• লুৰীণজ্যোতিৰ ৰাজনীতিঃ প্ৰাণ যায়, বচন নাযায়...

    সম্পাদকীয়
    লুৰীণজ্যোতিৰ ৰাজনীতিঃ প্ৰাণ যায়, বচন নাযায়...
    তেওঁ নামঘৰলৈ যোৱাৰ বাটত গঞাই পাৰি দিছিল গামোচা৷ কোনো ধৰণৰ সংকোচ নকৰাকৈ গামোচা গচকি তেওঁ আগবাঢ়িছিল গোসাঁই ঘৰৰ মণিকূট অভিমুখে৷ তেওঁকে ঈশ্বৰৰ অন্য ৰূপ বুলি অসমীয়া মানুহে ভাবিবলৈ লৈছিল৷ ইয়ে প্ৰমাণ কৰে কিমান যন্ত্ৰণা আৰু অনিশ্চয়তাৰ মাজত বাস কৰিবলগীয়া হৈছিল অসমীয়াই৷ এই যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰি অসমীয়াই তেওঁৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু ভৰসা কৰিছিল৷ জাতিৰ দুৰ্ভাগ্য যে ৰাইজৰ আস্থা, ভৰসাক বিশ্বাসঘাতকতা কৰিবলৈ তেওঁৰ অলপো সংকোচ নকৰিলে৷ এই সত্য এতিয়া বুৰঞ্জী৷ ইয়াক মচি পেলোৱাৰ সাধ্য পৃথিৱীৰ কোনো শক্তিৰ নাই৷

    ১৯৮৫তে এওঁলোকে অসমৰ ভূমিপুত্ৰক বহু সপোন দেখুৱাইছিল৷ আজি ২০২৪ত ভৰি দি প্ৰতিগৰাকী অসমীয়াই অনুভৱ কৰিছে, সেয়া আছিল সপোনৰ নামত অসমীয়াক খুওৱা নিচা৷ অসমৰ ভূমিপুত্ৰই এই নিচাক অমৃত বুলি গ্ৰহণ কৰি এওঁলোকক এদনীয়াকৈ ১০ বছৰ সিংহাসন সপি দিছিল৷ এই ভুল কিন্তু অসমীয়াৰ নহয়৷ তেতিয়াই নিৰ্দিষ্ট দুই-এজনে আমাক সাৱধান হ’বলৈ সকীয়াইছিল যদিও আমি সেই হাক-বচন নুশুনাৰ বাবে এখন দীঘলীয়া সংগ্ৰামক এওঁলোকে নিজৰ ৰাজনৈতিক উত্থানৰ আহিলাত পৰিণত কৰিলে৷ আজি প্ৰতিগৰাকী অসমীয়াই অনুভৱ কৰে এওঁলোকেচোন একোৱেই নকৰিলে জাতিটোৰ বাবে৷ তথাপি নতুন ৰূপত আজি অসমীয়াই পুনৰ ১৯৭৯ত তৰা যুঁজখন আৰম্ভ কৰিবলৈ প্ৰস্তুতি চলাইছে৷

    এই যুঁজ চলি আছে আৰু চলি থাকিব৷ যুঁজৰ নেতৃত্ব ল’বলৈ এই ৪৫ বছৰত বিভিন্নজন আহিছে৷ সময়ৰ কষটিশিলত চোকা সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে সদৌ অসম ছাত্ৰ সন্থাও৷ ছাত্ৰ সন্থা সত্তাটোৰ প্ৰতি অসমীয়া মানুহৰ কোনো অভিযোগ নাই৷ অভিযোগ এই সত্তাটোক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি অসমীয়া মানুহক প্ৰতাৰণা কৰা কিছুমান নেতাৰ বিৰুদ্ধে৷ এই ছাত্ৰ সংগঠনটোৰ উদৰতে জন্ম লোৱা লুৰীণজ্যোতি গগৈ সময়ৰ পৰীক্ষাগাৰত সোমাবলগীয়া হৈছে৷ তেওঁ বিধায়ক, মন্ত্ৰী, সাংসদ হ’ব পাৰিবনে নাই, সেয়া অন্য এক বিষয়৷ এইখন অসমত এনেকুৱা বহু স্বাভিমানী অসমীয়াক পাছৰ প্ৰজন্মই হূদয়ত স্থান দিছে, কিন্তু এওঁলোক কোনো কালে বিধায়ক, মন্ত্ৰী, সাংসদ হোৱা নাছিল৷ 

    বিধায়ক, মন্ত্ৰী, সাংসদ হোৱা ৯৯ শতাংশকে অসমৰ মানুহে পাহৰি যায়৷ কাৰোবাৰ মনত আছেনে ১৯৮৩ত হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনত শিক্ষামন্ত্ৰী কোন আছিল? কাৰোবাৰ মনত আছেনে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত গড়কাপ্টানী বা ৰাজহ মন্ত্ৰী কোন আছিল? নাই৷ কিন্তু অসমীয়াই মনত ৰাখিছে নিবাৰণ বৰা, পৰাগ দাস, কাঞ্চন বৰুৱা, সৌৰভ চলিহা, তফজ্জুল আলী আৰু বহুজনক৷ মন্ত্ৰী, বিধায়ক, সাংসদ নহৈয়ো এওঁলোকে অসমৰ সমাজ জীৱনলৈ যোগোৱা বৰঙণি কোনে পাহৰিব পাৰে?
    সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু সমালোচিত হৈছে নেতাৰ বাবে৷ নেতাক সমালোচনা কৰা মানে আছুক সমালোচনা কৰাটো নুবুজায়৷ আজি যিসকলৰ হাতত আছুৰ নেতৃত্ব আছে, তেওঁলোক এদিন আঁতৰি যাব৷ হয়তো  ভৱিষ্যতে আপোচহীন আৰু জাতীয় স্বাৰ্থৰ প্ৰতি দায়বদ্ধ ছাত্ৰৰ হাতত নেতৃত্ব পৰিলে আছু আকৌ উজলি উঠিব৷ এতিয়া আছু মামৰ লগা এখন বদুৱা কটাৰী বুলি কোৱাসকলৰ সংগঠনটোৰ সত্তাটোৰ প্ৰতি শ্ৰদ্ধা নাই বুলি ক’ব নোৱাৰি৷ যিয়েই নহওক আছুৰ একাংশ প্ৰাপ্তবয়স্ক নেতাই এই সময়ত ক্ষমতাৰে ৰজনজনাই থকা বিজেপিলৈ ঢাপলি মেলিছে৷ গণতন্ত্ৰত যিকোনো লোকে যিকোনো ৰাজনৈতিক দলত যোগ দিয়াৰ অধিকাৰ আছে৷ 

    সেই হিচাপেই আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথ, উপদেষ্টা প্ৰকাশ দাসে পোনে পোনে বিজেপিত যোগ দিছে৷ এওঁলোক দুগৰাকীয়ে বিজেপিত যোগ দিয়াৰ পাছত সাংবাদিকে লুৰীণজ্যোতি গগৈক কেইটামান প্ৰশ্ন সুধিছিল৷ সাংবাদিকে গগৈক প্ৰশ্ন সোধাৰ কাৰণ আছিল৷ বুদ্ধিমান আৰু পাৰদৰ্শী ছাত্ৰ নেতা হিচাপে লুৰীণজ্যোতি গগৈৰ এটা পৰিচয় অসমীয়া মানুহৰ মাজত গঢ় লৈছে৷ 
    বহুতে ভাবে লুৰীণজ্যোতিয়ে কিয়নো অজাপ কৰি আছে! বিজেপিত যোগ দিলে লুৰীণজ্যোতি গগৈৰ দৰে নেতাক কেন্দ্ৰীয় নেতৃত্বই ভালদৰে গুৰুত্ব দিব৷ প্ৰয়োজনত বিধায়ক, সাংসদ কৰি নিব৷ বিজেপিত বিধায়ক, সাংসদ, মন্ত্ৰী হোৱাসকলতকৈ লুৰীণজ্যোতি গগৈ কম দক্ষ নহয়৷ বৰঞ্চ বহু ক্ষেত্ৰত এওঁলোকতকৈ লুৰীণে নিজক অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ সুযোগ পাব৷ কিন্তু লুৰীণজ্যোতি গগৈয়ে বিজেপিত যোগ দিয়া নাই৷ দীপাংক নাথ, প্ৰকাশ দাস মুকলিকৈয়ে বিজেপিলৈ গৈছে৷ কিন্তু মুকলিকৈ বিজেপিত যোগ নিদিয়ো শাসকীয় পক্ষক সকলো সময়তে সহযোগ কৰা ছাত্ৰ নেতাৰো অসমত অভাৱ ঘটা নাই৷ 

    এই অভিযোগ অন্ততঃ এতিয়ালৈকে লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে উত্থাপিত হোৱা নাই৷ কিন্তু লুৰীণজ্যোতি বিজেপিলৈ কেতিয়াও নাযাবই নেকি? ইয়াৰ উত্তৰত লুৰীণজ্যোতিয়ে কোৱা এটা বাক্য চৰ্চিত হৈছে৷ লুৰীণে কৈছে যে তেওঁ অসমত আঞ্চলিকতাবাদ বা জাতীয়তাবাদৰ ভেটিত ৰাজনীতি কৰিব বিচাৰে৷ ইয়াৰ বাবে যুঁজিবলগীয়া হৈছে বিজেপিৰ দৰে শক্তিশালী ৰাজনৈতিক দলৰ সৈতে৷ 
    তথাপি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে আঞ্চলিকতাবাদ নেৰো বুলি কৈ ‘প্ৰাণ যায়, এই বচন নাযায়’বুলি কৰা মন্তব্যই বহুতকে চুইছে৷ অসমত ভিতৰে-বাহিৰে অসমীয়া মানুহৰ স্বাভিমান আৰু ৰাজনৈতিক অধিকাৰৰ হকে যুঁজ দিয়া নেতাৰ অভাৱ৷ কোন ছাত্ৰ নেতাই বা কোন বিৰোধী নেতাই কাক, কেতিয়া টেলিফোন কৰে, কেনেকৈ লগ ধৰে, সেই ভিতৰুৱা খবৰবোৰো এতিয়া মানুহৰ মুখে মুখে৷ যাৰ বাবে কংগ্ৰেছ বা জাতীয় সংগঠন বুলি নিজে দাবী কৰা সাহিত্য আৰু ছাত্ৰ সংগঠনবোৰৰ একাংশ গুৰিধৰোতাই অজীণ পাতকী হিচাপে কুখ্যাতি আৰ্জিছে৷

    বৰ্তমান অসম তথা ভাৰতৰ ৰাজনীতি হিতাধিকাৰী আৰু ধনসৰ্বস্ব৷ ভাৰতৰ আটাইতকৈ ধনৱান ৰাজনৈতিক দলটো বিজেপি৷ এই দলটোৰ ধন আৰু সম্পত্তিৰ পৰিমাণ দেশৰ বাকী আটাইবোৰ ৰাজনৈতিক দলৰ সমুদায় ধন-সম্পত্তিৰ শ গুণ অধিক৷ এই সময়ত এনেকুৱা এটা ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে শক্তিশালী ৰাজনৈতিক দলৰ বিৰুদ্ধে লুৰীণজ্যোতি গগৈ আৰু অসম জাতীয় পৰিষদে যুঁজ দি পাৰ পাবনে? অৱশ্যে যুঁজৰ পূৰ্বে হাৰ মানি কংগ্ৰেছৰ বিধায়ক, নেতা আদিয়ে আত্মসমৰ্পণ কৰিছে৷ ৰাজ্যৰ ছাত্ৰ সংগঠনৰো দুগৰাকীকৈ নেতাই শাসক দলৰ সৈতে ভিতৰুৱাকৈ সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ গুৰুত্বপূৰ্ণ৷ এনেকুৱা পৰিৱেশত লুৰীণজ্যোতি গগৈৰ মানসিক দৃঢ়তা আৰু মানসিক শক্তি অসম জাতীয় পৰিষদৰ বাবে মূলধন হ’ব পাৰে৷ এইটো ঠিক ২০২৪১ লোকসভা নিৰ্বাচনত বিজ্ঞাপন, ধন আৰু হিতাধিকাৰীৰ ভৰৰ মাজত অজাপৰ দৰে দল এটাই কিমান খিনি জনসমৰ্থন আদায় কৰিব পাৰিব? যুঁজ এখন নিৰ্ভৰ কৰে সেনাপতিৰ সততা, দায়বদ্ধতা আৰু কৌশলৰ ওপৰত৷ 

    বহু ধনৱান ব্যক্তিও আদালতত পৰাজিত হয়৷ ধনৰ পাহাৰ ৰখীয়া বহু পুঁজিপতি আদালতত হাৰি কাৰাবাস খাটে৷ উদাহৰণ– ৰাকেশ পাল৷ উদাহৰণ– আৰ এইচ খান৷ এওঁলোকে কেৱল লুটিছিল৷ ইয়াৰ বিনিময়ত এই ধনেৰে এওঁলোকে আইন কিনিবলৈ অক্ষম হৈ ৰ’ল৷ যুঁজ এনেকৈয়ে দিব লাগিব৷ প্ৰবল প্ৰতাপী ৰাৱণ আৰু দুৰ্যোধনক এজন বনবাসী আৰু ৰাজ্য হেৰুওৱা পাণ্ডৱে পৰাস্ত কৰিছিল৷
    লুৰীণজ্যোতি গগৈয়ে অসমত জাতীয়তাবাদৰ ভেটি নিৰ্মাণ কৰাৰ বাবে শ্ৰম কৰিছে৷ দক্ষিণ ভাৰতত কে চি ৰাও, এম কে ষ্টেলিন, পশ্চিমবংগত মমতা বেনাৰ্জী, দিল্লীত অৰবিন্দ কেজৰিৱালে আজিৰ স্থানলৈ আহোঁতে যি ধৰণে সংগ্ৰাম কৰিবলগীয়া হৈছিল, সেই সংগ্ৰামৰ বাটত টাইলছ পাৰি থোৱা নাছিল৷ সেই সংগ্ৰামৰ বাটত কোনেও আগধৰি সিঁচি থোৱা নাছিল গোলাপৰ পাপৰি৷ সেই সংগ্ৰামৰ বাটত আছিল আজি নৰেন্দ্ৰ মোদী চৰকাৰে পঞ্জাব, হাৰিয়ানাৰ কৃষকক ভেটিবলৈ পুতি থোৱা লোৰ গজালসদৃশ প্ৰতিবন্ধক৷ 

    পশ্চিমবংগত তদানীন্তন বাঁওপন্থী চৰকাৰৰ বিৰুদ্ধে মমতা বেনাৰ্জীয়ে যুঁজ দিওতে ছিৰাছিৰি কৰি পেলোৱা হৈছিল তেওঁৰ শৰীৰ আবুৰ কৰি ৰখা শাৰীখন৷ পিঠিত আৰক্ষীৰ কোব সহিবলগীয়া হৈছিল৷ মমতা বেনাৰ্জীৰ এইখন যুঁজ আমি দেখিছোঁ৷ পিতৃ তামিলনাডুৰ মুখ্যমন্ত্ৰী আছিল যদিও এম কে ষ্টেলিন ক্ষমতালৈ অহাৰ বাটত দিবলগীয়া যুঁজ সাধাৰণ নাছিল৷ অজাপ গঠনৰ পাছত ইয়াৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে উজনি-নামনি, উত্তৰ-মধ্য, বৰাক উপত্যকা, বি টি আৰ, ডিমা হাছাও, কাৰ্বি আংলং সৰ্বত্ৰ শিপাবৰ বাবে লাগিব নিৰ্দিষ্ট ৰণনীতি৷ ইয়াৰ বাবে পুঁজিৰ প্ৰয়োজন জৰুৰী৷ কিন্তু পুঁজিয়ে সৰ্বশেষ নহয়৷ নেতাৰ সততা, শ্ৰম আৰু জনমুখী চেতনাই একোটা দলক জাতীয় দল হিচাপে চিনাকি দিয়ে৷ পাৰিবনে লুৰীণজ্যোতি গগৈয়ে আগন্তুক সময়ত দিন-ৰাতি একাকাৰ কৰি শ্ৰম কৰিব? পাৰিবনে অসমৰ প্ৰতিগৰাকী ভূমিপুত্ৰৰ কাষলৈ যাব? পাৰিবনে লুৰীণজ্যোতি গগৈয়ে প্ৰচলিত ৰাজনীতিৰ স্বৰূপ উন্মোচন কৰি ভূমিপুত্ৰক নিজৰ অধিকাৰৰ বিষয়ে সজাগ কৰিব? যদি পাৰে, তেনেহ’লে কাইলৈ নহ’লেও বছৰ দিয়েকৰ পাছত লুৰীণ ৰাজ্যৰ ৰাজনৈতিক জগতৰ 

    এক নিৰ্ণায়ক শক্তি হৈ উঠিব৷ যদি নোৱাৰে তেনেহ’লে তাৰ বাবে দায়ী অসমৰ মানুহ নহয়, তেওঁ নিজে হ’ব৷ আজি অসমৰ ৰাজনীতিত অজাপই বৰ বিশেষ ধৰণে শিপাব পৰা নাই৷ তৎসত্ত্বেও তৰুণ প্ৰজন্মৰ মাজত অজাপই কিছু গুৰুত্ব পাবলৈ ধৰিছে৷ ৰাজনৈতিক জগতখনৰো গতি-বিধি সলনি হৈছে৷ কৰ্প’ৰেট হাউছৰ দৰে হৈ উঠিছে শাসকীয় পক্ষ৷ ইয়াক লৈ তেওঁলোকে গৌৰৱ কৰে৷ সভা-সমিতি, বিজ্ঞাপন, হেলিকপ্টাৰ, চাৰ্টাৰ্ড ফ্লাইট আদি এওঁলোকৰ প্ৰধান আহিলা৷ বিপৰীতে অজাপৰ দৰে আঞ্চলিক ৰাজনৈতিক দলবোৰ এই ক্ষেত্ৰত তেনেই নিঃকিন৷

    বতাহ জোৰেৰে বলিলে থিয় হৈ থাকিব নালাগে৷ ধুমুহাৰ সময়ত বহি দি জীৱন ৰক্ষা কৰাটো জৰুৰী৷ যদি জীৱনেই নাথাকে, তেনেহ’লে যুঁজিব কেনেকৈ? লুৰীণজ্যোতি গগৈক লৈ অসমৰ সামাজিক মাধ্যম আৰু সংবাদ জগততো বস্তুনিষ্ঠ বিশে¡ষণ তেনেকৈ চকুত পৰা নাই৷ অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ৰাজনীতিক যাৰ বাবে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ দুৱাৰ খোলা থকাৰ পাছতো অজাপ গঠন কৰিছে৷ এইখিনিতে দীপাংক নাথ, প্ৰকাশ দাস আদিৰ সৈতে লুৰীণজ্যোতি গগৈৰ পাৰ্থক্য৷ তেওঁলোকে ‘কা’ বিৰোধ কৰি এতিয়া বিজেপিত যোগ দি ‘কা’সমৰ্থন কৰিছে৷ আছু ত্যাগ কৰাৰ লগে লগে আছুৰ সকলো আদৰ্শ ত্যাগ কৰি গৌৰৱান্বিত হৈছে দীপাংক নাথ, প্ৰকাশ দাস, তপন গগৈ আদি৷ সেই যে বিয়াৰ পাছত পিতৃ-মাতৃক পাহৰি যোৱা সন্তানৰ দৰে৷ অদূৰ ভৱিষ্যতে ৰাজনৈতিক মায়া-মোহৰ জালখনত নপৰাকৈ লুৰীণজ্যোতিয়ে কেনেকৈ অসমীয়া ভূমিপুত্ৰৰ স্বাভিমান ৰক্ষাৰ যুঁজখন আগবঢ়াই নিয়ে, চাবলৈ আমিও অপেক্ষাৰত৷

    জিতুমণি বৰা