বিশেষ কোনো উৎসুকতা দেখা নাপালোঁ৷ তাৰ পাছত তেওঁক সুধিলোঁ– আপুনি চিনেমা চাইনে? উত্তৰত ক’লে– কেতিয়াবা কেতিয়াবা৷ শেষৰখন চিনেমা চোৱা এবছৰ হ’ল৷
এটা সময়ত বিমানখন অৱতৰণ কৰিলে৷ বিমানৰ পৰা সকলো যাত্ৰী নামি গ’ল৷ আমিও নামিলোঁ৷ বিমানৰ পৰা নমাৰ পাছত বিদায় পৰ্বত মই মানুহজনৰ ওচৰলৈ গৈ ক’লোঁ– মোৰ নাম অমিতাভ বচ্ছন৷ তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নেদেখুৱাই হাতখন আগবঢ়াই কৰমৰ্দন কৰিলে৷ আৰু সাধাৰণভাৱে ক’লে– আপোনাৰ সৈতে পৰিচয় হৈ ভাল লাগিল৷ ইয়াৰ পাছত তেওঁ যাবলৈ ওলাল আৰু যোৱাৰ সময়ত নিজৰ পৰিচয়টো দি গ’ল– মোৰ নাম জে আৰ ডি টাটা৷ মই চমকি উঠিলোঁ৷ সেইদিনা অনুভৱ কৰিলোঁ আৰু শিকিলোঁ বৃক্ষ যিমানেই বৃহৎ হ’ব, শিপাই সিমানে মাটিক খামোচি থাকিব৷ ফলেৰে ভৰি থকা বৃক্ষৰ ডাল সদায় তললৈ হাউলি থাকে৷ গ্লেমাৰ, মানুহৰ আকৰ্ষণ আদিয়ে মনলৈ কেতিয়াবা অহংকাৰ আনে৷ তেতিয়া ভাব হয়, মোতকৈ ডাঙৰ আৰু কোন আছে! ময়েই সকলো৷ ঘটনাটোৱে কৈ গ’ল– মোতকৈ হেজাৰ গুণ ডাঙৰ সেই টাটাই মাটিক কিদৰে খামোচি আছে, এবাৰ চাই লোৱা৷ অহংকাৰ, বহুবল্কিতা সকলো ত্যাগ কৰি এজন তেনেই সাধাৰণ মানুহৰ দৰে জীৱন যাপন কৰাৰ কলা শিকাৰ সুযোগ দিলে টাটাই৷ এই ঘটনাটোৱে মোৰ জীৱনক গভীৰভাৱে প্ৰভাৱিত কৰি গ’ল৷’
অমিতাভ বচ্ছনে এই কথাখিনি স্থানান্তৰত সুন্দৰকৈ লিখিছে৷
অমিতাভ বচ্ছন আৰু জে আৰ ডি টাটাৰ এই কাহিনীৰ অৱতাৰণা কৰাৰ সুযোগ দিলে আৰ এছ এছ প্ৰধান মোহন ভাগৱতে৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মন্ত্ৰীসভাখনে শপতগ্ৰহণ কৰাৰ মুহূৰ্তত আৰ এছ এছ প্ৰধানগৰাকীয়ে কৰা মন্তব্যই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মোহন ভাগৱতে একেখিনি কথাকে নিৰ্বাচনৰ আগমুহূৰ্তত কোৱা হ’লে দেশৰ ৰাজনৈতিক চিত্ৰখন আৰু সলনি হ’লহেঁতেন! ভাৰতীয় ঐতিহ্য আৰু পৰম্পৰাত মই শব্দ অহংকাৰৰ প্ৰতীক বুলি কোৱা হয়৷ গীতাটো কৈছে– মই মানে অহংকাৰ৷ আচলতে মই বুলি পৃথিৱীত একো নাই৷ গীতাৰ দৃষ্টিৰে যদি চোৱা যায়– তেনেহ’লে সমস্ত জীৱকুল আৰু এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো সৰু-বৰ কৰ্ম কেৱল ঈশ্বৰৰ ইচ্ছা অনুযায়ী সম্পন্ন হৈছে৷ ইয়াত বিতৰ্কও নথকা নহয়৷ নাস্তিকসকলে বা প্ৰগতিশীল সমাজৰ সপোন দেখা প্ৰজন্মই বাস্তৱক এৰাই চলিবলৈকো এই ধৰণৰ ধাৰণাৰ জন্ম দিয়া বুলি অভিযোগ কৰে৷
যিয়েই নহওক নিৰ্বাচনত এনে কেতবোৰ কাম-কাজ সম্পন্ন হৈছিল আৰু এনেকুৱা কেতবোৰ সংলাপ নেতাৰ মুখেৰে ওলাইছিল, যিবোৰে পৰিৱেশ প্ৰদূষিত কৰি তুলিছিল৷ অমিতাভ বচ্ছনে যদি বিমানত তেওঁৰ সহযাত্ৰী হিচাপে জে আৰ ডি টাটাৰ সলনি এতিয়াৰ কোনো মন্ত্ৰী বা ক্ষমতাত থকা নেতাক লগ পালেহেঁতেন, তেনেহ’লে সেই নেতাৰ মুখত তেওঁৰ বাবেহে বিমানত যাত্ৰীয়ে নিৰ্ভয়ে অহা-যোৱা কৰিব পাৰিছে বুলি ক’বলৈকো কিজানি লজ্জা নকৰিলেহেঁতেন!
বিজেপিয়ে নিৰ্বাচন নৰেন্দ্ৰ মোদীৰ নামত খেলিছিল৷ নৰেন্দ্ৰ মোদীয়েও প্ৰতিখন জনসভাত ৰাইজৰ প্ৰতি আহ্বান জনাইছিল যে ভোট তেওঁক দিব লাগে৷ সভালৈ অহা লোকসকলৰ প্ৰতি মোদীৰ অনুৰোধ আছিল যে তেওঁলোক ঘৰলৈ গৈ পৰিয়াল, চুবুৰীয়া, গাঁৱৰ প্ৰতিজন নাগৰিকক ক’ব লাগে মোদীক ভোট দিব লাগে৷ আনকি নগাঁৱতো শাসক দলে সুৰেশ বৰাক নহয়, নৰেন্দ্ৰ মোদীক ভোট দিবলৈহে আহ্বান জনাইছিল৷ এই কথাটোকে মোহন ভাগৱতে কৌশলেৰে কৈছে৷ অধিক আত্মবিশ্বাস কেতিয়াবা বিপদৰ কাৰণ হৈ পৰে৷ ইয়াৰ সৈতে যদি অহংকাৰ যুক্ত হয়, তেতিয়াহ’লে ই ফেঁটী সাপৰ বিষতকৈ অধিক ভয়ানক হৈ পৰিব পাৰে৷
সফলতাৰ শিখৰত আৰোহণ কৰা দুজন মানুহ জে আৰ ডি টাটা আৰু অমিতাভ বচ্চন৷ যদিও অমিতাভ বচ্চনৰ শেহতীয়া স্থিতি অত্যন্ত সুবিধাজনক বুলি অভিযোগ আছে, টাটাৰ পৰৱৰ্তী প্ৰজন্মও এই অভিযোগৰ পৰা এইপৰ্যন্ত মুক্ত৷ প্ৰধানমন্ত্ৰীগৰাকীৰ অহংকাৰৰ প্ৰচ্ছায়া অসমতো পৰিছিল৷ নিৰ্বাচনী প্ৰচাৰ সভালৈ গৈ মন্ত্ৰীয়ে আমি ইমান লাখ ভোটত জিকিম বুলি গৌৰৱেৰে কৰা ঘোষণা অহংকাৰৰ প্ৰতিফলন আছিল৷ শাৰীৰিক ভাষা আৰু প্ৰতিটো মন্তব্যত ফুটি উঠিছিল সাধাৰণ মানুহক মানুহ বুলি গণ্য নকৰা স্বৰূপ৷
বৰ্তমানেই জীৱনৰ আদি আৰু অন্ত নহয়৷ জীৱনৰ সেই সময়হে ৰাইজে হিচাপ কৰে, যি সময়ত শৰৎ চন্দ্ৰ সিংহ, গোলাপ বৰবৰাৰ নাম সোণালী আখৰেৰে প্ৰতি অসমীয়াই হূদয়ত লিখি ল’লে৷ তৰুণ গগৈ মন্ত্ৰীসভাৰ বহু কথা পাহৰণিৰ গৰ্ভত৷ সোণোৱালৰ দিনৰো বহু কথা মানুহে পাহৰিবলৈ লৈছে৷ আজিৰ ৰাজনীতিৰ নায়ক বুলি ভবা বহুতক ২৫ বছৰৰ পাছত ৰাইজে মনত পেলাব পৰাকৈ কিবা থাকিবনে? ৰুচি-অৰুচি, অহংকাৰ, দৰ্প, গৰ্ব, ভাবুকি আদিৰো অন্ত পৰে৷ পৰাটোৱে নিয়তিৰ নিয়ম৷
এইখিনিতে চৰ্চিত হৈছে গৌৰৱ গগৈৰ নাম৷ অৰুচি, দৰ্প, অহংকাৰৰ বিপৰীতে উচ্চাৰিত হোৱা শব্দটোৱে গৌৰৱ গগৈ নেকি? এজন মানুহক গুৰুত্বহীন কৰিবলৈকে তেওঁক অপমান কৰিব লাগিব নেকি? তেওঁক পেংলাই কৰিলেই তেওঁ সমাজত গুৰুত্বহীন হৈ পৰিব নেকি? যিটো কাম গৌৰৱ গগৈৰ ক্ষেত্ৰত কৰা হৈছিল৷ সেই কামটোৱে গৌৰৱ গগৈৰ পৰাজয় মাতি আনিলেনে? মানুহক তাচ্ছিল্য, অপমান কৰিব বিচাৰিলে কৰোতাজনৰ ভাবমূৰ্তিহে ম্লান পৰে৷ এই সত্য উপলব্ধি কৰাৰ সময় এয়া৷ নিৰ্বাচন শেষ হ’ল, কিন্তু লিখি গ’ল নতুন ইতিহাস৷ লোকসভা নিৰ্বাচনৰ ইতিহাসত অসমৰ সেইসকল ধনে-জনে ক্ষমতাশালী নেতাৰ আচৰণ ৰাইজে দেখা পালে৷
ইয়াৰ পাছতো শুধৰণি নাই, নাই কোনোধৰণৰ আত্মমন্থন৷ কেৱল তোষামোদ বিচাৰে৷ কোনো সমালোচনা সহ্য কৰিব নোৱৰা এই নেতাসকলে মনত পেলাওকচোন, তেওঁলোকে লুৰীণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ, ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ, হীৰেন গোহাঁই আদিক লৈ কিমান সস্তীয়া আৰু নিম্ন ৰুচিৰ মন্তব্য কৰিছিল৷ সেই ভিডিঅ’বোৰ তেওঁলোকে নিজেই এবাৰ চাওকচোন৷ য’ত গৌৰৱ গগৈক সমালোচনা কৰিবলৈ গৈ ৰাইজৰ সন্মুখত তেওঁৰ প্ৰয়াত পিতৃকো কেনেকৈ অপমান কৰা হৈছিল৷ এইসকলে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোত সামাজিক মাধ্যমত প্ৰয়াত তৰুণ গগৈৰ সৈতে গৌৰৱ গগৈৰ এখন ফটো ভাইৰেল হোৱা নিশ্চয় দেখিছে৷ এই ফটোখন সামাজিক মাধ্যমত গৌৰৱ গগৈয়ে ভাইৰেল কৰা নাই৷ কংগ্ৰেছৰ সৈতে দূৰ-দূৰণিলৈকে সম্পৰ্ক নৰখা কোনো অতি সাধাৰণ যুৱকে ৰুচিহীন কথা-বতৰাৰে সামাজিক পৰিৱেশ বিষাক্ত কৰাসকলক ফটোখনৰ জৰিয়তে প্ৰত্যুত্তৰ দিছিল৷
জে আৰ ডি টাটা আৰু অমিতাভ বচ্চনৰ কাহিনীটোৱে মানুহক আৰু এটা কথা শিকালে– তুমি যিয়েই নোহোৱা, ভৰি দুখন কিন্তু ভূমিৰ পৰা বিচ্ছিন্ন কৰিব নালাগে৷ মানুহক কিহে অহংকাৰী কৰে? ক্ষমতা, ধন আৰু সৌন্দৰ্যই৷ গীতাই ইয়াকো কৈছে যে মানুহক অহংকাৰী কৰা এই তিনিওপদ অস্থায়ী৷ ইয়াৰ কোনো স্থায়িত্ব নাই৷ তেনেহ’লে নিৰ্বাচনৰ বতৰত প্ৰতিটো কথাতে ৰাইজক তেওঁলোকৰ দাস হেন জ্ঞান কৰি নেতাই ‘মই মই’ কৈ থাকিলে কিয়? এই প্ৰশ্নৰ উত্তৰ মোহন ভাগৱতে দিব পাৰিবনে নাই, নাজানো৷ কিন্তু জে আৰ ডি টাটাই অমিতাভ বচ্চনক দিব পাৰিছিল৷
Leave A Comment