ৰোগৰ বিষতকৈয়ো এই অপমান অধিক যন্ত্ৰণাদায়ক
জিতুমণি বৰা
জীৱনৰ প্ৰতিটো স্তৰৰ নিজা নিজা সৌন্দৰ্য আছে৷ শৈশৱ, কৈশোৰ, যৌৱন আৰু বাৰ্ধক্য৷ জীৱনৰ এই চাৰিওটা কালৰ যি সৌন্দৰ্য, সেয়া উপভোগ কৰিব পৰাজনেই বতৰৰ কেউটা ঋতুৰ সৌন্দৰ্য উপলব্ধি কৰিব পাৰে৷ বহু মানুহ আছে, যাৰ কেৱল বসন্ত ঋতুহে ভাল লাগে৷ কিন্তু নিৰ্মলপ্ৰভা বৰদলৈয়ে আকৌ বৰষা ঋতু তেওঁৰ আটাইতকৈ প্ৰিয় বুলি কৈছিল৷ সেইদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় ঋতু শৰৎ৷ শৰৎ কালৰ বৰ্ণনাৰে গুৰুজনাই অনুপম সৃষ্টি কৰিও গৈছে৷ আমি এনেকুৱা মানুহ প্ৰায়ে পাওঁ, যাৰ কোনো ঋতুৱে আচলতে প্ৰিয় নহয়৷ বৰ্ষা ঋতু বেয়া পায় প্ৰচুৰ বৰষুণৰ বাবে৷ শীত বেয়া লাগে ঠাণ্ডাৰ বাবে৷ গ্ৰীষ্ম বেয়া পায় গৰমৰ বাবে৷
জীৱনৰ প্ৰতিটো পল, প্ৰতিটো পৰ্যায় অতি সুন্দৰ৷ পৃথিৱীত এনেকুৱা মানুহ খুব কমেই ওলাব, যি কেৱল সূৰ্যোদয় ভাল লাগে বুলি কৈ সূৰ্যাস্ত তেওঁৰ বাবে আমনিদায়ক বুলি ক’ব পাৰে৷ বেলিটোৰ এই দুয়োটা অৱস্থানে প্ৰকৃতিক মোহনীয়া কৰিছে৷ সূৰ্যোদয় আৰু সূৰ্যাস্ত দুয়োটাই সূৰ্যৰ সৌন্দৰ্যক ভিন ভিন ধৰণে তুলি ধৰিছে৷ পুৱাৰ ৰামধেনু, আবেলিৰ ৰামধেনুৰ সৌন্দৰ্য একেই, কেৱল অৱস্থান ভিন্ন৷ শৈশৱ, কৈশোৰ, যৌৱন আৰু প্ৰাপ্তবয়স্কৰ মাজেৰেই জীৱনে পূৰ্ণতা প্ৰাপ্তিৰ পিনে আগবাঢ়ে৷ এইটোৱেই প্ৰকৃতিৰ বিস্ময় যে ইয়াৰ কোনোটোৱে মানৱ জীৱনত স্থায়ী নহয়৷ কেৱল মানুহৰ ক্ষেত্ৰতে নহয়, প্ৰতিটো জীৱৰ এটা পৰিক্ৰমা আছে৷ জন্মৰ পৰা মৃত্যুলৈ এই পৰিক্ৰমা চলি থাকে৷ হয়তো কবিয়ে সেয়ে কৈছে– ‘মৃত্যু জন্মৰ পৰা কিমান দূৰত? মই মোৰ পৰা কিমান দূৰত?’
এনেকুৱা খুব কম মানুহ ওলাব, যি সূৰ্যাস্তৰ সৌন্দৰ্যক ঘৃণা কৰে৷ বাৰ্নাড শ্ব’ৰ পৰা নৱনীতা দেৱ সেনলৈকে পৃথিৱীৰ অজস্ৰ লোক আছে, যি কেৱল সূৰ্যাস্তৰ হেঙুলীয়া বৰণ চাই লিখি গৈছে কালজয়ী সাহিত্য৷ সূৰ্যাস্তৰ দৰে মোহনীয় আৰু বৰণীয় মানৱ জীৱনৰ বৃদ্ধকাল৷ আচলতে বহু মানুহ মনেৰে আগতীয়াকৈ বৃদ্ধ হয়৷ পৃথিৱীত নিৰদ চি চৌধুৰী, খুচৱন্ত সিং, কুলদ্বীপ নায়াৰ, জ্যোতি বসু, মৃণাল সেনকে ধৰি এনে বহু মানুহ আছিল, যি জীৱনৰ শেষৰ দিনটোলৈকে তাৰুণ্যৰে ভৰপূৰ আছিল৷
পশ্চিমীয়া দেশত বাৰ্ধক্যক গ্ৰাস কৰে নিসংগতাই৷ ভাৰতীয় সভ্যতা আৰু সংস্কৃতিয়ে এইটো শিকোৱা নাই৷ ইয়াত পৰিয়ালৰ বয়োজ্যেষ্ঠজনক লগত লৈয়ে ঘৰখন আগবাঢ়ে৷ ঘৰখনৰ আটাইতকৈ জ্যেষ্ঠ নাগৰিকজনৰ মতামত অবিহনে পৰিয়ালটোৱে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰাৰ পৰম্পৰা এতিয়াও আছে৷ যদিও ব্যস্ততা আৰু যন্ত্ৰৱৎ জীৱনে বহু পৰিয়ালত জ্যেষ্ঠজনক নিসংগ কৰিছে, তথাপি গৰিষ্ঠসংখ্যক পৰিয়ালতে জ্যেষ্ঠজনৰ গুৰুত্ব কমি যোৱা নাই৷
বয়োজ্যেষ্ঠ নাগৰিকক সমাজে সন্মান প্ৰদৰ্শন কৰে৷ এয়া আমাৰ সংস্কৃতি৷ ৰাজহুৱা স্থানতেই হওক, চিটী বাছতেই হওক সকলোতে জ্যেষ্ঠজনক আসনখন এৰি দি তেওঁৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰাটো আমাৰ নিয়ম৷ ইয়াৰ দ্বাৰা আমি কিমান সংস্কৃতিৱান, সেয়া প্ৰতিপন্ন কৰে৷ শেহতীয়াকৈ একাধিক গৱেষণাত প্ৰকাশ পাইছে যে এলজাইমাৰ, ডিমেনছিয়া, হতাশাগ্ৰস্ততা, আত্মহত্যা তথা বিভিন্ন মানসিক ৰোগৰ পৰা ৰক্ষা পাবলৈ হ’লে মানুহ সামাজিকভাৱে সক্ৰিয় হৈ থাকিব লাগে৷ মানুহ যিমানে নিসংগ হৈ পৰিব বা সমাজৰ পৰা আঁতৰি অকলশৰে থাকিবলৈ বিচাৰিব, সিমানে মানুহৰ মনত হতাশাগ্ৰস্ততাই পোখা মেলে৷ ইয়াৰ পৰিণাম কিন্তু অতি ভয়ংকৰ৷
ভাৰতীয় ৰাজনীতিত কিছুদিনৰ পৰা এবিধ নতুন ৰোগে বাহ লৈছে৷ জ্যেষ্ঠ ৰাজনীতিকক বয়স আৰু বিভিন্ন প্ৰসংগ আনি সমালোচনা কৰাৰ লগতে উপলুঙা কৰা দেখিছোঁ৷ অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বয়সৰ প্ৰসংগ আনি সমালোচনা কৰিছে৷ ইয়াত কেজৰিৱালে ৰাজহুৱাকৈ কৈছে যে ৭৫ বছৰত নৰেন্দ্ৰ মোদীয়ে ৰাজনীতিৰ পৰা অৱসৰ ল’ব৷ এতিয়া মোদীৰ বয়স প্ৰায় ৭৪ বছৰ৷ অহা বছৰ নৰেন্দ্ৰ মোদীয়ে ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে ৰাজনীতি ত্যাগ কৰিব৷ কেজৰিৱালে বয়সৰ প্ৰসংগ আনি মোদীক সমালোচনা কৰি এইদৰে কৈছে যদিও বিষয়টোক লৈ উপলুঙা বা তাচ্ছিল্য ফুটি উঠা নাই৷ কেজৰিৱালৰ যুক্তি হ’ল– ৭৫ বছৰ পাৰ কৰাৰ বাবেই আদৱানী আৰু মুৰুলী মনোহৰ যোশীক ৰাজনীতিৰ পৰা বিজেপিয়ে অব্যাহতি দিছিল৷ আদৱানী আৰু যোশীৰ ক্ষেত্ৰত গ্ৰহণ কৰা নীতি মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব নে নহয়, সেই প্ৰশ্নহে কেজৰিৱালে কৰিছে৷
শেহতীয়াকৈ সামাজিক মাধ্যম এক্স আৰু ফে’চবুকত ওড়িশাৰ মুখ্যমন্ত্ৰী নৱীন পাটনায়কৰ এটা ভিডিঅ’ বিৰোধী দলে ভাইৰেল কৰিছে৷ ভিডিঅ’টোত নৱীন পাটনায়কে এখন নিৰ্বাচনী সভাত ভাষণ দি থকা অৱস্থাত বাঁও হাতৰ আঙুলিকেইটা কঁপি আছিল৷ স্নায়ুজনিত ৰোগৰ কাৰণত যিকোনো বয়সৰ লোকৰ এনেকুৱা হ’ব পাৰে৷ একাংশ লোকে মুখ্যমন্ত্ৰীগৰাকীৰ এই ভিডিঅ’টো ভোট লাভৰ বাবে ব্যৱহাৰ কৰিছে৷ ভিডিঅ’টো ভাইৰেল কৰি ভোটাৰক ক’ব খুজিছে যে এজন বেমাৰী মানুহ কেনেকৈ মুখ্যমন্ত্ৰী হ’ব? বেমাৰী মানুহ এজন মুখ্যমন্ত্ৰী হ’লে কেনেকৈ এখন ৰাজ্য চলাব? এনেকুৱা কিছুমান প্ৰশ্ন ভোটাৰৰ মাজলৈ এৰি দি ৰাজহুৱাকৈ নৱীন পাটনায়কৰ অসুখক লৈ কৰা ৰাজনীতিয়ে ভাৰতীয় গণতন্ত্ৰৰ গৰিমা বঢ়াইছেনে?
ভিডিঅ’টো দেখাৰ পাছতে গুগলত নৱীন পাটনায়কৰ বয়সনো কিমান, চালো৷ ১৯৪৬ত জন্ম হোৱা নৱীন পাটনায়কৰ বৰ্তমান বয়স ৭৭ বছৰ৷ আধুনিক চিকিৎসা বিজ্ঞানে ৭৭ বছৰীয়া মানুহ এজনক মানসিক আৰু শাৰীৰিকভাৱে সক্ষম কৰি ৰাখিব পাৰে৷ মানুহৰ গড় আয়ুসো এতিয়া যথেষ্ট বৃদ্ধি পাইছে৷ ৬০ বছৰত অৱসৰ লোৱা লোক তেনেই ডেকা হৈ থকা দেখিছো৷ নৱীন পাটনায়কৰ ক্ষেত্ৰত এইটো ক’ব পাৰি যে স্নায়ৱিক ৰোগত আক্ৰান্ত হোৱাৰ বাবে তেওঁৰ বাঁও হাতৰ আঙুলিত কম্পনৰ সৃষ্টি হৈছে৷ কিন্তু মানসিকভাৱে নৱীন পাটনায়ক সম্পূৰ্ণ সুস্থ৷ চিকিৎসা বিজ্ঞানেও নৱীন পাটনায়ক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ বুলিয়ে কৈছে৷ মানুহৰ মানসিক অৱস্থাটোৰ সৈতে বয়সৰ সম্পৰ্ক থাকিবও পাৰে, নাথাকিবও পাৰে৷ কৈশোৰ আৰু যৌৱনপ্ৰাপ্ত বহু লোক মানসিকভাৱে অস্থিৰ৷ পৰিৱেশ আৰু কেতবোৰ প্ৰত্যাহ্বানে বহু কিশোৰ আৰু যুৱক-যুৱতীকো মানসিকভাৱে অস্থিৰতাত ভোগায়৷
ৰোগ যিয়েই নহওক চিকিৎসা আছে৷ এয়াই আধুনিক চিকিৎসা বিজ্ঞানৰ সফলতা৷
নৱীন পাটনায়কৰ হাতৰ যি স্নায়ৱিক দুৰ্বলতা, ইয়াৰ প্ৰভাৱ তেওঁৰ মন-মগজুত পৰা নাই৷ উদাহৰণস্বৰূপে মুখ্যমন্ত্ৰীগৰাকীয়ে ওড়িশাৰ নিৰ্বাচনী সভা-সমাৱেশত অংশগ্ৰহণ কৰি যিবোৰ ভাষণ দিছে, তাত কোনো ধৰণৰ মানসিক অস্থিৰতাৰ প্ৰতিচ্ছবি প্ৰতিফলিত হোৱা নাই৷ বৰঞ্চ যিসকলে এজন জ্যেষ্ঠ নাগৰিকৰ সাধাৰণ এটা ৰোগক লৈ নিৰ্বাচনত ভোট লোৱাৰ ৰাজনীতি কৰিছে, তেওঁলোকহে অস্থিৰতাত ভোগা বুলি চৰ্চা হৈছে৷ যি ৰোগে কোনো লোকৰ মানসিক অৱস্থাটোত কোনো প্ৰভাৱেই পেলাব নোৱাৰে, তেনে ৰোগে সমাজৰ ক্ষতি নকৰে৷ এই ক্ষেত্ৰত ড੦ ভৱেন্দ্ৰ নাথ শইকীয়াৰ প্ৰসংগ উল্লেখ কৰিব পাৰি৷ কৰ্কটৰ দৰে এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ দুৱাৰডলিত ভৰি থৈয়ো ড੦ শইকীয়াই জীৱনক লৈ পৰিকল্পনা কৰি গৈছিল৷ পৰিকল্পনা তেতিয়ালৈকেহে কৰিছিল, যেতিয়ালৈকে চিকিৎসকে তেওঁক জীয়াই থকাৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল৷ সজাগ আৰু সচেতন নৱীন পাটনায়কেও পাঁচটা কাৰ্যকাল ওড়িশাক সন্মুখৰ পৰা নেতৃত্ব দিছে৷ এই সময়ছোৱাত পাটনায়কৰ বিৰুদ্ধে নাই কোনো কেলেংকাৰি বা পৰিয়ালতন্ত্ৰৰ অভিযোগ৷ যি অভিযোগ ভাৰতীয় ৰাজনীতিত প্ৰায় সকলোৰে বিৰুদ্ধে সময়ে সময়ে উত্থাপিত হৈ আহিছে৷ একো অভিযোগ নথকাৰ বাবেই পাটনায়কৰ স্নায়ুজনিত ৰোগকে হাথিয়াৰ কৰি ভোট বিচাৰিছে বিৰোধীয়ে৷
আজি যিসকল তুলনামূলকভাৱে নৱীন পাটনায়কতকৈ বয়সত কনিষ্ঠ, সেইসকলে পাটনায়কৰ বয়সত ভৰি দিওতে ভৱিষ্যতৰ প্ৰজন্মই একেদৰেই যদি বয়সৰ দোহাই দি উপলুঙা, তাচ্ছিল্য কৰিবলৈ লয়, তেতিয়া? এই সময় বিজ্ঞান, প্ৰযুক্তিৰ সময়৷ এই সময় আধুনিক সময়৷ এই পৃথিৱীতে ষ্টিফেন হকিংছ নামৰ এজন মানুহে অসাধ্য সাধন কৰি গৈছে৷ মানুহজনৰ মগজু আন হেজাৰ মগজুতকৈ বহু বেছি সক্ৰিয় আছিল৷ কিন্তু এইজন মানুহে হুইল চেয়াৰত ঘূৰিবলগীয়া হৈছিল৷ তেওঁৰ বাবে শৰীৰটো এক বোজা নাছিল৷ হুইল চেয়াৰতে জীৱন কটোৱা আনৰ দৃষ্টিত বিশেষভাৱে সক্ষম এগৰাকী মানুহ আছিল ষ্টিফেন হকিংছ৷ এইগৰাকী বিজ্ঞানীক একাষৰীয়া কৰি আধুনিক পৃথিৱীক চাব নোৱাৰি৷ কেম্ব্ৰিজৰ এগৰাকী সফল অধ্যাপক হকিংছক বিজ্ঞান গৱেষণাৰ পৃথিৱীখনত শাৰীৰিক অৱস্থাটোৱে কোনো ধৰণে প্ৰভাৱিত কৰিব পৰা নাছিল৷
যদি স্নায়ৱিক দুৰ্বলতাৰ বাবেই এজন মানুহ মানসিকভাৱে দুৰ্বল বুলি ধৰা হয়, তেনেহ’লে ষ্টিফেন হকিংছকে ধৰি পৃথিৱীত এনে বহু বৰেণ্য ব্যক্তি আছে, যিসকলৰ চেহেৰা না কাৰ্তিকৰ দৰে, না তেওঁলোক পেলেৰ দৰে শাৰীৰিকভাৱে সক্ষম৷ মগজু সক্ৰিয়, যোগাত্মক চিন্তাই যিদৰে ষ্টিফেন হকিংছৰ সৃষ্টি কৰিব পাৰে, সেইদৰে নৱীন পাটনায়ককো জন্ম দিছে৷ পাটনায়কে ভাল কাম কৰিছে নে বেয়া কাম কৰিছে, সেয়া ওড়িশাৰ নাগৰিকে নিৰ্ধাৰণ কৰিব৷ আমাৰ ক’বলগীয়া কথা হ’ল– কোনো মানুহৰ শৰীৰৰ কোনো অসুখ-বিসুখক লৈ ৰগৰ কৰাটো সভ্যতাৰ পৰিচয় নহয়৷
এদিন অসমতো দেখা পাইছিলোঁ মুখ্যমন্ত্ৰী তৰুণ গগৈক তেওঁৰ বয়সৰ দোহাই দি বদৰুদ্দিন আজমল, গৌতম ৰয় আদিয়ে তুচ্ছ-তাচ্ছিল্য কৰিছিল৷ আৰু সেই কুপৰম্পৰা অটুট ৰাখিয়ে এতিয়া আন এচামে আজমলক বুঢ়া আজমল বুলি ভেঙুচালি কৰিছে৷ কাইলৈ সেইসকলৰ পাল, যিসকলে তৰুণ গগৈ, নৱীন পাটনায়ক, ষ্টিফেন হকিংছ সকলোকে বয়স আৰু শৰীৰৰ অসুখক লৈ উপলুঙা কৰিছে, তেওঁলোককো বয়সে ৰেহাই নিদিয়ে৷ জীৱনৰ সমস্ত অভিজ্ঞতা আৰু পৌঢ়ত্বই হেঙুলীয়া বোলসনা সময়খিনিয়ে মানুহক অনন্য সৌন্দৰ্য সানি দিয়ে৷ যিদৰে আবেলিৰ বেলিটোক হেঙুলীয়া ৰহনে জেউতি দিয়ে৷ যদি আবেলিৰ বেলিটো ধুনীয়া হয়, তেনেহ’লে মানুহৰ এই সময়ছোৱা উপহাস আৰু উপলুঙাৰ হ’ব পাৰেনে?
স্নায়ৱিক ৰোগে শৰীৰক দুৰ্বল কৰিলেও ই মন-মগজুক সক্ৰিয় কৰি ৰখাত প্ৰভাৱ নেপেলায়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাটনায়কৰ স্বাস্থ্যক লৈ কৰা ইতিকিংসূচক মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ওড়িশাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে– প্ৰধানমন্ত্ৰীয়ে আগতে ৰাজহুৱাকৈ কৈছিল, মই তেওঁৰ ভাল বন্ধু৷ তেওঁ টেলিফোন কৰি মোৰ স্বাস্থ্যৰ বিষয়ে সুধিব পাৰিলেহেঁতেন! তাকে নকৰি ওড়িশা আৰু দিল্লীৰ বিজেপিৰ কিছুমান মানুহে মোৰ স্বাস্থ্যক লৈ উৰা বাতৰি বিয়পাই দিছে৷
নিৰ্বাচনৰ বতৰত এগৰাকী মুখ্যমন্ত্ৰীয়ে তেওঁক লৈ উপলুঙা, তাচ্ছিল্য নকৰিব বুলি দুখেৰে সোঁৱৰাই দিবলগীয়া হোৱাটোৱে ভাৰতীয় সংস্কৃতি আৰু প্ৰমূল্যক এচামে ক’লৈ লৈ গৈছে, তাৰ উমান দিছে৷
Leave A Comment