শিক্ষা আৰু সংস্কাৰে মানুহক এটা নতুন পৰিচয় দিয়ে; শিক্ষা আৰু সংস্কাৰে মানুহক সভ্য কৰি তোলে৷ অৱশ্যে আক্ষৰিকভাৱে সকলো শিক্ষিত মানুহ সভ্য আৰু সংস্কৃতিৱান নহ’বও পাৰে! নামৰ আগত ‘ডক্টৰেট’ নতুবা নামৰ পিছত প্ৰখ্যাত বিশ্ববিদ্যালয়ৰ অজস্ৰ ‘ডিগ্ৰী’ থকা মানেই মানুহ শিক্ষিত নহয়৷
আপুনি কেতিয়াবা কাৰোবাক সুধিছেনে কবি হীৰেন ভট্টাচাৰ্যৰ শিক্ষাগত অৰ্হতা কিমান? আপুনি কেতিয়াবা কাৰোবাক সোধাৰ প্ৰয়োজনবোধ কৰিছেনে কবি ৰঘুনাথ চৌধাৰী, ঔপন্যাসিক হিতেশ ডেকা কোন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল? সুধিছেনে কাৰোবাক ৰঞ্জু হাজৰিকা নতুবা অংগৰাগ পাপন মহন্তই কোনখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল? আপুনি এইবোৰ কথা সোধাৰ কোনো প্ৰয়োজনবোধ আজিলৈকে কৰা নাই৷ কাৰণ, এওঁলোক আজন্ম একোগৰাকী শিক্ষিত আৰু সভ্য নাগৰিক৷ একোখন শিক্ষানুষ্ঠান তথা বিশ্ববিদ্যালয়েও একোগৰাকী মানুহক সভ্য আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে৷ কেতিয়াবা এনেকুৱা ব্যক্তিৰ দ্বাৰা সেই শিক্ষানুষ্ঠান তথা বিশ্ববিদ্যালয়ো গৌৰৱান্বিত হৈ উঠে৷
আজি আমি ক’বলৈ লৈছোঁ, আতিশী মাৰ্লেনাৰ কথা৷ অসমৰ মানুহৰ বাবে সিদিনালৈকে এইগৰাকী মহিলা একেবাৰে অপৰিচিত আছিল৷ ২০ এপ্ৰিলত গুৱাহাটীলৈ আহিছিল আতিশী মাৰ্লেনা, গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনত ‘আম আদমি পাৰ্টী’ চমুকৈ ‘আপ’ৰ হৈ প্ৰচাৰ চলাবলৈ৷ আতিশীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই যাবৰ পৰত তিনিটা প্ৰশ্ন অসম চৰকাৰলৈ এৰি থৈ গৈছিল৷ প্ৰশ্ন তিনিটা আছিল– দিল্লীতকৈ এখন সৰু চহৰ গুৱাহাটী৷ গাতে লাগি আছে মহাবাহু ‘ব্ৰহ্মপুত্ৰ’৷ অথচ গুৱাহাটীৰ মানুহে খোৱাপানী কিনিব লাগে কিয়? দ্বিতীয় প্ৰশ্নটো আছিল– গুৱাহাটীত এখন চৰকাৰী আদৰ্শ শিক্ষানুষ্ঠান নাই কিয়? তৃতীয়টো প্ৰশ্ন আছিল– গুৱাহাটীত চৰকাৰে এখন ছুপাৰ স্পেচিয়েলিটী হাস্পতাল স্থাপন কৰাত ব্যৰ্থ হ’ল কিয়?
যি সময়ত অসমত ধৰ্মকেন্দ্ৰিক বিষয়বোৰ আলোচনালৈ আনি পানী ঘোলা কৰি ভোট আদায়ৰ ৰাজনীতি চলিছে, সেই সময়ত এই প্ৰশ্নকেইটাই জোকাৰি গৈছে গুৱাহাটীৰ নাগৰিকক৷ দিল্লী বিধানসভাৰ এগৰাকী সদস্যৰ এই তিনিটা প্ৰশ্নই অসমত নতুন চিন্তাৰ বাট কাটিছে৷ ইয়াৰ পূৰ্বেও অসমলৈ বিভিন্ন দলৰ মন্ত্ৰী, বিধায়ক, সাংসদ, নেতা আদি আহিছে আৰু গৈছে৷ তেওঁলোকেও বিভিন্ন কথা কৈছে৷ কিছুমানে চৰকাৰৰ সমালোচনা কৰিছে আৰু কিছুমানে অসমত বিকাশৰ গংগা বৈছে বুলি প্ৰশংসাত গদগদ হৈছে৷ কিন্তু এগৰাকী বিধায়কে কৰা তিনিটা প্ৰশ্ন সামাজিক মাধ্যমত ইমান বেছিকৈ আলোচিত হোৱাৰ উদাহৰণ ইয়াৰ পূৰ্বে নাছিল৷
লগে লগে অসমৰ কিছুসংখ্যক লোকে গুগলত সন্ধান কৰিলে আতিশী মাৰ্লেনা কোন?, তেওঁৰ পৰিচয় কি? ক’ত পঢ়িছিল আতিশী মাৰ্লেনাই? ইয়াৰ কাৰণ হ’ল- এইগৰাকী ৪১ বছৰীয়া বিধায়কৰ আচৰণ আৰু চেতনাই অসমত নতুন চিন্তাৰ বীজ সিঁচিলে৷ কাৰণ হ’ল- আজি দুই দশকৰো অধিক কাল অসমৰ ৰাজনীতিত এনেকুৱা কিছুমান মানুহে প্ৰভাৱ বিস্তাৰ কৰিছে, যিবোৰে বিৰোধীক সমালোচনাৰ নামত অতি নিকৃষ্ট আচৰণ কৰে৷ দাবী-ধমকিৰে বিৰোধীক বশ কৰাৰ চেষ্টা কৰে৷ মানুহক আতংকিত কৰে, ভয় খুৱায়৷ ৰাজনীতিকৰ কথা-বতৰা, আচৰণত দাম্ভিকতা আৰু অহংকাৰ মুকলিকৈ প্ৰদৰ্শিত হ’বলৈ ধৰিছে৷ কেতিয়াবা এনেকুৱা লাগে, আমাৰ দৰে সাধাৰণ মানুহবোৰ যেন এওঁলোকৰ অনুগ্ৰহত জীয়াই আছোঁ৷ ইয়াৰ বিপৰীতে আতিশী মাৰ্লেনাৰ আচৰণ আৰু ব্যক্তিত্বই অসমীয়া মানুহক দীৰ্ঘদিনৰ মূৰত ভাবিবলৈ শিকালে যে, এগৰাকী বিধায়ক তথা ৰাজনৈতিক দলৰ নেতা হ’লেও এজন গুণী শিক্ষকৰ দৰে আচৰণ কৰিব পাৰি৷ মানুহক কৰিব পাৰে এজন শিক্ষিত ভদ্ৰলোকৰ দৰে মাৰ্জিত ব্যৱহাৰ৷
শেহতীয়াকৈ আতিশী মাৰ্লেনা পুনৰ ভাৰতীয় সমাজ জীৱনত চৰ্চিত হৈছে৷ কাৰণ হ’ল– ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এইগৰাকী মহিলাই দিয়া এটা ভাষণে সকলোকে মোহিত কৰিছে৷ ৰাষ্ট্ৰসংঘৰ মজিয়াত বিধায়িকা আতিশীয়ে কৈছে যে, শিক্ষা আৰু স্বাস্থ্য আধুনিক মানুহৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় সম্পদ৷ মানুহক শিক্ষা আৰু স্বাস্থ্যৰ অধিকাৰ দিয়াৰ বাবে অৰবিন্দ কেজৰিৱালে যি দিল্লী মডেল গঢ়ি তুলিছে, এই মডেল আজিৰ পৃথিৱীৰ বাবে অতি প্ৰয়োজনীয়৷ আতিশীয়ে ৰাষ্ট্ৰসংঘৰ মজিয়াত বিদ্বানসকলক আহ্বান জনাইছে যে, তেওঁলোকে দিল্লী মডেলৰ বিষয়ে চৰ্চা কৰক আৰু গৱেষণা কৰক৷
জলপানি লৈ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত মাষ্টাৰ্ছ সম্পূৰ্ণ কৰা আতিশীয়ে সেইখন বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষিকা হিচাপেও এসময়ত পৰিচিত আছিল৷ কেজৰিৱালে কি কৰিছে, কি নকৰিছে, সেই বিষয়ে ইয়াত আলোচনা কৰিব বিচৰা নাই৷ কিন্তু কেজৰিৱালে আতিশীৰ দৰে এগৰাকী শিক্ষিত মহিলাক ৰাজনীতিলৈ আনিছে৷ যিদৰে প্ৰধানমন্ত্ৰী হৈ থকা অৱস্থাত পি ভি নৰসিংহ ৰাৱে ড০ মনমোহন সিঙক আৱিষ্কাৰ কৰিছিল, সেইদৰে কেজৰিৱালে আতিশী, ৰাঘৱ চাদ্ধাৰ দৰে তৰুণ প্ৰজন্মক ৰাজনীতিলৈ আনি শিক্ষিত চামৰ দৃষ্টি আকৰ্ষণ কৰিছে৷
এই প্ৰসংগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো অনুৰোধ কৰিম, পৃথিৱীৰ ভিতৰতে অসমীয়া মানুহৰ মেধা বিশেষভাৱে প্ৰশংসিত৷ আমেৰিকা, ব্ৰিটেইনৰ দৰে পৃথিৱীৰ প্ৰথম শ্ৰেণীৰ দেশত অসমীয়া চিকিৎসা বিজ্ঞানী, ছফটৱেৰ ইঞ্জিনিয়াৰে বিশেষ দক্ষতাৰে কিছুমান কাম কৰি আছে৷ সেইবোৰ দেশত অসমীয়া চিকিৎসক-অভিযন্তাৰ মেধাৰ বিশেষ গুৰুত্বও আছে৷ কাৰণ হ’ল- অসমীয়া মানুহে সাধাৰণতে ফাঁকি নিদিয়ে, অসমীয়া মানুহে সাধাৰণতে দায়বদ্ধ হৈ কাম কৰে৷ সেয়ে মুখ্যমন্ত্ৰী শৰ্মাক অনুৰোধ কৰিব বিচাৰো, এনেকুৱা মেধা আৰু দায়িত্বশীল কিছু যুৱক-যুৱতীক লৈ এটা টীম গঠন কৰক৷ যিটো টীমে মুখ্যমন্ত্ৰীক গুৱাহাটী আৰু অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে কেতবোৰ পৰিকল্পনা প্ৰস্তুত কৰি দিব৷
যিদৰে ড০ মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত আমেৰিকাৰ নিৱাসী তথা প্ৰৱাসী ভাৰতীয় অভিষেক বেনাৰ্জীক উলিয়াই আনিছিল৷ বেনাৰ্জীয়ে প্ৰস্তুত কৰি দিয়া এখন আঁচনি ভাৰতত ৰূপায়ণ কৰিছিল ড০ সিঙে৷ সেই আঁচনিখন আছিল এম জি এনৰেগা৷ ড০ সিঙে জানিছিল, অভিষেক বেনাৰ্জী কোন! পাছলৈ এইগৰাকী অভিষেক বেনাৰ্জীয়ে অৰ্থনীতিৰ ‘ন’বেল বঁটা’লাভ কৰিছিল৷ বেনাৰ্জীয়ে প্ৰস্তুত কৰি দিয়া এই আঁচনিখন এতিয়াও ভাৰতৰ আটাইতকৈ সফল আঁচনি হিচাপে পৰিচিত আৰু নৰেন্দ্ৰ মোদীয়েও এই আঁচনিখন প্ৰত্যাহাৰ নকৰিলে৷
মুখ্যমন্ত্ৰী শৰ্মাই জনা উচিত, তেওঁৰ আশে-পাশে যিবোৰ মানুহ সততে ঘূৰি ফুৰে, তেওঁলোকৰ বেছিভাগৰ ব্যক্তিগত আকাংক্ষাই সদায় প্ৰথমস্থান লাভ কৰি আহিছে৷ এই মানুহবোৰৰ কাৰোবাৰ বাবে ঠিকা, কাৰোবাৰ বাবে পদোন্নতি, কাৰোবাৰ বাবে মন্ত্ৰিত্ব, আন কাৰোবাৰ বাবে ৰাজ্যসভাৰ সাংসদ ইত্যাদি৷ এওঁলোকৰ চিন্তাৰ পৰিধিও ভূপেন বৰা, অখিল গগৈতে আবদ্ধ৷
সকলোৱে জনা উচিত, সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰি নতুবা ধনৰ বিনিময়ত বেছিদিনলৈ এটা ভাবমূৰ্তি ধৰি ৰখাটো সম্ভৱ নহয়৷ সেয়ে মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ কৰিম, কোনো বিনিময় নিবিচৰাকৈ কেৱল অসম আৰু অসমীয়া মানুহৰ হকে কাম কৰিবলৈ বিচৰা দেশে-বিদেশে থকা মেধাসকলৰ সৈতে যোগাযোগ কৰক৷ যিদৰে অভিষেক বেনাৰ্জীয়ে ড০ মনমোহন সিঙক সহায় কৰিছিল, আতিশীয়ে গুৱাহাটীৰ পৰা ৰাষ্ট্ৰসংঘপৰ্যন্ত দিল্লী মডেলক তুলি ধৰিছে৷
Leave A Comment