জিতুমণি বৰা
সেই চমক আৰু নাই৷ ভাৰতীয় ৰাজনীতিত চাণক্য হিচাপে হঠাতে আৱিৰ্ভাৱ ঘটা মানুহজনৰ গুৰুত্ব লাহে লাহে হ্ৰাস পাইছে৷ ২০১৪ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে প্ৰচাৰৰ নামত কিদৰে চমক দিব, সেই কৌশল যিজন মানুহে প্ৰস্তুত কৰিছিল বুলি কোৱা হৈছিল, তেওঁ আছিল প্ৰশান্ত কিশোৰ৷ তেতিয়া প্ৰচাৰ চলোৱা হৈছিল– প্ৰশান্ত কিশোৰৰ কৌশল ইমানেই চমকপ্ৰদ আৰু সফল যে তেওঁৰ দিহা মানি চলিলে যিকোনো ৰাজনৈতিক দলে সহজে সফলতা প্ৰদৰ্শন কৰিব পাৰে৷ এই প্ৰচাৰ ২০১৯ আৰু ২০২৪ত বিজেপিয়েই মিছা বুলি প্ৰমাণ কৰিলে৷ কাৰণ এই দুটা নিৰ্বাচনত বিজেপিয়ে প্ৰশান্ত কিশোৰৰ সলনি এদল বিশেষ লোকৰ তত্ত্বাৱধানত ৰণত নামিছিল আৰু অভাৱনীয় সফলতা পাইছিল৷ ইয়াৰ দ্বাৰা ভাৰতীয় ৰাজনীতিত প্ৰতিপন্ন হৈছে যে প্ৰশান্ত কিশোৰ অবিহনেও যিকোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব পাৰে৷
অৱশ্যে নীতিশ কুমাৰ আৰু মমতা বেনাৰ্জীয়ে প্ৰশান্ত কিশোৰক নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতকৰণত ব্যৱহাৰ কৰি সফলতা লাভ কৰিছে৷ এইটোও সত্য যে এবাৰ যিটো ৰাজনৈতিক দলে প্ৰশান্ত কিশোৰৰ দিহা গ্ৰহণ কৰিছে, তেওঁলোকে পৰৱৰ্তী সময়ত প্ৰশান্ত কিশোৰৰ সহায় ল’বলৈ আগ্ৰহী হোৱা নাই৷ তথাপি কওঁ ভাৰতীয় ৰাজনীতিত প্ৰশান্ত কিশোৰৰ নিৰ্বাচনী ৰণকৌশল যথেষ্ট বাস্তৱসন্মত৷
কংগ্ৰেছেও এইগৰাকী আধুনিক চাণক্যৰ সৈতে আলোচনা কৰিছিল৷ কংগ্ৰেছেও সহায় ল’ব বিচাৰিছিল এইগৰাকী চাণক্যৰ৷ অৱশ্যে প্ৰশান্ত কিশোৰে কংগ্ৰেছক এনেকুৱা এটা পৰামৰ্শ দিলে, যিটো দলটোৱে গ্ৰহণ কৰিবলৈ অপাৰগতা কৰিলে৷ প্ৰশান্ত কিশোৰে কংগ্ৰেছ নেতৃত্বক পৰামৰ্শ দিছিল যে দলটোৱে ৰাহুল গান্ধীক নহয়, প্ৰধানমন্ত্ৰী হিচাপে প্ৰিয়ংকা গান্ধীক প্ৰক্ষেপ কৰিব লাগে৷ জনসাধাৰণৰ মাজত ৰাহুল গান্ধীতকৈ প্ৰিয়ংকা গান্ধীৰ গ্ৰহণযোগ্যতা অধিক বুলি নেতৃত্বক জনাইছিল৷ ছোনিয়া গান্ধীৰ লগতে কংগ্ৰছে নেতৃত্বই প্ৰশান্ত কিশোৰৰ এই পৰামৰ্শ গ্ৰহণ কৰিবলৈ ৰাজী নহ’ল৷
পৰৱৰ্তী সময়ত কংগ্ৰেছে ৰাহুল গান্ধীকে নতুন ৰূপত সন্মুখলৈ আগবঢ়াই দিলে৷ সেয়া আছিল ভাৰত জোড়ো যাত্ৰা৷ এই যাত্ৰা ৰাহুল গান্ধীয়ে অন্য এগৰাকী চাণক্যৰ জৰিয়তে প্ৰস্তুত কৰিছিল৷ ভাৰত জোড়ো যাত্ৰাই দেশত অভাৱনীয় সফলতা লাভ কৰাই নহয়, কংগ্ৰেছ নেতা-কৰ্মীসকলক পুনৰ ঐক্যবদ্ধ কৰিলে৷ ইয়াৰ বাবে কংগ্ৰেছে লোকসভা নিৰ্বাচনত ২০১৯১ তুলনাত প্ৰায় দুগুণসংখ্যক আসন লাভ কৰিলে৷
আমাৰ আলোচনাৰ বিষয় প্ৰশান্ত কিশোৰহে৷ দেশৰ ৰাজনীতিত নিজকে এগৰাকী অতি সফল নিৰ্বাচনী ৰণনীতি প্ৰস্তুতকৰ্তা হিচাপে প্ৰক্ষেপ কৰি তিনিটা ৰাজনৈতিক দলৰ সৈতে কাম কৰাৰ পাছত লাহে লাহে কোনোটো ৰাজনৈতিক দলে মানুহজনক গ্ৰহণ নকৰা হ’ল৷ আনকি জন্মভূমি বিহাৰতে নীতিশ কুমাৰ, লালুপ্ৰসাদ আদিৰ ওচৰত উপেক্ষিত হৈ ৰোৱা প্ৰশান্ত কিশোৰে অৱশেষত নিজেই এটা ৰাজনৈতিক দল খোলাৰ সিদ্ধান্ত লৈছিল৷ এই সিদ্ধান্ত মৰ্মে প্ৰশান্ত কিশোৰে জন্ম দিলে ‘জন সুৰজ পাৰ্টী’৷ গান্ধী জয়ন্তী আৰু মহালয়াৰ দিনটোত প্ৰশান্ত কিশোৰে জন্ম দিয়া এই ৰাজনৈতিক দলটোৱে পাঁচ মাহৰ পাছত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ বিহাৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰিয়ে গঠন কৰা হৈছে এই দলটো৷
আমি সকলোৱে জানো বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যখনৰ মহিলা আৰু ভৱিষ্যৎ প্ৰজন্মৰ স্বাৰ্থত এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ সেই সিদ্ধান্তটো হ’ল– বিহাৰত সুৰা নিষিদ্ধ৷ ইয়াৰ বাবে নীতিশ কুমাৰে বিহাৰৰ সমগ্ৰ মহিলাৰ সমৰ্থন লাভ কৰিছে৷ সুৰাই কিদৰে বিহাৰৰ এটা প্ৰজন্মক শেষ কৰি পেলালে, সেয়া নীতিশ কুমাৰে দেখা পাইছে৷ আনকি সুৰাই বিহাৰৰ উঠি অহা প্ৰজন্মক সোৰোপা, ধোদ কৰি পেলোৱাৰ সমান্তৰালভাৱে ৰুগীয়া কৰিছিল৷ ইমানতে শেষ হোৱা নাই, সুৰাৰ অবাধ প্ৰচলনে বিহাৰত পাৰিবাৰিক অশান্তিৰ সমানে সামাজিক বিশৃংখলতাৰ জন্ম দিছিল৷ হত্যা, হিংসা, ধৰ্ষণৰ দৰে অপৰাধে বিহাৰৰ আকাশ ক’লা কৰি পেলাইছিল৷ অতিষ্ঠ হৈ পৰিছিল মহিলাসকল৷ প্ৰায় প্ৰতিখন ঘৰ-সংসাৰ, প্ৰতিটো পৰিয়াললৈ অশান্তি নমাই আনিছিল সুৰাই৷ সুৰাপান কৰি সংঘটিত দুৰ্ঘটনাৰ সংখ্যাও বৃদ্ধি পাইছিল৷ পৰিৱেশ ইমান অৱনমিত হৈ পৰিছিল যে বিহাৰত উদ্যাপন কৰা উৎসৱবোৰ হৈ উঠিছিল বিভীষিকাৰ কাৰক৷ প্ৰতিটো উৎসৱত আকণ্ঠ সুৰাপান কৰি যুৱক আৰু জ্যেষ্ঠ পুৰুষসকলেও নিজৰ মাজতে মাৰপিটত মচগুল হৈছিল৷
সুৰাই বিহাৰক বহু যোজন পিছুৱাই নিছিল৷ শাৰীৰিকভাৱে সুঠাম আৰু সুস্থ যুৱকৰ সংখ্যা কমাই আনিছিল৷ এই পৰিৱেশৰ পৰা বিহাৰক মুক্ত কৰাৰ বাবে নীতিশ কুমাৰে গ্ৰহণ কৰিবলগীয়া হৈছিল এক সাহসী সিদ্ধান্ত৷ বিহাৰত সুৰা নিষিদ্ধ কৰাৰ লগে লগে ৰাজ্যখনৰ সকলো মহিলাই নীতিশ কুমাৰক সাধুবাদ দিয়াৰ লগতে ৰাজ্যখনৰ শিক্ষিত আৰু বৌদ্ধিক মহলটোৱে বিহাৰক বছোৱাৰ বাবে নীতিশ কুমাৰক ধন্যবাদ দিছিল৷
সুৰা নিষিদ্ধ হোৱা সত্ত্বেও বিহাৰত এতিয়া সুৰাৰ এখন ক’লা বজাৰ গঢ়ি উঠিছে৷ চুবুৰীয়া ৰাজ্যৰ পৰা বিহাৰলৈ গোপনে সৰবৰাহ হয় সুৰা৷ সুৰাৰ এই অবৈধ প্ৰচলনে বিহাৰৰ মহিলাসকলক আতংকিত কৰিছে৷ তেওঁলোকে ভয় খাইছে পুনৰ সেই দিনবোৰ ঘূৰি আহিব বুলি৷ সুৰাপায়ী যুৱকৰ ধৰ্ষণ, হিংসা, হত্যা আদি অসামাজিক কাম-কাজ আকৌ বৃদ্ধি পাব বুলি৷ থান-থিত লগা সংসাৰবোৰ আকৌ সুৰাৰ স্পিৰিটে ভাঙি পেলাব৷ মহিলাৰ এই ভয়ক কোনো ধৰণৰ মান্যতা দিব বিচৰা নাই প্ৰশান্ত কিশোৰে৷ সুৰাৰ বিৰুদ্ধে আজীৱন সংগ্ৰাম কৰা মহাত্মা গান্ধীৰ জন্মদিনটোত প্ৰশান্ত কিশোৰে নিজৰ ৰাজনৈতিক দলটোৰ নাম ঘোষণা কৰি গ্ৰহণ কৰা প্ৰধান সিদ্ধান্তটো আছিল গান্ধী দৰ্শনৰ সম্পূৰ্ণ বিৰোধী৷
বিহাৰৰ পুৰুষ সমাজক বিশেষকৈ যুৱকসকলৰ ভোটৰ লালসাত প্ৰশান্ত কিশোৰে ঘোষণা কৰিছে যে ৰাজ্যখনত সুৰাৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিব৷ অৰ্থাৎ বিহাৰত আকৌ অসমৰ দৰে অলিয়ে-গলিয়ে সুৰা বিপণী খুলি দিব৷ যাতে বিহাৰৰ ২১ ঊধবৰ্ কেউটা প্ৰজন্মই হাতেৰে ঢুকি পোৱাতে সুৰাৰ বটল লাভ কৰে৷ সুৰাপানত বিহাৰৰ জনতাক উদ্বুদ্ধ কৰাটোৱেই প্ৰশান্ত কিশোৰৰ প্ৰধান নিৰ্বাচনী ইছ্যু৷ হয়তো প্ৰশান্ত কিশোৰে সফলতাও লাভ কৰিব পাৰে, কিন্তু বিহাৰৰ এটা প্ৰজন্ম সম্পূৰ্ণৰূপে ধবংস হৈ যাব৷ ইয়াৰ বিনিময়ত প্ৰশান্ত কিশোৰে ৰাজপাট দখল কৰিলেও আচৰিত হ’বলগীয়া নাই৷
আপুনি এবাৰ ভাবকচোন! কোনোবাই যদি বিধায়ক হোৱাৰ সপোন দেখি সুৰা নিষিদ্ধ মাজুলীত সুৰাৰ ধল বোৱোব বুলি প্ৰতিশ্ৰুতি দি ভোট বিচাৰে, সমৰ্থন কৰিবনে? সত্ৰপীঠ তথা বৈষ্ণৱ সংস্কৃতিৰ পৃষ্ঠভূমি মাজুলীৰ ঐতিহ্য আৰু পৰম্পৰাক সুৰাই তচনচ কৰি নেপেলাবনে? হয়, এতিয়াও চোৰাংকৈ মাজুলীলৈকো বাহিৰৰ পৰা যোৱা এচাম বিষয়া, ঠিকাদাৰে সুৰাৰ বটল লৈ যায়৷ নিষিদ্ধ হোৱাৰ বাবে ইয়াৰ মাজতো এখন আৰ-বেৰ আছে৷
নীতিশ কুমাৰ চৰকাৰৰ ব্যৰ্থতা, দুৰ্নীতি আদিক ইছ্যু কৰাৰ সলনি সুৰাৰ ধল নমোৱাৰ প্ৰতিশ্ৰুতি দি ভোট বিচৰা প্ৰশান্ত কিশোৰ তৰুণ প্ৰজন্মৰ শত্ৰু নহয়নে? নিষিদ্ধ হোৱা সত্ত্বেও বিহাৰৰ ক’লা বজাৰত কিদৰে সুৰা উভৈনদী হৈ আছে, সেইটোতহে প্ৰশান্ত কিশোৰে প্ৰশ্ন তুলিব লাগিছিল৷ প্ৰশান্ত কিশোৰে সুৰাৰ ৰাজহ শিক্ষাখণ্ডত ব্যয় কৰিম বুলি কোৱা কথাবোৰ পাগত উঠা নাই৷ সুৰাই কি কৰে, সুৰাই কিদৰে নাৰকীয় পৰিৱেশ সৃষ্টি কৰে, সেয়া জানিব বিচাৰিলে প্ৰশান্ত কিশোৰ এবাৰ অসমলৈ আহক৷ আজিৰ অসমত সুৰাই কিদৰে একোখন গাঁও, একোখন সমাজ, একোখন ঘৰ, একোটা উৎসৱত পানী ঢালিছে, সেয়া চাই যাওকহি৷
কেইদিনমানৰ আগৰ কথা৷ পুত্ৰই দৈনিক সুৰাপান কৰি ঘৰখনত সৃষ্টি কৰি অহা অশান্তিয়ে পিতৃ-মাতৃৰ চকুৰ টোপনি কাঢ়ি নিছিল৷ তেওঁলোক সুৰাপায়ী পুত্ৰৰ অত্যাচাৰত ইমানেই অতিষ্ঠ হৈ পৰিছিল যে শেষত পিতৃ-মাতৃ দুয়ো পুত্ৰক হত্যা কৰাৰ পৰিকল্পনা কৰি সেয়া কাৰ্যকৰী কৰিলে৷ আনটো ঘটনা ইয়াৰ বিপৰীত৷ পিতৃয়ে সুৰাপান কৰি দৈনিক ঘৰখনত অশান্তিৰ দাবানল নমাই আনে৷ ওৰে নিশা সুৰাপায়ী পিতৃয়ে গালি-গালাজৰ লগতে মাতৃক অকথ্য নিৰ্যাতন চলায়৷ অতিষ্ঠ হৈ পুত্ৰই বাটামেৰে কোবাই কোবাই হত্যা কৰিলে পিতৃক৷ দুয়োটা ঘটনা উজনি অসমৰ৷ কটনত পঢ়ি থকা নামনি অসমৰ এগৰাকী যুৱতীয়ে ক’লে যে তেওঁ বুজিব পৰা হোৱাৰ পৰা তেওঁলোকৰ গাঁওখনত কেৱল সুৰাপায়ী যুৱকৰ উদ্ভণ্ডালি দেখি আহিছে৷ আনকি তেওঁৰ সুৰাপায়ী ককায়েকৰ অত্যাচাৰত বৌৱেকে বেলেগে থাকিবলৈ লৈছে৷
এই পৰিৱেশ এতিয়া অসমৰ সৰ্বত্ৰ৷ বিহুৰ দিনত সুৰাপায়ী কিশোৰ আৰু যুৱকে অৰ্ধনগ্ন হৈ ৰাজহুৱা স্থানত পৰিৱেশন কৰে বোকা নৃত্য৷ মঞ্চত সুৰাপায়ী গায়কে সন্তুলনহীন হৈ পৰা মগজুৰ ভৰ সহিব নোৱাৰি হয় বহি পৰিছে নহয় শুই গৈছে৷ অসমৰ একমাত্ৰ জাতীয় উৎসৱে এতিয়া সুৰাপায়ীৰ আগ্ৰাসনত পৰি বিভৎস ৰূপ ধাৰণ কৰিছে৷ বেছিভাগ মানুহে নিশাৰ বিহু মঞ্চৰ অনুষ্ঠান চাবলৈ এৰিছে৷ বিহাৰত সুৰাৰ ধল বোৱাই প্ৰশান্ত কিশোৰে ভোট বিচাৰিবলৈ যোৱাৰ আগতে অসমলৈ এবাৰ আহক৷ আমি দেখুৱাম জি এম চি এইচত সুৰাপায়ী কিদৰে লিভাৰ ছিৰ’ছিচত আক্ৰান্ত হৈ আই চি ইউত মৃত্যুৰ সৈতে যুঁজি আছে৷ কিদৰে সুৰাই ঘৰে ঘৰে চকুলোৰ ধল বোৱাইছে, সেয়া চাই যোৱাৰ পাছত প্ৰশান্ত কিশোৰে সিদ্ধান্ত লওক বিহাৰত পুনৰ সুৰাৰ প্লাৱন বোৱাই যুৱক-যুৱতীক মাতাল কৰিব নে নাই? প্ৰশান্ত কিশোৰে বিচাৰে নেকি এখন ৰুগীয়া মানুহেৰে ভৰপূৰ বিহাৰ?
Leave A Comment