• চমকৰ মাজতো ভোটাৰে মনত ৰাখক এই কথা

    সম্পাদকীয়
    চমকৰ মাজতো ভোটাৰে মনত ৰাখক এই কথা
    জিতুমণি বৰা


    সম্পৰ্কৰ বান্ধোনবোৰ ঠুনুকা হ’লে দুয়ো পক্ষই সুখবোৰ হেৰুৱাবলৈ ধৰে৷ সম্পৰ্কৰ বান্ধোন যিমানে কটকটীয়া হ’ব, হেজাৰ দুখেও ইয়াত খুন্দিয়াব নোৱাৰে৷ যি সময়ত ব্যক্তিগত খণ্ডৰ বেছিভাগ শিক্ষানুষ্ঠানত শিক্ষক-ছাত্ৰ আৰু অভিভাৱকৰ সম্পৰ্ক মোটা অংকৰ ধনৰ বিনিময়ত গঢ় লৈছে, সেই সময়ত গুৱাহাটীৰ নুনমাটিত থকা অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ, শিক্ষক আৰু অভিভাৱকৰ সম্পৰ্কই অসমীয়া সমাজখনক লৈ গৈছে পোহৰৰ নতুন দিগন্তৰ পিনে৷ এইখন শিক্ষানুষ্ঠানত চৰ্চিত হৈছে আইনষ্টাইন, গেলিলিঅ’, টলষ্টয়ৰ সমানে অসমৰ ৰঘুনাথ চৌধাৰী, হীৰেন গোহাঁই, হোমেন বৰগোহাঞিৰ বাখৰ খটোৱা সাহিত্যকৰ্ম৷


    নিৰ্বাচনৰ বতৰত এই কথাখিনি ‘প্ৰতিপক্ষ’ৰ পাতনিতে উল্লেখ কৰাৰ কাৰণ আছে৷ সম্প্ৰতি অসম তথা ভাৰতবৰ্ষত লোকসভাৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে৷ সাত মে’ত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন৷ অসমৰ চাৰিটা লোকসভা সমষ্টি ক্ৰমে গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ আৰু বৰপেটাত নিৰ্বাচনৰ প্ৰচাৰ জোৰদাৰ হৈ উঠিছে৷ এই চাৰিটা সমষ্টিৰ কেৱল গুৱাহাটীত বিজেপিয়ে নিজৰ প্ৰাৰ্থী দিছে৷ বৰপেটা আৰু ধুবুৰীত বিজেপিয়ে সহযোগী অগপক সমৰ্থন কৰিছে৷ অগপই এই দুটা সমষ্টিত ফণীভূষণ চৌধুৰী আৰু জাভেদ ইছলামক প্ৰাৰ্থিত্ব দিছে৷ কোকৰাঝাৰ লোকসভা সমষ্টিটো বিজেপিয়ে সহযোগী দল ইউ পি পি এলক এৰি দিছে৷ ইউ পি পি এলে এই সমষ্টিটোত জয়ন্ত বসুমতাৰীক প্ৰাৰ্থিত্ব দিছে৷ এই চাৰিটা লোকসভা সমষ্টিৰ কেউটাতে কংগ্ৰেছৰ নিজা প্ৰাৰ্থী আছে৷ বৰপেটাত ইণ্ডিয়া মৰ্চাৰ দুগৰাকীকৈ প্ৰাৰ্থী থিয় হ’ল৷ কংগ্ৰেছৰ দ্বীপ বায়ন আৰু চি পি এম তথা বাঁও গণতান্ত্ৰিক মৰ্চাৰ মনোৰঞ্জন তালুকদাৰ৷


    বিজেপিয়ে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাওতে ভোট বিচাৰিছে নৰেন্দ্ৰ মোদীৰ নামত৷ মুখ্যমন্ত্ৰীয়ে কৈছে যে এই ভোট বিজুলী কলিতা মেধিক নহয়, এই ভোট নৰেন্দ্ৰ মোদীক দিয়ক৷ বিজেপিৰ ই এক প্ৰচাৰৰ কৌশল৷ বিৰোধী দল কংগ্ৰেছে দলীয় প্ৰাৰ্থীগৰাকীৰ নামতে ভোট বিচাৰিছে৷ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিবৰ বাবে ভোট দিয়াটো অপৰাধ নহয়৷ গণতান্ত্ৰিক দেশ এখনত এগৰাকী ভোটাৰৰ অধিকাৰ আছে তেওঁ কাক ভোট দিব নিৰ্ণয় কৰাটো৷ তেওঁ নেতা হিচাপে কাক বিচাৰিব? এই অধিকাৰ ভাৰতীয় গণতন্ত্ৰত প্ৰতিগৰাকী ভোটাৰক সংবিধানে দিছে৷


    এতিয়া ভোটাৰক আকৰ্ষণ কৰিবলৈ ৰাজনৈতিক দলবোৰ আৰু নেতাই বিভিন্ন কৌশলৰ আশ্ৰয় লৈছে৷ নিৰ্বাচনী প্ৰচাৰ সভাবোৰ দেখিলে এনেকুৱা লাগে, এয়া যেন এখন বজাৰ আৰু আমিবোৰ গ্ৰাহক৷ গ্ৰাহকক আকৰ্ষণ কৰিবলৈ নামি-দামী ব্ৰেণ্ডবোৰে টিভি চেনেল, বাতৰি কাকত আদিৰ আশ্ৰয় লয়৷ ইয়াত প্ৰচাৰ চলাই তেওঁলোক আটাইতকৈ ভাল আৰু তেওঁলোকৰ উৎপাদিত গাড়ী, মটৰচাইকেল, চাবোন, টুথপেষ্ট উৎকৃষ্ট বুলি কয়৷ গ্ৰাহকক কেনেকৈ আকৰ্ষণ কৰিব পাৰি তাৰ বাবে কোম্পানীবোৰে বিভিন্ন কৌশল গ্ৰহণ কৰে৷ এনেকুৱা বিজ্ঞাপনত ভোল গৈ গ্ৰাহকৰ ক্ষতি হোৱাৰ উদাহৰণো অনেক৷ শেহতীয়াকৈ এনেকুৱা বিভ্ৰান্তিকৰ আৰু মিছা কথাৰে ভৰপূৰ বিজ্ঞাপন প্ৰচাৰ কৰি গ্ৰাহকক প্ৰতাৰণা কৰাৰ অভিযোগ ৰামদেৱৰ বিৰুদ্ধে উত্থাপিত হৈছে৷ উচ্ছতম ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰি ৰামদেৱক ক্ষমা প্ৰাৰ্থনা কৰিবলৈ নিৰ্দেশ দিয়ে৷ ৰামদেৱৰ কাণ্ডই ভাৰতীয় মানুহক সজাগ কৰিলে যে বিজ্ঞাপনত কোৱা আটাইবোৰ কথা সঁচা নহয়৷ আৰু বেছিভাগ মিছা কথাৰে ভৰি থাকে বিজ্ঞাপন৷


    নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি অসমৰ মুখ্যমন্ত্ৰীলৈকে সকলোৱে কেৱল মোদীৰ বাবে আৰু মোদীৰ নামত ভোট বিচাৰিছে৷ ইয়াত অপৰাধ বুলিবলৈ একো নাই৷ কথা হ’ল, মোদীৰ নামত ভোট দিবলৈ যাওঁতে ভোটাৰগৰাকীয়ে আটাইতকৈ গুৰুত্ব দিবলগীয়া বিষয়টো হ’ব তেওঁ যাক ভোট দিব, সেই প্ৰাৰ্থীগৰাকীৰ গুণ বিচাৰ কৰা৷ গুৱাহাটীত বিজেপিয়ে যিগৰাকী প্ৰাৰ্থী থিয় কৰাইছে, সেই প্ৰাৰ্থীগৰাকীলৈ নোচোৱাকৈ যদি কেৱল মোদীৰ নামত ভোট দিয়া হয়, তেতিয়াহ’লে গুৱাহাটীবাসীৰ সমস্যাৰো সমাধান হৈ যাব নেকি? উত্তৰ-পূবৰ দুৱাৰমুখ বুলি কোৱা গুৱাহাটী মহানগৰী লাহে লাহে বসবাসৰ অনুপযোগী হৈ পৰিছে বুলি সৰ্বত্ৰ আলোচিত হৈছে৷


    মহানগৰীৰ বুকুৰ পৰা দ্ৰুত গতিত হেৰাই গৈছে সেউজীয়া আচ্ছাদন৷ মানৱ জাতিৰ বাবে ই আনিছে আটাইতকৈ ভয়ংকৰ প্ৰত্যাহ্বান৷ উন্নয়নৰ বাবে কেইখনমান উৰণ সেতু নিৰ্মাণ কৰাটোৱে শেষ কথা নেকি? উৰণ সেতু নিৰ্মাণৰ নামত মহানগৰীত চিমেণ্ট-বালিৰ প্ৰদূষণ সৃষ্টিৰ সমানে হেজাৰ হেজাৰ বৃক্ষ কাটি পেলোৱাটোৱে ভৱিষ্যৎ প্ৰজন্মৰ বাবে বিষ উৎপাদনৰ বাট মুকলি কৰিলে৷ এখন ক্লাছিক মহানগৰ গঢ়ি তুলিবৰ বাবে চৰকাৰে ইয়াৰ নলা-নৰ্দমা সঠিকভাৱে নিৰ্মাণ কৰাৰ লগতে ১৮খনকৈ পাহাৰ সংৰক্ষণ কৰিব নোৱৰাটো দুৰ্ভাগ্যজনক৷ বিজেপিয়ে নহয়, কংগ্ৰেছো ইয়াৰ বাবে সমানে দায়ী৷
    ভাৰতবৰ্ষৰ ভিতৰত গুৱাহাটী এনে এখন মহানগৰ, য’ত কেৱল ১৮খন পাহাৰেই অৱস্থিত নহয়, চহৰৰ লগত সংযোজিত হৈ আছে দীপৰ বিলৰ দৰে এখন পক্ষী অভয়াৰণ্য৷ এইখিনিতে গুৱাহাটী ভাৰতবৰ্ষৰ আন চহৰবোৰতকৈ ব্যতিক্ৰম৷ যিখন চহৰৰ সৈতে এখন পক্ষী অভয়াৰণ্য সংযোজিত হৈ আছে, সেই অভয়াৰণ্যখন আজিলৈকে কোনোখন চৰকাৰে সংৰক্ষণ আৰু সংবৰ্ধন কৰিব নোৱৰিলে৷ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীক এইখন দেখুৱাবলৈ চৰকাৰে লাজ পোৱাৰ কাৰণো এইটোৱে৷


    খানাপাৰাৰ পৰা জালুকবাৰীলৈ ছুপাৰ হাইৱে’ নিৰ্মাণৰ নামত কেইবাহাজাৰ বৃক্ষ কাটিব লগা হ’ল৷ ইয়াৰ সমান্তৰালভাৱে চৰকাৰে অন্য স্থানত বৃক্ষৰোপণৰ কথা চিন্তা নকৰিলে৷ এইখন গুৱাহাটীত এতিয়া গৰমত মানুহ থাকিব নোৱাৰে৷ খোৱাপানীৰ অভাৱ৷ আৰু বাৰিষা কৃত্ৰিম বান৷ কাষেদি ব্ৰহ্মপুত্ৰ বৈ যোৱাৰ পাছতো গুৱাহাটীবাসীয়ে খোৱাপানীৰ বাবে হাহাকাৰ কৰে৷ ২০০৯ পৰা ২০২৪লৈ ১৫ বছৰ গুৱাহাটীবাসীয়ে বিজেপি প্ৰাৰ্থীক জয়ী কৰিছে৷ এই সময়ছোৱাত একেৰাহে বিজয়া চক্ৰৱৰ্তী দুবাৰকৈ আৰু কুইন ওজা এবাৰ সাংসদ হৈছে৷ এওঁলোকে গুৱাহাটীৰ উন্নয়নৰ বাবে কি কৰিলে? কিৰিপ চলিহাও কংগ্ৰেছৰ সাংসদ হিচাপে গুৱাহাটীক প্ৰতিনিধিত্ব কৰিছিল৷ এওঁলোকে কেন্দ্ৰৰ পৰা গুৱাহাটীৰ বাবে বিশেষ কিবা আঁচনি আনিব পাৰিলেনে? এই কথাটো এই বাবেই আলোচনালৈ আনিব বিচাৰিছো যে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিবলৈ বিজেপি প্ৰাৰ্থীগৰাকীক ভোট দিয়াত আপত্তি নাই৷ কিন্তু এই প্ৰাৰ্থীগৰাকীয়ে বিজয়া চক্ৰৱৰ্তী, কুইন ওজাতকৈ বেলেগ কিবা কৰিব বুলি কেনেকৈ বিশ্বাস কৰো?


    গুৱাহাটীৰ যি উন্নয়ন হৈছে, সেয়া ৰাজ্য চৰকাৰৰ নিজা প্ৰচেষ্টা৷ এখন অপৰিকল্পিত নগৰ হিচাপে গুৱাহাটীক গঢ় দিয়া হ’ল৷ ভুলখিনি শুধৰাবলৈ এতিয়াও সময় আছে৷ নৰেন্দ্ৰ মোদীয়ে নাজানে গুৱাহাটীৰ মূল সমস্যা কি? এয়া স্বাভাৱিক৷ ৰাহুল গান্ধীয়েও নাজানে গুৱাহাটীৰ মূল সমস্যা কি? নৰেন্দ্ৰ মোদী বা ৰাহুল গান্ধীক গুৱাহাটীৰ সমস্যা কি, সেয়া বুজাব লাগিব ইয়াৰ সাংসদগৰাকীয়ে৷ কেৱল বুজোৱাই নহয়, ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি প্ৰধানমন্ত্ৰী বা কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰীৰ দ্বাৰা অনুমোদন কৰোৱাৰ সামৰ্থ্য আৰু যোগ্যতা থাকিব লাগিব স্থানীয় সাংসদগৰাকীৰ৷
    গুৱাহাটীৰ পৰা অলপ আঁতৰি চাওঁ অসমৰ অন্য এটা প্ৰান্তলৈ৷ দুৰ্ভাগ্য যে লখিমপুৰৰ দৰে অৱহেলিত আৰু অনুন্নত এটা সমষ্টিৰ পৰা পুনৰ সেইগৰাকী প্ৰাৰ্থী বিজয়ী হোৱাৰ পথত, যিগৰাকী প্ৰাৰ্থী পূৰ্বেও সাংসদ আছিল৷ সংসদত এটাও প্ৰশ্ন নকৰা, এটা বিতৰ্কতো অংশগ্ৰহণ নকৰা সাংসদ এগৰাকীয়ে লখিমপুৰ সমষ্টিৰ বাবে নতুন আঁচনিৰ বিপৰীতে পুঁজি আনিব বুলি কেনেকৈ বিশ্বাস কৰিব পাৰি? নাচ-গান, হুলস্থূল আৰু প্ৰচাৰৰ ধামখুমীয়াৰ মাজত এনেকুৱা প্ৰাৰ্থী সংসদলৈ সৰকি যাব পাৰে৷ এয়া আজিৰ পৰিৱেশত ডাঙৰ কথা নহয়, কিন্তু পাঁচ বছৰত এনেকুৱা সাংসদে কি কৰিব পাৰে, সেয়া যোৱা চাৰিটা দশকলৈ উভতি চালে  দুখ লাগে৷ 


    ২০২৪ত কুইন ওজা, ৰামেশ্বৰ তেলী, পল্লৱলোচন দাস আদিক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হ’ল৷ ইয়াৰ প্ৰধান কাৰণ তেওঁলোকৰ ব্যৰ্থতা আৰু দায়িত্ববোধৰ অভাৱ৷ তেওঁলোকৰ ঠাইত এইবাৰ বিজয়ী হোৱা বহুতক ২০২৯ত প্ৰাৰ্থিত্বৰ পৰা যে বঞ্চিত কৰা হ’ব, সেয়াও নিশ্চিত৷ সমষ্টিৰ উন্নয়ন সাধিব নোৱৰা আৰু সমষ্টিৰ ৰাইজৰ পৰা বিচ্ছিন্ন হৈ থকাৰ বাবে জনতাৰ ক্ষোভৰ পৰা বাচিবলৈ নতুন মুখ এখনক প্ৰাৰ্থী হিচাপে আগবঢ়াই দিয়ে ৰাজনৈতিক দলবোৰে৷ প্ৰচাৰৰ জোৰত সেই প্ৰাৰ্থী বিজয়ী হয়৷ পিছে সমষ্টিৰ সমস্যাবোৰ চাৰিটা দশকৰ পূৰ্বে যি আছিল, আগলৈকো তেনেকৈয়ে থাকিব৷ কোনো সমস্যাৰ সমাধান নহ’ব৷ এনেকৈয়ে দিন যাব, ৰাতি আহিব৷ ৰাইজেহে সমস্যাৰ সৈতে যুঁজি থাকিব লাগিব৷ 


    অসমৰ নিবনুৱা, বান, খহনীয়া, প্ৰব্ৰজন আদি বিষয়বোৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত ক’ব পৰা প্ৰাৰ্থী এইবাৰ কোনোবা আছেনে? এনেকুৱা সাহসী আৰু স্মাৰ্ট লোকক ৰাজনৈতিক দলবোৰে প্ৰাৰ্থিত্ব দিছেনে? কথাবোৰ সংসদৰ মজিয়াত ক’ব নোৱাৰিলেও সংসদীয় সমিতিৰ বৈঠকত কোৱাত বাধা কি? ইয়াৰ বাবে সাংসদগৰাকী ৰাইজ আৰু ৰাজ্যখনৰ ওচৰত দায়বদ্ধ হ’ব লাগিব৷ হিন্দী নতুবা ইংৰাজী ভাষাত দক্ষতা থাকিবই লাগিব৷ সংসদ, সংসদীয় সমিতিৰ বৈঠকতো যদি ৰাজ্যখনৰ, সমষ্টিৰ কথাবোৰ কোৱাত সমস্যা আছে, তেনেহ’লে ব্যক্তিগতভাৱেও প্ৰধানমন্ত্ৰী নতুবা বিভাগীয় মন্ত্ৰীসকলক সাক্ষাৎ কৰি তেওঁলোকক পতিয়ন নিয়াই আঁচনিৰ অনুমোদন কৰোৱাত বাধা ক’ত? যদি ইয়াতো ব্যৰ্থ হয়, তেনেহ’লে এনেকুৱা প্ৰাৰ্থীক সাংসদ হিচাপে নিৰ্বাচিত কৰাৰ বাবে ৰাইজ নিজে জগৰীয়া হ’ব৷


    বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায়, দলীয় বাধা-নিষেধৰ মাজতো নিজৰ প্ৰতিভা আৰু দক্ষতাৰ বাবে মুষ্টিমেয় সাংসদে নিজৰ ৰাজ্যখন আৰু সমষ্টিৰ বাবে বহু কাম কৰিব পাৰিছে৷ অসম এই ক্ষেত্ৰত দুৰ্ভগীয়া৷ অসমে দীৰ্ঘ সময় ধৰি এনেকুৱা সাংসদ লাভ কৰা নাই৷ শাসক দলেও তেওঁলোকৰ সাংসদৰ ব্যৰ্থতা স্বীকাৰ কৰি তেওঁলোকক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিছে৷ 


    আৰম্ভণিতে অসম জাতীয় বিদ্যালয়ৰ প্ৰসংগ এই কাৰণেই অনা হৈছে যে একেই পাঠ্যক্ৰম, একেই শিক্ষক হোৱা সত্ত্বেও বহু চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ তুলনাত এইসকল শিক্ষকৰ দক্ষতা নতুন ধৰণে উজলি উঠিছে৷ দক্ষতাৰ বিষয়টো শিক্ষক, সাংসদ তথা ৰাজনৈতিক নেতাৰ ক্ষেত্ৰত পৃথক কৰিব বিচৰা নাই৷ সেইগৰাকী ব্যক্তিকে শিক্ষক হিচাপে সফল হ’ব বুলি চিনাক্ত কৰাত অসম জাতীয় বিদ্যালয় কৰ্তৃপক্ষই নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিছে, যিগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক আধুনিক পৃথিৱীৰ সৈতে খোজকাঢ়িবলৈ বাট দেখুৱাই দিব পাৰিছে৷ কংগ্ৰেছ-বিজেপিকে ধৰি ৰাজনৈতিক দলবোৰেও সাংসদ প্ৰাৰ্থী নিৰ্বাচনত এই ধৰণৰ যোগ্যতা প্ৰদৰ্শন কৰিব পাৰিব লাগে৷ তেতিয়াহে অসমৰ কথাবোৰ প্ৰধানমন্ত্ৰীগৰাকীক পতিয়ন নিয়াব পৰাকৈ বুজোৱাত সফল হ’ব৷ সমস্যা সমাধানৰ বাটো এনেদৰেই কাটিব পৰা যাব৷