পাৰিবনে অৰবিন্দ ৰাজখোৱাই? পাৰিবনে অনুপ চেতিয়াই? ২৯ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব আলোচনাপন্থী আলফাৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বৈঠক৷ এই বৈঠকক লৈ অসমত নাই কোনো বিশেষ উৎসাহ, নাই কোনো উৎসুকতা৷ কাৰণ আজিৰ পৰা ৩৮ বছৰ পূৰ্বে এনেধৰণৰ বৈঠকতে স্বাক্ষৰ হৈছিল অসম চুক্তি৷ এই চুক্তিয়ে কিন্তু অসমৰ খিলঞ্জীয়া মানুহক একো দিব নোৱাৰিলে৷ অৱশ্যে এই ভুল চুক্তিখনৰ নহয়, চুক্তিখনত সন্নিৱিষ্ট হোৱা দফাবোৰেও অসমীয়া মানুহক প্ৰতাৰণা কৰা নাই৷ প্ৰতাৰণা কৰিলে আৰু প্ৰতাৰণা কৰি আহিছে এই চুক্তিখনত স্বাক্ষৰ কৰা পক্ষকেইটাই৷ এই সত্য আজি মুকলিকৈ এই ভূখণ্ডৰ প্ৰতিগৰাকী খিলঞ্জীয়াই অনুভৱ কৰিছে৷ ইয়াৰ বাবে বুকুত কঢ়িয়াই লৈ ফুৰিছে সকলো হেৰুওৱাৰ এবোজা দুখ৷
২৯ ডিচেম্বৰ, ২০২৩ বৈঠকলৈ পৰেশ বৰুৱা নাহিল৷ স্বাধীন সাৰ্বভৌম অসমৰ দাবীত আলফা [স্বাধীন]ৰ নেতাগৰাকী আলোচনাৰ বাহিৰতে থাকি গ’ল৷ পৰেশ বৰুৱাক অসমৰ মুখ্যমন্ত্ৰীয়ে আলোচনালৈ মাতি আছে৷ যদি সাংবাদিকৰ সন্মুখতহে মুখ্যমন্ত্ৰীয়ে আলোচনাৰ বাবে পৰেশ বৰুৱালৈ নিমন্ত্ৰণ জনাই আছে, তেনেহ’লে আলোচনা নহ’বগৈ বুলিয়ে ভাবিব পাৰি৷ তৰুণ গগৈয়েও বৰুৱাক আলোচনালৈ মাতিছিল৷ আনকি বৰুৱাক নিৰ্বাচনী ৰাজনীতিত অংশ লৈ অসমখন বৰুৱাই বিচৰাৰ দৰে সজাই ল’বলৈ কৈছিল৷ সংবিধানৰ নামত শপত খোৱা কোনো চৰকাৰে পৰেশ বৰুৱাৰ সৈতে সাৰ্বভৌমত্বৰ বিষয়টোত আলোচনা কৰিব নোৱাৰে৷ কাৰণ সংবিধানে এই অধিকাৰ কাকো দিয়া নাই৷ চৰকাৰ চলোৱা মানুহবোৰ আহে আৰু যায়৷ আজি যিসকল ক্ষমতাত আছে, কাইলৈ তেওঁলোক অতীত নহ’ব বুলি কোনেও ন দি ক’ব নোৱাৰে৷ কাৰণ এয়াই বাস্তৱ৷ আজিৰ তাৰিখত বৰুৱাৰ সৈতে আলোচনাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰাটোৱে হ’ব যিকোনো এগৰাকী ৰাজনীতিকৰ বাবে সফলতাৰ অন্যতম নিদৰ্শন৷
সময়ৰ সোঁতত পৰেশ বৰুৱাও এদিন অতীত হ’বগৈ৷ স্বাধীন অসমৰ দাবী ভৱিষ্যৎ প্ৰজন্মই কিদৰে কঢ়িয়াই নিব, তাক লৈ পূৰ্বানুমান কৰা সহজ নহয়৷ পৰম সত্য এয়ে যে এখন চৰকাৰে ইচ্ছা কৰিলে পৰেশ বৰুৱাক আদৰ্শৰ ভিত্তিতে দুৰ্বল কৰি পেলাব পাৰে৷ ইয়াৰ বাবে কোনোবা আলফা নেতাৰ ঘৰৰ পৰিয়ালৰ সদস্যক গুপ্তঘাতকৰ হতুৱাই হত্যা কৰা, আলফা নেতাৰ ঘৰলৈ নিশা গুলী চলোৱা, আলফা সন্দেহত এনকাউণ্টাৰ কৰাৰ কোনো প্ৰয়োজন নাই৷ এইবোৰে সমাজত সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণৰ গঢ় দিয়ে৷ কোনো লোকৰ জীৱন কাঢ়ি নতুবা গ্ৰেপ্তাৰ কৰি এটা আদৰ্শক হত্যা কৰিব নোৱাৰি৷
দক্ষিণ ভাৰতত কোনো এগৰাকী বিজেপি সদস্যক ডিঙি কাটি হত্যা কৰিলেই সেই আদৰ্শত বিশ্বাস কৰা মানুহ নোহোৱা হৈ নাযায়৷ বৰঞ্চ প্ৰতিশোধ আৰু জেদে নতুনকৈ তেনে আদৰ্শত বিশ্বাস কৰা মানুহৰ জন্ম দিয়ে৷ একেদৰে এনকাউণ্টাৰ, গ্ৰেপ্তাৰে অসমত আলফাৰ অনুৰাগীৰ সংখ্যা কমাব পৰা নাই৷ ৯০ দশকৰ পৰা আজিলৈকে অসমত স্বাধীনতা বিচৰা হেজাৰ বিজাৰ মানুহক হত্যা কৰা হৈছে৷ একেদৰে নিষিদ্ধ সংগঠনটোৱেও তেওঁলোকৰ মতক মানি ল’ব নিবিচৰা বহু মানুহক নৃশংসভাৱে হত্যা কৰিছে৷ তথাপি অসমত এই দুটা আদৰ্শত বিশ্বাস কৰা মানুহৰ সংখ্যা কমা নাই, বাঢ়িছেহে৷
পূৰ্বৰ এই অভিজ্ঞতাৰ পৰা চৰকাৰে নতুন ধৰণে বিষয়টোৰ মুখামুখি হোৱাৰ বাবে চেষ্টা চলোৱাটো উচিত আছিল৷ ৰাজ্যত আলফা-চৰকাৰৰ সংঘাতে সৃষ্টি কৰা অৰাজকতা সকলোৱে দেখা পাইছে৷ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰোঁ– এনেকুৱা এটা জটিল আৰু ৪৪ বছৰীয়া বিষয় ৰাজনৈতিকভাৱেই সমাধান কৰিব লাগিব৷ আৰক্ষীৰ ওপৰত দায়িত্ব এৰি দিলে এই সমস্যাৰ সমাধান কেতিয়াও নহয়৷ এই সমস্যা আইন-শৃংখলাজনিত নহয় বুলি সকলোৱে জানে৷ এই সমস্যা হৈছে এটা আদৰ্শক লৈ৷ এই আদৰ্শত বিশ্বাস কৰা সকলোবোৰ মানুহ মাৰি পেলোৱাৰ পাছতো আদৰ্শটোৰ মৃত্যু হোৱাৰ কোনো উদাহৰণ পৃথিৱীৰ বুৰঞ্জীত নাই৷ হিটলাৰ নাই, কিন্তু কিম জং উন আছে৷ গান্ধী নাই, কিন্তু গান্ধীৰ আদৰ্শত বিশ্বাসী মানুহৰ সংখ্যা পৃথিৱীত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে৷ সেয়ে কোনো ব্যক্তিবিশেষৰ মৃত্যুৱে তেওঁ কঢ়িয়াই লৈ ফুৰা আদৰ্শৰ মৃত্যু ঘটাব নোৱাৰে৷
পৰেশ বৰুৱা অবিহনে নতুন দিল্লীত আলোচনাপন্থী আলফাৰ সৈতে যিখন বৈঠক ২৯ ডিচেম্বৰত হ’ব বুলি প্ৰকাশ পাইছে, সেই বৈঠকখনত প্ৰধান সূত্ৰধাৰৰ ভূমিকা গ্ৰহণ কৰিব লাগিব অসমৰ মুখ্যমন্ত্ৰীয়ে৷ কাৰণ এই সমস্যাটোৰ স্থায়ী আৰু সন্মানজনক সমাধানৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজকে নহয়, পৰেশ বৰুৱালৈকো এটা যোগাত্মক বাৰ্তা দিব পাৰিব লাগিব৷ এই বৈঠকখন যদি গুৱাহাটীত অসম চুক্তি ৰূপায়ণৰ বাবে মন্ত্ৰী আৰু কেইজনমান ছাত্ৰ নেতাই বহি কৰা আলোচনাৰ লেখিয়া হয়গৈ, তেনেহ’লে অসমৰ মুখ্যমন্ত্ৰীৰ ভূমিকা আৰু দক্ষতাক লৈ বুদ্ধিমান প্ৰতিগৰাকী অসমীয়াই প্ৰশ্ন কৰিব৷
সংবিধানৰ গণ্ডীৰ ভিতৰত থাকিও অসমৰ মানুহে সৰ্বোত্তম সিদ্ধি লাভৰ পথৰ সন্ধান পাব পাৰে৷ ভাৰতীয়
সংবিধান ইমানেই বেছি শক্তিশালী যে এখন চৰকাৰ আৰু ইয়াক পৰিচালনা কৰা নেতাসকলৰ আগ্ৰহ আৰু সদিচ্ছা থাকিলে এই সংবিধানেই দিছে সমাধানৰ পথ৷ সংবিধানৰ আধাৰতে অসমৰ দৰে পিছপৰা এখন ৰাজ্য আৰু ইয়াৰ খিলঞ্জীয়া মানুহৰ উপকাৰ সাধিব পাৰিলে, ভৱিষ্যতে ভূমিপুত্ৰই সাৰ্বভৌমত্বৰ বিষয়টো আলোচনা কৰিবলগীয়া নহয় বুলি পতিয়ন যাব৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক পতিয়ন নিয়াব পাৰিবনে যে ইয়াৰ খিলঞ্জীয়া মানুহৰ মাজত দিনক দিনে ৰাজনৈতিক অস্তিত্বৰ সংকটত ভোগা বুলি আশংকা বৃদ্ধি পাইছে৷ এই প্ৰশ্নটোৰ সঠিক উত্তৰ মুখ্যমন্ত্ৰীৰ হাতত নিশ্চয় আছে৷
সংবিধানৰ গণ্ডীৰ ভিতৰত অসমৰ ছয় জনগোষ্ঠীয়ে জনজাতীয় মৰ্যাদা লাভ কৰিব নোৱৰাৰ কি কাৰণ থাকিব পাৰে৷
নৰেন্দ্ৰ মোদী চৰকাৰৰ ১০ বছৰীয়া কাৰ্যকালত ভাৰতবৰ্ষৰ কেইবাটাও খিলঞ্জীয়া জনগোষ্ঠীক জনজাতীয় মৰ্যাদা দিছে৷ অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে খিলঞ্জীয়া মানুহৰ অধিকাৰক সন্মান নজনোৱাকৈ থকা নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আঞ্চলিক ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰত গুৰুত্ব দিছে৷ ন্যায়ালয়তো ইংৰাজীৰ সলনি আঞ্চলিক ভাষাত কাম-কাজ আৰম্ভ কৰিব লাগে বুলি বাৰম্বাৰ কৈ আহিছে৷
অসমীয়া মানুহৰ স্বাভিমান ৰক্ষাৰ স্বাৰ্থত অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়াতকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা অধিক আগ্ৰাসী আৰু শক্তিশালী হ’ব নোৱৰাৰ কোনো কাৰণ থাকিব নোৱাৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে গুজৰাটী বুলি কৈ অহংকাৰ কৰে৷ তেনেস্থলত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ অসমীয়াৰ স্বাভিমান বুলি কেন্দ্ৰীয় চৰকাৰক পতিয়ন নিয়াব নোৱৰাটো চিন্তনীয় বিষয়৷ নেতাৰ দক্ষতাও কিন্তু ইয়াতে৷
অসমৰ খিলঞ্জীয়া মানুহৰ পক্ষে মাত মাতি অহা সচেতন লোকসকলে বিচাৰিছে অসমখনে বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰক৷ সাধাৰণতে এনেকুৱা আলোচনাবোৰত সংগঠনটোৰ নেতাই তেওঁলোকৰ সদস্যসকলক সুখী কৰিবলৈ গাইপতি ৫-১০ লাখ টকাৰ আৰ্থিক পেকেজ বিচাৰে৷ সংগঠনৰ কেডাৰৰ বাবে কেইলাখমান টকা লাভ কৰাটোকে অসমীয়া মানুহে ৰাজনৈতিক অধিকাৰ লাভ কৰা বুলি কৌশলেৰে পৰৱৰ্তী সময়ত প্ৰচাৰো কৰে৷ এই নেতাই ব্যক্তিগত লাভকে অসমীয়া মানুহ অস্তিত্ব ৰক্ষাৰ বাটত এখোজ আগবাঢ়িল বুলিও ক’বলৈ লাজ নকৰে৷ অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়াই নিশ্চয় এনেকুৱা প্ৰস্তাৱ দাখিলৰ কথা ভবা নাই৷ অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিব খুজিছোঁ– অসমক সেই অৰ্থত বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়ক, যি মৰ্যাদাত ইয়াৰ ভূমিপুত্ৰই ছিকিমৰ ভূমিপুত্ৰৰ দৰে অধিকাৰ লাভ কৰিব৷
ছিকিমৰ খিলঞ্জীয়া নাগৰিকৰ বাবে বিধানসভাত যিদৰে আসন সংৰক্ষিত কৰা হৈছে, সেইদৰে চাকৰিতো সংৰক্ষণ আছে৷ ছিকিমৰ দৰে অন্ধ্ৰপ্ৰদেশ, তেলেংগানাৰো খিলঞ্জীয়া নাগৰিকেও লাভ কৰিছে ৰাজনৈতিক অধিকাৰ৷ এই অধিকাৰৰ অৰ্থ কেইটামান চাকৰি বা মেডিকেল, ইঞ্জিনীয়াৰিঙত কেইখনমান আসন সংৰক্ষণতে সীমাবদ্ধ নহয়৷ এই অধিকাৰ অন্ধ্ৰপ্ৰদেশ, তেলেংগানাৰ খিলঞ্জীয়াই ৰাজনৈতিক ক্ষেত্ৰতো লাভ কৰিছে৷ এয়া সম্ভৱ হৈছে অন্ধ্ৰপ্ৰদেশ, তেলেংগানাৰ খিলঞ্জীয়া নেতাৰ আপোচহীন স্থিতিৰ বাবে৷ অসমত খিলঞ্জীয়াৰ অধিকাৰ, স্বাভিমানৰ কথা কোৱা বেছিভাগ নেতাই দৰ-দাম কৰি ব্যক্তিগতভাৱে লাভৰ অংশীদাৰ হয়৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক সেই অৰ্থত বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়ক৷ যি মৰ্যাদা নাগালেণ্ড, মিজোৰাম আদিয়ে লাভ কৰিছে৷ ভাৰতীয় সংবিধানে ৩৭১ এ-জেলৈ এখন ৰাজ্যক দিয়া মৰ্যাদা অসমে কিয় নাপাব? পোৱাৰ ব্যৱস্থা কেনেকৈ কৰিব লাগে, সেয়া মুখ্যমন্ত্ৰীয়ে বাৰুকৈয়ে জানে৷ যি মৰ্যাদাত ভূমি আৰু ভূমিৰ তলৰ সম্পদৰ গৰাকী কেন্দ্ৰ নহয়, ৰাজ্য চৰকাৰ হ’ব পাৰে৷ নাগালেণ্ড-মিজোৰামত ভূমিৰ ক্ৰয়-বিক্ৰয়ৰ অধিকাৰ যিদৰে খিলঞ্জীয়াৰ হাতত ন্যাস্ত আছে, সেইদৰে ইয়াৰ তলৰ সকলো সম্পদৰ গৰাকী ৰাজ্য চৰকাৰ৷ এই অধিকাৰ তেওঁলোকক সংবিধানেই প্ৰদান কৰিছে৷ খিলঞ্জীয়াৰ বাবে এই অধিকাৰ আনি দিয়াত প্ৰধান ভূমিকা পালন কৰিছিল সেই ৰাজ্যকেইখনৰ নিৰ্দিষ্ট কেইজনমান নেতাই৷
আজি অসমৰ অৰ্থনৈতিক অৱস্থা ইমানেই দুখ লগা যে সুৰাৰ দোকান বৃদ্ধি, সুৰাৰ প্ৰচলন বৃদ্ধি আৰু সুৰাৰ দামবৃদ্ধিৰে ৰাজহৰ জোৰা মাৰিবলগীয়া হৈছে৷ এখন চৰকাৰে ধনৰ নাটনি দূৰ কৰিবলৈ ৫০০ কোটি টকাৰো ঋণ লৈছে৷ আগন্তুক সময়ত ঋণৰ পৰিমাণ লাহে লাহে বাঢ়িব৷ মানুহক কথাবোৰ ওলোটাকৈ বুজাই নাক বচোৱাৰ চেষ্টা চলিছে৷ আচলতে পৰিস্থিতিয়ে বাধ্য কৰিছে অসম চৰকাৰক৷
এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী শৰ্মাই অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক সৈমান কৰাব পাৰিব লাগিব৷ ৰাইজৰ মংগলৰ স্বাৰ্থত এগৰাকী মুখ্যমন্ত্ৰীৰ কোনো বাধ্যবাধকতা থাকিব নালাগে৷ কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা পাবৰ বাবে আমি জনাত কোনো প্ৰচেষ্টা এতিয়ালৈকে চলোৱা নাই৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু খিলঞ্জীয়াৰ বাবে সাংবিধানিক ৰক্ষা কবচৰ ব্যৱস্থা কৰিব পাৰিলে সংবিধানৰ ৩৭১ এ-জে অনুচ্ছেদৰ অধীনত অসমে নিজৰ সম্পদৰ ওপৰতো অধিকাৰ পাব৷ ভূগৰ্ভত থকা সমস্ত তেল আৰু কয়লাৰ গৰাকী অসম চৰকাৰ হৈ উঠিব৷ বৰ্তমান ইয়াৰ বিনিময়ত পাই থকা ১২.৫ শতাংশ ৰয়েল্টীৰ বিপৰীতে ১০০ শতাংশ ধনেই লাভ কৰিব অসমে৷
বিশেষ ৰাজ্যৰ মৰ্যাদা মানে বান-খহনীয়াত কেইশকোটিমান সাহায্য নুবুজায়৷ অসমে ভূগৰ্ভস্থ সম্পদৰ অধিকাৰ পোৱাৰ পাছত আৰু এই ধনৰ সঠিক ব্যৱহাৰ হ’লে ৰাজ্যখন ৰাজহৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হৈ উঠিব৷ ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট˜ত উপনীত কৰোৱাত অসমেও তেতিয়া প্ৰভুতঃ অৰিহণা আগবঢ়াব পাৰিব৷ অসমে ধনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত হাত পাতি থকা ব্যৱস্থাটোৰো এনেকৈয়ে অন্ত পৰিব৷
আলোচনাপন্থী আলফাৰে কেন্দ্ৰীয় চৰকাৰৰ আলোচনাতে মুখ্যমন্ত্ৰীয়ে কৌশলেৰে এই কামটো কৰিব পাৰিলে ৰাজ্যখন নতুন ধৰণে উদ্ভাসিত হৈ নপৰিব জানো? আৰু তেতিয়াই সাৰ্বভৌমত্ব তথা স্বাধীনতাৰ দাবী লাহে লাহে অসাৰ প্ৰতিপন্ন হৈ পৰিব! হিমন্ত বিশ্ব শৰ্মা এগৰাকী আনতকৈ পৃথক চিন্তাধাৰাৰ ৰাজনীতিক হিচাপে পৰিচিত৷ বিতৰ্ক থাকিলেও মুখ্যমন্ত্ৰী শৰ্মাই প্ৰব্ৰজনকাৰীৰ আগ্ৰাসনৰ পৰা বাচিবলৈ আৰু আৰ্থিক দিশত অসমক সবল কৰিবলৈ সম্পদৰ ওপৰত অধিকাৰ বিচৰাৰ কতৃৰ্ত্ব সংবিধানে দিছে৷ এয়া অপৰাধ নহয়৷ অসমৰ সকলো সমস্যাৰ গুৰি এইটোৱেই৷ সাংবিধানিক ৰক্ষা কৱচ তথা ছয় জনগোষ্ঠীৰ জনজাতিকৰণ অবিহনে আৰ্থিক পেকেজৰ চুক্তিয়ে অসমীয়া মানুহৰ কোনো উপকাৰ নকৰে৷ এয়া বাৰে বাৰে প্ৰমাণিত হৈছে৷
জিতুমণি বৰা
Leave A Comment