• আমাৰ পাপ কি? আমাৰ ভুল ক’ত?

    সম্পাদকীয়
    আমাৰ পাপ কি? আমাৰ ভুল ক’ত?
    লুঙি পিন্ধাটোৱে যদি আমাৰ অপৰাধ, তেনেহ’লে এই অপৰাধ মৃণাল সেনেও কৰিছিল, এই অপৰাধ ভূপেন হাজৰিকায়ো কৰিছিল! যদি টুপি পিন্ধাটোৱে অপৰাধ, তেনেহ’লে এই অপৰাধ নীতিশ কুমাৰেও কৰিছে, চন্দ্ৰবাবু নাইডুৱেও কৰিছে৷ যদি নামাজ পঢ়ি ঈশ্বৰৰ উপাসনা কৰাটোৱে অপৰাধ, তেনেহ’লে এই অপৰাধ ক্ৰিকেটাৰ ইউছুফ পাঠানেও কৰিছে, এই অপৰাধ নাছিৰুদ্দিন শ্বাহেও কৰিছে! আমাৰ পাপ কি? আমাৰ ভুল ক’ত? কেৱল মুছলমান হোৱাটোৱে আমাৰ অপৰাধ নেকি? এই প্ৰশ্ন চৰ-চাপৰিত বাস কৰা বিভিন্নজনে কৰিবলৈ লৈছে৷

    কুৰ্তা-পায়জামা আৰু মূৰত টুপিটো পিন্ধি খানাপাৰাৰ ৱাকিং জ’নত প্ৰাতঃভ্ৰমণ কৰিবলৈ যাওঁতে অপৰাধবোধত ভুগিছিলোঁ৷ হঠাতে কিয় যে এনেকুৱা হৈ গ’ল! ভাবিবলৈকে ভয় লাগে৷ এইখন গুৱাহাটীতে মোৰ জন্ম৷ ইয়াৰে কটন কলেজিয়েটত পঢ়িছিলোঁ৷ মোৰ প্ৰিয় মানুহৰ তালিকাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হীৰেন ভট্টাচাৰ্য, কুমাৰ কিশোৰ৷ মই ঘৰত বিহু উদযাপন কৰোঁ, যিদৰে উদযাপন কৰো ঈদ৷ মই কিন্তু কোৰবাণি নিদিওঁ৷ মই তিনি সন্ধ্যা নামাজ পঢ়োঁ৷ সকলো ধৰ্মৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে৷ সেই কাৰণেই ভালপাওঁ ভূপেনদাৰ সেইটো গীত– মহাত্মাই হাঁসি বোলে ৰাম-ৰহিম/বান্ধ ৰাম- ৰহিম/একেলগে একে সংগে বান্ধৱ পাতিম...৷

    গুৱাহাটীৰ এজন ইছলাম ধৰ্মাৱলম্বী লোকৰ মনৰ কথা এয়া৷ ঠিক এনেধৰণৰ মন্তব্য এতিয়া ধুবুৰীৰ বহু মানুহৰ মুখত শুনিবলৈ পাইছোঁ৷ তেওঁলোকে বদৰুদ্দিন আজমলক পৰাজিত কৰিছে৷ বদৰুদ্দিন আজমলৰ এই পৰাজেয় পূৰ্বৰ তিনিটাকৈ নিৰ্বাচনত জয়ী হোৱাৰ গৌৰৱ কাঢ়ি নিলে৷ ধুবুৰীৰ সেইসকল মানুহৰ ক্ষোভ আজমলৰ বিৰুদ্ধে ইমান বেছি আছিল, সেয়া নিৰ্বাচনৰ ফলাফলৰ দিনটোতহে আমি গম পালোঁ৷ কোনোৱে ইয়াৰ উমান পোৱা নাছিল, কাকো ইয়াৰ উমান দিয়া নাছিল৷ বহুতে ভাবিছিল– মুছলমান মানেই আজমলৰ ভক্ত৷ মুছলমান মানেই গোড়া৷ গোড়া তথা ধৰ্মান্ধৰ আন এটা নাম মুছলমান৷ ঠিক এই ধৰণে এটা মহলে প্ৰচাৰো চলাইছিল৷ এই মহলটোৱে মানুহৰ মাজত ধৰ্মৰ ভিত্তিত বিভাজনৰ সৃষ্টি কৰি মুছলমান মানেই অস্পৃশ্য বুলি মুকলিকৈয়ে ক’বলৈ আৰম্ভ কৰিছিল৷


    হয়, মুছলমানৰ মাজত ধৰ্মান্ধৰ সংখ্যা অধিক৷ প্ৰখ্যাত অভিনেতা নাছিৰুদ্দিন শ্বাহে ইয়াৰ বাবে ক্ষোভ প্ৰকাশো কৰিছে৷ মুছলমান সমাজত শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে একে ধৰ্মীয় ৰাজনৈতিক নেতাসকলৰ বিশেষ কোনোধৰণৰ তৎপৰতা আমি দেখিবলৈ পোৱা নাই৷ অথচ সাধাৰণ মুছলমান মানুহৰ সৈতে মুছলমান ৰাজনৈতিক নেতাসকলৰ জীৱন ধাৰণ নিমিলে৷


    হিন্দুসকলৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে, সকলো হিন্দুৱে বলি-বিধান বিশ্বাস নকৰে৷ বিশেষকৈ অসমত শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ সংস্কৃতিৰ প্ৰভাৱ আটাইতকৈ বেছি৷ অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰভাৱৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ বৈষ্ণৱ সংস্কৃতিয়ে অসমীয়া সমাজখনক আধুনিক বিজ্ঞানসন্মত আৰু বহু ক্ষেত্ৰত উদাৰ কৰি ৰাখিছে৷ এই সংস্কৃতিয়ে শিকোৱা নাই হাতত কুঠাৰ লৈ আনৰ উপাসনাগৃহ ভাঙিব লাগে বুলি৷ কোনো ধৰ্মগ্ৰন্থতো কোনো ধৰ্মগুৰুৱে আনৰ উপাসনাগৃহ ধ্বংস কৰিবলৈ বা আন ধৰ্মৰ মানুহক ঘৃণা কৰিবলৈ শিকোৱা নাই৷

    আৰএছএছ প্ৰধান মোহন ভাগৱতে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত মন্তব্য কৰিছে যে এইখন দেশত হিন্দুৰ যি অধিকাৰ, মুছলমানৰো একে অধিকাৰ৷ ধৰ্ম, জাত-পাত, সম্প্ৰদায়ৰ নামত সমাজখনত বিভাজনৰ সৃষ্টি কৰিলে ভাৰতবৰ্ষ দুৰ্বল হৈ পৰিব বুলি মোহন ভাগৱতে কৰা মন্তব্যৰ বহু পূৰ্বে অসমৰ বহুকেইগৰাকী বিশিষ্ট লোকে এই কথা কৈছিল৷ প্ৰথম কথা হ’ল, আমি ভাৰতীয়৷ যদি কোনো অনুপ্ৰৱেশকাৰী তথা বিদেশীয়ে ভাৰতীয়ৰ ছদ্মৱেশ ধৰি ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰিছে, তেনেহ’লে ই এক ভয়ংকৰ অপৰাধ৷ যি ধৰ্মৰে নহওক কিয়, ভাৰতৰ ৰাজনীতি আৰু নেতা নিৰ্বাচন প্ৰক্ৰিয়াত অবৈধ বিদেশীয়ে অংশগ্ৰহণ কৰাটো কোনো ভাৰতীয়ই নিবিচাৰে৷ যদি কোনো ভাৰতীয় নাগৰিকে বিদেশীয়ে এই অধিকাৰ বিচৰাৰ পক্ষত অৱস্থান লয়, তেনেহ’লে ই এক অপৰাধ হিচাপে বিবেচিত হ’ব৷ 


    এতিয়া আহো ধুবুৰীৰ প্ৰসংগলৈ৷ ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ভাৰতবৰ্ষৰ ভিতৰতে অভিলেখ স্থাপন কৰি বিজয়ী হ’ব বুলি কোনোৱে ভবা বাদেই কল্পনাও কৰিব পৰা নাছিল৷ বদৰুদ্দিন আজমলে পূৰ্বৰ দৰেই ধুবুৰীৰ মানুহ এঠাইতে ৰৈ থকা বুলি ভুল কৰিছিল৷ বাতৰিত প্ৰকাশ পাইছিল বিজেপিৰ শাসনতে বদৰুদ্দিন আজমলৰ সম্পত্তি কেইবা গুণ বৃদ্ধি পাইছে৷ এআইইউ ডিএফৰ জন্ম হৈছিল সংখ্যালঘুৰ উন্নয়নৰ ধ্বনি দি৷ কংগ্ৰেছৰ শাসনত মুছলমানৰ কোনো উন্নয়ন নহ’ল বুলি প্ৰচাৰ কৰি এআইইউডিএফে অসমৰ ৰাজনীতিত খোপনি পুতিছিল৷ প্ৰথমবাৰৰ বাবে এআইইউডিএফে তিনিগৰাকী সাংসদ জয়ী কৰাব পাৰিছিল৷ এই তিনিগৰাকী সাংসদৰ দুগৰাকী আজমল ভাতৃদ্বয়৷ সংসদত এওঁলোকে অসমৰ মুছলমানৰ বাবে কিমান মাত মাতিছিল, সেয়া সকলোৱে দেখিছে৷ এওঁলোকৰ ভোটৰ ৰাজনীতি আৰু ব্যৱসায়ৰ শ্ৰীবৃদ্ধিৰ বাহিৰে ধুবুৰীৰ সাধাৰণ মুছলমানে আধুনিক চিকিৎসাৰ নামত জৰা-ফুকা কৰা পানীহে উপহাৰ হিচাপে পালে বুলি বিৰোধীয়ে নিৰ্বাচনত প্ৰচাৰ কৰিছিল৷ এই প্ৰচাৰ মিছা বুলি আজমলে প্ৰমাণ কৰিব পৰা নাছিল৷


    ৰাজনীতিৰ নামত বিভিন্ন সময়ত একাংশ নেতাই মুছলমানক উপহাস কৰি আহিছে৷ অথচ নিৰ্বাচনৰ বতৰত এওঁলোকৰ ভোট বিচাৰি এইসকল নেতাই চৰ-চাপৰিত নাচি-বাগি উদ্বাউল হৈছিল৷ এনে লাগিছে এতিয়া বিভিন্ন প্ৰলোভন, ভাবুকি আৰু ধৰ্মৰ ধ্বনিৰে মুছলমানক আকৃষ্ট কৰাৰ দিন উকলিল৷ মুছলমানৰ নতুন প্ৰজন্মৰ মাজৰ পৰা এ চি এছ, আই এ এছ, কৰ্কট ৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ জন্ম হৈছে৷ এখন দেশৰ নাগৰিক হৈয়ো বিভাজনমুখী চিন্তা-চেতনাৰে পুষ্ট এচামে এওঁলোকক মানুহ বুলি মানি ল’বলৈ টান পায়৷ আধুনিক পৃথিৱীত ছুপাৰ পাৱাৰ বুলি অহংকাৰ কৰা বাইডেনৰ আমেৰিকাতো এতিয়াও মানুহৰ গাৰ বৰণ চাই শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱা হয়৷ দক্ষিণ আফ্ৰিকাত এই বৈষম্যৰ বলি হৈছিল গান্ধীও৷ সেই তেতিয়াৰ পৰাই অস্পৃশ্যতাৰ মনোভাব এচাম মানুহে কঢ়িয়াই লৈ ফুৰিছে৷ সংখ্যা তাকৰ হৈ আহিছে যদিও এওঁলোকে ধৰ্ম, জাত-পাত, বৰ্ণ আৰু শৰীৰৰ বৰণক লৈ এতিয়াও মানুহক উপলুঙা কৰে৷ এওঁলোকে এইবোৰ কৰোঁতে অনুভৱ কৰিব পৰা নাই যে ইয়াৰ ফলত সমাজখন দুৰ্বল হৈছে৷


    ধুবুৰীৰ মুছলমানে আজমলক শোচনীয়ভাৱে পৰাস্ত কৰি পৃথিৱীলৈ এটা বাৰ্তাই প্ৰেৰণ কৰিলে, সেয়া হ’ল– তেওঁলোকে উন্নয়ন বিচাৰে৷ তেওঁলোকে শিক্ষা আৰু পোহৰ বিচাৰে৷ এইখিনি দিবৰ বাবে আজমল কিমান দায়বদ্ধ আছিল? নাছিৰুদ্দিন শ্বাহে মুছলমান সমাজক সমালোচনা কৰিছে৷ নাছিৰুদ্দিন শ্বাহে কৈছে– শিক্ষাৰ অভাৱ মুছলমানৰ প্ৰধান শত্ৰু৷ শিক্ষাৰ অভাৱ আৰু আধুনিক মানসিকতাৰ পৰা আঁতৰি থকাৰ বাবে এই মানুহবোৰৰ চকু ছানিয়া মিৰ্জাৰ চুটি স্কাৰ্টটোৰ ওপৰত৷ নাছিৰুদ্দিন শ্বাহ এগৰাকী অভিনেতাই নহয়, নাছিৰুদ্দিন শ্বাহ এগৰাকী সমাজ বিজ্ঞানী৷ যৌন শোষণৰ বলি হৈ ন্যায় বিচৰা ভাৰতীয় মল্লযুঁজাৰুসকলৰ হৈ যেতিয়া বিখ্যাত মানুহবোৰে মৌনতা অৱলম্বন কৰিছিল, সেই সময়ত নাছিৰুদ্দিন শ্বাহে এইসকল খেলুৱৈৰ পক্ষত অৱস্থান লৈছিল৷ এই বিখ্যাত মানুহবোৰে এই ক্ষেত্ৰত মৌনতা অৱলম্বন কৰাৰ কাৰণ আছিল যাৰ বিৰুদ্ধে খেলুৱৈসকলে যৌন শোষণৰ অভিযোগ তুলিছিল, তেওঁ আছিল শাসক দলৰ এগৰাকী সাংসদ৷


    প্ৰতিগৰাকী ভাৰতীয়ৰ উন্নয়ন আৰু সমবিকাশ অবিহনে দেশখনৰ উন্নয়ন অসম্ভৱ৷ ১৪০ কোটি নাগৰিকৰ দেশখনৰ সম উন্নয়ন নহ’লে ইয়াৰ সামগ্ৰিক বিকাশ স্তব্ধ হ’ব৷ অসমৰ সকলো মানুহ গুৱাহাটী বা চহৰ-নগৰতে থকাটো সম্ভৱ নহয়৷ ইয়াৰ বাবে চৰকাৰে গাঁৱৰ বিকাশ সাধিব লাগিব৷ বানে বিধ্বস্ত কৰা মানুহবোৰ চৰ-চাপৰিত বাস কৰে৷ এনেকুৱা চৰ-চাপৰি দেখাৰ সৌভাগ্য হৈছে৷ চৰ-চাপৰিত অতি দুৰ্বিসহ জীৱন যাপন কৰে এওঁলোকে৷ আচলতে এওঁলোকৰ স্থায়ী কোনো ঠিকনা নাই৷ চৰৰ মানুহে ভোটাৰৰ পৰিচয়পত্ৰ বা আনুসংগিক নথি-পত্ৰবোৰ সদায় ঘৰৰ চাঙত তুলি থয়৷ কাৰণ বছৰৰ বেছিভাগ সময় এওঁলোকৰ ঘৰবোৰ পানীৰ তলত থাকে৷ প্ৰতিটো চৰত বাস কৰা মানুহৰ জীৱনৰ কথা ওচৰৰ পৰা নাচালে উপলব্ধি কৰা অসম্ভৱ৷ চহৰত বাস কৰা মানুহে কল্পনাও কৰিব নোৱাৰিব কি পৰ্যায়ত সংগ্ৰাম কৰি মানুহ জীয়াই থাকিবলগীয়া হৈছে৷


    নিৰ্বাচনৰ ফলাফলে এই ধৰণৰ ৰাজনীতিৰ বিৰুদ্ধে ৰায় দিলে৷ আগন্তুক দিনবোৰত এই ৰাজনীতিৰ অন্ত পৰাৰ সম্ভাৱনাই দেখা দিছে৷ আমি বিচাৰিছো অসমৰ পৰা শেষৰগৰাকী অবৈধ বিদেশী নাগৰিক বহিষ্কাৰ হওক৷ আমি বিচাৰো ইয়াত বাস কৰা খিলঞ্জীয়া নাগৰিকৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হওক৷ লগতে অসমত বাস কৰা ভাৰতীয় লোকসকলৰ সৈতে ভূমিপুত্ৰৰ কোনোধৰণৰ সংঘাত আৰু সংঘৰ্ষৰ সৃষ্টি নহওক৷ উদ্ভৱ হোৱা প্ৰতিটো সমস্যা শৃংখলিত আৰু শান্তিপূৰ্ণভাৱে সমাধান হওক৷ এইটোকে নকৰি যদি ইটো জনগোষ্ঠীৰ বিৰুদ্ধে সিটো জনগোষ্ঠীক উচটনি দিয়া হয়, তেতিয়া হ’লে সামগ্ৰিকভাৱে অসমৰ উন্নয়ন ব্যাহত হ’ব৷