• আজমলে নাজানে ঘুণাসুঁতি-জেৰেঙা পথাৰৰ ত্যাগ...

    সম্পাদকীয়
    আজমলে নাজানে ঘুণাসুঁতি-জেৰেঙা পথাৰৰ ত্যাগ...
    য’তেই জীৱন আছে, তাতেই প্ৰেম আছে৷ প্ৰেম আৰু জীৱনৰ সংজ্ঞা প্ৰাণীভেদে ভিন্ন৷ সাধাৰণ মানুহৰ দৃষ্টিত ভয় আৰু আতংকৰ কাৰণ সৰ্পকুলতো প্ৰেমৰ উগ্ৰতা আমি সকলোৱে দেখিছোঁ৷ সৰ্পৰ প্ৰেমৰ নান্দনিক দৃশ্যক লৈ পৃথিৱীত বিশেষকৈ হলীউড, বলীউডত নিৰ্মিত হৈছে একাধিক চলচ্ছিত্ৰ৷ বন্য জন্তুৰ প্ৰেম আৰু যৌনতাৰ সঁচা কাহিনী বিভিন্ন মাধ্যমত দেখা পাইছোঁ৷ মানুহৰ প্ৰেমৰ কথাও অতুলনীয়৷ সঁচা প্ৰেমে জীৱনক দিয়ে অনন্য গতি৷ মানুহ ভেদে প্ৰেমৰ সংজ্ঞা ভিন্ন হ’লেও প্ৰেম মানে যৌনতা নহ’বও পাৰে৷ এনে বহু প্ৰেমৰ কাহিনী আমি জানো আৰু পঢ়িছোঁ, য’ত দুটা শৰীৰ দুঠাইত অকলশৰে থাকিও গোটেই জীৱন ইজন-সিজনৰ বাবে সাহস আৰু প্ৰেৰণাৰ প্ৰতীক হৈ থাকে৷ হয়তো মানুহৰ এই জীৱনৰ মূল্য আন একোৰে সৈতে তুলনা কৰিব নোৱাৰি৷ বৈষয়িক বাসনাৰ পৰা আঁতৰি কেৱল ইজন-সিজনৰ শুভাকাংক্ষী হৈ জীয়াই থকা জীৱনৰ বহু জীয়া কাহিনীৰ সাক্ষী আপুনি আৰু মই৷

    অসমীয়া সমাজ জীৱনতো প্ৰেমৰ বহু ঘটনা-পৰিঘটনা আছে৷ যিদৰে আছে জংকী-পানৈ, জয়মতী-গদাপাণি, চৈয়দ আব্দুল মালিকৰ ৰূপতীৰ্থৰ যাত্ৰীৰ নায়ক জ্যোতিৰ্ময় আৰু ইংলেণ্ডৰ মিৰাণ্ডাৰ প্ৰেম কাহিনী৷ নতুন প্ৰজন্মৰ বাবেও প্ৰেম প্ৰেৰণাৰ চিহ্ন হৈ উঠিছে৷ ঘুণাসুঁতিয়ে আজিও কয়– অসমীয়া নাৰী আৰু পুৰুষৰ প্ৰেম কিমান গভীৰ হ’ব পাৰে৷ অসমীয়া নাৰী সত্তাক বিভিন্ন সময়ত দেশ-বিদেশৰ বিভিন্নজনে প্ৰশংসা কৰিছে৷ একে ৰাতিতে যুদ্ধৰ সাজ তৈয়াৰ কৰি পতিক পিন্ধাই ৰণলৈ আগুৱাই দিয়া মহিলাৰ জন্ম এইখন অসমতে৷ এইখন অসমৰে মূলাগাভৰুৰ সাহস আৰু কৰ্মোদ্যম আজিৰ প্ৰজন্মৰ প্ৰতিগৰাকী নাৰীৰ বাবে প্ৰেৰণা৷ এগৰাকী পত্নীয়ে স্বামীৰ বাবে কিমান ত্যাগ কৰিব পাৰে তাৰ উৎকৃষ্ট উদাহৰণ মহাসতী জয়মতী৷ মাতৃৰ প্ৰেমত সন্তানে কেনেকৈ দায়িত্ব পালন কৰিব পাৰে, সেয়াও লাই আৰু লেছায়ে দেখুৱাই গৈছে৷

    আমি বিচাৰো– বিদ্যালয়ত অসম বুৰঞ্জী চৰকাৰে বাধ্যতামূলক কৰক৷ যি বুৰঞ্জীয়ে অসমীয়াৰ শৌৰ্য-বীৰ্যৰ কথা কৈ গৈছে৷ কেৱল ছেবাতে নহয়, চি বি এছ ইকে ধৰি অন্যান্য পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত কৰক অসমীয়াৰ বীৰগাথা৷ অসমীয়া মহিলাই নিজৰ দেশ আৰু জাতিৰ বাবে কি কৰিব নোৱাৰে, সেয়া বৰঙাবাৰীৰ কনকলতা বৰুৱা, নগাঁৱৰ ভোগেশ্বৰী ফুকননীকে ধৰি উজনি-নামনিৰ হেজাৰ বিজাৰ নাৰীয়ে কৰি দেখুৱাইছে৷ এই বুৰঞ্জী পঢ়া নাই বদৰুদ্দিন আজমলে৷ এই বুৰঞ্জী জানিবলৈকো আগ্ৰহ নাই বদৰুদ্দিন আজমলৰ৷ 

    চৰকাৰ চলোৱা মানুহবোৰ স্থায়ী নহয়৷ আজি যিসকলক চাইৰেন বজাই ঘূৰি ফুৰা দেখিছোঁ, সেয়া অতীত হ’বলৈ কেইপৰ? কোনে মনত ৰাখে এওঁলোকক? মনত ৰাখিব পৰাকৈ কি কৰিছে এওঁলোকে? –এই সত্য আজমল ডাঙৰীয়াই অনুভৱেই কৰিব পৰা নাই৷ আজমলে হয়তো নামেই শুনা নাই এগৰাকী অসমীয়া যুৱতীয়ে সঁচা প্ৰেমৰ বাবে কৰা ত্যাগৰ কাহিনী৷ শুনিছেনে আজমলে ঘুণাসুঁতিৰ নাম? শুনিছেনে আজমলে ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ নাম? আৰু জংকী-পানৈৰ অমৰ প্ৰেমকথা?
    নাই শুনা৷ নাজানে আজমলে অসমৰ এই সোণপানী চৰোৱা ইতিহাস৷ যি ইতিহাসত আছে সোৱণশিৰিৰ বুকুৱেদি পানীৰ সৈতে বৈ অহা সোণৰ চেকুৰাৰ কাহিনী৷ আজমলে জানে, কেৱল নাৰী মানেই সম্ভোগৰ আহিলা৷ নাৰী মানেই এজন পুৰুষে উদৰপূৰাই ভোগ কৰিব পৰা এটি সুগঠিত দেহ৷ এই দেহত উঠি এজন পুৰুষে যিমান পাৰে সিমান ভোগ কৰিব লাগে৷ উধৰ পৰা মূধলৈ এগৰাকী নাৰীক ভোগ কৰিব জনাজনেই আজমলৰ দৃষ্টিত হয়তো এজন সফল পুৰুষ! 

    আজমলে নাজানে, বিষ্ণু ৰাভাই মানসপটত কেৱল কল্পনা কৰিয়ে কোনো প্ৰেয়সীক উদ্দেশ্যি কালজয়ী গীত লিখিব পাৰে বুলি৷ নাজানে আজমলে গণেশ গগৈয়ে চাহ বাগিচাৰ মাজেৰে পাট-মুগাৰ সাজ পিন্ধি পাৰ হৈ যোৱা কোনো মহিলাক কল্পনা কৰি লিখিব পাৰে কেউটা প্ৰজন্মৰ বাবে প্ৰেমৰ কবিতা– শান্ত জুৰ, সুমধুৰ, মোৰ সুৰ/প্ৰেমে পূৰ;/হে চতুৰ, কাব্যচোৰ, কিয় টোকা/চকুলোৰ?/সৌ হিৰণ, ঢৌ-কিৰণ, মৌ-মিলন/নোহে দূৰ,/ত্যাজি দ্বেষ, হিংসা-বেশ, চোৱা ঘূৰি/স্বৰ্গপুৰ৷/নোৱাৰা সাধিব কবি সৌন্দৰ্য নাশ,/সৌন্দৰ্য আপুনি হ’ব আপুনি প্ৰকাশ!

    আজমলে জানেনে নিৰুপমা বৰগোহাঞিক? পঢ়িছেনে নিৰুপমা বৰগোহাঞিৰ জীৱন আৰু সংগ্ৰাম? নাই পঢ়া৷ নপঢ়া বাবেই অসমৰ এগৰাকী সন্মানীয় সাংসদ হৈয়ো বদৰুদ্দিন আজমলে অসমৰ নাৰীক সম্ভোগৰ প্ৰতীক হিচাপে গণ্য কৰি আহিছে৷ পুৰুষে একাধিক নাৰীৰ সৈতে সম্পৰ্ক স্থাপন কৰাক লৈ আজমল যিমান সৰৱ হ’ব লাগিছিল, সিমান হয়তো হোৱা নাই৷ আজমলে আজিও বিচাৰে মুছলমান পাটগাভৰুৱে হিজাব পৰিধান কৰক৷ আজমলে আজিও বিচাৰে অন্তৰৰ সমানে বাহিৰৰ পৰাও কোনো মুছলমান যুৱতীয়ে সৌন্দৰ্য চৰ্চা কৰাটো অপৰাধ৷ আজমলে বিচাৰে পুৰুষে সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰক নাৰীক৷ দেশ-বিদেশ ভ্ৰমণ কৰিও প্ৰগতিশীল চিন্তা-চৰ্চাৰ পৰা আঁতৰি আজমলে বিচাৰে মুছলমান মহিলাই হিজাব পৰিধান কৰক আৰু প্ৰসাধন ব্যৱহাৰৰ পৰা আঁতৰি থাকক৷ অথচ এইজন আজমলেই হ’ল মন উতলা কৰা আতৰৰ ব্যৱসায়ৰ সদাগৰ৷

    আজমলে জানেনে পৃথিৱীৰ গৰিষ্ঠসংখ্যক মুছলিম প্ৰধান ৰাষ্ট্ৰত নিষিদ্ধ হৈছে হিজাব? আজমলে জানেনে ইৰানত এই প্ৰজন্মৰ শিক্ষিত যুৱতীয়ে হিজাবৰ বিৰুদ্ধে ৰাজহুৱাকৈ প্ৰতিবাদ কৰি মৃত্যুক সাবটি লৈছে? এই পৃথিৱীত আজিও মানুহক শৰীৰৰ গঠনৰ বাবেই পুৰুষ আৰু মহিলা হিচাপে ভাগ কৰা হৈছে৷ ইৰানৰ সেই যুৱতীয়ে জিনছ পেণ্ট আৰু ছাৰ্ট পিন্ধাটো বহু ৰক্ষণশীল পুৰুষৰ বাবে চিন্তাৰ কাৰণ৷ ইয়াৰ আঁৰৰ কাহিনী হৈছে– নাৰী যদি শিক্ষিত আৰু প্ৰগতিশীল মনোভাবৰ হৈ উঠে, তেতিয়াহ’লে তালাকেই নহয়, পুৰুষৰ দমন-পীড়নৰো অন্ত পৰিব৷ মুক্ত আকাশৰ তলত পুৰুষৰ সমানে সমানে যদি নাৰী আগবাঢ়ি যায়, তেনেহ’লে আফগানিস্তান, পাকিস্তানৰ দৰে দুই-এখন ৰাষ্ট্ৰত পুৰুষ শাসকে যিদৰে মান্ধাতা যুগ নমাই আনিছে, তেনে এক অন্ধকাৰৰ সমাপ্ত হ’ব৷ আজমলে বিচাৰে নেকি অসমতো তেনেকুৱা এক পুৰুষতন্ত্ৰ স্থাপিত হওক!

    আফগানিস্তানৰ পৰা বাধ্যত পৰি প্ৰগতিশীল মহিলাসকল আঁতৰি যাবলগীয়া হৈছে৷ বিউটী পাৰ্লাৰবোৰ বন্ধ কৰি দিয়া হৈছে৷ বিউটী পাৰ্লাৰত মহিলাৰ প্ৰৱেশ বন্ধ কৰাৰ লগতে মহিলাৰ সৌন্দৰ্য চৰ্চা নিষিদ্ধ কৰা হৈছে৷ পাকিস্তান, আফগানিস্তান আদি ৰাষ্ট্ৰ ধবংস হোৱাৰ মূলতে পুৰুষতন্ত্ৰ আৰু ধৰ্মান্ধতা৷ হিজাবৰ বিৰুদ্ধে ইৰানত নাৰীৰ প্ৰতিবাদ অব্যাহত আছে৷ ইয়াৰ বাবে জীৱন দিছে ইগৰাকীৰ পাছত সিগৰাকী আধুনিক মনৰ ইৰানী যুৱতীয়ে৷

    আজমলৰ দৰে এগৰাকী ব্যক্তিয়ে একোখন সমাজক আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ যিদৰে মাজুলীত তাহানীতে অস্পৃশ্যতা, ধৰ্মান্ধতা আৰু একাংশৰ বৰ্ণবাদৰ বিৰুদ্ধে পীতাম্বৰ দেৱগোস্বামীয়ে বিদ্ৰোহ কৰি পোহৰৰ সন্ধান দিছিল৷ সেইদৰে অসমৰ মুছলমান মহিলাৰ ন্যায় আৰু পোহৰমুখী যাত্ৰাক গতি দিবলৈ বদৰুদ্দিন আজমলে কৰিবলগীয়া বহু কাম আছিল৷ শেহতীয়াকৈ এইগৰাকী সাংসদে অসমৰ অবিবাহিত মহিলা তথা যুৱতীক উদ্দেশ্যি কৰা মন্তব্যই মানুহজনৰ উদ্দেশ্য আৰু মানসিকতা কি স্তৰৰ, সেই সম্পৰ্কত ভাবিবলৈ বাধ্য কৰিছে৷ ১০ জানুৱাৰী, ২০২৪ৰ কেইবাখনো দৈনিক বাতৰি কাকতত বদৰুদ্দিন আজমলে কোৱা বুলি এটা বাতৰি প্ৰকাশ পাইছে৷ এই বাতৰিটোৰ ভিডিঅ’ কেতবোৰ বৈদ্যুতিন মাধ্যমতো প্ৰচাৰিত হৈছে৷ 

    মাঘ বিহুৰ পাছতে অসমলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আহিব৷ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ৰাহুল গান্ধীয়ে আৰম্ভ কৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা৷ এই যাত্ৰা ১৭ জানুৱাৰীত অসমত প্ৰৱেশ কৰাৰ কথা৷ এই যাত্ৰাক লৈ কংগ্ৰেছ ব্যস্ত হৈ আছে৷ বিজেপিয়ে ইয়াৰ সমালোচনা কৰিছে৷ বদৰুদ্দিন আজমলেও বিজেপিৰ সুৰতে ইয়াৰ বিৰোধিতা কৰিছে৷ ইয়াত ক’বলগীয়া একো নাই৷ ৰাজনৈতিক দল আৰু নেতাৰ এয়া নিজা নিজা স্থিতি৷ কিন্তু ধুবুৰীৰ সাংসদগৰাকীয়ে কংগ্ৰেছ আৰু ৰাহুল গান্ধীক সমালোচনা কৰিবলৈ লৈ অসমৰ সমগ্ৰ নাৰীক অপমান কৰিছে৷ বদৰুদ্দিন আজমলে অসমৰ সমগ্ৰ নাৰীক লৈ কৰা মন্তব্য আপত্তিজনকেই নহয়, ই অসমীয়া নাৰীক বিশেষকৈ যুৱতীসকলক অপমানিত কৰিছে বুলি অনুভৱ কৰিছোঁ৷ অসমৰে হওক বা বাংলাদেশ, পাকিস্তানৰে হওক, নতুবা শিৱসাগৰ, ধেমাজি অথবা কোনোবা চৰৰে হওক সকলো নাৰীৰে একেই মৰ্যাদা, একেই স্থান হোৱাটো আমি বিচাৰো৷ নাৰী কেৱল পুৰুষৰ সম্ভোগৰ পাত্ৰ নহয় আৰু হ’ব নোৱাৰে৷ এয়াই সত্য৷ এই সত্য উপলব্ধি কৰিব নোৱৰাৰ বাবেই হওক বা জানিও অৱজ্ঞা কৰিয়ে হওক বদৰুদ্দিন আজমলে ৰাহুল গান্ধীৰ সৈতে অসমৰ নাৰীক সাঙুৰি কৰা মন্তব্য অত্যন্ত গৰ্হিত৷

    বদৰুদ্দিন আজমলে মন্তব্য কৰিছে যে ৰাহুল গান্ধী অসমলৈ আহিলে তেওঁক চাবলৈ যোৱা মানুহৰ ভিৰ হ’ব৷ এয়া স্বাভাৱিক মন্তব্য৷ কিন্তু আজমলে কৈছে– অসমত ৰাহুল গান্ধীক চাবলৈ যুৱতীয়ে ভিৰ কৰিব, কাৰণ অবিবাহিত ৰাহুল গান্ধী ডেকা, গতিশীল আৰু ধুনীয়া৷ গতিকে ৰাহুল গান্ধীৰ চকুত পৰিবলৈ অসমৰ নাৰীয়ে তেওঁৰ সভাত ভিৰ কৰিব৷ আজমলে ইংগিত দিছে ৰাহুল গান্ধীৰ দৃষ্টি আকৰ্ষণৰ বাবেহে অসমত তেওঁৰ সভালৈ মহিলা যাব৷
    এয়া জানো সত্য? এয়া এক ভয়ংকৰ আৰু অতি অপমানজনক মন্তব্য অসমীয়া নাৰীৰ প্ৰতি৷ এতিয়া  আজমলৰ পৰা জানিব বিচাৰোঁ– তেওঁ কেনেকৈ জানিলে অসমৰ যুৱতীয়ে ৰাহুল গান্ধীৰ সৈতে প্ৰেম কৰিবলৈ বা তেওঁক গা দেখুৱাবলৈহে সভাত উপস্থিত থাকিব? আজমলে কেনেকৈ জানিলে, অসমীয়া নাৰীৰ মানসিকতা ইমান তলৰ স্তৰৰ বুলি? এইবাৰেই নহয়, ইয়াৰ পূৰ্বেও ৰাহুল গান্ধী অসমলৈ একাধিকবাৰ আহিছে৷ সেই সভাবোৰত উপস্থিত থকা অসমীয়া মহিলাই ৰাহুল গান্ধীৰ পাণি গ্ৰহণ কৰিবলৈ বা তেওঁক প্ৰেমত পেলাবলৈ ভিৰ কৰিছিল নেকি? ইয়াৰ উত্তৰ আজমলে ৰাজহুৱাকৈ দিব লাগিব৷ অসমীয়া মহিলা সুঠাম পুৰুষৰ বাবে উন্মাদ হোৱাৰ উদাহৰণ আজমলৰ হাতত আছে নেকি? 

    আমি জনাত কোনো অসমীয়া নাৰীয়ে এই উদ্দেশ্যৰে ৰাহুল গান্ধীৰ সভালৈ আগতেও যোৱা নাছিল, আগলৈকো নাযায়৷ অসমীয়া নাৰী সমাজেও ইয়াৰ বিৰুদ্ধে আজমলক জবাবদিহি কৰিব লাগে৷ প্ৰয়োজনত আইন-আদালতৰ আশ্ৰয় লওক৷ কোনো নাৰীয়ে তেওঁলোকক লৈ কৰা এই ধৰণৰ নিম্ন ৰুচিৰ আৰু অপমানজনক মন্তব্যক আওকাণ কৰা উচিত নহয়৷ এই মুহূৰ্ততে আজমল বা সেই মানসিকতাৰ পুৰুষৰ মন্তব্য আৰু ৰুচিৰ বিৰুদ্ধে অসমীয়া নাৰী জাগ্ৰত নহ’লে ভৱিষ্যতৰ দিনবোৰত এই মানসিকতাৰ পুৰুষে মহিলাক লৈ আৰু অশ্লীল মন্তব্য কৰি যাবলৈ সাহস পাব৷ 

    অসমীয়া নাৰীয়ে আজমলক পাঠ দিয়ক– জংকী, জয়মতী, চন্দ্ৰপ্ৰভা শইকীয়ানী, কনকলতা, মূলাগাভৰু, বীৰুবালা ৰাভাৰ৷ অসমীয়া নাৰীৰ ইতিহাস ৰঙীন আৰু দেশপ্ৰেমৰে তলমল৷ অসমীয়া নাৰীৰ ইতিহাস আৰু বৰ্তমান সেই প্ৰেমেৰে জীপাল, যি প্ৰেমত পুৰুষে জীৱনৰ গতি পাইছে৷ এনেকুৱা নাৰীয়ে ভৰপূৰ এখন ৰাজ্যত ৰাহুল গান্ধীৰ প্ৰেমিকা হ’বলৈ নিৰ্বাচনী সভাত অসমীয়া যুৱতীয়ে ভিৰ কৰিব বুলি আজমলে অনা অভিযোগৰ প্ৰত্যুত্তৰ দিবই লাগিব৷

    জিতুমণি বৰা