জিতুমণি বৰা
নেতাৰ গুণ আৰু দক্ষতা তাতেই ফুটি উঠে, যেতিয়া অশান্তি, বিদ্ৰোহ, বিসম্বাদৰ প্ৰচ্ছায়াই সাবটি ধৰা এটা দলক শৃংখলিত ৰূপলৈ নি দলৰ প্ৰতিগৰাকী সদস্যক যুঁজাৰু হিচাপে গঢ়িব পাৰে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক এই অৰ্থত দক্ষ বুলিব পাৰিনে? গণতন্ত্ৰত প্ৰতিটো ৰাজনৈতিক দলৰ নিজা আদৰ্শ আৰু লক্ষ্য থাকে৷ আদৰ্শ অটুট ৰাখি লক্ষ্যত উপনীত হ’বলৈ ৰাজনৈতিক দলবোৰৰ সদস্যসকলক গঢ়ি-পিতি লোৱাৰ দায়িত্ব নেতাগৰাকীৰ৷ এই দায়িত্ব ভূপেন বৰাই পালন কৰিব পাৰিছেনে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৰি অহা এটা মন্তব্যই সচেতন মহলত চিন্তাৰ খোৰাক দিয়ে৷ মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে কংগ্ৰেছত তেওঁৰ মানুহ ভৰি আছে৷ দলৰ ভিতৰত কি আলোচনা হ’ব, সেয়া তেওঁ আগধৰি জানিব পাৰে৷
বিজেপি নেতা হিচাপে কংগ্ৰেছৰ ভিতৰুৱা খবৰ সহজে লাভ কৰাৰ ৰাজনীতিত মুখ্যমন্ত্ৰী শৰ্মা সফল৷ একে অৰ্থত বিজেপিৰ ভিতৰচ’ৰাত কি ঘটি আছে বা পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ বিজেপিৰ গোপন ৰণকৌশল কি, সেয়া ভূপেন বৰাই যদি আগধৰি নাজানে, তেনেহ’লে সেয়া তেওঁৰ ব্যৰ্থতা৷
এইখিনিতে মনত পৰিছে ৰাজনাথ সিঙলৈ৷ ২০১৪১ লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়ত ৰাজনাথ সিং আছিল বিজেপিৰ ৰাষ্ট˜ীয় অধ্যক্ষ৷ ইতিমধ্যে কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ একেৰাহে দহ বছৰ চৰকাৰত আছিল৷ দেশজুৰি কংগ্ৰেছৰ দুৰ্নীতি, পৰিয়ালতন্ত্ৰ আৰু অহংকাৰৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল৷ এইখিনি সময়ত ৰাজনাথ সিঙে বিজেপিৰ পৰম হিতৈষী হিচাপে পৰিচিত আৰু বিশ্বাসভাজন নিৰ্দিষ্ট কেইজনমান লোকৰ সৈতে আলোচনা কৰি এটা ডাঙৰ সিদ্ধান্ত লৈ পেলাইছিল৷ ৰাজনীতিতে হওক, ব্যক্তিগত জীৱনতে হওক ৰিক্স লোৱাৰ সাহস থাকিব লাগিব৷ ৰিক্স ল’বলৈ সাহস নকৰা মানুহ সফল হোৱাৰ উদাহৰণ কম৷
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে ৰাজনাথ সিং নিশ্চিত হৈছিল যে পৰম্পৰাগতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’লে কংগ্ৰেছ তৃতীয়বাৰৰ বাবে কেন্দ্ৰত ক্ষমতালৈ আহিব৷ ২০১৪ত যদি বিজেপিয়ে ক্ষমতা নিজৰ হাতলৈ আনিব নোৱাৰিলেহেঁতেন, তেনেহ’লে আজি ২০২৪তো দেশৰ ৰাজনীতি অন্য হ’লহেঁতেন! এই ব্যৰ্থতা ৰাজনাথ সিঙৰ ৰাজনৈতিক জীৱনৰ বাবে অভিশাপ হৈ ৰ’লহেঁতেন!
যি কি নহওক ৰাষ্ট্ৰীয় সভাপতি হিচাপে ৰাজনাথ সিঙে কোনেও সপোনতো ভাবিব নোৱৰা সিদ্ধান্ত ভাৰতবাসীৰ সন্মুখত দাঙি ধৰিছিল৷ সেই সিদ্ধান্ত আছিল নৰেন্দ্ৰ মোদীক বিজেপিয়ে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাটো৷ ইতিমধ্যে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে ১২ বছৰ ২২৭ দিন কাৰ্যনিৰ্বাহ কৰিছিল৷ মোদীক প্ৰধানমন্ত্ৰী হিচাপে বিজেপিয়ে প্ৰক্ষেপ কৰি গুজৰাট ম’ডেলক ভাৰতৰ আটাইতকৈ সফল হিচাপে জনসাধাৰণৰ সন্মুখত তুলি ধৰিবলৈ অভূতপূৰ্বভাৱে প্ৰচাৰ চলাইছিল৷ বিজেপিৰ প্ৰচাৰৰ সন্মুখত কংগ্ৰেছ একেবাৰে দুৰ্বল হৈ পৰিল৷
নৰেন্দ্ৰ মোদীক লৈ বিজেপিৰ এই সিদ্ধান্ত আছিল ভাৰতবাসীৰ বাবে চমকপ্ৰদ৷ গুজৰাটৰ এগৰাকী মুখ্যমন্ত্ৰীক ভাৰতবৰ্ষৰ আটাইতকৈ সফল মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিবলৈ বিজেপিয়ে প্ৰচাৰত নতুন গতি দিছিল৷ ইয়াতকৈ ডাঙৰ কথা হ’ল– মোদীক লৈ বিজেপিৰ নেতৃত্বৰ মাজত যে কোনো ধৰণৰ বাদ-বিসম্বাদ, বিৰোধ নাছিল, সেয়া জনসাধাৰণক বুজাই দিছিল৷ ইয়াৰ পৰা কংগ্ৰেছে বিশেষকৈ অসমৰ কংগ্ৰেছীসকলে একোৱেই নিশিকিলে৷ একেৰাহে দুটাকৈ বিধানসভা নিৰ্বাচনত অসমত কংগ্ৰেছ বিধবস্ত হৈছে৷ লোকসভা নিৰ্বাচনত যি তিনিখন আসন কংগ্ৰেছে লাভ কৰিছে, তাৰ মূলতে দলতকৈ প্ৰাৰ্থীকেইজনৰ নিজাববীয়া প্ৰচেষ্টা৷ তদুপৰি দেশজুৰি বিজেপিৰ বিৰুদ্ধে ৰাইজৰ মাজত যি ক্ষোভ আৰু অসন্তুষ্টিৰ সৃষ্টি হৈছে, ইয়াৰ প্ৰভাৱ যোৰহাট, নগাঁও আৰু ধুবুৰী লোকসভা সমষ্টিতো পৰিছিল৷
অসম বিধানসভা নিৰ্বাচনলৈ আজিৰ পৰা খুব বেছি ১৪ মাহ৷ বিজেপিয়ে ১২৬টা বিধানসভা সমষ্টিক লক্ষ্য কৰিয়ে আৰম্ভ কৰিছে ৰাজনীতি৷ প্ৰতিটো সমষ্টিৰ ৰাইজৰ মাজলৈ যোৱাৰ বাবে বিভিন্ন কৌশল লৈছে৷ অৰুণোদয়কে ধৰি হিতাধিকাৰী আঁচনিসমূহৰ সমানে সমানে বিজেপিয়ে প্ৰতিটো সমষ্টিত জনসভা অনুষ্ঠিত কৰাৰ যো-জা চলাইছে৷
লোকসভা নিৰ্বাচনত উজনি অসমত বিজেপি প্ৰত্যাহ্বানৰ মুখত পৰিছিল৷ ডিব্ৰুগড় লোকসভা সমষ্টিটো বিজেপিয়ে দখল কৰাৰ মূলতে সৰ্বানন্দ সোণোৱালৰ ব্যক্তিগত ভাবমূৰ্তি৷ ইয়াত বিজেপি প্ৰাৰ্থী হিচাপে সোণোৱালে যিমান ভোট লাভ কৰিছে, সমান ভোট অসমৰ এগৰাকী ভূমিপুত্ৰ তথা সংস্কৃতিৱান ব্যক্তি হিচাপে লাভ কৰিছে৷ এয়া সোণোৱালৰ নিজা ভাবমূৰ্তিৰ বাবে সম্ভৱ হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ শীৰ্ষ নেতাসকলেও জানে বিতৰ্ক আৰু বিভিন্ন ধৰণৰ অমাৰ্জিত আচৰণৰ পৰা আঁতৰি সৰ্বানন্দ সোণোৱালে ৰাজ্যখনত এটা সুকীয়া ধাৰাৰ ৰাজনীতিৰ সৃষ্টি কৰিছে৷
ভূপেন বৰা, দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ, ৰকিবুল হুছেইন অসম কংগ্ৰেছৰ চাৰিগৰাকী জ্যেষ্ঠ নেতা৷ অসমৰ ৰাইজৰ মাজত এই নেতাকেইজনৰ আচৰণ আৰু কাম-কাজে এটা ধাৰণা দিছে যে এওঁলোকৰ নিজৰ মাজত কোনো ধৰণৰ সমন্বয় নাই৷ ইজনে সিজনক হনা-খোঁচা কৰিবলৈকে অনবৰতে যেন চেলু বিচাৰি থাকে৷ জিতেন্দ্ৰ সিঙক এতিয়াও অসমৰ পৰ্যবেক্ষক হিচাপে ৰাখি থোৱা হৈছে৷ দীঘলীয়া সময়ৰ বাবে অসমৰ পৰ্যবেক্ষক হিচাপে থকা জিতেন্দ্ৰ সিঙৰ এই সময়ছোৱাত কংগ্ৰেছে ধাৰাবাহিক ব্যৰ্থতা প্ৰদৰ্শন কৰিছে৷ কংগ্ৰেছ পৰাজয় আৰু বিপৰ্যয়ৰ মুখামুখি হৈছে৷ ইয়াৰ বাবে এ আই চি চিৰ শীৰ্ষ নেতৃত্বই এবাৰলৈকো জিতেন্দ্ৰ সিঙক জবাবদিহি কৰা নাই৷ এয়াই কংগ্ৰেছৰ নেতৃত্ব৷
এনে অভিযোগো কংগ্ৰেছৰ একাংশ নেতাৰ বিৰুদ্ধে উঠিছে যে এজন-দুজনৰ বাহিৰে বেছিভাগেই মুখ্যমন্ত্ৰীৰ সৈতে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে সম্পৰ্ক ৰক্ষা কৰি চলে৷ কিহৰ বাবে বা কিহৰ বিনিময়ত এই সম্পৰ্ক ইয়াক বহলাই আলোচনা কৰাৰ প্ৰয়োজন নাই৷ যিটো বিৰোধী দলৰ নেতাই শাসক দলৰ সৈতে বুজাবুজি কৰি ৰাজনীতি কৰে, সেইটো বিৰোধী দলৰ কিবা ভৱিষ্যৎ আছেনে? সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলে ভালকৈয়ে জানে কংগ্ৰেছৰ কোনকেইজন নেতাৰ বিজেপিৰ কাৰ কাৰ সৈতে কেনেকৈ সম্পৰ্ক ৰক্ষা কৰি আহিছে৷ এই অভিযোগৰ পৰা মুক্ত নহয় জিতেন্দ্ৰ সিঙো৷ সচেতন মহলে বিচাৰিছে জিতেন্দ্ৰ সিঙেই নহয়, কংগ্ৰেছৰ কোনো পৰ্যবেক্ষকক তিনি বছৰৰ অধিক সময় এখন ৰাজ্যত ৰাখি থ’ব নালাগে৷ তাতে যদি সেইগৰাকী পৰ্যবেক্ষকে ধাৰাবাহিকভাৱে ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে, তেনেহ’লে তেওঁৰ ক্ষেত্ৰত এ আই চি চি অধিক কঠোৰ হোৱাৰ প্ৰয়োজন আছে৷
বিজেপি আৰু সহযোগী দলকেইটাৰ সমন্বয় আৰু মজবুত স্থিতিৰ পৰা কংগ্ৰেছকে ধৰি বিৰোধী দলৰ নেতাসকলে শিক্ষা কিয় লোৱা নাই? সন্মুখত উপ-নিৰ্বাচন৷ বিজেপিৰ প্ৰধান সহযোগী দুটা ৰাজনৈতিক দল অগপ আৰু ইউ পি পি এলে এনে কোনো মন্তব্য কৰা নাই, যি মন্তব্যই শাসকীয় মৰ্চাক ৰাইজৰ সন্মুখত দুৰ্বল আৰু মৰ্চাত অৰাজকতা চলিছে বুলি প্ৰতিপন্ন কৰিব পাৰে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ আৰু সহযোগী দলকেইটাৰ নেতাসকলৰ আচৰণ আৰু কথা-বতৰাই তেওঁলোকৰ মাজত যে কোনো ধৰণৰ সমন্বয় নাই, সেয়া বাৰে বাৰে প্ৰতিপন্ন কৰিছে৷
তদুপৰি সহযোগী দলকেইটাই বাধ্যত পৰিহে কংগ্ৰেছৰ সৈতে বুজাবুজি কৰিবলগা হৈছে, এনেকুৱা ধাৰণা অসমৰ ৰাইজক দি তেওঁলোকে গৌৰৱবোধ কৰে৷ এই মৰ্চাই কেনেদৰে বাৰু অসমৰ ৰাইজৰ আস্থা অৰ্জন কৰিব পাৰিব? এই ক্ষেত্ৰত কংগ্ৰেছ আৰু সহযোগী দলকেইটাই হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা আৰু প্ৰমোদ বড়োৰ পৰা শিকক মৰ্চাৰ ৰাজনীতি কি? সহযোগী দলকেইটাৰে কংগ্ৰেছৰ প্ৰতি আস্থা নাই৷ এই কথাবোৰ ভূপেন বৰাই উপলব্ধি কৰিছেনে? শূন্যতে গদা ঘূৰাই থাকিলে হ’ব জানো? উপ-নিৰ্বাচনৰ ফলাফলে দেখুৱাব কংগ্ৰেছৰ প্ৰতি ৰাইজৰ সমৰ্থন কিমান?
প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ চকীখন ধৰি ৰাখিবলৈ ভূপেন বৰাই কিমানলৈকে আপোচ কৰিব? কংগ্ৰেছৰ
সভাপতিৰ চকীখনত বহি ভূপেন বৰাই দলটোৰ সকলো নেতাক ঐক্যবদ্ধ কৰি বিজেপিৰ বিৰুদ্ধে ৰণত নমোৱাত সফল হৈছেনে? সহযোগী দলবোৰক আস্থাত লৈ সন্মুখৰ নিৰ্বাচনসমূহত অৱতীৰ্ণ হোৱাৰ বাবে ভূপেন বৰাই কি কৰিছে? আজিৰ তাৰিখত বিধানসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’লে কংগ্ৰেছে কেইখন আসন পাব? ভূপেন বৰা, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়াই জনা উচিত বিজেপিৰ বিৰুদ্ধে সৃষ্টি হোৱা ক্ষোভৰ বাবে ৰাইজে কংগ্ৰেছক ভোট দিবলৈ ৰৈ থকা নাই৷ লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে অকলে নখন আসন লাভ কৰি প্ৰমাণ কৰিলে কংগ্ৰেছৰ তিনিগুণ সমষ্টি এতিয়াও তেওঁলোকৰ দখলতে৷
Leave A Comment