• যোৰহাটৰ যুঁজখন বিহালীলৈ

    সম্পাদকীয়
    যোৰহাটৰ যুঁজখন বিহালীলৈ
    জিতুমণি বৰা

    যুঁজ চলি আছে৷ বৰঞ্চ যুঁজ ঠায়ে ঠায়ে তীব্ৰহে হৈছে৷ অসম, ভাৰত তথা বিশ্বত মানুহৰ শ্ৰেণী বিভাজন স্পষ্ট হৈ পৰাৰ লগে লগে এই যুঁজে মান্যতা পাইছে৷  ধনী-দুখীয়া, পোৱা-নোপোৱা, ধৰ্ম-অধৰ্ম, ন্যায়-অন্যায়ৰ মাজত যুঁজে নতুন গতি লোৱাৰ পাছতো দেশত বঞ্চিতজনক নেতৃত্ব দিয়াত বাঁওপন্থীসকল ব্যৰ্থ হোৱা বুলি উঠা অভিযোগ সত্য নে অৰ্ধ সত্য? চি পি এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰক সুধিছিলোঁ– এইখন অসমতে বিধানসভাত বাঁও মৰ্চাৰ বিধায়কে এসময়ত গিজগিজাই আছিল৷ প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত বাঁও মৰ্চাই নিৰ্ণায়কৰ ভূমিকা লৈছিল৷ সেই বাঁও মৰ্চাৰ আজি কেৱল এজন বিধায়ক৷ আনকি অসম বিধানসভাত বাঁও মৰ্চাশূন্য হোৱাৰ উদাহৰণো আছে৷ 

    ইয়াৰ কাৰণ ব্যাখ্যা কৰি তালুকদাৰে এক বিৰাট সত্যৰ সন্ধান দিলে৷ সাধাৰণতে ৰাজনৈতিক দলবোৰে নিজৰ দুৰ্বলতাক ঢাকি থ’ব বিচাৰে৷ ৰাজনৈতিক দলবোৰৰ নেতাই এনেকুৱা এক ধাৰণা দিব বিচাৰে যে তেওঁলোকে লোৱা সকলো সিদ্ধান্ত আৰু তেওঁলোকে কোৱা সকলোবোৰ কথাই ১০০ শতাংশ শুদ্ধ আৰু সত্য৷ ইয়াৰ ওপৰত কোনো প্ৰশ্ন উঠিবই নোৱাৰে৷ ইয়াৰ বিপৰীতে সুপ্ৰকাশ তালুকদাৰে স্পষ্টভাৱে ক’লে যে সাংগঠনিক দিশত তেওঁলোক দুৰ্বল হোৱা নাই৷ সমাজ জীৱনত বাঁও ৰাজনৈতিক দলবোৰৰ প্ৰভাৱ কিছু কমিছে৷ লগতে তালুকদাৰে ইয়াকো ক’লে যে নতুন প্ৰজন্মৰ শিক্ষিত যুৱক-যুৱতী আৰু শ্ৰমজীৱী জনতাৰ আগ্ৰহ তেওঁলোকৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পাইছে৷

    ইয়াৰ কাৰণ ব্যাখ্যা কৰি চি পি এমৰ ৰাজ্যিক সম্পাদকগৰাকীয়ে আৰু ক’লে যে ৰাজনৈতিক দলবোৰে ক্ষমতা ল’বলৈ যিবোৰ প্ৰতিশ্ৰুতি দিয়ে, সেইবোৰৰ ৯০ শতাংশই পূৰণ নকৰে৷ নিবনুৱা সমস্যা, আৰ্থিক সংকট, উৎপাদিত ফচলৰ উচিত মূল্য নোপোৱা, বজাৰৰ অভাৱ আদিয়ে সৃষ্টি কৰা হতাশাই যুৱ প্ৰজন্মক বাঁওপন্থী চিন্তা-চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তুলিছে বুলি তেওঁ দাবী কৰে৷ যিয়েই নহওক বাস্তৱ জীৱনত যদি আমি চাওঁ, ভাৰতবৰ্ষৰ এক শতাংশ মানুহৰ হাতত থকা সম্পত্তিয়ে আকাশ চুইছে৷ ভাৰতবৰ্ষৰ মুঠ জনসাধাৰণৰ ৫০ শতাংশ লোকৰ হাতত যিমান পৰিমাণৰ সা-সম্পত্তি আছে, তাতকৈ অধিক সা-সম্পত্তি এই এক শতাংশ মানুহৰ হাততে আছে৷ শ্ৰেণী বিভাজন আৰু ৰাজনৈতিক ব্যৱস্থাই নিৰ্দিষ্ট কেইজনমান মানুহ বা কেইটামান পৰিয়ালৰ হাতলৈ দেশৰ সমস্ত সা-সম্পদ লৈ গৈছে৷ 

    এই সময়তে দেশত হেজাৰ বিজাৰ সাধাৰণ মানুহক হতাশাই ছানি ধৰিছে৷ ইয়াৰ ফলশ্ৰুতিত অসম তথা ভাৰতবৰ্ষত  যুৱ প্ৰজন্মৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বাঢ়িছে৷ এই কথাখিনি আলোচনা কৰাৰ কাৰণ এটাই যে বিহালী বিধানসভা সমষ্টিক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিত যিবোৰ কাণ্ড-কাৰখানা সংঘটিত হৈছে, ইয়াৰ উৎস কিন্তু বাঁও মৰ্চাই৷ বিহালী বিধানসভা এনে এটা সমষ্টি, যিটো সমষ্টি আন সমষ্টিবোৰৰ দৰে এশ এটা সমস্যাৰে ভাৰাক্ৰান্ত৷ নিবনুৱাৰ ভৰত কঁকাল বেঁকা হৈ গৈছে বিহালী বিধানসভা সমষ্টিৰো৷ উন্নয়ন বুলিবলৈ একো নাই৷ এই সমস্যাবোৰে নিৰ্বাচনৰ বতৰত গুৰুত্ব পোৱা নাই৷ গুৰুত্ব পাইছে প্ৰাৰ্থীৰ বিষয়টোৱে৷ ই স্বাভাৱিক৷ সমষ্টিৰ সমস্যা আৰু জনসাধাৰণৰ আশা-আকাংক্ষাক সদনৰ মজিয়াত সঠিকভাৱে তুলি ধৰাত ৰঞ্জিত দত্ত সফল হৈছিল জানো? দীঘলীয়া সময় বিহালী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা ৰঞ্জিত দত্তই সমষ্টি উন্নয়নৰ বাবে কি কৰিলে, কিমান নিবনুৱাক সংস্থাপন দিলে? এই প্ৰশ্নবোৰ নিৰ্বাচনৰ সময়ত ৰাইজৰ মাজৰ পৰা উত্থাপিত হোৱা নাই৷ 

    বিহালীত বিৰোধীৰ এতিয়ালৈকে তিনিগৰাকী প্ৰাৰ্থী৷ বিজেপি মিত্ৰজোঁটৰ আকৌ এগৰাকীয়ে প্ৰাৰ্থী৷ বিৰোধী শিবিৰৰ কংগ্ৰেছে জয়ন্ত বৰাক, আপে অনন্ত গগৈ, চি পি আই (এম এল)য়ে লক্ষ্মীকান্ত কুৰ্মীক প্ৰাৰ্থিত্ব দিছে৷ বিজেপি, অগপ, ইউ পি পি এলৰ উমৈহতীয়া প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিহালীত জোৰদাৰ প্ৰচাৰ চলাই আছে৷ উল্লেখযোগ্য যে যোৰহাটৰ পাছতে সম্প্ৰতি বিহালী বিধানসভা নিৰ্বাচনে আটাইতকৈ গুৰুত্ব পাইছে৷ অসমত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত আজিৰ তাৰিখত আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টিটোৱে হৈ পৰিল বিহালী৷ বিহালীয়ে বাকী সমষ্টিকেইটাতকৈ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ মূলতে কিন্তু গৌৰৱ গগৈ৷ গৌৰৱ গগৈৰ বিপৰীতে বিহালীত পীযুষ হাজৰিকা বিজেপিৰ হৈ ৰণক্ষেত্ৰত নামিছে৷ যোৰহাটত গৌৰৱ গগৈ নিজে প্ৰাৰ্থী আছিল৷ যোৰহাটৰ যুঁজখনত গৌৰৱ গগৈ বিজয়ী হৈছিল৷ যুঁজখন নতুন ৰূপত আকৌ বিহালীত আৰম্ভ হৈছে৷ সেয়ে অসমৰ ৰাইজৰ চকু বিহালীলৈ৷ ইয়ে আন এটা দিশ উন্মোচিত কৰিছে৷ সেইটো হ’ল ৰাজনৈতিক তাৰকা হিচাপে গৌৰৱ গগৈৰ গুৰুত্ব৷

    দিন যোৱাৰ লগে লগে উপ-নিৰ্বাচনৰ বতাহ তীব্ৰ হ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থাকিবৰ বাবে অসমৰ এই পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত বৰ বেছিকৈ সময় দিব নোৱাৰিব বুলি কোৱা হৈছে৷ যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষভাৱে এই নিৰ্বাচনত ঝাৰখণ্ডৰ পৰাই জড়িত হৈ থকাটো নিশ্চিত৷ বিহালীত লাহে লাহে বিজেপি বনাম কংগ্ৰেছৰ যুঁজখনে আকৰ্ষণীয় পৰ্যায়ত উপনীত হোৱাটো খাটাং৷ ইয়াৰ কাৰণো গৌৰৱ গগৈ বুলিয়ে ক’ব পাৰি৷ যদি বিহালী বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী বিজয়ী হয়, তেতিয়া ৰাজ্যৰ ৰাজনীতিয়ে নতুন গতি লোৱাৰ সম্ভাৱনা আছে৷ যদি পৰাজিত হয়, তেতিয়াও ৰাজ্যৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ অক্ষুণ্ণ থকাটোকে প্ৰতিপন্ন কৰিব৷ এতিয়া কংগ্ৰেছ তথা গৌৰৱ গগৈৰ বাবে প্ৰধান প্ৰত্যাহ্বান হ’ব নিজৰ দলটোৰ কেইগৰাকীমান নেতা৷ 

    লগতে বিজেপিবিৰোধী বুলি কোৱা দলবোৰৰ ভূমিকা৷ উল্লেখযোগ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি একাংশই বিহালীত দলে প্ৰাৰ্থী দিয়াটো বিচৰা নাছিল৷ বিহালীত জয়ন্ত বৰাই প্ৰাৰ্থিত্ব পোৱাৰ মূলতে গৌৰৱ গগৈ৷ সেয়ে জয়ন্ত বৰাক বিজয়ী কৰাই অনাৰ দায়িত্ব দলৰ যিমান, ব্যক্তিগতভাৱে গৌৰৱ গগৈৰো সিমান৷ আপৰ ভূমিকা নতুনকৈ আলোচনা কৰিবলগীয়া বিষয় নহয়৷ আপে বিহালী আৰু চামগুৰিত প্ৰাৰ্থী দিছে যদিও নিৰ্ণায়ক হ’ব পাৰিব নে নাই সন্দেহ আছে৷ এতিয়া মূল বিষয়টোলৈ আহোঁ৷ বিহালী বিধানসভা সমষ্টিটোত এসময়ত চি পি আই (এম এল)ৰ প্ৰভাৱ আছিল৷ তৎসত্ত্বেও এই সমষ্টিটোৰ পৰা ২০১১ত পল্লৱলোচন দাস কংগ্ৰেছ প্ৰাৰ্থী হিচাপে বিজয়ী হৈছিল৷ পৰৱৰ্তী সময়ত পল্লৱলোচন দাস আৰু ৰঞ্জিত দত্ত ধাৰাবাহিকভাৱে বিহালীৰ পৰা বিজয়ী হৈছে৷ 

    ১৯৭৮১ পৰা চাৰিটা কাৰ্যকাল সমষ্টিটো কংগ্ৰেছৰ দখলত থকাৰ পাছত ২০০১ত ৰঞ্জিত দত্তই বিজেপিৰ প্ৰাৰ্থী হিচাপে বিহালীত প্ৰথম বিজয়ী হয়৷ বিবেক দাস চি পি আই (এম এল)ৰ প্ৰাৰ্থী হিচাপে বিহালীত একাধিকবাৰ অৱতীৰ্ণ হৈছে৷ ব্যক্তিগত জীৱনত বিবেক দাস এগৰাকী সৎ আৰু সমাজ জীৱনৰ প্ৰতি দায়বদ্ধ নাগৰিক৷ কিন্তু ভোটৰ ৰাজনীতি আৰু সাম্প্ৰতিক প্ৰেক্ষাপটত কেতিয়াবা এই কথাবোৰ ভোটাৰৰ বাবে গৌণ হৈ পৰে নেকি? বিবেক দাসৰ প্ৰসংগ আহিলে এই প্ৰশ্নটোৱে সচেতন মহলক জোকাৰি যায়৷ এইখিনিতে সুপ্ৰকাশ তালুকদাৰে কৰা মন্তব্যটো প্ৰাসংগিক৷ 

    মানুহৰ আস্থা আৰু বিশ্বাস বাঁওপন্থীসকলৰ প্ৰতি আছে৷ কোনো মানুহে হেমেন দাস, মনোৰঞ্জন তালুকদাৰৰ দৰে বাঁওপন্থী ৰাজনীতিকক অসৎ আৰু দায়বদ্ধহীন বুলি নকয়৷ কিন্তু ভোটৰ ৰাজনীতিত কিয় এওঁলোক উপেক্ষিত হৈ থাকে? বাঁওপন্থীসকলে এই কথাটো অত্যন্ত গুৰুত্বসহকাৰে লোৱা উচিত৷ ভোটৰ ৰাজনীতিত উপেক্ষিত হৈ থাকিলে সৰ্বসাধাৰণ নাগৰিকৰ বাবে আইন প্ৰণয়ন কৰা, কেতবোৰ গণমুখী সিদ্ধান্ত গ্ৰহণ আৰু কাৰ্যকৰীকৰণত সমস্যা আহে৷ পুনৰ বিহালীৰ প্ৰসংগ আনিব খুজিছোঁ৷ চি পি আই (এম এল)য়ে যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, সেইগৰাকী প্ৰাৰ্থীয়ে ভোট লাভ কৰিব৷ কিন্তু জয়ন্ত বৰা আৰু তেওঁৰ মাজত হোৱা ভোটৰ বিভাজনে শাসক পক্ষকে সহায় কৰিব নেকি?