অহংকাৰ আৰু আত্মবিশ্বাসৰ মাজত পাৰ্থক্য আছে৷ আত্মবিশ্বাসে জীৱনক গঢ় দিয়ে৷ অহংকাৰৰ পৰিণাম কিমান ভয়াৱহ, সেয়া সোণৰ লংকা আৰু হস্তিনাপুৰৰ পতনৰ কাহিনীয়ে যুগে যুগে ভাৰতীয় সমাজক সোঁৱৰাই আহিছে৷ আমি এনে কিছু মানুহক দেখা পাওঁ, যি কেৱল অতীত ৰোমন্থন কৰি সময়বোৰ পাৰ কৰে৷ যি মানুহৰ বৰ্তমান আৰু ভৱিষ্যৎ বুলি একো নাথাকে, সেই মানুহে কেৱল অতীতক খামুচি জীয়াই থাকিব খোজে৷ মই এনেকুৱা কৰিছিলোঁ, মই তেনেকুৱা কৰিছিলোঁ, মই অমুক আছিলোঁ, মই তমুক আছিলোঁ ধৰণৰ কেতবোৰ চৰ্বিত-চৰ্বণ কথা-বতৰাৰে এক বিৰক্তিদায়ক আচৰণ কৰে এই মানুহে৷ বৰ্তমান সময়ত ফেচবুকত এনেকুৱা বহু মানুহক আমি লগ পাওঁ, যিসকলে বৰ্তমান কি কৰি আছে তাৰ সলনি তেওঁলোকে আজিৰ পৰা কেইবাদশক পূৰ্বে কি কৰিছিল তাৰ বৰ্ণনা দিয়ে ধাৰাবাহিকভাৱে৷
অৱশ্যে অতীতৰ সেই স্মৃতি বহু সময়ত আজিৰ প্ৰেক্ষাপটতো গুৰুত্ব থাকে৷ কিন্তু অতীত খামুচি থকা বেছিভাগ মানুহৰ ভৱিষ্যৎ পৰিকল্পনা বৰ বিশেষ নাথাকে৷ এনেকুৱা বহু উদাহৰণ আছে৷ কংগ্ৰেছৰ বৰ্তমান অৱস্থাটো এনেকুৱা হৈয়ে পৰা বুলি ক’ব পাৰি৷ এই শতিকাত উৰিবলৈ লৈছে উত্তৰ আধুনিকতাবাদৰ বিজয় ধ্বজা৷ মানুহে অতীতলৈ উভতি চাইছে যদিও সেই অতীতৰ গাত ভেজা দি ভৱিষ্যতলৈ খোজ দিয়াৰ চেষ্টাও চলাইছে৷ কংগ্ৰেছৰ অতীত ৰোমাঞ্চকৰ আৰু গতিশীল৷ ক্ষমতাত থকা মহলটোৰ একাংশই নিজক শ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন কৰিবলৈ জৱাহৰলাল নেহৰু বা ইন্দিৰা গান্ধীক সামাজিকভাৱে হেয় কৰাৰ অহৰহ চেষ্টা চলোৱা দেখিছো৷
দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীক লৈ এই মহলটোৱে যি মন্তব্যই নকৰক ইতিহাসৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে জানে নেহৰুৰ পাণ্ডিত্য আৰু দক্ষতা৷ ভাৰতবৰ্ষক যি সময়ত নেহৰুৱে নেতৃত্ব দিছিল, সেই সময়ত খাদ্য আৰু স্বাস্থ্য সংকটে গোটেই দেশত বিভীষিকাৰ সৃষ্টি কৰিছিল৷ তদুপৰি দেশ বিভাজনৰ দুঃসহ বোজাই ভাৰতবৰ্ষক জোকাৰি আছিল৷ এনেকুৱা এক অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ মাজতো নেহৰুৰ কাৰ্যকালত দেশত এইমছ স্থাপিত হৈছিল৷ স্থাপিত হৈছিল কাৰিকৰী আৰু অভিযান্ত্ৰিক শিক্ষাৰ অজস্ৰ প্ৰতিষ্ঠান৷ নেহৰুৰ দিনত স্থাপন হোৱা এই প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান আজি ভাৰতৰে নহয়, পৃথিৱীৰে অন্যতম শ্ৰেষ্ঠ সম্পদ হিচাপে চিহ্নিত হৈছে৷ যিকোনো এগৰাকী শিক্ষিত আৰু নিৰপেক্ষ লোকে এই সত্য স্বীকাৰ কৰিব৷
নেহৰুৱে কি চিগাৰেট খাইছিল, নেহৰুৰ কোন ব্ৰিটিছ মহিলাৰ সৈতে সম্পৰ্ক আছিল, সেয়া ইতিহাসৰ গৱেষক ছাত্ৰৰ বাবে বৰ আলোচ্য বিষয় নহয়৷ আলোচ্য বিষয় নেহৰুৰ সৃষ্টি, তেওঁৰ গ্ৰন্থ, ৰাজনৈতিক কৰ্ম আৰু গঢ়ি যোৱা বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান৷ ইন্দিৰা গান্ধীৰ ক্ষেত্ৰতো একেই কথা৷ জৰুৰীকালীন সময়ৰ বাহিৰে ইন্দিৰা গান্ধীৰ এটা সিদ্ধান্তই পৃথিৱীৰ মানচিত্ৰ সলনি কৰি দিছিল৷ আৰু ভাৰতৰ এগৰাকী প্ৰধানমন্ত্ৰী কিমান শক্তিশালী আৰু সাহসী হ’ব পাৰে তাৰ বাৰ্তা বিশ্ববাসীক দিবলৈ সক্ষম হৈছিল৷ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ এখনক সম্পূৰ্ণৰূপে দ্বিখণ্ডিত কৰাৰ কৃতিত্ব ইন্দিৰা গান্ধীৰ নহয়, এই কৃতিত্ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ৷ চকীখনৰ মৰ্যাদা কিমান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কূটনৈতিক আৰু সামৰিক শক্তি কিমান হ’ব পাৰে, তাৰো আভাস দেশে ৭০ৰ দশকতে দিছিল৷
এয়া অকল কংগ্ৰেছৰ ইতিহাস নহয়৷ এয়া ভাৰতৰ ইতিহাস৷ এই ইতিহাস কোনো ব্যক্তি বিশেষক সমালোচনা কৰি বা চৰিত্ৰ হননেৰে মচি পেলোৱাৰ সাধ্য কাৰো নাই৷ যিদৰে ঔৰংগজেৱে মন্দিৰ ভাঙি মছজিদ সাজি দিয়াৰ পাছতো সত্য মচি পেলাব নোৱাৰিলে, সেইদৰে ইতিহাস কোনেও নিজৰ স্বাৰ্থত সলনি কৰিব নোৱাৰে৷ সময়ে সময়ে ইতিহাসৰ ভুল আৰু বিকৃত ব্যাখ্যা কৰিব বিচাৰিলেও শুভ ক্ষণত প্ৰকৃত সত্যই মূৰ দাঙি উঠিবই৷
বৰ্তমান ভাৰতীয় ৰাজনীতিত কংগ্ৰেছৰ অৱস্থা অত্যন্ত দুঃখজনক৷ ভাৰতীয় গণতন্ত্ৰ শক্তিশালী হ’বলৈ অপাৰ শক্তি বিৰোধীৰ হাততো থাকিব লাগিব৷ বিৰোধী শক্তিশালী হ’লে শাসকক জনতাৰ স্বাৰ্থত নিয়ন্ত্ৰণ কৰাটো কঠিন নহয়৷ এতিয়া কথা হ’ল, কংগ্ৰেছে এই সময়ত পুৰণিৰ গাত ভেজা দি নতুনকৈ ইতিহাস সৃষ্টি কৰিবলৈ কোনো ধৰণে আগ্ৰহী নহয় যেন ধাৰণা হয়৷ অতীতৰ স্মৃতিকে ৰোমন্থন কৰি বহু আদহীয়া মানুহে বৰ্তমান আৰু ভৱিষ্যৎ অন্ধকাৰ কৰি পেলায়, তেনেদৰেই কংগ্ৰেছৰ বৰ্তমানৰ নেতাসকলে নেহৰু আৰু ইন্দিৰা গান্ধীৰ শক্তি, সামৰ্থ্য আৰু সাহসৰ কাহিনী সাধুকথালৈ ৰূপান্তৰিত কৰি তাকে ভাৰতবাসীক দিন-ৰাতি শুনাই থকাটোকে তেওঁলোকৰ একমাত্ৰ কাম বুলি গণ্য কৰিবলৈ লৈছে৷
শাসকপক্ষয়ো কংগ্ৰেছৰ অতবোৰ নেতাৰ মাজৰ পৰা কেৱল নেহৰু আৰু ইন্দিৰা গান্ধীক সমালোচনা কৰাৰ একমাত্ৰ কাৰণ ৰাহুল গান্ধী৷ প্ৰধানমন্ত্ৰীৰ আসনত পি ভি নৰসিংহ ৰাও থকাৰ সময়ত দেশত বিয়াগোম চেনি, ইউৰিয়া কেলেংকাৰি সংঘটিত হৈছিল৷ সেই প্ৰসংগ এবাৰলৈকো আলোচনা কৰিব নোখোজে৷ কিন্তু নেহৰুৰ ৰাজনীতি বা ইন্দিৰা গান্ধীৰ জৰুৰীকালীন সময়ক বাৰে বাৰে আলোচনাৰ টেবুললৈ আনি কংগ্ৰেছক নহয়, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ লগতে ছোনিয়া গান্ধীক লোকচক্ষুত লঘু কৰাৰ চেষ্টা চলি আছে৷
ৰাজনীতিত এয়া সম্ভৱ৷ কিন্তু আজিৰ কংগ্ৰেছ ইমানেই দুৰ্বল যে ইয়াৰ যথাযোগ্য প্ৰত্যুত্তৰ দিয়াত সমূলি ব্যৰ্থ৷
পাঁচ ফেব্ৰুৱাৰী, ২০২৪ত প্ৰধানমন্ত্ৰীয়ে সংসদত ৰাষ্ট্ৰপতিৰ প্ৰতি ধন্যবাদসূচক ভাষণ দিবলৈ গৈ কংগ্ৰেছলৈ আঙুলি টোঁৱাই যিকেইটা প্ৰশ্ন উত্থাপন কৰিলে, তাৰ উত্তৰ দিবলৈ বিৰোধী দলটো অপাৰগ হৈ থাকিল৷ বিজেপিৰ বিৰুদ্ধে পৰিয়ালতন্ত্ৰৰ যি অভিযোগ কংগ্ৰেছে আনিছিল, তাৰ উত্তৰ প্ৰধানমন্ত্ৰীয়ে দিছে৷ প্ৰধানমন্ত্ৰীয়ে কৈছে– ৰাজনাথ সিং বা বিজেপিৰ যিসকল নেতাৰ সন্তান দললৈ আহিছে, তেওঁলোকক স্বাগতম, কিন্তু এইসকল নেতা বা তেওঁলোকৰ সন্তানক বিজেপিক পৰিচালনা কৰিবলৈ দিয়া হোৱা নাই৷ বিজেপি তৃণমূল পৰ্যায়ৰ পৰা পৰিচালিত এটা দল৷ দ্বিতীয়তে, প্ৰধানমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছে বাৰে বাৰে এটা প্ৰডাক্ট লন্স কৰে আৰু বাৰে বাৰে ব্যৰ্থ হয়৷ ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰীয়ে ৰাহুল গান্ধীক প্ৰত্যক্ষভাৱে সমালোচনা কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে সদনত ৰাহুল গান্ধী সম্পৰ্কত কৰা এই মন্তব্যৰ বহু পূৰ্বে একে ধৰণৰ কথা কৈছিল মমতা বেনাৰ্জীয়েও৷
পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতাসকলক সাক্ষাৎ কৰি দুবছৰ পূৰ্বেই কৈছিল যে কংগ্ৰেছে ৰাহুল গান্ধীক সন্মুখত লৈ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব নালাগে৷ কংগ্ৰেছে ৰাহুল, প্ৰিয়ংকাৰ সলনি দলৰ অন্য এগৰাকী গতিশীল আৰু ভাবমূৰ্তিসম্পন্ন লোকক আগবঢ়াই দিয়ক৷ মমতা বেনাৰ্জীৰ এই আহ্বানৰ প্ৰতি গুৰুত্ব নিদিলে কংগ্ৰেছে৷ মমতা বেনাৰ্জীয়ে কিয় এনেকৈ কংগ্ৰেছক পৰামৰ্শ দিছিল, তাৰ ব্যাখ্যা দলটোৰ নেতাসকলৰ লগতে ঘনিষ্ঠ মহলক দিছিল৷ ৰাহুল গান্ধীক কংগ্ৰেছ তথা বিৰোধীয়ে সন্মুখত ল’লে বিজেপিয়ে পৰিয়ালতন্ত্ৰৰ অভিযোগ দোহাৰিব৷ লগতে নেহৰু, ইন্দিৰা গান্ধীৰ প্ৰসংগ আনি কংগ্ৰেছৰ লগতে বিৰোধীক জনমানসত হেয় কৰাৰ চেষ্টা চলাব৷ মমতা বেনাৰ্জীয়ে দুবছৰ পূৰ্বে কৰা এই ভৱিষ্যবাণী আজি সঁচা হৈছে৷
প্ৰধানমন্ত্ৰীয়ে সংসদত পৰিয়ালতন্ত্ৰৰ অভিযোগ আনি কংগ্ৰেছক কৰা সমালোচনাৰ কোনো সঠিক উত্তৰ দলটোৱে দিব নোৱাৰিলে৷ কংগ্ৰেছৰ পৰিয়ালতন্ত্ৰৰ ব্যাখ্যা দি প্ৰধানমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছক এটা পৰিয়ালে পৰিচালনা কৰে৷ ইয়াত দক্ষ আৰু প্ৰতিভাশালী তৰুণক গুৰুত্ব দিয়া নহয়৷ প্ৰধানমন্ত্ৰীৰ এই অভিযোগ মিছাও নহয়৷
ৰাহুল গান্ধীৰ ৰাজনৈতিক অপৰিপক্বতাৰ বাবে আজি ‘ইণ্ডিয়া’মৰ্চাত বিভাজন ঘটিছে৷ নীতিশ কুমাৰ আঁতৰি গৈছে৷ মমতা বেনাৰ্জীয়ে যিকোনো মুহূৰ্তত কংগ্ৰেছৰ সৈতে সম্পৰ্ক ছেদ কৰিব৷ পঞ্জাব, উত্তৰ প্ৰদেশৰ কেইবাটাও আঞ্চলিক দল ‘ইণ্ডিয়া’ মৰ্চাৰ পৰা আঁতৰিছে৷ ইয়াৰ অৰ্থ এইটো যে ৰাহুল গান্ধীৰ নেতৃত্বৰ প্ৰতি তেওঁলোকৰ আস্থা কমি আহিছে৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অত্যন্ত ক্ষোভেৰে মন্তব্য কৰিছে যে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৪০খনৰ অধিক আসন লাভ নকৰে৷ ৰাহুল গান্ধীয়ে ‘ইণ্ডিয়া’মৰ্চাক শক্তিশালী কৰাৰ বাবে কোনো প্ৰচেষ্টা চলোৱা নাই, অথচ নিৰ্বাচন সমাগত৷ বৰঞ্চ ‘ইণ্ডিয়া’ মৰ্চাক দুৰ্বল কৰিহে পেলালে৷ ন্যায় যাত্ৰাত বিৰোধী দলৰ নেতাসকলক ৰাহুল গান্ধীৰ ইছাৰাতে আঁতৰাই ৰখা হ’ল৷ পশ্চিমবংগত ন্যায় যাত্ৰা কৰোঁতে মমতা বেনাৰ্জীক এবাৰলৈকো ফোন এটা নকৰিলে৷ যিবোৰ ৰাজ্যত বিজেপিবিৰোধী দলৰ চৰকাৰ আছে, সেইবোৰ ৰাজ্যত কংগ্ৰেছে ন্যায় যাত্ৰা কৰাৰ প্ৰয়োজনীয়তা নাছিল৷ যদি ন্যায় যাত্ৰা কৰাটো জৰুৰী বুলি বিবেচনা কৰিছিল, তেনেহ’লে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীক ইয়াৰ সৈতে জড়িত নকৰাটো কংগ্ৰেছৰ মূৰ্খামী৷
আজিৰ দিনত বিজেপিৰ মূৰৰ কামোৰণি ৰাহুল গান্ধীয়ে বঢ়োৱা নাই, বঢ়াইছে মমতা বেনাৰ্জীয়েহে৷ পশ্চিমবংগৰ ৪২খন আসন বিজেপিয়ে কব্জা কৰাৰ বাবে বিভিন্ন কৌশল লৈছে৷ ভাৰতবৰ্ষৰ ভিতৰতে অন্যতম বৃহৎ ৰাজ্য পশ্চিমবংগৰ অবিজেপি চৰকাৰখনৰ সৈতে কংগ্ৰেছে এটা মধুৰ সম্পৰ্ক স্থাপন কৰিব নোৱৰাটো ৰাহুল গান্ধীৰ আন এক ৰাজনৈতিক অপৰিপক্বতাৰ পৰিচায়ক৷ কংগ্ৰেছে অধীৰ ৰঞ্জন চৌধুৰীৰ দৰে লোকক অধিক গুৰুত্ব দি দলৰ লগতে মমতা বেনাৰ্জীৰ দৰে এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেত্ৰীৰ সৈতে দূৰত্ব বৃদ্ধি কৰিছে৷ ইয়াৰ ফলত কংগ্ৰেছৰ প্ৰভূত ক্ষতি হোৱাটো নিশ্চিত৷
এইবাৰ কংগ্ৰেছে যি ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছে, এতিয়ালৈকে ইয়াৰ কোনো প্ৰভাৱ বিজেপিত পৰা নাই৷ তদুপৰি ৰাহুল গান্ধীয়ে বিজেপিক সমালোচনা কৰিবলৈ গৈ একেবোৰ কথাকে বাৰম্বাৰ কৈ আছে৷ আদানী, জাতি গণনা আদি বিষয়বোৰে নিৰ্বাচনত কংগ্ৰেছক ভোট গোটোৱাত সহায় কৰিবনে? যদি কংগ্ৰেছক ভোট নালাগে, জনসমৰ্থনৰ প্ৰয়োজন নাই, বিজেপিকে পুনৰ চৰকাৰ গঠনৰ বাট মোকলাই দিব বিচাৰিছে, তেনেহ’লে এই বিষয়বোৰতে ৰাহুল গান্ধী আবদ্ধ থাকক৷ বিষয়বোৰো জনতাৰ মাজলৈ লৈ যোৱাত কংগ্ৰেছ সম্পূৰ্ণৰূপে ব্যৰ্থ৷
সংসদৰ অধিৱেশনৰ সামৰণি পৰাৰ পাছতে লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্ণ সম্ভাৱনা৷ আজিৰ তাৰিখত দেশত নিৰ্বাচন অনুষ্ঠিত হ’লে কংগ্ৰেছে কেইখন আসন পাব? মমতা বেনাৰ্জীয়ে কোৱাৰ দৰে ৪০খনৰ আশে পাশে৷ হয়তো প্ৰধানমন্ত্ৰীয়ে ঠিকেই কৈছে নিৰ্বাচনৰ পাছত লোকসভাৰ দৰ্শকৰ গেলেৰীত বহিব লাগিব কংগ্ৰেছ৷ তথাপি ৰাহুল গান্ধীৰ সম্বিৎ ঘূৰি অহা নাই৷ তেওঁ এটা বিষয়তে লাগি আছে৷ আদানী আৰু জাতি গণনা৷ এই বিষয়টো ৰাইজৰ বোধগম্য হোৱাকৈ লৈ যোৱাটো কংগ্ৰেছ নেতাগৰাকী ব্যৰ্থ৷ ইয়াতকৈ দুৰ্বোধ্য ইউ চি চি, ৩৭০ক বিজেপিয়ে সহজ-সৰল ভাষাত সাধাৰণ নাগৰিকৰ মাজলৈ লৈ যোৱাত সফল হৈছে৷
ৰাম মন্দিৰক লৈ ৰাজনীতি হৈছে, ভোট বিচাৰিছে৷ কিন্তু ইয়াৰ উত্তৰ কানহায়া কুমাৰ বা সীতাৰাম য়েচুৰীয়ে যিমান সুন্দৰকৈ দিব পাৰিছে, তেনেকৈ ৰাহুল গান্ধীয়ে পৰা নাই৷ এয়াই পাৰ্থক্য৷ এই পাৰ্থক্যৰ বাবে কংগ্ৰেছ আৰু অধিক বিপৰ্যয়ৰ মাজলৈ যোৱাৰ পথ মুকলি হৈছে৷ কংগ্ৰেছে ৰাহুল গান্ধীক কেন্দ্ৰ কৰি কেন্দ্ৰত চৰকাৰ গঠনৰ সপোন দেখিছে৷ ৰাহুল গান্ধীৰ বাহিৰেও যে কংগ্ৰেছত দক্ষ নেতা আছে, সেয়া জনতাই জনাৰ কোনো উপায় নাই৷ কংগ্ৰেছৰ ব্যৰ্থতাও ইয়াতে৷
জিতুমণি বৰা
Leave A Comment