• সামাজিক মাধ্যমতো নিৰ্মাণ হৈছে বিপ্লৱৰ ভেটি

    সম্পাদকীয়
    সামাজিক মাধ্যমতো নিৰ্মাণ হৈছে বিপ্লৱৰ ভেটি
    জিতুমণি বৰা

    আপোনাৰ আচৰণ কেনেকুৱা, আপুনি কিমান সংস্কৃতিৱান, সেই পৰিচয় জানিবলৈ আপুনি সততে ব্যৱহাৰ কৰা সামাজিক মাধ্যমো কেতিয়াবা সহায়ক হৈ পৰে৷ ইয়াত বিভিন্ন সময়ত দিয়া আপডেটৰ জৰিয়তে জানিব পাৰি আপোনাৰ ৰুচি আৰু আপোনাৰ ব্যক্তিত্ব৷ ফে’চবুক, ইনষ্টাগ্ৰাম, টুইটাৰ তথা এক্স হেণ্ডেল, টেলিগ্ৰাম আদি পৃথিৱীৰ নবীন, প্ৰবীণ দুয়োটা প্ৰজন্মৰ জীৱন ধাৰণত অন্যতম প্ৰয়োজনীয় মাধ্যম হৈ পৰিছে৷ ইয়াত আপলোড কৰা ফটো আৰু বিভিন্ন আপডেটৰ জৰিয়তে এজন মানুহৰ সামাজিক পৰিচয়ো ফুটি উঠে৷ সামাজিক মাধ্যম সাম্প্ৰতিক সময়ৰ অতিকৈ জনপ্ৰিয় আৰু শক্তিশালী এক কণ্ঠ৷ সামাজিক মাধ্যমে সমাজ সলনি কৰিব পাৰে৷ শক্তিশালী মহলক নিয়ন্ত্ৰণ কৰিব পাৰে৷

    শেহতীয়াকৈ সামাজিক মাধ্যমত জনপ্ৰিয় এগৰাকী অভিনেতা আজাজ খানক লৈ ব্যাপক চৰ্চা হৈছে৷ এটা মহলে আজাজ খানক লৈ সামাজিক মাধ্যমতে কৌতুক কৰিবলৈকো লৈছে৷ ইয়াৰ কাৰণ হ’ল– ২৩ নৱেম্বৰ, ২০২৪ত ঘোষিত মহাৰাষ্ট্ৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনত আজাজ খান নামৰ এইগৰাকী অভিনেতাই প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ ১৫৫টা ভোট লাভ কৰিলে৷ আজাজ খানে আজাদ সমাজ পাৰ্টীৰ এগৰাকী প্ৰাৰ্থী হিচাপে মহাৰাষ্ট্ৰৰ ভাৰছোভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীয়ে দুটা ভোট পোৱাৰো উদাহৰণ আছে৷ আজাজ খানে ১৫৫টা ভোট পোৱাক লৈ কৌতুক সৃষ্টি কৰাসকলৰ যুক্তি হ’ল ইনষ্টাগ্ৰামত এইগৰাকী অভিনেতাৰ ৫৬ লাখৰ অধিক অনুগামী থকাৰ পাছতো কেনেকৈ ইমান কম ভোট লাভ কৰিব পাৰে? নিৰ্বাচনত জয়ী হ’বলৈ সামাজিক মাধ্যমৰ কোনো প্ৰয়োজন নাই বুলি এওঁলোকে আজাজ খানৰ উদাহৰণ দি ক’ব বিচাৰিছে৷

    আজাজ খানক লৈ কৌতুক সৃষ্টি কৰাসকলৰ ব্যাখ্যা একেবাৰে অযুক্তিকৰ বুলি ভাবো৷ আজাজ খানৰ ইনষ্টাগ্ৰামৰ ৫৬ লাখ অনুগামীৰ আটাইবোৰ তেওঁৰ সমষ্টিৰ নহয়৷ পৃথিৱীজুৰি আছে এইগৰাকী অভিনেতাৰ অনুগামী৷ দ্বিতীয় কথাটো হ’ল– আধুনিক পৃথিৱীত সামাজিক মাধ্যমৰ কোনো প্ৰভাৱ সমাজত নাই বুলি আজাজ খানৰ উদাহৰণ দি ক’বলৈ যোৱাটো আত্মসন্তুষ্টিৰ বাহিৰে আন একো নহয়৷ সম্প্ৰতি সমাজত আটাইতকৈ প্ৰভাৱশালী মাধ্যমটোৱে হ’ল সামাজিক মাধ্যম৷ সমাজ এখনক প্ৰতিনিধিত্ব কৰা সৰু-বৰ প্ৰতিগৰাকী মানুহে সামাজিক বিষয়বোৰ বৰ গুৰুত্বসহকাৰে ইয়াৰ জৰিয়তে উত্থাপন কৰি আহিছে৷
    মূল সুঁতিৰ সংবাদ মাধ্যম বুলি যাক কোৱা হয়, সেইবোৰৰ বেছিভাগৰে নিৰপেক্ষতাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে৷ আনকি মূল সুঁতিৰ বহুতো সংবাদ মাধ্যমে সৰ্বসাধাৰণ নাগৰিকৰ আস্থা হেৰুৱাবলৈ লৈছে৷ এনে সময়তে গুৰুত্ব পাইছে সামাজিক মাধ্যম৷ সামাজিক মাধ্যমত জনপ্ৰিয় আৰু চৰ্চিত হোৱা বহু ব্যক্তি সমাজতো অত্যন্ত প্ৰভাৱশালী৷ চৰকাৰৰ হেঁচাত পৰি বিভিন্ন সময়ত মূল সুঁতিৰ সংবাদ মাধ্যমৰ পৰা আঁতৰি যোৱা ৰাবিশ কুমাৰ, পুণ্য প্ৰসূন বাজপেয়ী, অভিষাৰ শৰ্মা, অজিত অঞ্জুম, বৰ্ষা দত্ত আদিৰ দৰে সাংবাদিকে স্বতন্ত্ৰ সাংবাদিকতাৰ জৰিয়তে সামাজিক মাধ্যমত দৃঢ়ভাৱে খোপনি পুতিছে৷ আপুনি বা মই ভালপাঁও বা বেয়া পাওঁ, সেয়া বেলেগ এটা বিষয়৷ কিন্তু ধ্ৰুব ৰাথীৰ দৰে যুৱকে সামাজিক মাধ্যমতে চৰকাৰৰ কেতবোৰ বিষয়ক লৈ সৰৱ হৈছে৷ বহু সময়ত এইসকল সাংবাদিক আৰু সমাজকৰ্মী চৰকাৰৰ বাবে মূৰৰ কামোৰ৷ আজিৰ তাৰিখত ভাৰতবৰ্ষত মূল সুঁতিৰ হিন্দী আৰু ইংৰাজী ভাষাৰ নিউজ চেনেল, বাতৰি কাকত আদিৰ বেছিভাগ সাংবাদিক চৰকাৰৰ বাবে কোনো চিন্তাৰ কাৰণ নহয়৷ এওঁলোকৰ প্ৰভাৱো সমাজত বিশেষ একো নাই৷

    বৰ বেছি দূৰলৈ যাব নিবিচাৰোঁ৷ অসম চৰকাৰক বিপথে পৰিচালিত কৰি কেইজনমান গণবিচ্ছিন্ন আৰু অসমীয়াবিৰোধী চৰকাৰী বিষয়াই দীঘলীপুখুৰীৰ পাৰ আৰু ভৰলুমুখৰ শতিকাপ্ৰাচীন বৃক্ষবোৰ উৰণ সেতু নিৰ্মাণৰ অজুহাতত কাটি পেলাবলৈ ওলাইছিল৷ কেৱল কমিছনৰ অংকত গোটেই জীৱন পাৰ কৰা এইবোৰ অভিযন্তা আৰু চৰকাৰী বিষয়াই মুহূৰ্ততে এখন চৰকাৰক ৰাইজৰ অপ্ৰিয় কৰি তোলাত এনেকুৱা সিদ্ধান্তৰে আগভাগ লৈছিল৷ গুৱাহাটীৰ ৰাজহুৱা স্থানৰ বৃক্ষধবংস অভিযানৰ বিৰুদ্ধে জনমত গঠনত কেৱল সামাজিক মাধ্যমে প্ৰধান ভূমিকা পালন কৰিছে বুলিলে ভুল কোৱা নহ’ব৷ সামাজিক মাধ্যমতে গুৱাহাটীৰ এজোপাও গছ যাতে ভৱিষ্যতে চৰকাৰে নাকাটে, তাৰ বাবে ৰাইজ ঐক্যবদ্ধ হৈছিল৷ সামাজিক মাধ্যমৰ বহুল প্ৰভাৱৰ বাবেই সাম্প্ৰতিক সময়ত মূল সুঁতিৰ বহু সংবাদ মাধ্যমে জনপ্ৰিয়তা হেৰুৱাই সামাজিক মাধ্যমকে অনুসৰণ কৰিবলৈ বাধ্য হৈছে৷ নুনমাটিৰ পৰা নিৰ্মাণ কৰি থকা উৰণ সেতুখনৰ নক্সা সলনি কৰিবলৈ চৰকাৰক বাধ্য কৰালে অসমীয়া তৰুণ প্ৰজন্ম আৰু তেওঁলোকে ব্যৱহাৰ কৰা সামাজিক মাধ্যমে৷
    ‘কা’বিৰোধী আন্দোলনত অসমৰ ৰাইজ প্ৰথমবাৰৰ বাবে এনে এক অনাহুত পৰিস্থিতিৰ সন্মুখীন হৈছিল, য’ত অসমবাসীয়ে অনুভৱ কৰিছিল– গণতন্ত্ৰত কেনেকৈ ইণ্টাৰনেট কৰ্তন কৰি সাধাৰণ নাগৰিকৰ অধিকাৰ খৰ্ব কৰা হয়৷ 

    মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত অসমীয়া সমাজ আৰু তৰুণ প্ৰজন্মক ঐক্যবদ্ধ কৰাত তেতিয়াও সামাজিক মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ সামাজিক মাধ্যমৰ কুপ্ৰভাৱো আছে৷ আৰম্ভণিতে উল্লেখ কৰা হৈছে যে এজন মানুহৰ আচৰণ কেনেকুৱা, তেওঁৰ ভাব-ভাষা কি পৰ্যায়ৰ, সেয়া তেওঁ সামাজিক মাধ্যমত ব্যৱহাৰ কৰা ভাষাৰ জৰিয়তে প্ৰতিফলিত হয়৷ব্যস্ততাপূৰ্ণ জীৱনত সামাজিক মাধ্যমত মুহূৰ্তে মুহূৰ্তে আপডেট দি থকাটো সকলো মানুহৰ বাবে সম্ভৱ নহয়৷ যি মানুহ কৰ্মক্ষেত্ৰত অতি ব্যস্ত, সেই মানুহে ফে’চবুক, ইনষ্টাগ্ৰাম, টুইটাৰত ব্যস্ত থাকিবলৈ তেনেকৈ সময় উলিয়াব নোৱৰাটো স্বাভাৱিক৷ একেদৰে অধ্যয়নশীল মানুহেও কিতাপ পত্ৰ এৰি ফে’চবুকত অনবৰত জড়িত নাথাকে৷ সৃষ্টিশীল যিকোনো এজন লোক, তেওঁ লেখক, গায়ক, সুৰকাৰ, বাদ্যযন্ত্ৰী, খেলুৱৈ, চিত্ৰশিল্পীও হ’ব পাৰে; তেওঁ বৃত্তিগত তাগিদাতে খুব কম সময় সামাজিক মাধ্যমত দিব পাৰে৷ এনেকুৱা বহু লোকৰ সামাজিক মাধ্যম পৰিচালনা কৰাৰ দায়িত্ব আনৰ হাতত থাকে৷ একেদৰে অতি ব্যস্ত ৰাজনৈতিক নেতাই মিনিটে মিনিটে যিবোৰ আপডেট দিয়ে, সেইবোৰৰ বাবে বেতনভোগী লোকক নিয়োগ কৰা দেখা যায়৷

    সামাজিক মাধ্যমৰ অন্য এক বিপজ্জনক দিশ হ’ল– ই বহু মানুহৰ সৃষ্টিশীলতা কাঢ়ি নিছে৷ আৰু ভাললগা দিশ হ’ল– বহু সৃষ্টিশীল মানুহে তেওঁলোকৰ সৃষ্টি কৰ্ম সামাজিক মাধ্যমৰ জৰিয়তে লাখ লাখ অনুগামীৰ মাজলৈ মুহূৰ্ততে লৈ যাব পাৰিছে৷ আমি এনেকুৱা কেইবাগৰাকীও মানুহ পাইছোঁ, যি ফে’চবুক, টুইটাৰত ব্যস্ত হৈ লিখা-পঢ়া কৰিবলৈ সময় নোপোৱা হৈছে৷ তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকৰ হ্ৰাস পাইছে মগজুৰ উৰ্বৰা শক্তি৷ আনকি মধ্য নিশালৈকে সামাজিক মাধ্যমত ব্যস্ত থকা বহু লোকে হেৰুৱাইছে হেঁপাহৰ টোপনি৷ মানসিকভাৱে ৰুগীয়া হৈছে এনে মানুহ৷ সামাজিক মাধ্যমৰ এই বিষ উপলব্ধি কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে দেশখনৰ তৰুণ প্ৰজন্মৰ বাবে এক বিশেষ ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰিছে৷ তেওঁৰ মতে ম’বাইল ফোনটোৱে বহু সময়ত বহু মানুহক আৱেগহীন আৰু তেওঁলোকৰ প্ৰেমক যন্ত্ৰৱৎ কৰি পেলাইছে৷ ৰাছিয়াত প্ৰেমিক-প্ৰেমিকাৰ চঞ্চলা যৌৱন আৰু বিয়াৰ পাছত সংসাৰ বঢ়োৱাৰ মানসিকতা এই ফোনটোৱে হ্ৰাস কৰিছে বুলি পুটিনে অনুভৱ কৰিছে৷ আমিও ইয়াত দেখা পাওঁ প্ৰেমিক-প্ৰেমিকাই কফি হাউছত বহি আড্ডা মৰাৰ সলনি ব্যস্ত থাকে নিজৰ নিজৰ ম’বাইল ফোনৰ স্ক্ৰীনত৷ 

    ইয়াৰ মাজতে কফি হাউছত খাবলৈ লোৱা কফি আৰু কেক্ৰ ফটো এখন তুলি দুয়ো সামাজিক মাধ্যমত আপলোড কৰাটোতে দায়িত্ব শেষ কৰে৷ জীৱন আৰু সম্পৰ্ক এনেকুৱা হ’ব পাৰে জানো? ম’বাইল ফোনৰ আসক্তিৰ পৰা নতুন প্ৰজন্মক আঁতৰাই এক স্বাভাৱিক জীৱনলৈ ঘূৰাই আনিবলৈ পুটিনে লোৱা বিশেষ ব্যৱস্থাৰ এটা হ’ল– ইণ্টাৰনেট কৰ্তন৷ ইণ্টাৰনেট কৰ্তনৰ জৰিয়তে মানুহক মানুহৰ ওচৰ চপাই নিয়াৰ প্ৰস্তুতি৷ মানুহে ম’বাইলত মেছেজ মেছেজ খেলি থকা নিচাৰ পৰা আঁতৰাই ইজনে সিজনৰ সৈতে ভাবৰ আদান-প্ৰদান যাতে কৰিব পাৰে, তাৰ বাবেই নিৰ্দিষ্ট সময়ৰ বাবে ইণ্টাৰনেট কৰ্তনৰ কথা চিন্তা কৰিছে পুটিনে৷ স্বামী-স্ত্ৰীক শাৰীৰিকভাৱেও ওচৰ চাপি যোৱাত বাধা হৈ পৰা ম’বাইল ফোনটোৰ পৰা ইণ্টাৰনেট কৰ্তনৰ চিন্তা পুটিনে কৰিবলগীয়া হৈছে৷

    জীৱন ৰসৰে ভৰপূৰ৷ জীৱন কেতিয়াও যন্ত্ৰ হ’ব নোৱাৰে৷ জীৱন যেতিয়া যন্ত্ৰত পৰিণত হয়, তেতিয়াই ইয়াৰ যন্ত্ৰণাৰ পৰিমাণো বৃদ্ধি পায়৷ এক স্বাভাৱিক জীৱনলৈ মানুহক ঘূৰাই অনাৰ বাবে আধুনিক সকলো সামগ্ৰীৰ অধিক ব্যৱহাৰ কেতিয়াবা ক্ষতিকাৰক৷ কিন্তু সমাজ গঠন আৰু বৈপ্লৱিক চেতনা ঘূৰাই অনাত সামাজিক মাধ্যমৰ ভূমিকা আছে৷ ই নিৰ্ভৰ কৰে ম’বাইল ফোনটো কাৰ হাতত আছে আৰু কেনেদৰে ইয়াক ব্যৱহাৰ কৰিছোঁ৷