• দেশীয় স্বাভিমান আৰু ব্যৱসায়

    সম্পাদকীয়
    দেশীয় স্বাভিমান আৰু ব্যৱসায়
    জিতুমণি বৰা

    আপোনালোক সকলোৰে পৰিচিত এগৰাকী অসমীয়া বিদূষী মহিলা হেমপ্ৰভা চুতীয়া৷ মহাত্মা গান্ধীয়ে কোৱাৰ দৰেই শ্ৰীযুতা চুতীয়াই তাঁতৰ শালত পৰীৰ সপোন ৰচে৷ তাঁতৰ পাতত শিল্পৰ কিমান যে মোহনীয় ৰূপ এইগৰাকী মহিলাই ৰচনা কৰে, সেয়া নেদেখাকৈ কোনেও কল্পনা কৰিবও নোৱাৰে৷ গুণমালাৰ পৰা আৰম্ভ কৰি কীৰ্তন, দশমৰ পদ-ভটিমালৈকে তাঁতৰ পাতত অংকন কৰিছে হেমপ্ৰভা চুতীয়াই৷ কাইলৈ যদি এইগৰাকী মহিলাই তাঁতশিল্পক এক বৃহৎ উদ্যোগ হিচাপে গঢ় দি ইয়াক হেজাৰ কোটিৰ সম্পদৰ অধিকাৰী কৰি তোলে, তেতিয়া কোন অসমীয়াই ইয়াত বেয়া পাব? সকলোৱে ইয়াক লৈ গৌৰৱ কৰিব৷ এনেকুৱা বহু পুৰুষ-মহিলা ভাৰতত আছে, যি সংগ্ৰাম কৰিছে, সততাৰে জীৱন যাপন কৰিছে৷ 

    কোনোবা এগৰাকী আধ্যাত্মিক পুৰুষ বা নাৰীয়ে যদি ভাৰতীয় স্বাভিমানক সাবটি উন্নতিৰ জখলাত আগবাঢ়ে, তেতিয়া বৰা, শইকীয়া, বৰুৱা, গোহাঁইৰ পৰা সিংহল, আগৰৱালা, মোদী সকলোৱে ইয়াক লৈ গৌৰৱ কৰাৰ থল পাব৷ যোগাসনৰ এগৰাকী প্ৰশিক্ষকে পৰৱৰ্তী সময়ত নিজকে ইয়াৰ গুৰু হিচাপে প্ৰক্ষেপ কৰি দেশজুৰি যোগগুৰু হিচাপে খ্যাতি লাভ কৰিলে৷ এইগৰাকী যোগগুৰু ৰামদেৱ এতিয়া পতঞ্জলীৰ জৰিয়তে প্ৰায় তিনি হাজাৰ কোটি টকাৰ এখন বিশাল সাম্ৰাজ্যৰ অধিকাৰী৷ এনেকুৱা এগৰাকী উদ্যোগী পুৰুষক অনুপ্ৰেৰণাৰ উৎস হিচাপে গ্ৰহণ কৰিবলৈ কোনোৱে দ্বিধাবোধ কৰা নাছিল৷ ৰামদেৱে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত আনকি অসমতো যোগাসনৰ শিবিৰ স্থাপন কৰি প্ৰশিক্ষণ দিবলৈ আহিছিল৷ কেৱল দেশৰ ভিতৰতে নহয়, পৃথিৱীৰ প্ৰায় সকলো দেশতে ৰামদেৱক যোগৰ প্ৰশিক্ষণ দিবলৈ সেই দেশত বাস কৰা ভাৰতীয় মূলৰ লোকসকলে আমন্ত্ৰণ জনাই নিছিল৷
    এগৰাকী যোগ প্ৰশিক্ষকৰ জনপ্ৰিয়তা লাহে লাহে গ্লেমাৰত পৰিণত হ’ল৷ বোধহয় ভাৰতবৰ্ষৰ একমাত্ৰ যোগ গুৰু, যিগৰাকীক মনোৰঞ্জনধৰ্মী 

    টেলিভিছন চেনেলৰ বিভিন্ন অনুষ্ঠানলৈ মাতিবলৈ আয়োজকসকল বাধ্য হৈছিল৷ ৰামদেৱে শিল্পা ছেট্টিকে ধৰি বলীউডৰ জনপ্ৰিয় তাৰকাসকলৰ সৈতে একে শাৰীতে বহি সংগীত, নৃত্য আদিৰ বিচাৰকৰ আসন শুৱনি কৰিছিল৷  ৰামদেৱৰ সেই জনপ্ৰিয়তা এতিয়া যথেষ্ট হ্ৰাস পাইছে৷ লাহে লাহে ইয়াত মামৰ লাগিছে৷ ইয়াৰ কাৰণ তেওঁ নিজেই৷
    কেন্দ্ৰৰ তদানীন্তন ইউ পি এ চৰকাৰৰ বিৰুদ্ধে ৰামলীলা ময়দানত মহাসংগ্ৰামৰ পাতনি মেলি ইয়াত অন্যতম মুখ্য ভূমিকা পালন কৰা ৰামদেৱৰ প্ৰধান দাবী আছিল বিদেশৰ বেংকত ভাৰতীয়সকলে জমা ৰখা ক’লা ধন দেশলৈ ঘূৰাই আনিব লাগে৷ দ্বিতীয়তে, জনলোকপাল বিল প্ৰৱৰ্তন কৰা৷ কেন্দ্ৰৰ তদানীন্তন কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ বিৰুদ্ধে দেশজুৰি জনমত গঠনত ৰামলীলা ময়দানৰ এই সংগ্ৰামে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷

    কেন্দ্ৰত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ গঠন হ’ল৷ ৰামদেৱ এই চৰকাৰৰ দুৰ্ঘোৰ প্ৰশংসক, সমৰ্থক হৈ পৰিল৷ মুকলিভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সমৰ্থনত ৰাজনৈতিক সভা-সমিতিতো অংশগ্ৰহণ কৰিবলৈ ল’লে৷ ইয়াত আপত্তি কৰিবলগীয়া একো নাই৷ গণতান্ত্ৰিক দেশ এখনৰ নাগৰিক হিচাপে যিকোনো এজন লোকে নিৰ্বাচন আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যিকোনো ৰাজনৈতিক দলৰ সমৰ্থক, প্ৰশংসক বা সদস্য পদ গ্ৰহণ কৰিব পাৰে৷ এয়া ব্যক্তিৰ ৰাজনৈতিক অধিকাৰ৷ এই অধিকাৰ সংবিধানে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক দিছে৷

    আপুনি, মই ব্যক্তিগতভাৱে যিটো ৰাজনৈতিক দলৰ সমৰ্থক বা সদস্য, সেই দলৰ গৰিমা ৰাইজৰ সন্মুখত বখানিবলৈ গৈ বিৰোধীক সমালোচনা কৰাটো অপৰাধ নহয়৷ কিন্তু বিৰোধীক সমালোচনা কৰিবলৈ গৈ ময়ে আটাইতকৈ সৎ আৰু নিৰ্ভেজাল দেশপ্ৰেমিক বুলি জাহিৰ কৰি বিৰোধীৰ কাৰোৰে দেশপ্ৰেম নাই বুলি কোৱাৰ অধিকাৰ আছেনে? এই ধৰণৰ এক পৰম্পৰা ১০ বছৰমানৰ পৰা আৰম্ভ হৈছে৷ এই পৰম্পৰাক আসুৰিক ৰূপলৈ লৈ যোৱাও দেখিছোঁ৷ কিন্তু দেশপ্ৰেমক ব্যৱসায়ক মূলধন কৰি ভাৰতবৰ্ষত কেইজনমান মানুহ হেজাৰ বিজাৰ কোটিৰ অধিকাৰী হৈছে৷ এওঁলোকে এনেকুৱাকৈ প্ৰচাৰ চলাইছিল যে তেওঁলোকে যি কৰি আছে, সেয়া কেৱল ভাৰতবৰ্ষৰ বাবে কৰি আছে৷ ভাৰতবৰ্ষৰ ১৪০ কোটি নাগৰিকৰ বাবে কৰিছে৷ ব্যক্তিগতভাৱে তেওঁলোকৰ ইয়াত কোনো লাভৰ কথা নাই৷
    ইয়াৰ এঢাপ আগলৈ গৈ ৰামদেৱে ক’বলৈ ধৰিলে– তেওঁ প্ৰতিষ্ঠা কৰা ব্যৱসায়িক ব্ৰেণ্ড পতঞ্জলীৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰি ভাৰতীয়ই নিজৰ স্বাভিমান ৰক্ষা কৰিব লাগে৷ পতঞ্জলীৰ মৌজোল, বিস্কুট, আটা, দাঁতঘহা পাউডাৰ, গাখীৰ, মিঠাতেল ব্যৱহাৰ কৰাটো ভাৰতীয় নাগৰিকৰ প্ৰাথমিক দায়িত্ব হোৱা উচিত৷ পতঞ্জলীৰ এইবোৰ সামগ্ৰী ব্যৱহাৰ কৰিলে ভাৰতবৰ্ষৰ উন্নতিত গ্ৰাহক হিচাপে আপুনি-মই জড়িত হোৱাটোকে বুজাব৷ লগে লগে ভাৰতবৰ্ষৰ সৰ্বত্ৰ পতঞ্জলীৰ অজস্ৰ ব্যৱসায়িক কেন্দ্ৰ স্থাপন হ’ল৷ বিভিন্নজনে ব্যৱসায়িক কেন্দ্ৰ স্থাপন কৰিবলৈ হেতাওপৰা লগালে৷ আনকি গ্ৰাহকৰ মাজতো পতঞ্জলীৰ পৰা ঘৰুৱা সা-সামগ্ৰী ক্ৰয় কৰি দেশ নিৰ্মাণত নিজকে জড়িত কৰি ধন্য হ’ল বহুজন গ্ৰাহক৷

    ৰামদেৱে প্ৰতিটো টিভি চেনেলত পতঞ্জলীৰ বিভিন্ন সামগ্ৰীৰ ডাঙৰ ডাঙৰ বিজ্ঞাপন দিবলৈ ধৰিলে৷ এই বিজ্ঞাপনত মডেল হিচাপে ৰামদেৱ নিজেই ওলাল৷ এয়াও কোনো অপৰাধ নহয়৷ পতঞ্জলীৰ সামগ্ৰীৰ গুণগত মানক লৈ ভাৰতবৰ্ষৰ এচাম শিক্ষিত মানুহৰ মনত সন্দেহ উপজিছিল৷ এওঁলোকৰ মাজত চিকিৎসা বিজ্ঞানীও আছিল৷ লাহে লাহে ৰামদেৱ আৰু পতঞ্জলীৰ সামগ্ৰী বিতৰ্কৰ মাজলৈ আহিল৷ এই সময়তে ৰামদেৱে নিজৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ নেছলেৰ নুডলছ নিম্ন মানৰ বুলি কৌশলেৰে প্ৰচাৰ চলালে৷ কাৰণ পতঞ্জলীয়েও নুডলছ প্ৰস্তুত কৰিছিল৷ নেছলে মান পৰীক্ষাত অৱতীৰ্ণ হ’বলগা হ’ল৷ অৱশেষত নেছলে নুডলছ নিম্ন মানৰ নহয় বুলি প্ৰমাণ হ’ল৷ একেদৰে ভাৰতবৰ্ষৰ মানুহক দেশীয় স্বাভিমান বৰ্তাই ৰাখিবলৈ হ’লে পতঞ্জলীৰ সামগ্ৰী কিনাটো জৰুৰী বুলি প্ৰচাৰ চলিল টিভিৰ ভিতৰে-বাহিৰে৷ ইয়াৰ বিৰুদ্ধে গোচৰ গৈ আদালত পালে৷ কাৰণ বজাৰত চলি থকা অন্যান্য ব্ৰেণ্ডৰ সামগ্ৰীবোৰক শত্ৰু জ্ঞান কৰি এইবোৰৰ বজাৰ কিদৰে নোহোৱা কৰিব পাৰি, তাক লক্ষ্য কৰি চলোৱা অপপ্ৰচাৰ সাময়িকভাৱে কামত আহিল৷ দোপতদোপে ৰামদেৱৰ ব্যৱসায় ঊধবৰ্গামী হ’ল৷
    এই সময়তে ভাৰতবৰ্ষত এনেকুৱা কিছুমান মানুহৰ প্ৰভাৱ সমাজ আৰু ৰাজনীতিত আশাতীতভাৱে বৃদ্ধি পাইছে৷ এওঁলোকে ভাৰতীয়ত্ব আৰু হিন্দু ধৰ্ম-সংস্কৃতিক লৈ ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱসায় কৰা বুলি ক’লে ভুল কোৱা নহ’ব৷ ভাৰতীয় সভ্যতা, সমাজ আৰু দেশখনৰ স্বাভিমানক লৈ এওঁলোকে সাধাৰণ নাগৰিকৰ সৈতে খেলে৷ সাধাৰণ নাগৰিকে দেশৰ নামত আৱেগিক হৈ কেতিয়াবা কেতিয়াবা এওঁলোকে যি কয়, তাকে সমৰ্থন কৰে, সেয়াই শেষ সত্য বুলি বিবেচনাও কৰে৷ বিনিময়ত এইসকল ব্যৱসায়ী হেজাৰ বিজাৰ কোটিৰ অধিকাৰী হৈ পৰিল৷

    আদালতে ৰামদেৱক ধমক দি ক’বলগীয়া হ’ল– তেওঁ টিভিত বিজ্ঞাপনৰ নামত ভাৰতীয় নাগৰিকক মূৰ্খ সাজিব বিচাৰিছে৷ কেৱল নিজৰ ব্যৱসায় বৃদ্ধিৰ বাবে মিছা কথাৰে বিজ্ঞাপন প্ৰস্তুত কৰি ভাৰতবৰ্ষৰ ১৪০ কোটি নাগৰিকক প্ৰতাৰণা কৰিছে৷ আদালতে ব্যৱসায়ী ৰামদেৱক জনতাৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিলে৷ দুখ লাগে এই কাৰণতে যে ক’ভিড কালত আমি সকলোৱে আত্মীয়স্বজন, বন্ধু-বান্ধৱক হেৰুৱালোঁ৷ ঘৰৰ ভিতৰত ২৪ ঘণ্টা সোমাই থাকিবলগীয়া হোৱাত দোকান-পোহাৰত তলা ওলমিছিল৷ ব্যৱসায়-বাণিজ্য বন্ধ হৈ যোৱাত কামৰ সন্ধান নোপোৱাত বহু শ্ৰমিক আৰু যুৱক-যুৱতীয়ে আত্মহত্যা কৰিলে৷ গোটেই পৃথিৱী অন্ধকাৰত বুৰ গৈছিল৷ ভৱিষ্যৎ কি হ’ব, তাৰ কোনো সন্ধান কোনেও পোৱা নাছিল৷ 

    হতাশ হৈ পৰিছিল মানৱ জাতি৷ এই সময়তো ৰামদেৱে ভাৰতৰ নাগৰিকক প্ৰতাৰণা কৰিলে৷ কৰ’নীল নামৰ ক’ৰোনাৰ ঔষধ তেওঁলোকে আৱিষ্কাৰ কৰা বুলি প্ৰচাৰ কৰি বজাৰত এৰি দিছিল৷ মৃত্যুৰ পৰা বাচিবলৈ অসহায় মানুহে এই ঔষধ সেৱন কৰিছিল৷ বহু মানুহ এই ঔষধ সেৱন কৰি মৃত্যুমুখত পৰিল বুলিও অভিযোগ উঠিছে৷ কাৰণ এই কৰ’নীল ক’ৰোনাৰ নিৰ্ভৰযোগ্য প্ৰতিষেধক নাছিল৷ এই ভয়ংকৰ সত্যও আদালতৰ মজিয়াতহে উন্মোচিত হৈছে৷ আদালতত প্ৰমাণ হ’ল কৰ’নীল নামৰ ঔষধ ক’ৰোনাৰ প্ৰতিষেধক নহয়৷ আচৰিত কথা ৰামদেৱৰ ঠাইত এই কাণ্ড যদি ৰাজনৈতিক প্ৰভাৱ নথকা আন এজনে কৰিলেহেঁতেন তেওঁ নিশ্চিতভাৱে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ’লহয়! ইমান প্ৰতাৰণা দেশবাসীক!
    প্ৰশ্ন উঠিছে, চৰকাৰে কোনো পৰীক্ষা নকৰাকৈ কিয় এই প্ৰতিষেধক ভাৰতবৰ্ষৰ সাধাৰণ নাগৰিকক ব্যৱহাৰৰ বাবে বিক্ৰী কৰিবলৈ ৰামদেৱক অনুমতি দিছিল? 

    কৰ’না কালত ভাৰতত কেইবা হাজাৰ মানুহৰ মৃত্যু হৈছিল৷ এতিয়া কেনেকৈ প্ৰমাণ কৰিব কৰ’নীল সেৱনৰ পাছত কোনো লোকৰ মৃত্যু নাই হোৱা বুলি? ইয়াৰ পাছতো ৰামদেৱে সুস্বাস্থ্যৰে সুন্দৰকৈ তেওঁৰ ব্যৱসায় চলাই গৈছে৷ শেহতীয়াকৈ পতঞ্জলীৰ দাঁতঘহা পেষ্টত মাছৰ উপাদান থকাৰ অভিযোগ উঠিছে৷  অথচ নিৰামিষভোজী মানুহক উদ্দেশি এই পেষ্টত ইয়াৰ কোনো সতৰ্কীকৰণ নাছিল৷
    দেশখনক লৈ কিমানে যে ব্যৱসায় কৰি আছে! আদালতৰ মজিয়াত এইবোৰ মিথ্যাচাৰ আৰু জালিয়াতি উন্মোচিত হোৱাৰ পাছতো ৰাজনৈতিক ব্যৱসায়ীবোৰ থমকি ৰ’বলগীয়া হোৱা নাই৷ এওঁলোক গ্ৰেপ্তাৰৰ সন্মুখীনো নহয়৷ কাৰণ ঘৃণাৰ ৰাজনীতিত এওঁলোকে প্ৰতিদিনে আহুতি ঢালে৷ এয়াই এওঁলোকৰ সফলতাৰ গোপন মন্ত্ৰ৷ 

    অসমৰ হেমপ্ৰভা চুতীয়াৰ দৰে বিদূষী, গুণী মহিলাই তাঁতশিল্পৰ এক বৃহৎ উদ্যোগ স্থাপন কৰাটো আমি বিচাৰোঁ৷ শ্ৰীযুতা চুতীয়াৰ অধীনত অসমৰ শিক্ষিত যুৱক-যুৱতীয়ে তাঁতশিল্পৰ প্ৰশিক্ষণ লৈ স্বাৱলম্বী তথা আত্মনিৰ্ভৰশীল হোৱাৰ বাট মোকলাব পাৰিব৷ ইয়াৰ বাবে শ্ৰীযুতা চুতীয়াইতো দেশপ্ৰেমৰ নামত বজাৰ স্থাপন কৰিব নোৱাৰে৷ সেয়ে বিচাৰোঁ অসম চৰকাৰে শ্ৰীযুতা চুতীয়াক ৰাজসাহায্য দি অসমৰ একচেতীয়া তাঁতশিল্পক জীপাল কৰক৷ যি চৰকাৰে ৰামদেৱক চৰকাৰী মাটি প্ৰায় বিনামূলীয়াকৈ আবণ্টন দিব পাৰে, সেই চৰকাৰে শ্ৰীযুতা চুতীয়াৰ বাবেও কিবা এটা কৰকচোন৷