হেৰাই যোৱা দেউতাক...
জিতুমণি বৰা
‘তেখেত আছেনে?’
‘কাক বিচাৰিছে?’
‘মই নৰ কলিতাক বিচাৰিছো৷’
‘দেউতা নাই নহয়৷’
‘ক’লৈ গ’ল?’
‘তেখেত নোহোৱা হোৱা বহু দিন হ’ল৷’
‘আপুনি কোনে কৈছে?’
‘মই তেখেতৰ ল’ৰাই কৈছো’
‘আপুনি কোন?’
তেতিয়া মোৰ পৰিচয়টো দিলো৷ তাৰ পাছত আকৌ সুধিলো– ‘নোহোৱা হ’ল মানে?’
‘টিউচন কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল৷ আন দিনাও তেনেকৈয়ে যায়৷ সেইদিনা আৰু উভতি নাহিল৷ নিশা হোৱাত আমি বিচাৰ-খোচাৰ কৰিলো যদিও আজিলৈকে নাপালো৷’
গুৱাহাটীৰ এখন মাতৃভাষা মাধ্যমৰ অভিজাত বিদ্যালয়ত শিক্ষকতা কৰিছিল নৰ কলিতাই৷ শিক্ষাৰ প্ৰতি আগ্ৰহী গুৱাহাটীৰ বহু লোকেই জানে এইগৰাকী নৰ কলিতাক৷ তেওঁ বিদ্যালয়ত শিক্ষকতা কৰাৰ উপৰি দুই-চাৰিটা টিউচন কৰিছিল৷ ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ পঢ়ুৱাইছিল৷ বিশেষকৈ গণিত আৰু বিজ্ঞানৰ পাঠ পঢ়ুৱাইছিল এইগৰাকী শিক্ষকে৷ কেইবাগৰাকী অভিভাৱকে জনাইছিল যে নৱম-দশম মানৰ গণিতৰ পাঠ্যক্ৰমে বহু ছাত্ৰ-ছাত্ৰীক আমনি কৰে৷ গণিত বুলিলেই এক ধৰণৰ মানসিক চাপত আক্ৰান্ত হয় বহু ছাত্ৰ-ছাত্ৰী৷ কিন্তু নৰ কলিতাই গণিত বেয়া পোৱা, গণিতলৈ ভয় কৰা এনেকুৱা বহু ছাত্ৰ-ছাত্ৰীক গণিত কিমান উজু, গণিতৰ পাঠ্যক্ৰম কিমান আনন্দদায়ক হ’ব পাৰে, সেয়া সহজে বুজাব পাৰিছিল৷ নৰ কলিতাই ঘৰুৱাভাৱে পাঠদান কৰা ছাত্ৰ-ছাত্ৰীয়ে গণিতত ১০০ৰ ভিতৰত ৯০-৯৯লৈকে পাইছিল৷
যিকোনো এক পাঠ্যক্ৰম সহজ আৰু সাৱলীলভাৱে শিকাব পৰাটো শিক্ষকৰ কৃতিত্ব৷ বহু মহাবিদ্যালয়ত এনেকুৱা শিক্ষক আছে, যাৰ সাহিত্যৰ শ্ৰেণীত বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে ভিৰ কৰে৷ এজন অভিভাৱকৰ হৈ মই নৰ কলিতাক ফোন কৰিছিলোঁ৷ কিন্তু তেওঁৰ পুত্ৰই যেতিয়া খবৰ দিলে যে আন দিনাৰ দৰে সেইদিনাও টিউচন কৰিবলৈ বুলি ওলাই যোৱা দেউতাক আৰু ঘৰলৈ উভতি নাহিল, তেতিয়া হতভম্ব হৈ পৰিছিলোঁ৷ গুৱাহাটী ৰে’ল ষ্টেচন, নদীৰ ঘাট, বাছ আস্থান সকলোতে দেউতাকক বিচাৰি চলাথ কৰিলে পৰিয়ালে৷ কেইবাবছৰ পাৰ হৈ গ’ল৷ নৰ কলিতা গুৱাহাটীৰ পাঞ্জাবাৰীৰ তেওঁৰ ঘৰখনলৈ আৰু উভতি নাহিল৷ তেওঁ ক’ত আছে, কি কৰি আছে, এতিয়া আছেনে নাই, সেই খবৰো পত্নী-পুত্ৰ কাৰো হাতত নাই৷
এজন কৃতি শিক্ষকৰ অন্তৰ্ধানৰ বাতৰিটোৱে ব্যক্তিগতভাৱে আহত কৰিছিল৷ জানিছিলোঁ, মহানগৰীৰ সম্ভ্ৰান্ত অসমীয়া মাধ্যমৰ বিদ্যালয়খনত শিক্ষকতা কৰি লাভ কৰা দৰমহাই হয়তো পৰিয়ালটো চলাই নিয়াত কিছু অসুবিধা হোৱাৰ বাবেই হওক বা শিক্ষা দানৰ প্ৰতি থকা আগ্ৰহৰ বাবেই হওক নৰ কলিতাই ঘৰে ঘৰে গৈ ছাত্ৰ-ছাত্ৰীক গণিত আৰু বিজ্ঞানৰ পাঠ দি কেইটামান ধন দৰমহাৰ ওপৰঞ্চি হিচাপে ঘটিছিল৷ এয়া নিশ্চয় অপৰাধ নহয়৷ নৰ কলিতাক মই ওচৰৰ পৰা পাইছিলো৷ চিটী বাছত উঠি ঘৰে ঘৰে টিউচন কৰিছিল৷ সৰু এটা ম’বাইল ফোন৷ ঘড়ী নিপিন্ধে৷ টিউচন কৰি থকাৰ সময়ত বন্ধ থাকে ম’বাইল ফোন৷ গণিতৰ এগৰাকী কৃতি শিক্ষক হিচাপে নৰ কলিতা এনেবোৰ কাৰণতে ছাত্ৰ-ছাত্ৰীৰ পৰা অভিভাৱকলৈ আদৰ বুটলিছিল৷
প্ৰশ্ন উঠিছে, এইগৰাকী শিক্ষক ঘৰৰ পৰা টিউচনলৈ বুলি ওলাই গৈ উভতি নাহিল কিয়? আজিও সন্ধানহীন নৰ কলিতা৷ কোনো দুৰ্ঘটনাত পতিত হোৱাৰ কোনো বাতৰি নাই৷ তেওঁ ক’লৈ গ’ল, সেয়া এক অবুজ সাঁথৰ৷ তেওঁ কিয় অন্তৰ্ধান হ’ল, সেয়াও এক অবুজ সাঁথৰ৷
ভৱেন্দ্ৰনাথ শইকীয়াৰ মৰমৰ দেউতা শীৰ্ষক শিশু উপন্যাসখন যিসকলে পঢ়িছে, তেওঁলোকে অনুভৱ কৰিব এগৰাকী দায়িত্বশীল দেউতাক সময়ত শিলতকৈ কঠিন আৰু সময়ত কপাহতকৈ কোমল হৈ পৰে৷ যিয়েই যি নকওক মাক আৰু দেউতাক দুয়োটা সত্তাই সম্পূৰ্ণ পৃথক৷ সন্তানৰ ক্ষেত্ৰত মাতৃ আৰু পিতৃৰ ভূমিকা প্ৰায় পৃথক হয়৷ অভিযোগ কৰিব বিচৰা নাই, কিন্তু সমাজত ক’ৰবাত, কেতিয়াবা দেউতাকজন অৱহেলিত হৈ থাকি যায় নেকি? এনেকুৱা চিন্তা আপোনাৰো কেতিয়াবা হয়নে? দেউতাকৰ ত্যাগ, দায়িত্বই বহু সময়ত স্বীকৃতি নাপায়৷ নৰ কলিতা আনন্দত অধীৰ হৈ অন্তৰ্ধান হ’ল নে তেওঁ জীৱনৰ প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰিবলৈ অপাৰগ হৈ অন্তৰ্ধান হ’ল, আমি কোনেও নাজানিলো৷ আচলতে তেওঁ জানিবলৈ নিদিলে৷ এজন কৃতি শিক্ষকৰ জীৱনৰ এই কৰুণ অধ্যায় মহানগৰীৰ কোলাহলৰ মাজত সহজে হেৰাই গ’ল৷
জীৱন সম্পৰ্কত মানুহৰ ধাৰণা ভিন ভিন৷ বেছিভাগ পৰিয়ালত দেখিবলৈ পাওঁ কেৱল এজনে সংসাৰখনৰ সমস্ত বোজা মূৰপাতি লয়৷ তেওঁ কেতিয়াবা এই বোজা দাঙিব পাৰিছে আৰু কেতিয়াবা দাঙিব নোৱাৰি কুজা হৈ পৰিছে৷ এইখিনিতে যদি পৰিয়ালৰ সদস্যসকলে তেওঁক বোজাটো দঙাত সহায় কৰি দিয়ে, তেতিয়াহ’লে তেওঁ আন নহ’লেও জীৱন যুঁজত অকলশৰীয়া নহয় বুলি অনুভৱ কৰাৰ সুযোগ পাব৷ প্ৰখ্যাত বহু লেখক, সাংবাদিক, সংগীত শিল্পী ভিৰৰ মাজত থাকিও ক’ৰবাত অকলশৰীয়া৷ অকলশৰীয়া মুহূৰ্তত ড॰ ভূপেন হাজৰিকাৰ দৰে কিম্বদন্তী শিল্পীৰ কলমেৰেও নিগৰিছে ...বাটৰ মানুহ আপোন হৈছে
আপোন হৈছে পৰ...৷ অসম সাহিত্য সভাৰ এগৰাকী প্ৰাক্তন সভাপতিয়ে ঘনিষ্ঠজনৰ সন্মুখত কান্দি কান্দি কৈছিল তেওঁৰ কোনো গ্ৰন্থ পত্নী অথবা সন্তানে নপঢ়িলে৷ ইয়াৰ বিপৰীতে অসম সাহিত্য সভাৰ আন এগৰাকী প্ৰাক্তন সভাপতি ড੦ লক্ষ্মীনন্দন বৰাক দেখা পাইছিলোঁ মৃত্যুপৰ্যন্ত মানুহজনক পৰিয়ালটোৱে আৱৰি-সামৰি ৰাখিছিল৷ বোৱাৰীও বহু সময়ত জীয়ৰীতকৈ যে আপোন হ’ব পাৰে, সেয়া লক্ষ্মীনন্দন বৰাৰ ক্ষেত্ৰত ঘটিছিল৷ তেওঁৰ দুয়োগৰাকী বোৱাৰী আৰু নাতিনীয়ে কাষতে থাকি উৎসাহিত কৰি গৈছিল৷ হয়তো আমৃত্যু মানুহজনে যোগাত্মক চিন্তা-চেতনা কঢ়িয়াই লৈ ফুৰাৰ ইয়ো এটা অন্যতম কাৰক৷
যশস্বী সংগীত শিল্পী ৰমেন বৰুৱা হঠাতে অন্তৰ্ধান হৈছে৷ ক’লৈ গ’ল ৰমেন বৰুৱা? কিয় ৰমেন বৰুৱা অন্তৰ্ধান হ’বলগীয়া হ’ল? মূল প্ৰশ্ন কিন্তু এই দুটাই৷ ইখনৰ পাছত সিখন অসমীয়া চলচ্চিত্ৰক জনপ্ৰিয় কৰি অজস্ৰ কালজয়ী গীতৰ ব্যৱস্থাপনা তথা সুৰাৰোপ কৰা মানুহজন যে এনেকৈ অন্তৰ্ধান হ’ব, সেয়া কোনেও সপোনতো ভাবিব নোৱাৰে৷ শুধ বগা পায়জামা-পঞ্জাবী পৰিহিত ক্ষীণকায় ওখ মানুহজনক গুৱাহাটীৰ পদপথত সকলোৱে দেখা পায়৷ কোনো ধৰণৰ বিতৰ্কত নথকা ৰমেন বৰুৱা বাহিৰে-ভিতৰে এজন সংগীত শিল্পী৷ ৰমেন বৰুৱা অসমীয়া চলচ্চিত্ৰৰ সংগীত জগতৰ এটা নজহা-নপমা নাম৷ যাৰ সংগীতক একাষৰীয়া কৰি আপুনি-মই অসমীয়া চলচ্চিত্ৰৰ সোণালী অতীতৰ কথা পাতিব নোৱাৰো৷
ৰমেন বৰুৱা এদিন উভতি আহিব নিশ্চয়! তেতিয়া এজন সংগীত পৰিচালক হিচাপে নহয়, এগৰাকী দেউতাক হিচাপে জীয়ৰীক নিশ্চয় ক’ব তেওঁৰ ক্ষোভ ক’ত আছিল৷ কিয় তেওঁ অভিমান কৰি আঁতৰি গৈছিল৷ এই কথাখিনি দেউতাকে একমাত্ৰ কন্যাক কোৱাৰ বাহিৰে আনক নিশ্চয় নক’ব৷
দ্বীপেন বৰুৱাই সংবাদ মাধ্যমক কৈছে যে ৰমেনদাই খুব কম কথা কয়৷ কেইদিনমানৰ পৰা আৰু কমকৈ কথা কৈছিল৷ ৰমেন বৰুৱা উভতি অহালৈ অসমৰ প্ৰতিগৰাকী মানুহে বাট চাইছে৷ সুখ-দুখৰ মাজেৰে পাৰ হয় জীৱন৷ পৃথিৱীত এনেকুৱা এজনো মানুহ নোলাব, যাৰ জীৱনত দুখৰ কোনো প্ৰচ্ছায়া নাই৷ পৃথিৱীত এনেকুৱা মানুহ এজনো নাই, যি বিচৰা মতেই সকলো সুখ ভোগ কৰিব পাৰিছে৷ জীৱন সম্পৰ্কত এই সত্য উপলব্ধি ৰমেন বৰুৱাৰ নিশ্চয় আছে৷ কিন্তু অন্তৰ্ধান হোৱাৰ আঁৰৰ বহু কথা থাকিব পাৰে, নাথাকিবও পাৰে৷ ৰমেন বৰুৱাৰ মুখেৰে এইবোৰ কথা শুনাৰ পূৰ্বেই অন্তৰ্ধানৰ আঁৰৰ কাহিনী অনুসন্ধান কৰি থকা আৰক্ষীৰ হাতলৈ আনে নজনা বহু তথ্য আহিছে৷ ৰাইজে জানিব বিচাৰে আৰক্ষীয়ে এতিয়ালৈকে ৰমেন বৰুৱা সম্পৰ্কত কি কি তথ্য লাভ কৰিছে৷
কথা হ’ল, অৱনী চক্ৰৱৰ্তীৰ পৰা নৰ কলিতা হৈ ৰমেন বৰুৱালৈ অন্তৰ্ধান হোৱা দেউতাকবোৰৰ আঁৰৰ কাহিনী সদায় লুকাই থাকে৷ ক’ৰবাত দেউতাক অৱহেলিত, ক’ৰবাত দেউতাক বন্দিত৷ অন্তৰ্ধান হোৱা এইসকল অৱহেলিত নে বন্দিত, সেই সত্য আৰক্ষীয়েও উলিয়াব নোৱাৰে৷ উলিয়ালেও ৰাজহুৱা নকৰে৷ সত্য জানে কেৱল পত্নী আৰু সন্তানে৷
দেউতাকৰ অন্য এক কাহিনী৷ মুষলধাৰ বৰষুণ৷ মহানগৰীৰ জি এছ ৰোডত প্ৰচণ্ড যান-জঁট৷ নিশা ন বাজি গৈছে৷ মহানগৰীৰ বিভিন্ন ঠাইত কৃত্ৰিম বানে মানুহক আমনি কৰিছে৷ অফিচৰ পৰা ঘৰলৈ আহি আছিলো৷ মোৰ আগে আগে এখন পুৰণি মটৰচাইকেলত দুজন মানুহ৷ সম্ভৱ পিতা-পুত্ৰ৷ পিতৃৰ বয়স ৫০ৰ আশে-পাশে৷ পুত্ৰৰ বয়স ১২-১৫৷ ইমান বৰষুণতো মানুহজন ৰৈ যোৱা নাই৷ তেওঁ তিতি তিতিয়ে মটৰচাইকেল চলাই গৈছে৷ পাছৰ আসনত বহা পুত্ৰই মূৰত হেলমেট পিন্ধাৰ উপৰি মেলি লৈছে এটা ছাতি৷ লাহে লাহে মটৰচাইকেল চলোৱাৰ বাবে পাছৰ আসনত বৰষুণৰ পৰা বাচিবলৈ ছাতি লৈ যোৱা কিশোৰটিৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই৷ সন্তানক বৰষুণৰ পৰা বচাই নিজে বৰষুণত তিতি তিতি আগবঢ়া পুৰুষজনেই চাগে দেউতাক৷
এই দেউতাকেই সময়ৰ বালিত খোজ দি এটা সময়ত পৌঢ়ত্বৰ পোছাকযোৰ পিন্ধিব লাগিব৷ সেই সময়ত মানুহজন যদি অন্তৰ্ধান হ’বলগীয়া হয়, তেতিয়াহ’লে ইয়াৰ দোষ কালৈ ঠেলিব লাগিব? সন্তান, পত্নী, পৰিয়াল নে সমাজলৈ? নে প্ৰত্যাহ্বান গ্ৰহণ কৰিব নোৱাৰি আঁতৰি যোৱা মানুহজনকে ইয়াৰ বাবে জগৰীয়া কৰিব লাগিব? উত্তৰ আপোনাৰ হাতত৷
Leave A Comment