জিতুমণি বৰা
১৯৭৯-২০২৩৷ এখন ৪৪ বছৰীয়া সংগ্ৰাম, এটা দাবীৰ ৪৪ বছৰ৷ অৱশ্যে ১৯৭৯ৰ পূৰ্বেও স্বাধীন অসমৰ দাবী অসংগঠিত ৰূপত বিভিন্নজনে উত্থাপন কৰিছিল৷ ১৯৭৯ৰ ৭ এপ্ৰিলত ঐতিহাসিক ৰংঘৰ বাকৰিত স্বাধীন অসমৰ দাবীত কেইজনমান যুৱক সংগঠিত হৈছিল৷ ৰংঘৰ বাকৰিত সমৱেত হোৱা সেইসকল যুৱকৰ বেছিভাগ এতিয়া সামাজিক ক্ষেত্ৰত সক্ৰিয় হৈ থকা নাই আৰু কেইবাজনৰ মৃত্যু হৈছে৷
পৰৱৰ্তী সময়ত সংযুক্ত মুক্তি বাহিনী অসম তথা আলফা নামেৰে ঐক্যবদ্ধ হোৱা এইসকল যুৱকৰ মাজৰ বিশেষ দুগৰাকীয়ে বৰ্তমান দুটা ভিন্ন সুঁতিত ভৰি থৈ আগবাঢ়িছে৷ সম্পৰ্কত এওঁলোক এটা পৰিয়ালৰে৷ এতিয়া এওঁলোকৰ এজন বিদেশৰ মাটিত আনজন অসমত৷
বাংলাদেশৰ কাৰাগাৰত দীৰ্ঘদিন বন্দী হৈ আছিল আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া৷ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পাছত চেতিয়াৰ অসমলৈ প্ৰত্যাৱৰ্তন হয়৷ অগা-পিছাকৈ আলফাৰ অন্য শীৰ্ষ নেতাসকল বিশেষকৈ অৰবিন্দ ৰাজখোৱা, শশধৰ চৌধুৰী, ৰাজু বৰুৱা, প্ৰণতি ডেকা, চিত্ৰবন হাজৰিকা, মিথিংগা দৈমাৰী আদিৰো অসমলৈ আগমন ঘটে৷ অসমত প্ৰৱেশ কৰাৰ পাছতে এওঁলোকে শান্তি আলোচনাৰ পোষকতা কৰিছে৷
ইয়াৰ বাবে আলোচনাপন্থী আলফা নামেৰে এওঁলোক ৰাইজৰ মাজত পৰিচিত হয়৷ আলোচনাপন্থী আলফাৰ হৈ বিভিন্ন সময়ত অনুপ চেতিয়াক অতি সক্ৰিয় ৰূপত অসমৰ মানুহে দেখা পাইছে৷ বিশেষকৈ অসমীয়া খিলঞ্জীয়া মানুহৰ আধিপত্য আৰু ভৱিষ্যৎ সম্পৰ্কত অনুপ চেতিয়াই স্পষ্ট মতামত দিছে৷ অনুপ চেতিয়াই দাবী কৰিছে যে খিলঞ্জীয়া নিৰ্ধাৰণৰ ভিত্তিবৰ্ষ ১৮২৬১ ২৪ ফেব্ৰুৱাৰী অৰ্থাৎ ইয়াণ্ডাবু সন্ধিৰ দিনটো হ’ব লাগে৷
ইপিনে বিদেশৰ মাটিত আশ্ৰয় লৈ থকা আলফা [স্বাধীন]ৰ শীৰ্ষ নেতা পৰেশ বৰুৱাই স্বাধীনতাৰ দাবীত অটল হৈ অনুপ চেতিয়াই আৰম্ভ কৰিব খোজা শান্তি আলোচনা অৰ্থহীন বুলি কৈছে৷ পৰেশ বৰুৱা এতিয়াও স্বাধীনতাৰ দাবীতে অটল হৈ আছে৷ পৰেশ বৰুৱাই অসম নামৰ এই ভূখণ্ড ব্ৰিটিছ অহাৰ আগলৈকে স্বাধীন আছিল বুলি দাবী কৰিছে৷ ব্ৰিটিছে দেশ এৰাৰ আগমুহূৰ্তত গ্ৰুপিঙৰ সময়ত অসমক ভাৰতৰ সৈতে অন্তৰ্ভুক্ত কৰি স্বাধীনতাৰ বেলি মাৰ নিয়ালে বুলিও অভিযোগ কৰিছে৷ পৰেশ বৰুৱাই আলোচনাৰ বিৰোধ কৰা নাই, কিন্তু আলফা [স্বাধীন]ৰ নেতাগৰাকীয়ে আলোচনাৰ বাবে যি তিনিটা চৰ্ত আৰোপ কৰিছে, সেই চৰ্তকেইটা কূটনৈতিকভাৱে মোকাবিলা কৰাত ক’ৰবাত চৰকাৰ ব্যৰ্থ হৈছে নেকি? এই কথাটো চৰকাৰী পক্ষই গভীৰভাৱে বিবেচনা কৰাৰ প্ৰয়োজন আছে৷
পৰেশ বৰুৱাক এই প্ৰথম নহয়, ইয়াৰ পূৰ্বৰ চৰকাৰসমূহেও আলোচনাৰ বাবে নিমন্ত্ৰণ জনাইছিল৷ হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা বহুখিনি আগবাঢ়িছিল৷ আলোচনাৰ বাবে আলফা নেতা অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া আদি দিল্লীলৈ যোৱাৰ বাটত অন্তৰ্ধান হৈছিল৷ পৰৱৰ্তী সময়ত প্ৰতিখন চৰকাৰে আলফাক আলোচনালৈ নিমন্ত্ৰণ জনাই আহিছে যদিও অগ্ৰগতি নাই৷
অগপ চৰকাৰৰ দিনত এই দিশত কিবা এটা হ’ব বুলি সকলোৱে আশা কৰিছিল৷ বিশেষকৈ জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদক ভেটি কৰি লৈ অসমীয়া মানুহৰ স্বাভিমান ৰক্ষাৰ ধবনি দিয়া অগপ চৰকাৰৰ দুটা কাৰ্যকালত আলফা পৰম শত্ৰুতহে পৰিণত হ’ল৷ বুৰঞ্জীত ক’লা অধ্যায় হিচাপে চিহ্নিত হোৱা গুপ্তহত্যাৰ পাতনি মেলাৰ ৰাজহুৱা অভিযোগ আছে অগপৰ বিৰুদ্ধে৷ আলফা নেতাৰ পৰিয়ালৰ নিৰীহ সদস্যক নিশাৰ ভাগত ঘৰৰ ভিতৰত সোমাই হত্যা কৰা হৈছিল৷ হাতত উদ্যত মাৰণাস্ত্ৰ, মুখত ক’লা কাপোৰ বন্ধা এচাম যুৱক নামিছিল আলফা পৰিয়ালৰ সদস্যক হত্যা কৰিবলৈ৷ ইয়াত বৃদ্ধ পিতৃ-মাতৃ আৰু আলফা নেতাৰ বায়েক-ভনীয়েকো সাৰি যোৱা নাছিল৷
ক্ষমতাত থকাসকলে জানিব লাগে যে তেওঁলোকে কোৱা কথা আৰু কৰা কাম ইতিহাসত সেইধৰণেই লিপিবদ্ধ হয়৷ গুপ্তহত্যাৰ ক’লা অধ্যায় কোনেও সলাব নোৱাৰে৷ এই অধ্যায় বুৰঞ্জী আৰু সময়ৰ পাতত ক’লা আখৰেৰে অনাদি অনন্ত কাললৈ খোদিত হ’ল৷
তৰুণ গগৈ চৰকাৰৰ দিনত পৰেশ বৰুৱাৰ সৈতে আলোচনাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷ এই প্ৰক্ৰিয়াৰ অংশ হিচাপে চৰকাৰে গঠন কৰি দিছিল পি চি জি৷ আলোচনা আগবাঢ়িও থমকি ৰৈছিল৷ সুখ্যাত সাহিত্যিক মামণি ৰয়ছম গোস্বামীয়ে ইয়াৰ গুৰি ধৰিছিল৷ পৰেশ বৰুৱাই তেতিয়াও আলোচনাৰ বাবে তিনিটা চৰ্ত দিছিল৷ সেইকেইটা আছিল– সাৰ্বভৌমত্বৰ প্ৰসংগত আলোচনা হ’ব লাগিব, আলোচনা হ’ব লাগিব তৃতীয় ৰাষ্ট্ৰত, আলোচনাত উপস্থিত থাকিব লাগিব ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি৷সংবিধান ৰক্ষাৰ শপত লোৱা যিকোনো এখন চৰকাৰে সাৰ্বভৌমত্বৰ প্ৰসংগত এটা নিষিদ্ধ সংগঠনৰ সৈতে আলোচনা কৰিব নোৱাৰে৷ইয়াতে গোটেই প্ৰক্ৰিয়াটো ৰৈ আছে৷
পৰেশ বৰুৱা আলোচনাৰ বাবে এতিয়া কিমান দূৰ আগ্ৰহী নাজানো৷কিন্তু মুখ্যমন্ত্ৰী হিচাপে শপত লৈয়ে হিমন্ত বিশ্ব শৰ্মাই আলোচনাৰ বাবে আহ্বান জনাইছিল পৰেশ বৰুৱাক৷ মুখ্যমন্ত্ৰী শৰ্মাই বৰুৱাক আলোচনালৈ নিমন্ত্ৰণ জনাই কৈছিল যে পৰেশ বৰুৱা অবিহনে আলফাৰ সৈতে আলোচনাৰ কোনো গুৰুত্ব নাই৷
মুখ্যমন্ত্ৰী শৰ্মাই পৰেশ বৰুৱা সম্পৰ্কত কৰা এই মন্তব্য গুৰুত্বপূৰ্ণ৷ কথা হ’ল– অসম চৰকাৰে গোটেই বিষয়টো যিদৰে আগবঢ়াই নিব লাগিছিল, সেইদৰে নিয়াত যেন ক’ৰবাত বিফল হৈছে৷ হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনৰ পৰা এতিয়ালৈকে আলোচনাত লাগি থকা গাঁঠিটো মুখ্যমন্ত্ৰী শৰ্মায়ো খুলিব পৰা নাই৷ সাৰ্বভৌমত্ব বিচৰা আলফাৰ সৈতে অসম চৰকাৰে আলোচনা কৰিব নোৱাৰে বা আলোচনা কৰাৰ অধিকাৰো নাই৷ এই আলোচনা কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব লাগিব৷ ১৯৯১১ হিতেশ্বৰ শইকীয়া চৰকাৰৰ পৰা ২০২৩১ হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ এই ৩২ বছৰে শাসক পক্ষই এনে এজন মানুহৰ সন্ধান কৰিব নোৱাৰিলে, যি পৰেশ বৰুৱাক আলোচনাৰ বাবে সৈমান কৰিব পাৰিলে৷ এই কূটনৈতিক ব্যৰ্থতাই গোটেই বিষয়টো স্থৱিৰ কৰি তুলিছে৷
মুখ্যমন্ত্ৰী শৰ্মাৰ দৰে অসমৰ গৰিষ্ঠসংখ্যক সচেতন নাগৰিকেও বিচাৰিছে পৰেশ বৰুৱাই উত্থাপন কৰা দাবীবোৰৰ এক সন্মানজনক সমাধান হওক৷ পৰেশ বৰুৱাই বিভিন্ন সময়ত বিভিন্নজনলৈ টেলিফোন কৰে৷ এই টেলিফোনিক বাৰ্তালাপত বৰুৱাক বহুতে সোধে– আপুনি কিমান দিনলৈ এই যুঁজখন চলাই থাকিব? আপোনাৰ মৃত্যুতে এই যুঁজৰ অন্ত নপৰিব জানো? ইয়াৰ উত্তৰত বৰুৱাই কৰা মন্তব্য তাৎপৰ্যপূৰ্ণ৷ তেওঁ কয় যে পৰেশ বৰুৱা সদায় নাথাকে৷
পৰেশ বৰুৱা আছেনে নাই, সেয়া ডাঙৰ কথা নহয়৷ কিন্তু তেওঁ উত্থাপন কৰা দাবীটো ঐতিহাসিকভাৱে সত্য৷ কোনেও অসমৰ এই ইতিহাস সলাব নোৱাৰে বুলি বৰুৱাই দাবী কৰে৷ তেওঁৰ অবিহনে পৰৱৰ্তী প্ৰজন্মৰ কোনোৱে এই দাবী কঢ়িয়াই নিব বুলি পৰেশ বৰুৱা দৃঢ় বিশ্বাসী৷ বৰুৱাৰ মতে এই সংগ্ৰামখন কেতিয়াবা ক্ষণিক সময়ৰ বাবে দুৰ্বল হ’লেও পৰৱৰ্তী সময়ত ই অধিক শক্তিশালী হৈ উঠিব৷ কাৰণ উত্থাপন কৰা দাবীবোৰ ঐতিহাসিকভাৱে সত্য৷ পৰেশ বৰুৱা এই বিশ্বাসতে অটল৷
মুখ্যমন্ত্ৰীয়েও পৰেশ বৰুৱা সম্পৰ্কত কৰা মন্তব্য ভুল নহয়৷ যি সময়ত পৰেশ বৰুৱাই স্বাধীন অসমৰ দাবী তুলি ইয়াৰ পৰা আঁতৰি গৈছিল, সেই সময়ৰ পৰিৱেশ এতিয়া অসমত নাই৷ সময় সলনি হৈছে, সলনি হৈছে মানুহৰ মানসিকতা৷ এইখন অসমত এতিয়া গণতান্ত্ৰিক আন্দোলনক ভেঙুচালি কৰা নেতাৰ যিদৰে উদ্ভৱ হৈছে, সেইদৰে চৰকাৰী পক্ষৰ জনবিৰোধী কাম-কাজৰ প্ৰতিবাদ কৰি শ্বহীদ হোৱা যুৱক-যুৱতীৰো অভাৱ হোৱা নাই৷ জনতাই দেখিছে– ৰং সানি মামৰে ধৰা তৰোৱাল বজাৰত বেচা বেপাৰীক৷ শান দিয়া হেংদাং হাতত লৈ অধিকাৰ কাঢ়ি ল’ম বুলি কোৱা অসমীয়াৰো জন্ম হৈছে ইয়াতে৷ ইয়াৰ মাজত পৰেশ বৰুৱাৰ সংগ্ৰামখন অপ্ৰাসংগিক হৈ পৰিছে নেকি? ইয়াৰ বিশ্লেষণো বৰুৱাই নিজে কৰা উচিত৷
হয়তো পৰেশ বৰুৱা এনেকৈয়ে থাকি যাব! এটা দাবী বুকুত সাবটি পৰেশ বৰুৱা থাকি গ’ল বুলি এদিন ভৱিষ্যতৰ অসমীয়াই স্মৰণ কৰিব! বৰুৱাৰ এসময়ৰ সতীৰ্থ অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া আদিকে ধৰি আলোচনাৰ বাবে আগবাঢ়ি অহা নেতাসকলে কেন্দ্ৰীয় চৰকাৰৰ সৈতে বৈঠকত বহাৰ প্ৰস্তুতি চলাইছে৷ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিবলগীয়া দাবী চনদত কেইটামান গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভুক্ত হোৱা বুলি জানিব পাৰিছোঁ৷ খিলঞ্জীয়াৰ বাবে সমষ্টি সংৰক্ষণ অৰ্থাৎ সাংবিধানিক ৰক্ষা কৱচ৷ দ্বিতীয়তে, নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১১ দাবী৷ ভিত্তিবৰ্ষৰ বাহিৰে বাকী দাবীবোৰ অসমৰ দুটাকৈ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও ১৯৭৯১ পৰা কৰি আহিছে৷
খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব পৰা দাবীবোৰ কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰ-ৰাজ্যৰ এখন চৰকাৰৰো যে আগ্ৰহ নাই, সেয়া সকলোৱে দেখিছে৷ উত্তৰ-পূবক অষ্টলক্ষ্মী বুলি কোৱা প্ৰধানমন্ত্ৰীয়ে অসমৰ এই এটা দাবী ৰূপায়ণ কৰি দেখুৱাওক, যিটো দাবীয়ে ইয়াৰ জাতি-জনগোষ্ঠীসমূহক ৰাজনৈতিক অধিকাৰ দিয়াৰ লগতে এক নিৰ্ণায়ক শক্তি হিচাপে প্ৰতিষ্ঠা কৰিব, সেইটো হ’ল– খিলঞ্জীয়াক সাংবিধানিক ৰক্ষা কৱচ আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ৷
যিটো দাবী আছু, বিশেষজ্ঞ সমিতি, প্ৰখ্যাত অধিবক্তা, বিশিষ্ট বুদ্ধিজীৱী আদিয়ে দীৰ্ঘ দিন উত্থাপন কৰি অহাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত মান্যতা নাপালে, সেই দাবী অনুপ চেতিয়াই আলোচনাপন্থী আলফাৰ জৰিয়তে আকৌ এবাৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰিব বিচাৰিছে৷ ইয়াত আপত্তি নাই৷ কেন্দ্ৰীয় চৰকাৰে নিজে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ অনুমোদনক স্বীকৃতি নিদিয়াত অনুপ চেতিয়া আৰু সহযোগীসকলৰ এই একেটা দাবী যে পূৰণ কৰিব, সেয়া কোনেও বিশ্বাস কৰা নাই৷
২০২৬ৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ ২০০ বছৰীয়া জয়ন্তী৷ আৰু মাত্ৰ দুবছৰৰ পাছত ইয়াণ্ডাবু সন্ধিয়ে দুশবছৰ সম্পূৰ্ণ কৰিব৷ এই চুক্তিখন স্বাক্ষৰ হৈছিল দুটা বিদেশী শক্তিৰ মাজত৷ এটা মান, আনটো ব্ৰিটিছ৷ মান আৰু ব্ৰিটিছৰ মাজত সম্পন্ন হোৱা চুক্তিপত্ৰৰ ম্যাদ আছিল ২০০ বছৰ৷ মানে ব্ৰিটিছক ২০০ বছৰৰ কাৰণে অসমক সমৰ্পণ কৰিছিল৷ আচৰিত কথা এয়ে যে এই চুক্তিত অসমৰ কোনো প্ৰতিনিধিয়ে স্বাক্ষৰ কৰা নাছিল৷ সেই সময়ত অসমত শাসন চলোৱা আহোম, কছাৰী ৰজাসকলক উপেক্ষা কৰি মান আৰু ব্ৰিটিছে ফেছিষ্টৰ দৰে এই চুক্তি স্বাক্ষৰ কৰিছিল৷
পৰেশ বৰুৱাৰো মূল বিষয় ইয়াণ্ডাবু সন্ধি আৰু ইয়াৰ চুক্তিপত্ৰখন৷ বহিৰাগত দুটা শক্তিয়ে ১৮২৬তে অসমক লৈ কৰা এই কাণ্ডৰ পৰা আজিৰ প্ৰজন্মই শিকিবলগীয়া আছে৷ বদন সেই কাৰণেই যুগে যুগে ঘৃণীত৷ ক্ষমতাৰ খকত স্বদেশ আৰু স্বজাতিক বন্ধকত থৈ বদনৰ বাবেই অসম এদিন মানৰ হাতলৈ গৈছিল আৰু মানৰ বাবেই এদিন ব্ৰিটিছ ইয়াত সোমাই শাসনভাৰ কাঢ়ি লৈছিল৷
এই বুৰঞ্জী এতিয়া আকৌ চৰ্চাত৷ ইয়াণ্ডাবু সন্ধিৰ দুশ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আন নহ’লেও অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাওক৷ এয়া সময়ৰ দাবী৷ মুখ্যমন্ত্ৰী শৰ্মাই কি কৰিছে, কি নকৰিছে, সেয়াও এদিন নিজে নিজেই মচ খাই যাব৷ হেজাৰ বছৰলৈ এই ভূখণ্ডৰ মানুহে মুখ্যমন্ত্ৰীগৰাকীক এটা ৰাজনৈতিক সিদ্ধান্তৰ বাবে কৃতজ্ঞতাৰে স্মৰণ কৰিব৷ সেয়া হ’ল– সাংবিধানিক ৰক্ষা কৱচ তথা অসমৰ খিলঞ্জীয়া মানুহৰ হাতলৈ ৰাজনৈতিক অিধকাৰ আনি দিয়া৷
ইয়াৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাৰ কান্ধত থকা গধুৰ দায়িত্বটো হ’ল পৰেশ বৰুৱাক ওভতাই অনা৷ ইয়াৰ বাবে অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ নিশ্চিত কৰিব লাগিব৷ অন্যথা পৰেশ বৰুৱা তেনেকৈয়ে স্বাধীনতাৰ দাবী বুকুত সাবটি বিদেশৰ মাটিতে থাকি যাব৷
Leave A Comment