• নিৰ্বাচনঃ সজাগ ভোটাৰৰ সন্মুখত অসহায় নেতা

    সম্পাদকীয়
    নিৰ্বাচনঃ সজাগ ভোটাৰৰ সন্মুখত অসহায় নেতা
    জিতুমণি বৰা


    ভোট কাক দিলা? যদিও প্ৰশ্নটো সুধিব নালাগে তথাপি তেওঁক মই সুধিছিলো৷ প্ৰশ্নটো অত্যন্ত ব্যক্তিগত৷ উত্তৰ দিয়াৰ পূৰ্বেই পুনৰ ক’লো৷ ক’ব নালাগে দিয়া৷ তথাপি যুৱকজনে ক’লে– মই বিচৰা প্ৰাৰ্থী এগৰাকীও নাছিল৷ মই ন’টাত দিলো৷ এই প্ৰজন্মৰ এগৰাকী যুৱকে অত্যন্ত আক্ষেপেৰে ক’লে৷ যুৱকজনৰ পছন্দৰ কোনো প্ৰাৰ্থী নথকাৰ বাবেই তেওঁ ন’টাত ভোট দিলে৷ তথাপি তেওঁ ভোট দিবলৈ আহিছিল৷ সম্প্ৰতি অসমত নাগৰিকৰ মাজত গণতান্ত্ৰিক অধিকাৰক লৈ যথেষ্ট সজাগতা দেখিবলৈ পোৱা গৈছে৷ তৃতীয় পৰ্যায়ত অসমত ভোট দানৰ হাৰ যথেষ্ট বৃদ্ধি পোৱাৰ মূলতে নাগৰিকৰ মাজত সৃষ্টি হোৱা সজাগতা৷ ভাৰতবৰ্ষৰ বহু ৰাজ্যৰ তুলনাত অসমত ভোটদানৰ হাৰ বৃদ্ধিয়ে আশাবাদৰ জন্ম দিছে৷


    পাঁচ বছৰৰ মূৰত ৰাইজৰ হাতলৈ আহে এই ক্ষমতা৷ ভোট দিয়াৰ অধিকাৰ, জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ অধিকাৰ৷ এটা ভোটৰ ক্ষমতা কিমান, সেয়া অসমৰ নাগৰিকে সঠিকভাৱে উপলব্ধি কৰাটোৱে আগন্তুক সময়ত ভাল দিন অহাৰ বাট প্ৰশস্ত কৰিছে৷ ন’টাত ভোট দি হ’লেও ভোটাৰে ৰাজনৈতিক দলবোৰক জনাই দিছে যে তেওঁলোকে গণবিচ্ছিন্ন, অদক্ষ লোকক প্ৰাৰ্থী হিচাপে বলপূৰ্বকভাৱে প্ৰক্ষেপ কৰিলেই ৰাইজে গ্ৰহণ নকৰে৷ দিল্লীত খাই-বৈ বজাৰ কৰিবলৈ ৰাইজে জনপ্ৰতিনিধি নিৰ্বাচন নকৰে৷


    সংসদলৈ পুনৰ এগৰাকী জনপ্ৰতিনিধি নিৰ্বাচন কৰিবলৈ আমি অপেক্ষা কৰিব লাগিব আৰু পাঁচ বছৰ৷ পাঁচ বছৰ কম সময় নহয়৷ ২০২৯ৰ ভিতৰত অসমত, ভাৰতত, পৃথিৱীত বহু সালসলনি হ’ব৷ পট পৰিৱৰ্তন ঘটিব ৰাজনীতি আৰু সমাজ জীৱনত৷ আমি মানুহবোৰো এই পাঁচ বছৰত আৰু অধিক পৰিপক্ব হৈ উঠিম৷ বৰ বেছি দিনলৈ উভতি চাব বিচৰা নাই৷ ১০ বছৰ পূৰ্বে আমি যিখন অসম পাইছিলো, আজি সেইখন সম্পূৰ্ণভাৱে সলনি হৈ গৈছে৷ মানুহ ৰাজনৈতিকভাৱে অধিক পৰিপক্ব হৈ পৰিছে৷ অসমত লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া তিনিটা পৰ্যায়ত অন্ত পৰিছে৷ এতিয়া আমি ৪ জুনলৈ অপেক্ষা কৰিব লাগিব৷ পাৰ হৈ যোৱা নিৰ্বাচনটোৱে আমাক বহু কথা শিকালে৷ ৰাজনৈতিক নেতাসকলকো নতুনকৈ জনাৰ সুযোগ দিলে৷ সততে সদুপদেশ দিয়া, দেশ-জাতিক আগবঢ়াই নিয়াৰ কথা কোৱা ৰাজনৈতিক নেতাসকলে ভোট লাভৰ বাবে কেনেকুৱা পৰ্যায়লৈ যাব পাৰে সেয়াও অসমৰ ৰাইজে দেখা পালে৷
    এই নিৰ্বাচনে আন যি নহওঁক এখন মানুহৰ সমাজ গঢ়াৰ বাটত বিশেষ ভূমিকা পালন কৰিছে বুলি ক’ব পাৰি৷ 

    সততে মানুহক ধৰ্ম, জাত-পাতৰ আধাৰত বিভক্ত কৰি ভোট লোৱাৰ যি কৌশল একাংশ ৰাজনৈতিক নেতাই গ্ৰহণ কৰিছিল, সেয়া লাহে লাহে আঁতৰিবলৈ ধৰিছে৷ এই নিৰ্বাচনতো অৱশ্যে কেতবোৰ ৰাজনৈতিক নেতাই মানুহক ভয় খুৱাবলৈ চেষ্টা চলাইছিল৷ কিন্তু ইয়াত ৰাইজে কোনো সঁহাৰি নজনালে৷ এইখন অসমতে এদিন  এনেকুৱা পৰিৱেশো নিৰ্বাচনৰ দিনত ৰচনা কৰা হৈছিল, য’ত কোৱা হৈছিল– আমাক ভোট নিদিলে অমুক আহিব, তমুক আহিব ইত্যাদি৷ কেতিয়াবা বাংলাদেশ, কেতিয়াবা মোগলৰ প্ৰসংগও অনা হৈছিল৷ স্থায়ী নহ’লেও এইধৰণৰ ধবনি দি ক্ষমতা দখল কৰা সম্ভৱ হৈছিল৷ এইবাৰ কিন্তু এনেকুৱা কথা-বতৰাবোৰে বৰ বিশেষ আসৈ নাপালে৷ তথাপি আজমল, এ আই ইউ ডি এফ আদি বিষয়বোৰ অনা হৈছিল৷ কথা হ’ল, এইবাৰৰ নিৰ্বাচনত নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ বিষয়টো ব্যাপকভাৱে চৰ্চিত হৈছে৷ ৰাষ্ট্ৰীয় স্তৰতো কেইবাটাও সংস্থাই চলোৱা সমীক্ষাত প্ৰকাশ পাইছে নিৰ্বাচনত মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাই ৰাইজৰ মাজত প্ৰভাৱ পেলোৱাৰ প্ৰসংগ৷ নিবনুৱা সমস্যাই দেশত অতি ভয়ংকৰ ৰূপ লৈছে৷ এই বিষয়টোৰ সৈতে দেশৰ যুৱক-যুৱতীসকল প্ৰত্যক্ষভাৱে সাঙোৰ খাই আছে৷ নিবনুৱা সমস্যাৰ বিষয়টো গুৰুত্বহীন কৰিবলৈ বা ইয়াৰ গুৰুত্ব লাঘৱ কৰিবলৈ অন্য কেতবোৰ বিষয় সন্মুখলৈ আনিবৰ বাবে দুটামান ৰাজনৈতিক দলে চেষ্টা চলাইছিল৷ অসমত এই সমস্যাটোৰ গুৰুত্ব উপলব্ধি কৰিয়েই মুখ্যমন্ত্ৰীয়ে প্ৰতিখন নিৰ্বাচনী সভাত ৰ লাখ চাকৰিত নিযুক্তি দিয়া, নতুনকৈ আৰু ৫০ হাজাৰক নিযুক্তি দিব বুলি ঘোষণা কৰিবলগীয়া হৈছিল৷ ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ তৰুণ প্ৰজন্মক আকৰ্ষণৰ চেষ্টা কৰিছে৷


    অসমত হৈ যোৱা তিনিটা পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফল কি হ’ব সঠিককৈ কোনেও ক’ব নোৱাৰে৷ অনুমানৰ ভিত্তিত ৰাজনৈতিক নেতাসকলে কেতবোৰ মন্তব্য আগবঢ়াই আহিছে৷ ৭ মে’ অসমত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোলৈকে ৰাজনৈতিক পৰিৱেশটোৰ বিশ্লেষণ কৰিলে এটা কথা স্পষ্ট হৈ পৰিছে যে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ সোনকালেই অন্ত পৰিব৷ ধৰ্মৰ নামত আৱেগ সৃষ্টিৰে ৰাজনীতি কৰাৰ দিন অসমত উকলিছে৷ বি টি এ ডিত মেৰুকৰণৰ ৰাজনীতিয়ে প্ৰাধান্য নোপোৱাৰ মূলতে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো৷ বি টি আৰৰ উন্নয়নৰ প্ৰসংগ আৰু বি পি এফৰ দুৰ্নীতিক ইউ পি পি এল তথা প্ৰমোদ বড়োৱে নিৰ্বাচনত প্ৰধান বিষয় হিচাপে গ্ৰহণ কৰিছে৷ হাগ্ৰামা মহিলাৰীয়ে বি টি এ ডিত বড়ো ভোটাৰৰ সমানে সংখ্যালঘু আৰু অবড়ো ভোটাৰৰ সমৰ্থন আদায়ৰ বাবে দীঘলীয়া সময়ৰ পৰা চেষ্টা চলাইছে৷ 


    এইবাৰ ধুবুৰী লোকসভা আসনখনক লৈ ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰে৷ বিজেপিয়ে এই আসনখন দখল কৰাতো সহজ নহ’ব বুলি অগপক সমষ্টিটো এৰি দিছে৷ ২০১৯তো ধুবুৰী আসনখন অগপক দিছিল৷ বিজেপিয়ে ধুবুৰী আৰু বৰপেটা লোকসভা আসন দুখন অগপক দিয়াৰ মূলতে সংখ্যালঘু ভোটাৰ৷ সংখ্যালঘু ভোটাৰৰ সমৰ্থন বিজেপিয়ে নাপায় বুলি এটা ধাৰণা লৈ আছে৷ ইয়াৰ কাৰণ অৱশ্যে আছে৷ মিঞাৰ ভোট নালাগে বুলি মুখ্যমন্ত্ৰীয়ে একাধিকবাৰ ৰাজহুৱা সভাত মন্তব্য কৰিছে৷ মিঞাক লৈ বিভিন্ন সময়ত মুখ্যমন্ত্ৰীয়ে কেতবোৰ মন্তব্য কৰিছে, যিবোৰ মন্তব্যই যিকোনো স্বাভিমানী লোকক আহত কৰে৷ মিঞা ভোট নালাগে বুলি কৈ হিন্দু ভোট বিজেপিৰ পক্ষত একগোট কৰাটো সহজ হ’ব বুলি যিসকল ৰাজনৈতিক নেতাই ভাবিছিল, বাস্তৱত সেয়া হৈ উঠিল জানো? উদাহৰণ ধুবুৰী আৰু বৰপেটা৷ এই দুটা লোকসভা সমষ্টি অগপক দিয়াৰ পাছতো বিজেপিৰ সহযোগী দলটো অনায়াসে জয়ী হ’ব পাৰিবনে? ধুবুৰী আৰু বৰপেটাত অগপ আৰু বিজেপিৰ সকলো নেতাই উবুৰি খাই পৰি প্ৰচাৰ চলাইছিল৷ মুখ্যমন্ত্ৰীয়েও দুয়োটা সমষ্টিত প্ৰচাৰ চলাইছে৷ 


    ৭ মে’ৰ ভোটগ্ৰহণৰ দিনটোতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সাংবাদিকক কৈছিল– ধুবুৰীত তেওঁলোক হাৰিব৷ তৃতীয় পৰ্যায়ৰ চাৰিটা লোকসভা সমষ্টিৰ এটাত শাসক দল হাৰিব বুলি কোৱাৰ লগে লগে কেইবাটাও দিশ উন্মোচিত হৈছে৷ এই লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ নেতাসকলে মিঞাৰ ভোট মুকলিকৈ বিচাৰিছে৷ চৰকাৰৰ কেবিনেট মন্ত্ৰীয়ে ৰাজহুৱা সভাত মন্তব্য কৰিছে যে তেওঁলোকে সংখ্যালঘুৰ উন্নয়নৰ বাবে কাম কৰিছে৷ গতিকে সংখ্যালঘুৰ ভোট বিচৰাৰ অধিকাৰ তেওঁলোকৰ আছে৷ যি নহওঁক, অসমৰ ৰাজনীতিত প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গ’ল যে বহুসংখ্যক সংখ্যালঘু নাগৰিকে বিজেপিত যোগ দিছে৷ এই নিৰ্বাচনত ২৫ শতাংশ সংখ্যালঘু নাগৰিকৰ ভোট বিজেপিয়ে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে৷ ২০২৬ত ৫০ শতাংশ সংখ্যালঘু ভোট বিজেপিয়ে লাভ কৰিব বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে ২০২৯ত ১০০ শতাংশ সংখ্যালঘু নাগৰিকৰ ভোট পাব বুলি কৰা মন্তব্য তাৎপৰ্যপূৰ্ণ৷


    সংখ্যালঘু নাগৰিকৰ ভোট বিজেপিয়ে পোৱা মানে এইসকল নাগৰিকৰ মাজত এ আই ইউ ডি এফৰ ভেটি দুৰ্বল হ’বলৈ ধৰাটোকে বুজাব৷ সংখ্যালঘু নাগৰিকৰ মাজতো শিক্ষা আৰু স্বাস্থ্যক লৈ ব্যাপক সচেতনতা আহিবলৈ ধৰিছে৷ তেওঁলোকক ভোটবেংক হিচাপে কোনে ব্যৱহাৰ কৰি আহিছে সেয়াও এই নিৰ্বাচনত ৰাজহুৱাকৈ কেতবোৰ নেতাই কৈছে৷ সংখ্যালঘু নাগৰিকৰ ত্ৰাণকৰ্তাৰ ৰূপ লৈ তেওঁলোকৰ ভোট বেচি নিজৰ ব্যৱসায় বৃদ্ধি কৰাৰ অভিযোগ একাংশ সংখ্যালঘু নেতাৰ বিৰুদ্ধে উত্থাপিত হৈছে৷ এই অভিযোগ আজমলৰ সমষ্টিত ৰাজহুৱাকৈ উত্থাপন কৰিলে অখিল গগৈয়ে৷ তেওঁ হেজাৰ বিজাৰ ভোটাৰৰ সন্মুখত আজমলে সংখ্যালঘু ভোট বিজেপিক বিক্ৰী কৰি নিজৰ ব্যৱসায় বৃদ্ধি কৰে বুলি অভিযোগ কৰিছে৷ মন কৰিবলগীয়া কথাটো হ’ল– আজমলৰ সমষ্টিত অখিল গগৈয়ে এই অভিযোগ অনাৰ পাছতো কোনো ভোটাৰে এয়া মিছা বুলি নক’লে৷ আজমল আৰু তেওঁৰ ঘনিষ্ঠ দুজনমানে ইয়াৰ বিৰোধিতা কৰিলে যদিও অখিল গগৈয়ে ধুবুৰীত যি পৰিৱেশ সৃষ্টি কৰিলে ইয়াৰ পৰা এটা কথা প্ৰতীয়মান হ’ল যে সততা আৰু দায়বদ্ধতা থাকিলে সংখ্যালঘু ভোটাৰে এগৰাকী অমুছলমানকো নেতা হিচাপে গ্ৰহণ কৰিবলৈ সাজু৷ নিৰাপত্তাহীন পৰিৱেশৰ বিৰুদ্ধে সাহস দিয়াত আজমলতকৈ অখিল গগৈক সংখ্যালঘু নাগৰিকে অধিক বিশ্বাস কৰিছে নেকি? এই প্ৰশ্নটোৰ উত্তৰ আমি সমাজ বিজ্ঞানীসকলৰ পৰা বিচাৰিছো৷
    বিজেপি চৰকাৰৰ কাৰ্যকালত আজমলৰ সম্পত্তি ৩ গুণ বৃদ্ধি পালে৷ আজমলে মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাৰ পৰা এই তথ্য সংবাদ মাধ্যমে প্ৰকাশ কৰিছে৷ অসমৰ সংখ্যালঘু ভোটাৰসকল ভাৰতীয় নাগৰিক৷ ভাৰতীয় সংবিধানে যিকোনো এগৰাকী ভাৰতীয় নাগৰিকক যি সা-সুবিধা প্ৰদান কৰিছে, এওঁলোকেও একে সা-সুবিধা ভোগ কৰিব পাৰিব৷ কেৱল মেৰু বিভাজন কৰি ভোটৰ লালসাত এওঁলোকক শত্ৰু সাজি এটা মহলে সমাজত অস্থিৰতাৰ সৃষ্টি কৰিব বিচাৰি আছে৷ যদি এইসকল ভাৰতীয় নাগৰিক নহয়, তেতিয়াহ’লে এওঁলোকক দেশৰ পৰা বহিষ্কাৰ কৰাৰ দায়িত্ব চৰকাৰৰ৷ 


    অসমৰ বিদেশী নাগৰিক, এন আৰ চি বিষয়টোক লৈ যিসকল চিন্তিত নহয়, তেওঁলোকে ভোটৰ বাবে যিবোৰ কথা কয় বাস্তৱত সেইবোৰ কাৰ্যকৰী নকৰে৷ উদাহৰণ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু খিলঞ্জীয়াৰ বাবে সাংবিধানিক ৰক্ষা কবচ৷ অসমৰ খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰিবৰ বাবে এই দুটা কাৰ্যকৰীকৰণৰ বিকল্প নাই৷ অথচ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দুয়োটা বিষয় কাৰ্যকৰী কৰিবলৈ আগ্ৰহী নহয় যেন লাগে! বিৰোধী পক্ষই এই বিষয়কেইটা নিৰ্বাচনত উত্থাপন কৰিছিল যদিও শাসক দলে ইয়াৰ পৰা ৰাইজৰ দৃষ্টি অন্য পিনে নিবলৈ চেষ্টা চলাইছিল৷ এই বিষয় দুটাক লৈ চৰকাৰী পক্ষই কোনো আলোচনা, বিতৰ্ক নিবিচাৰিলে৷ ইয়েই প্ৰমাণ কৰে জনজাতিকৰণ আৰু খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৱচৰ বিষয়টো চৰকাৰৰ ওচৰত কিমান গুৰুত্বপূৰ্ণ৷ 


    লোকসভা নিৰ্বাচনে অসমত ধৰ্মীয় মেৰুকৰণ, প্ৰব্ৰজন আদি বিষয়বোৰক নতুন ধৰণে চাবলৈ নতুন প্ৰজন্মৰ ভোটাৰক শিকালে৷ সমান্তৰালভাৱে জ্যেষ্ঠ সকলকো এইটো কৈ গ’ল যে নিবনুৱা, মূল্যবৃদ্ধিৰ দৰে আগ্ৰাসী সমস্যাক হিতাধিকাৰী সৃষ্টিৰে মোকাবিলা কৰিব নোৱাৰি৷ মুছলমানৰ সমস্যা অমুছলমানেও সমাধান কৰিব পাৰে৷ এই বাৰ্তা ধুবুৰীৰ পৰাই আহিছে৷