জিতুমণি বৰা
১৯২৪-২০২৪৷ এশ বছৰৰ ব্যৱধান৷ ১৯২৪ত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল গুৱাহাটীত৷ সাহিত্য সভাৰ এই অধিৱেশনত সভাপতিত্ব কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই৷ এশ বছৰৰ মূৰকত আজি সাহিত্য সভা কেনে আছে? সাহিত্য সভাৰ বৌদ্ধিক স্বাস্থ্য বেজবৰুৱাৰ দিনতকৈ শক্তিশালী হৈছেনে? এশ বছৰৰ মূৰত সভাই বেজবৰুৱাৰ উত্তৰসুৰী হিচাপে সভাপতি পাতিব খুজিছে কাক? এটা চিন্তা উদ্ৰেককাৰী প্ৰশ্ন৷ অসমৰ সমাজ জীৱনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাছত পাঁচগৰাকী বিশেষ অসমীয়াৰ নাম যদি লওঁ, মুষ্টিমেয় সেইসকলৰ মাজত বেজবৰুৱা অন্যতম৷ বেজবৰুৱাই কেৱল সাহিত্য চৰ্চাই কৰিছিলনে? বেজবৰুৱা এগৰাকী সফল ব্যৱসায়ীও আছিল৷ এই পৰিচয় তেওঁৰ সাহিত্য প্ৰতিভাই ঢাকি পেলালে৷ কিন্তু সেইজন বেজবৰুৱাক আজিৰ প্ৰজন্মই কেতিয়াও পাহৰিব নোৱাৰে, যিজন বেজবৰুৱাই অসমীয়া ভাষা-সাহিত্য প্ৰতিষ্ঠা আৰু পুনৰুদ্ধাৰৰ বাবে সকলো চৰকাৰী বঁটা-বাহন, সন্মানক একাষৰীয়া কৰি যুঁজ দিছিল৷ সময়ে এনেকৈয়ে একোজন ব্যক্তিৰ জীৱন আৰু কৰ্মৰ পৰ্যালোচনা কৰে৷ যিমান চেষ্টা কৰি আমি আমাৰ বৰ্তমানৰ ফাঁকি আৰু প্ৰতাৰণাবোৰ লুকুৱাবলৈ চেষ্টা নকৰো কিয়, বুৰঞ্জীয়ে ইয়াৰ নিৰ্মোহ বিশ্লেষণ কৰিবই৷
ক্ষমতা আৰু প্ৰভাৱৰ দ্বাৰা বহু বিশিষ্ট অসমীয়া লোকে আমাৰ সমাজ জীৱনক কৰা প্ৰতাৰণা সাময়িকভাৱে ঢাকোন দিবলৈ সক্ষম হ’লেও ইতিহাসৰ পাতত সময়ে সময়ে ইয়াৰ নিৰপেক্ষ বিশ্লেষণ হোৱাটো স্বাভাৱিক৷ এই বিশ্লেষণতে ওলাই পৰে কোনে কিমান সততাৰে সমাজ জীৱনলৈ অৰিহণা আগবঢ়াই গৈছে৷ এই সময়ৰ বহু প্ৰভাৱশালী মানুহো ইতিহাসৰ বুকুৰ পৰা চিৰদিনলৈ মচ খাই যাবলৈ বেছিদিন নালাগিব৷ আজিৰ প্ৰজন্মই অসমীয়া মানুহৰ সংগ্ৰামী ইতিহাস বিশ্লেষণ কৰোঁতে বেজবৰুৱাক কেতিয়াও একাষৰীয়া কৰি থ’ব নোৱাৰে৷
১৯২৪ত অসম সাহিত্য সভাৰ কৰ্মকৰ্তাসকলে লক্ষ্মীনাথ বেজবৰুৱাক সভাপতিৰ দায়িত্ব অৰ্পণ কৰাটো অতি মহৎ আৰু সময়োচিত সিদ্ধান্ত আছিল বুলি ২০২৪ত আকৌ চৰ্চিত হৈছে৷ বেজবৰুৱা সভাপতি হোৱাৰ এশ বছৰ পাছত সাহিত্য সভাৰ যি অৱস্থা বৰ্তমান সৃষ্টি কৰা হৈছে, ইয়াৰ বাবে অসমৰ জনসাধাৰণ তিলমানো জগৰীয়া নহয়৷ ইয়াৰ বাবে জগৰীয়া সাহিত্য সভাৰ একাংশ কৰ্মকৰ্তা৷ এইটোও ঠিক যে অসম সাহিত্য সভাক ভালপোৱা লাখ লাখ মানুহ অসমৰ বাহিৰে ভিতৰে ঠাহ খাই আছে৷ সাহিত্য সভাৰ মজিয়াতো সভাক ভালপোৱা মানুহৰ অভাৱ হোৱা নাই৷ অসমীয়া সমাজৰ বাবে দুৰ্ভাগ্য যে যিসকলে সভাৰ উত্তৰণ বিচাৰে, যিসকলে সভাই জাতীয় অনুষ্ঠানৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাটো বিচাৰে, তেওঁলোকৰ চিন্তা-চৰ্চাবোৰে সভাৰ মজিয়াত হয়তো গুৰুত্ব পোৱা নাই৷ ইয়াৰ বাবে সভাৰ সভাপতি, প্ৰধান সম্পাদক সকলো কম-বেছি পৰিমাণে জগৰীয়া বুলি ক’ব পাৰি৷
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা দেশৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা বুদ্ধিজীৱী ড੦ নগেন শইকীয়াই অসম সাহিত্য সভা সম্পৰ্কত কৰা মন্তব্যই অসমৰ শিক্ষিত সমাজখনক জোকাৰি গৈছে৷ ড੦ নগেন শইকীয়াই কৰা মন্তব্যই সভাৰ বিষয়ববীয়াসকলক লজ্জিত কৰিছে নে নাই, সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ কোনবোৰ মানুহ পদবীৰ বাবে লালায়িত, সেয়া আমি সকলোৱে জানো৷ সাহিত্য সভাই হওক, ছাত্ৰ সন্থাই হওক বা অন্যান্য জাতীয় অনুষ্ঠানবোৰৰ কথাই বোলা হওক, পদবীৰ প্ৰতি লালায়িত মানুহবোৰৰ মুখবোৰ আমাৰ চকুৰ আগত ভাহি থাকে৷ যিসকলৰ প্ৰতিভা কম, তেওঁলোকে ছল চাতুৰীৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সন্মানীয় আৰু প্ৰভাৱ খটুৱাব পৰা আসনৰ গৰাকী হোৱাৰ বাবে ৰাজনীতি কৰে৷ এই ৰাজনীতি কৰিব নোৱৰাৰ বাবে অসমৰ কেইবাগৰাকীও বৰেণ্য সাহিত্যিক সভাপতিৰ আসনত বহিব নোৱাৰিলে বুলি আজি সৰ্বত্ৰ আলোচিত৷
ড॰ নগেন শইকীয়াই অসম সাহিত্য সভাৰ সাম্প্ৰতিক স্থিতি আৰু কাম-কাজত লজ্জিত বুলি মন্তব্য কৰি দুটা গুৰুত্বপূৰ্ণ কথা কৈছে৷ যি দুটা কথাৰ পৰা সভাৰ বৰ্তমানৰ বিষয়ববীয়াসকলে জাতীয় অনুষ্ঠানটোক পুনৰুদ্ধাৰ কৰি ইয়াক জনমুখী কৰাৰ চেষ্টা চলাব পাৰে৷ প্ৰখ্যাত সাহিত্যিকগৰাকীয়ে কৈছে যে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুলি ক’বলৈ তেওঁ লাজ কৰে৷ সাহিত্য সভাৰ কাম-কাজক লৈ তেওঁ ইমানেই লজ্জিত যে তেওঁ ব্যৱহাৰ কৰা পেডত সভাৰ প্ৰাক্তন সভাপতি বুলি উল্লেখ কৰা নাই৷ দ্বিতীয়তে, ড॰ শইকীয়াই কৈছে যে হোমেন বৰগোহাঞিৰ কাৰ্যকালৰ পাছতে সভাই গৰিমা হেৰুৱাইছে৷ ইয়াৰ পৰৱৰ্তী সময়ত সভাৰ সভাপতি হিচাপে কেইবাজনো বিশিষ্ট অসমীয়া নিৰ্বাচিত হৈছে যদিও দুই-চাৰিগৰাকী এনে ব্যক্তি এই সময়ত সভাৰ শীৰ্ষ আসনত অধিষ্ঠিত হ’ল, যিসকলৰ জীৱন বিতৰ্কৰে ভৰপূৰ৷ সভাপতি হ’বলৈ এইসকলে কৰা ৰাজনীতিৰ কথা নতুনকৈ আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই৷ লবীকেন্দ্ৰিক ৰাজনীতিয়ে সভাৰ গৰিমা এই সময়তে ম্লান কৰি পেলালে৷
এতিয়াও সময় পাৰ হৈ যোৱা নাই৷ ইয়াৰ বাবে ড॰ নগেন শইকীয়াই আগবঢ়োৱা পৰামৰ্শ সভাৰ কৰ্মকৰ্তাসকলে মানি চলিবলৈ বিচাৰিলে সমস্যাৰ সমাধান নিশ্চয় হ’ব৷ সাহিত্য সভাৰ সভাপতিগৰাকী যথাৰ্থতে এগৰাকী সন্মানীয় সাহিত্যিক হ’বই লাগিব৷ মৌলিক সাহিত্যৰে ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰা এগৰাকী সাহিত্যিক সভাই বিচাৰি উলিয়াব নোৱৰাটো দুৰ্ভাগ্যজনক৷ সভাৰ কৰ্মকৰ্তাসকলে বিশেষকৈ প্ৰধান সম্পাদকগৰাকীয়ে আপোচহীন স্থিতি লোৱা হ’লে অসমৰ সাহিত্যনুৰাগীয়ে নলিনীধৰ ভট্টাচাৰ্য, নীলমণি ফুকন, পদ্ম বৰকটকী, মামণি ৰয়ছম গোস্বামী, ভৱেন্দ্ৰনাথ শইকীয়া, নিৰোদ চৌধুৰী, নিৰুপমা বৰগোহাঞিৰ দৰে সাহিত্যিকক সভাপতি হিচাপে পালেহেঁতেন!
সাহিত্য সভাৰ বিষয়ববীয়াসকলে আত্মসমালোচনা কৰক৷ কাৰ ভুলৰ বাবে জ্ঞানপীঠ বঁটা বিজয়ী তিনিগৰাকী অসমীয়া সাহিত্যিকৰ দুগৰাকী ক্ৰমে নীলমণি ফুকন আৰু মামণি ৰয়ছম গোস্বামী সাহিত্য সভাৰ সভাপতি হ’ব নোৱাৰিলে? এই পদবীৰ বাবে তেওঁলোকৰ আগ্ৰহ আছিল নে নাই, সেয়া আন এক প্ৰশ্ন৷ কিন্তু তেওঁলোকক সভাৰ সভাপতিৰ আসনত বহিবলৈ আনুষ্ঠানিকভাৱে অনুৰোধ জনোৱা হৈছিল জানো? বিভিন্ন অজুহাতত মামণি ৰয়ছম গোস্বামীক সভাপতি পদৰ পৰা আঁতৰাই ৰখাৰ কাহিনী আমি জানো৷ প্ৰয়াত মামণি ৰয়ছম গোস্বামীয়ে ব্যক্তিগতভাৱেও তেওঁক লৈ অসমৰ সাহিত্য জগতত এচাম লোকে চলোৱা ৰাজনীতিৰ কথা দুখেৰে কৈছিল৷
সকলোৰে এটা সীমা থাকে৷ বেয়া সময় মানুহৰ জীৱনত যিদৰে স্থায়ী নহয়, সেইদৰে সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ বাবেও এই বেয়া সময় স্থায়ী হ’ব নোৱাৰে৷ যাৰ বাবে যশস্বী সাহিত্যিকে সাহিত্য সভাৰ সভাপতি হ’বলৈ অনিচ্ছা প্ৰকাশ কৰিবলৈ লৈছে৷ এসময়ত ৰাইজে উৎকণ্ঠাৰে বাট চাইছিল সভাৰ সভাপতি কোন হ’ব? এতিয়া ৰাইজো সভাক লৈ একেবাৰে উদাসীন৷ সভাই প্ৰকৃত সাহিত্যিকক প্ৰয়োজনবশতঃ নিৰ্বাচন অবিহনেও সভাৰ সভাপতি পদত অধিষ্ঠিত কৰাৰ বাবে চেষ্টা চলাব লাগে৷ প্ৰয়োজনত সভাই সংবিধান সংশোধন কৰি এই ক্ষেত্ৰত আগবঢ়া হ’লে নিৰুপমা বৰগোহাঞি, ভৱেন্দ্ৰনাথ শইকীয়া, পদ্ম বৰকটকী, নিৰোদ চৌধুৰী, নীলমণি ফুকন, মামণি ৰয়ছম গোস্বামী আদি সভাপতিৰ আসনত অধিষ্ঠিত হৈ সভাৰ জেউতি চৰালেহেঁতেন৷ সাহিত্য সভাৰ সেইসকল বৰেণ্য বিষয়ববীয়াই এতিয়াৰ পৰা অন্ততঃ বাস্তৱমুখী চিন্তা-চৰ্চাৰে আগবাঢ়ক৷
যিসকল প্ৰকৃত সাহিত্যসেৱী তেওঁলোকে কোনো পদত অধিষ্ঠিত হ’বলৈ জীৱনৰ অমূল্য সময় নষ্ট কৰি ৰাজনীতিত ব্যস্ত হ’ব নোখোজে৷ অসমৰ সাহিত্য জগতত এতিয়াও অনন্য প্ৰতিভাশালী বহু লেখক বৰ্তমান৷ প্ৰয়োজনত ৰাইজৰ পৰাও মতামত গ্ৰহণ কৰক৷ যোগ্যজন সাহিত্য সভাৰ সভাপতিৰ আসনত অধিষ্ঠিত হওক৷ যিদৰে পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, তৰুণৰাম ফুকনকে ধৰি ভূপেন হাজৰিকা, লক্ষ্মীনন্দন বৰা, নগেন শইকীয়া, হোমেন বৰগোহাঞি, কনকসেন ডেকা আদি সাহিত্য সভাৰ সভাপতি হৈছিল, সেইদৰে পৰৱৰ্তী সময়তো একোজন বিশিষ্ট সাহিত্যিকক সভাপতিৰ আসনত বহুৱাওক৷ যাৰ ব্যক্তিত্ব আৰু সাহিত্য প্ৰতিভাক অসমৰ ৰাইজে শ্ৰদ্ধা কৰে৷
Leave A Comment