এখন জাহাজৰ বাবে আটাইতকৈ নিৰাপদ স্থান হ’ল– সাগৰৰ পাৰ৷ কিন্তু জাহাজখন পাৰত বান্ধি থ’বলৈ সজা নহয়৷ এলবাৰ্ট আইনষ্টাইনে কৰা এই মন্তব্য অত্যন্ত গুৰুত্বপূৰ্ণ৷ অশান্ত সাগৰৰ বুকুত বিচৰণ কৰিবৰ বাবেই সজা হয় জাহাজ৷ সমুদ্ৰৰ বুকুত টাইটানিকৰ দৰে জাহাজ ধবংস হৈছিল৷ কেৱল টাইটানিকেইনে? সাগৰৰ অটল গৰ্ভত বহু জাহাজ লীন গৈছে৷ মৃত্যু হৈছে হেজাৰ বিজাৰ মানুহৰ৷ তথাপি দক্ষ নাবিকে সাগৰ এৰি কোনোদিন পলোৱা নাই৷ অশান্ত সাগৰৰ বুকুত যুদ্ধ কৰি পৰাজিত হোৱা নাবিকৰ স্থানো কিন্তু নায়কৰ শাৰীতে৷
যদি জীৱনত সংঘাত আৰু সংঘৰ্ষই নাথাকে, তেনেহ’লে সেই জীৱনৰ মাদকতা ক’ত? মসৃণ বাটত খোজকঢ়াৰ আমেজ যুঁজাৰু মানসিকতাৰ মানুহৰ বাবে আনন্দদায়ক নহয়৷ একা-বেঁকা, খলা-বমা পথেৰে আগবাঢ়ি যোৱাৰ বাবে এজন মানুহ মানসিকভাৱে প্ৰস্তুত হোৱাৰ অৰ্থ তেওঁ জীৱনত যুঁজিবলৈ সাজু৷ সংঘৰ্ষহীন জীৱন আকাশীলতাৰ দৰে, যি আশ্ৰয়দাতাৰে জীৱনটোকে এটা সময়ত কাঢ়ি লয়৷ ঘাত-প্ৰতিঘাতৰ মাজেৰে অসমতো বহু নেতাৰ ৰাজনৈতিক জীৱন আগবাঢ়ি যোৱা দেখিছোঁ৷ যি কেৱল সুযোগৰ অপেক্ষাত থাকে, তেওঁ নেতা হোৱাৰ যোগ্যতা হেৰুৱাই পেলায়৷ প্ৰতিকূল পৰিৱেশত দলক আগবঢ়াই নিব পৰাটোহে নেতাৰ দক্ষতা৷
মনত পৰিছে অসম আন্দোলনৰ সেই সময়ৰ কথা৷ ৰাজ্যত এঘৰীয়া কৰা হৈছিল কংগ্ৰেছ আৰু বাঁও মতাদৰ্শত বিশ্বাসী লোকসকলক৷ এই সময়ত গীতিকাৰ প্ৰয়াত কেশৱ মহন্ত, খগেন মহন্ত আদি এঘৰীয়া হৈছিল৷ আন্ধাৰ নামি অহাৰ লগে লগে এওঁলোকৰ ঘৰৰ পদূলিত ভয় খুৱাবলৈ অজ্ঞাত লোকে কেতিয়াবা শিয়ালৰ দৰে ৰাও জুৰিছিল আৰু কেতিয়াবা ঘৰৰ টিনলৈ শিলগুটি দলিয়াইছিল৷ সাৰি যোৱা নাছিল প্ৰখ্যাত কথাশিল্পী ছৈয়দ আব্দুল মালিকো৷ মহন্ত চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী প্ৰয়াত দীগেন বৰাই আমাৰ আগতে প্ৰায়ে মন্তব্য কৰিছিল যে ৰাজনীতিত স্থায়ী শত্ৰু বা মিত্ৰ বুলি একো নাই৷ অসম আন্দোলনৰ সময়ত তেওঁলোকৰ ভয়ত যিসকলে নিশা বাহিৰলৈ ওলাবলৈ ভয় কৰি ঘৰৰ ভিতৰত চৰিয়াত প্ৰস্ৰাৱ কৰিছিল, সেই বাঁওপন্থীসকলৰ সৈতেই পৰৱৰ্তী সময়ত অগপই চৰকাৰ কৰিবলগীয়া হৈছিল৷ অগপ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত ৰাজ্যত আলফাৰ কাম-কাজ তুংগত উঠিছিল৷ নিষিদ্ধ ঘোষিত সংগঠনটোৱে এনে সময়তে এটা বিশেষ বিষয়ত ফটোৱা জাৰি কৰিছিল৷ এই ফটোৱা সংগঠনটোৱে অগপক সহায় কৰিবলৈকে কৰিছিল বুলি তেতিয়া আলোচিত হৈছিল৷ আলফাই অসমত যিসকল লোক ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সৈতে জড়িত, তেওঁলোকক তাৎক্ষণিকভাৱে পদত্যাগ কৰিবলৈ ভাবুকি দিছিল৷ অন্যথা চৰম শাস্তি বিহিব বুলি কৈছিল৷
আলফাৰ এই ভাবুকিৰ পাছতে কংগ্ৰেছৰ পৰা বহুসংখ্যক লোকে পদত্যাগ কৰিছিল৷ সেই সময়ত অসমত বিজেপিৰ কোনো প্ৰভাৱ নাছিল৷ এতিয়া আটাইতকৈ বেছি দেশপ্ৰেমিক বুলি জাহিৰ কৰা বহুতে আলফাৰ ভৰপকৰ সময়ত নিতাল মাৰি আছিল৷ যি কি নহওক মৃত্যুৰ পৰা বাচিবলৈ কিছুসংখ্যকে কংগ্ৰেছ আৰু চি পি এমৰ পৰা পদত্যাগ কৰিছিল৷ ইয়াৰ পাছতো কিন্তু এই দুটা দলত বহু হেজাৰ মানুহ ৰৈ গৈছিল৷ হয়তো এইসকলে নিজৰ জীৱনতকৈয়ো দলৰ গুৰুত্ব অধিক বুলি মানি লৈছিল৷ আলফাৰ হাতত বহুকেইজন কংগ্ৰেছ নেতা-কৰ্মীৰ মৃত্যু হৈছিল৷ আলফাই বাঁওপন্থী শিবিৰৰ লোককো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল৷
কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মন একাধিকবাৰ আলফাৰ প্ৰত্যক্ষ আক্ৰমণৰ সন্মুখীন হৈছিল৷ আলফাৰ গুলীৰ পৰা জীৱন বচাবলৈ ডাঃ বৰ্মন মানুহৰ বাৰীৰ চুকত লুকাবলগীয়া হৈছিল৷ এতিয়া কথাটো বেলেগ৷ সেই সময়ত আলফাৰ প্ৰত্যক্ষ প্ৰভাৱ ৰাজ্যখনত আছিল৷ সন্মুখৰ পৰা গুলীওৱাৰ পাছতো ভূমিধৰ বৰ্মনে দল নসলালে৷ এয়াই একোজন মানুহৰ দলৰ প্ৰতি থকা আনুগত্য৷ জীৱনক তুচ্ছ কৰি দলক ভালপোৱা মানুহৰ সংখ্যা প্ৰতিটো ৰাজনৈতিক দলত কম-বেছি পৰিমাণে আছে৷
এজন মানুহে আনুগত্য আৰু বিশ্বাসযোগ্যতাৰ পৰীক্ষা দিবৰ বাবে জীৱনত এবাৰ হ’লেও সুযোগ পায়৷ এই সুযোগ নেতাসকলে কিদৰে গ্ৰহণ কৰে, সেয়া তেওঁলোকৰ কথা৷ ৰাজনৈতিক নেতাসকলে দললৈ অহা দুৰ্যোগৰ বাবে নিজেও যে ইয়াৰ বাবে কম-বেছিকৈ জগৰীয়া, সেই সত্য উপলব্ধি কৰিব পাৰিলে তেওঁ হেজাৰ বিপৰ্যয়ৰ মাজতো ডলাৰ বগৰী হ’বলৈ নিবিচাৰিব৷ বৰঞ্চ তেওঁ দলক সময় দি ইয়াৰ শ্ৰীবৃদ্ধিৰ বাবে যুঁজ কৰিব৷ আনে বাঢ়ি থোৱা ভাত খোৱাৰ মজা আছে জানো? ৰান্ধি-বাঢ়ি আনৰ লগতে নিজে ভাতমুঠি খোৱাৰ যি আনন্দ, সেই আনন্দৰ ভাগ পৰনিৰ্ভৰশীল আৰু সুযোগ সন্ধানী নেতাই কেনেকৈ ল’ব পাৰিব? দুখন আসনৰ পৰা বিজেপিক আজিৰ অৱস্থালৈ অনাত যিকেইজন নেতাৰ ভূমিকা আছিল, তেওঁলোকক বিজেপিৰ ইতিহাসে কেতিয়াও পাহৰিবলৈ নিদিয়ে৷
অসমত একেৰাহে ১৫ বছৰ ক্ষমতাত থকাৰ পাছত কংগ্ৰেছৰ যি পতন ঘটিল, সেয়া স্বাভাৱিক বুলি মানি ল’ব নোৱাৰি৷ কাৰণ এইখন দেশতে নৱীন পাটনায়কে পাঁচটা কাৰ্যকাল চৰকাৰ চলাইছে৷ গেগং আপং, জ্যোতি বসু আদিয়েও অভিলেখ গঢ়ি গৈছে৷ বিদ্ৰোহ, বিসম্বাদ আৰু ক্ষমতাকেন্দ্ৰিক সংঘাতৰ বাবে অসমত কংগ্ৰেছৰ বিপৰ্যয় ঘটিছিল৷ ইয়াৰ পাছত একেৰাহে দুটা কাৰ্যকাল কংগ্ৰেছ বিৰোধীৰ আসনত বহিছে৷ ২০২৪১ লোকসভা নিৰ্বাচনৰ আগে আগে সমগ্ৰ দেশৰ লগতে অসমতো কংগ্ৰেছক লৈ অনি(য়তা আহি পৰিছিল৷ শাসক দলে খেলিছিল এখন মনস্তাত্ত্বিক যুঁজ৷ এই যুঁজখনৰ বিষয়ে কংগ্ৰেছৰ বিয়াগোম নেতাসকলে কোনো উম-ঘাম পোৱা নাছিল৷ লাখ লাখ ভোটত বিজেপি প্ৰাৰ্থী জয়ী হ’ব, ১৪খন আসনৰ ১৩খন শাসক দলে পাব৷ এই ধৰণৰ প্ৰচাৰে বিভ্ৰান্ত কৰিছিল কংগ্ৰেছৰ গৰিষ্ঠসংখ্যক নেতা-কৰ্মীক৷ সাধাৰণতে সুবিধা আৰু ক্ষমতাৰ বাবে ৰাজনীতি কৰাসকলে উৎসাহ হেৰুৱাই পেলাইছিল৷ যুঁজৰ পূৰ্বেই তেওঁলোকে পৰাজয় স্বীকাৰ কৰি দল সলাইছিল৷
নহ’লে কংগ্ৰেছৰ পৰা বসন্ত দাস, শশীকান্ত দাস, কমলাক্ষ দে’পুৰকায়স্থ, ছিদ্দেক আলী আহমেদ আদিয়ে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে বিজেপিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিবলৈ বিচাৰেনে? আনকি বিৰোধী দলপতিগৰাকীৰ শাৰীৰিক ভাষা আৰু মন্তব্যত পৰাজয়ৰ উমান কেনেকৈ পালোহেঁতেন? ইজনৰ পাছত সিজনে কংগ্ৰেছ এৰি বিজেপিলৈ যোৱাৰ সময়ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো শিবিৰ সলোৱাৰ বাতৰি ওলাইছিল৷ এই সম্পৰ্কত সাংবাদিকে সোধাত কংগ্ৰেছ বিধায়কগৰাকীয়ে যি মন্তব্য কৰিছিল, সেই মন্তব্য এগৰাকী নেতাৰ মুখত নিশ্চয় শোভা নাপায়৷
লোকসভা নিৰ্বাচনৰ সময়ত মূলসুঁতিৰ গৰিষ্ঠসংখ্যক সংবাদ মাধ্যম, সাংবাদিক আদিয়ে দৃষ্টিকটুভাৱে শাসক পক্ষৰ গুণ-গান আৰম্ভ কৰিছিল৷ ৰাজ্যখনত বিৰোধীয়ে এখনো আসন নাপাব বুলি প্ৰচাৰ চলোৱা হৈছিল৷ বিৰোধীয়ে যি এখন পাব, সেইখন বদৰুদ্দিন আজমলৰ ধুবুৰী৷ এনেকুৱা সময়তো বয়সত তুলনামূলকভাৱে কনিষ্ঠ হৈয়ো গৌৰৱ গগৈয়ে দেখুওৱা সাহস, উদ্যম দলটোৰ বাবে প্ৰেৰণাদায়ক৷ গৌৰৱ গগৈ কংগ্ৰেছ নে বিজেপি, আমাৰ আলোচনাৰ মূল বিষয় নহয়৷ মূল বিষয় এইটোহে দল দুৰ্বল হোৱা বুলি বিশ্বাস কৰি কংগ্ৰেছৰ বহু বিয়াগোম নেতাই বিজেপিৰ প্ৰভাৱশালী মহলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল৷ দেখুৱাই যোৱাসকল গ’লেই৷ নোযোৱাসকলৰ মাজতো আছিল দেধাৰ সুবিধাবাদী৷ তেওঁলোকে এখন ভৰি কংগ্ৰেছত থৈ আনখন ভৰি বিজেপিত ৰাখিছিল৷ এইসকল কিন্তু নেতা নহয়৷ এইসকল বিশ্বাসঘাতক৷ এওঁলোক কাৰো প্ৰতি আনুগত্যশীল যে নহয়, সেয়া তেওঁলোকৰ আচৰণ আৰু কাম-কাজে প্ৰমাণ কৰিলে৷
লাচিত বৰফুকনক কিয় আজিৰ প্ৰজন্ময়ো বাৰে বাৰে স্মৰণ কৰিছে? শিৱাজীক কিয় আজিৰ প্ৰজন্মই মনত ৰাখিবলৈ বাধ্য হৈছে? কিয় গোপীনাথ বৰদলৈক অসমৰ মানুহে কেতিয়াও পাহৰিব নোৱাৰে? এয়া হৈছে তেওঁলোকৰ দল আৰু দেশখনৰ প্ৰতি থকা আনুগত্য৷ জীৱনক বাজি লগাই বৰফুকন আৰু শিৱাজীয়ে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল৷ ইয়াত পৰাজিত হ’লেই মৃত্যু নিশ্চিত৷
সাগৰৰ ঢৌ দেখি ভয় খোৱা মানুহ কোনোকালে নাবিক হ’ব নোৱাৰে৷ সাগৰত জাহাজ চলাবলৈ ভয় কৰা নাবিকে নদীৰ বুকুতো নাও চলাবলৈ সাহস কৰিব নোৱাৰে৷ নেতাই যুঁজিব লাগিব সন্মুখৰ পৰা৷ পিছৰ পৰা ছুৰী মাৰিবলৈ ৰৈ থকাজন কেতিয়াও নেতা হ’ব নোৱাৰে৷ পিছপিনৰ পৰা আক্ৰমণ কৰিবলৈ সাজু থকা মানুহবোৰ বিশ্বাসঘাতক৷ এনেকুৱা মানুহৰ হাতত দল যিদৰে নিৰাপদ নহয়, সেইদৰে দেশো এওঁলোকৰ হাতত অসুৰক্ষিত৷ কাৰো প্ৰতি আনুগত্য নথকা মানুহ সকলোৰে মাজত অপ্ৰিয় হোৱাই নহয়, সন্দেহৰ আৱৰ্তত সোমাই পৰে৷ এনে মানুহ কেতিয়াও কোনো দলক নেতৃত্ব দিব নোৱাৰে৷ এওঁলোকে নিজ স্বাৰ্থৰ বাবে যিকোনো কাম কৰিব পাৰে৷
অকণমান ৰাহুল গান্ধীৰ কথা আনিব খুজিছোঁ৷ ২০১৪ত ৪৪খন আসন পোৱা কংগ্ৰেছ এতিয়া সংসদত ১০২খন আসনৰ গৰাকী৷ আসনৰ সংখ্যা অন্য এটা বিষয়৷ সম্প্ৰতি কেউপিনে আলোচনাৰ বিষয় হৈ পৰিছে ৰাহুল গান্ধীৰ যুঁজাৰু মানসিকতাহে৷ এজন ব্যক্তিক বিভিন্ন বিশেষণেৰে সামাজিকভাৱে হেয় কৰাৰ লগতে ৰাজহুৱা সভা-সমিতিতো অপমান কৰি যোৱা হৈছিল৷ বিভিন্ন অপযশ জাপি দিয়া হৈছিল৷ তাৰ পাছতো হতাশ নহৈ ৰাহুল গান্ধীয়ে যুঁজ দি ২০২৪ত প্ৰথমবাৰৰ বাবে সাংবিধানিক পদমৰ্যাদা লাভ কৰিছে৷ ভাৰতীয় ৰাজনীতিত ৰাহুল গান্ধী এতিয়া বিৰোধী দলপতি৷ অশান্ত সাগৰৰ বুকুত অহৰহ যুঁজ কৰি সুকলমে জাহাজখন পাৰ কৰিছে ৰাহুল গান্ধীয়ে৷ মাজৰ সময়ছোৱাত ই ডি, আয়কৰ আদিৰ দ্বাৰা বিভিন্ন ধৰণে হাৰাশাস্তিৰ সন্মুখীন হৈছে৷ সিদিনালৈকে যিসকলে ৰাহুল গান্ধী, গৌৰৱ গগৈ আদিক উপলুঙা কৰি আহিছিল, তেওঁলোকে এতিয়া এই দুয়োগৰাকীক সমীহ কৰিবলৈ শিকিছে৷ এয়াই জীৱন৷ হাৰ মানি আত্মসমৰ্পণ কৰিব নে হাৰ নামানি যুঁজ দিব? নিৰ্ধাৰণ কৰাৰ দায়িত্ব আপোনাৰ!
Leave A Comment