জিতুমণি বৰা
‘তুমি ক’ত সাংবাদিকতাৰ পাঠ লৈছিলা? তাত কোনে তোমালোকক পাঠ দিছিল?’ দৈনিক চাৰিৰ পৰা ১০-১২গৰাকী শিক্ষিত যুৱক-যুৱতী আমাৰ এনেকুৱা প্ৰশ্নৰ মুখামুখি হয়৷ তেওঁলোকৰ মাজৰ কোনোবাই প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী আন কোনোবাই স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি সাংবাদিকতাৰ পাঠ্যক্ৰমো সম্পূৰ্ণ কৰিছে৷ সাংবাদিকতাকে জীৱন আৰু জীৱিকা হিচাপে গ্ৰহণ কৰিবলৈ আগ্ৰহী এইসকল যুৱক-যুৱতীয়ে এখন প্ৰমাণপত্ৰ হাতত লৈ নিযুক্তি বিচাৰি আহে৷ অৱশ্যে ইয়াৰ মাজৰ সামান্য এটা অংশই অন্য একো চাকৰি যোগাৰ কৰিব নোৱাৰিহে সাংবাদিকতা কৰিবলৈ অহা দেখিছোঁ৷ এওঁলোকে সাংবাদিকতাৰ পৰিচয়পত্ৰখন ব্যৱহাৰ কৰি চৰকাৰী চাকৰি বিচৰাৰ উদাহৰণো কম নহয়৷ কেৱল সাংবাদিকতাকে কৰিবলৈ আগ্ৰহী যুৱক-যুৱতীসকল অতিশয় মেধাৱী৷ এওঁলোকৰ বেছিভাগেই ইংৰাজী আৰু অসমীয়া সাহিত্যৰ সৈতেও পৰিচিত৷
মাজে মাজে মুখামুখি হোৱা সাংবাদিকতাৰ ‘চাকৰি’ প্ৰত্যাশী দুই-চাৰিজন যুৱক-যুৱতীৰ সৈতে কথা পাতি আচৰিতো হওঁ৷ অত্যন্ত মেধাসম্পন্ন এওঁলোকেই অসমীয়া সাংবাদিকতাৰ এই সু-উজ্জ্বল ধাৰাৰ ভৱিষ্যতৰ ধাৰক আৰু বাহক৷ যিসকলৰ ত্যাগ আৰু শ্ৰমৰ বিনিময়ত অসমীয়া সাংবাদিকতাৰ সৌধ নিৰ্মাণ হৈছে, তেওঁলোকক কিন্তু আজিৰ প্ৰজন্মৰ বহু সাংবাদিকে চিনি নাপায়৷ ইয়াৰ বাবে দায়ী কেৱল তেওঁলোক নহয়৷ ইয়াৰ বাবে দায়ী তেওঁলোকে য’ত সাংবাদিকতাৰ পাঠ গ্ৰহণ কৰিছিল, সেই অনুষ্ঠান-প্ৰতিষ্ঠানবোৰ৷
গুৱাহাটীত এতিয়া সাংবাদিকতাৰ পাঠ শিকোৱা অজস্ৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হৈছে৷ যিদৰে অলিয়ে-গলিয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় গজি উঠিছে, সেইদৰে সাংবাদিকতা শিকোৱা অনুষ্ঠান-প্ৰতিষ্ঠানো সৰ্বত্ৰ গজি উঠিছে৷
এই প্ৰতিষ্ঠানবোৰৰ শিক্ষক-প্ৰশিক্ষক হিচাপে নিয়োজিত কৰা হৈছে অসমীয়া নিউজ চেনেলৰ দুই-চাৰিজন এংকৰক৷ এংকৰ তথা সূত্ৰধাৰ আৰু সাংবাদিকৰ মাজত আকাশ-পাতাল পাৰ্থক্য৷ এজন সূত্ৰধাৰে কিদৰে বিষয় একোটা টেলিভিছনৰ পৰ্দাত তুলি ধৰিব, তাৰ ব্যৱহাৰিক জ্ঞান দিব পাৰে৷ সেইদৰে এটা বাতৰি ষ্টুডিঅ’ত বহি যুগুত কৰা আৰু ক্ষেত্ৰৰ পৰা এটা বাতৰি সংগ্ৰহ কৰা সম্পূৰ্ণ পৃথক প্ৰক্ৰিয়া৷ এজন ভাল এংকৰ তথা সূত্ৰধাৰ ভাল সাংবাদিক নহ’বও পাৰে৷ সেইদৰে এজন ভাল সাংবাদিক ভাল এংকৰ নহ’ব পাৰে৷ ইয়াত অস্বাভাৱিকতা একো নাই৷ এয়া তেনেই স্বাভাৱিক৷
এইখিনিতে অন্য এটা প্ৰসংগৰ অৱতাৰণা কৰিব বিচাৰিছোঁ৷ বৰ্তমান যিকোনো সচেতন লোকে তেওঁৰ কিবা অসুখ হ’লে বিশেষজ্ঞ চিকিৎসকৰহে কাষ চাপে৷ যিদৰে কাণৰ অসুখ হ’লে স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈ নাযায়, সেইদৰে সচেতন ৰোগীয়ে এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাৰ পাছতো দ্বিতীয় মত বিচাৰি একে বিভাগৰ অন্য এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লয়৷ দুয়োজন চিকিৎসকে দিয়া পৰামৰ্শ চালি-জাৰি চাইহে ৰোগীয়ে সিদ্ধান্ত গ্ৰহণ কৰে৷
একে প্ৰসংগত আৰু এটা উদাহৰণ দিব বিচাৰিছোঁ– গুৱাহাটীকে ধৰি অসমৰ আটাইবোৰ নগৰ-চহৰত এতিয়া অলিয়ে-গলিয়ে গজি উঠিছে জিম তথা ব্যায়ামাগাৰ৷ এইবোৰত মানুহৰ ভিৰো যথেষ্ট৷ ইয়াতো আমি প্ৰায়ে এটা বিশেষ কথাত গুৰুত্ব নিদিওঁ৷ যিকোনো এটা ব্যায়ামাগাৰ তথা জিমত নামভৰ্তি কৰাৰ পূৰ্বে জনা উচিত, তাত প্ৰশিক্ষক হিচাপে থকাগৰাকী বিষয়টোৰ ক্ষেত্ৰত কিমান দূৰ অভিজ্ঞ৷ আপুনি আচৰিত হ’ব, গুৱাহাটীৰ ৭০ শতাংশৰ অধিক জিমত অভিজ্ঞ তথা প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষকৰ অভাৱ৷
যিকোনো যুৱক-যুৱতীক অতি কম পাৰিশ্ৰমিকৰ বিনিময়ত ইয়াত প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে৷ এনেকুৱা অনভিজ্ঞ প্ৰশিক্ষকৰ অধীনত আপুনি জিমত অনুশীলন কৰিলে বিপদ অনিবাৰ্য৷ ই আপোনাৰ শৰীৰ গঠনত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে৷ তদুপৰি অনভিজ্ঞ প্ৰশিক্ষকে আপোনাৰ শৰীৰৰ ক্ষতি কৰিব৷ এওঁলোকে মাংসপেশী গঠনৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা পাউডাৰজাতীয় খাদ্য গ্ৰহণত গুৰুত্ব দিয়ে৷ এয়া তেওঁলোকৰ আন এক ব্যৱসায়৷ স্বাভাৱিক খাদ্য পৰিহাৰ কৰি এনেকুৱা কৃত্ৰিম আৰু অজৈৱিক খাদ্য গ্ৰহণৰ ফলত প্ৰাথমিক অৱস্থাত আপোনাৰ মাংসপেশী অস্বাভাৱিকভাৱে ফুলিবলৈ ধৰে৷ লাহে লাহে ই ভিতৰুৱাকৈ শৰীৰটোক আক্ৰমণ কৰি বৃক্ককে ধৰি বিভিন্ন অংগ-প্ৰত্যংগ দুৰ্বল কৰি আনে৷ জিম আৰু ইয়াৰ অনভিজ্ঞ প্ৰশিক্ষকে স্বাভাৱিক আৰু প্ৰকৃতিৰ সৈতে সম্পৰ্ক ৰাখি শৰীৰ চৰ্চাৰ পৰা আঁতৰাই আনি এটা প্ৰজন্মক মানসিকভাৱে পংগু কৰিছে৷
এই দুটা উদাহৰণৰ পৰা আপোনাৰ বুজিবলৈ নিশ্চয় অসুবিধা হোৱা নাই৷ আপুনি নিজকে বা আপোনাৰ সন্তানক এজন দক্ষ সাংবাদিক হিচাপে গঢ় দিব বিচাৰিলে প্ৰচাৰৰ চমকক গুৰুত্ব নিদি সাংবাদিকতাৰ ভাল অনুষ্ঠান-প্ৰতিষ্ঠান তথা বিদ্যালয়ত নামভৰ্তি কৰোৱা উচিত৷ আৰম্ভণিতে এটা কথা কৈছিলোঁ যে সাংবাদিকতা কৰিবলৈ আগ্ৰহী বহু যুৱক-যুৱতীৰ সৈতে কথা পাতি উৎসাহী হ’লেও তেওঁলোকে যেতিয়া অসমীয়া সাংবাদিকতাৰ সংগ্ৰাম আৰু ত্যাগৰ কোনো কাহিনীৰ বিষয়ে অৱগত নহয়, তেতিয়া দুখ লাগে৷
সিদিনা আছিল সোমবাৰ৷ কাৰ্যালয়ৰ কোঠাত উপস্থিত হোৱাৰ কেইমুহূৰ্তমানৰ পাছতে এজন যুৱক আহিছিল৷ হাতত তেওঁৰ বায়’ডাটাখন৷ যুৱকজনে গুৱাহাটীৰ সাংবাদিকতাৰ এটা প্ৰতিষ্ঠানত শিক্ষা লৈছিল৷ কথা-বতৰাৰ মাজত সুধিলোঁ– কীৰ্তিনাথ হাজৰিকাক জানানে? উত্তৰত তেওঁ নামেই শুনা নাই বুলি ক’লে৷ পুনৰ সুধিলোঁ– তিলক হাজৰিকাৰ নাম শুনিছানে? উত্তৰত ক’লে– নাই শুনা৷ মই তেওঁক সুধিবলৈ সাহস নহ’ল অসমীয়া সাংবাদিকতাৰ অন্যতম সফল সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ নাম শুনিছানে নাই বুলি৷ অলপমান আগুৱাই আহি তেওঁক সুধিলোঁ– পৰাগ কুমাৰ দাসৰ নাম শুনিছানে? উত্তৰটো শুনি খং উঠিছিল, দুখ লাগিছিল৷ কাৰণ তেওঁ পৰাগ কুমাৰ দাসৰ নামো শুনা নাই৷
আগন্তুক সময়ত গুৱাহাটীৰ এইবোৰ অনুষ্ঠান-প্ৰতিষ্ঠানে এনেকুৱা অজস্ৰ সাংবাদিকৰ জন্ম দিব৷ এইবোৰ অনুষ্ঠান-প্ৰতিষ্ঠানে তিনিমহীয়া, ছমহীয়া, এবছৰীয়া পাঠ্যক্ৰমৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীৰ পৰা মোটা অংকৰ পেকেজ লৈ এনেকুৱা সাংবাদিকেই ‘সৃষ্টি’ কৰি থাকিব৷ এই ধৰণৰ প্ৰতিষ্ঠানৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এগৰাকী ছাত্ৰীয়ে কৈছিল– তেওঁলোকক সফল সাংবাদিক হোৱাৰ দুটা কৌশল শিকাইছে৷ প্ৰথমটো হ’ল– তেওঁলোকে টেলিভিছনৰ পৰ্দাত কথাখিনি ক’ব পাৰিলেই হ’ল৷ দ্বিতীয়তে– ডিজিটেল আৰু টেলিভিছনৰ সাংবাদিক হ’বলৈ বিশেষ পঢ়িবও নালাগে, লিখিবও নালাগে৷
এইবোৰ অভিজ্ঞতাই এটা কথা শিকাইছে, সেয়া হ’ল– গুৱাহাটীকে ধৰি অসমৰ চহৰ-নগৰত গজি উঠা সাংবাদিকতাৰ পাঠ্যক্ৰমৰ প্ৰতিষ্ঠানবোৰে অসমীয়া সাংবাদিকতাৰ ইতিহাস আৰু সফল সম্পাদকসকলৰ জীৱনক লৈ নিয়মীয়াকৈ একোটা বক্তৃতানুষ্ঠানৰ আয়োজন কৰিব লাগে৷ কেৱল অসমৰে নহয়, ভাৰতবৰ্ষত বহু গুণী আৰু সফল সম্পাদক আছিল আৰু আছে৷ খুচৱন্ত সিং, অৰুণ শ্বৌৰী, অভিক সৰকাৰ, নিখিল চক্ৰৱৰ্তী, প্ৰীতিশ নন্দীৰ জীৱনো অসমৰ তৰুণ প্ৰজন্মৰ সাংবাদিকে জনা অত্যন্ত জৰুৰী৷ পৃথিৱীৰ সেইসকল সফল আৰু জনপ্ৰিয় সম্পাদক, সাংবাদিক এণ্ডাৰছন ক’পাৰ, বব উডৱাৰ্ডৰ সাংবাদিকতাৰ সৈতেও অসমীয়া নতুন প্ৰজন্মক পৰিচয় কৰাই দিয়াৰ দায়িত্ব সাংবাদিকতাৰ শিক্ষা দিয়া প্ৰতিষ্ঠানবোৰৰ৷ এই প্ৰতিষ্ঠানবোৰৰ প্ৰশিক্ষকসকলে এই ক্ষেত্ৰত অলপ দায়বদ্ধতাৰ পৰিচয় দিয়া উচিত৷ সাংবাদিকতাৰ পাঠ ল’বলৈ অহা তৰুণ প্ৰজন্মক আমাৰ সফল সম্পাদক-সাংবাদিকসকলৰ সংগ্ৰাম আৰু সততাৰ বিষয়ে জানিবলৈ নিদিয়াটো একপ্ৰকাৰ অপৰাধ৷
Leave A Comment