ব্যৱধান ১৪ মাহৰ৷ মৃত্যুৰ ১৪ মাহ পূৰ্বে ড੦ ভৱেন্দ্ৰ নাথ শইকীয়াই অনুভৱ কৰিছিল পত্নীৰ ভৱিষ্যতৰ বিষয়ে৷ ইতিমধ্যে জটিল ৰোগত আক্ৰান্ত হৈছিল বিশিষ্ট কথাশিল্পীগৰাকী৷ আচলতে কেৱল এগৰাকী সফল গল্পকাৰ বা ঔপন্যাসিক হিচাপে ভৱেন্দ্ৰ নাথ শইকীয়াক অভিহিত কৰিলে তেওঁৰ প্ৰতি অন্যায় কৰা হ’ব৷ ভাৰতৰ সৃষ্টিশীল সাহিত্যৰ এগৰাকী আগশাৰীৰ সাহিত্যিক ড੦ শইকীয়াৰ চলচ্ছিত্ৰ পৰিচালক হিচাপেও আছিল এটা সুকীয়া পৰিচয়৷ কিন্তু এনে এগৰাকী ব্যক্তি যে সফল গীতিকাৰো, সেয়া আমি বহুতে জানো আৰু বহুতে নাজানো৷ অনিন্দিতা পালে গোৱা আৰু জুবিন গাৰ্গে এটা যুগমীয়া সুৰ দিয়া সেই গীতটো বৰষুণৰ ওপৰত ৰচিত এটা অন্যতম শ্ৰেষ্ঠ গীত বুলি বহুজনে ক’ব বিচাৰে৷ ‘ক’ৰ এজাক সপোন যেন বৰষুণ/ধূলিৰ উৰণি ঠেলি ভাহি আহে/কোমল মাটিৰ গান গুণ গুণ গুণ...৷’এনেকুৱা গীতৰ স্ৰষ্টা ‘অন্তৰীপ’ৰ দৰে সৃষ্টিশীল সাহিত্যৰ মানুহজন৷
জটিল ৰোগত আক্ৰান্ত হৈ ক্ৰমাৎ শাৰীৰিকভাৱে অৱশ হ’বলৈ আৰম্ভ কৰা মুহূৰ্তত এইগৰাকী লেখকে পত্নী প্ৰীতি শইকীয়াই তেওঁৰ অবৰ্তমানত কেনেকৈ সময়বোৰ পাৰ কৰিব, সেই চিন্তাই জুমুৰি দি ধৰিছিল৷ কাৰণ ড॰ শইকীয়াই ভিতৰৰ পৰা অনুভৱ কৰিছিল যে তেওঁৰ জীৱন চমু হৈ আহিছে৷ ‘প্ৰান্তিক’ৰ ১৬-৩১ জানুৱাৰী, ২০২৪১ সংখ্যাৰ শেষ পৃষ্ঠাত লিখিছে– ‘প্ৰীতিৰ লগত আমাৰ ভৱিষ্যৎ সম্পৰ্কত প্ৰায়ে কথা পাতো৷ তেওঁ বৰ অকলশৰীয়া অনুভৱ কৰে৷ মোক চোৱাৰে পৰা এতিয়া সকলো কামৰ বোজা তেওঁৰ গাতে পৰে৷ তেওঁৰ মন-জিণ্টিহঁতৰ তালৈ গুচি যাবলৈ৷ জিণ্টিহঁত ওচৰত থাকিলে তেওঁ বৰ বল পাব৷ মোৰ আকৌ দুখে-কষ্টই ইয়াতে থাকিবৰ মন৷ কিন্তু মই তেওঁৰ কাৰণে ভাবিব লাগিব...৷’
জীৱনৰ এটা সফল পৰিক্ৰমা সামৰাৰ আগমুহূৰ্তত প্ৰথিতযশা সাহিত্যিকগৰাকীৰ জীৱনক লৈ অনুভৱে বহু কথাই কৈ যায়৷ ২০০৩ৰ ১৩ আগষ্টত মৃত্যু হৈছিল ভৱেন্দ্ৰ নাথ শইকীয়াৰ৷ তাৰ ঠিক ১৪ মাহৰ পূৰ্বে ৩ জুন, ২০০২ত এই কথাখিনি অনুভৱ কৰি ড॰ শইকীয়াই তেওঁৰ ডায়েৰীৰ পৃষ্ঠাত লিখিছিল৷ জীৱনৰ শেষৰ দিনটোলৈকে ড॰ শইকীয়াৰ কাষত আছিল তেওঁৰ পত্নী প্ৰীতি শইকীয়া৷ ভৱেন্দ্ৰ নাথ শইকীয়াৰ অবৰ্তমানত তেওঁৰ সপোনৰ ঘৰ ‘আৰোহণ’ নিয়াৰিকৈ পৰিচালনা কৰিছে প্ৰীতি শইকীয়াই৷ শিশুৰ পৰা যুৱক-যুৱতীলৈকে আৰোহণত নতুন প্ৰজন্মৰ ভিৰে ‘শৃংখল’, ‘অগ্নিস্নান’ আদিৰ স্ৰষ্টাগৰাকীক ইয়াৰ মাজত জীয়াই ৰাখিছে৷
জীৱনৰ বান্ধোন কিমান মজবুত, সেয়া ভৱেন্দ্ৰ নাথ শইকীয়াৰ অনুভৱে আমাকো জনাৰ সুযোগ দিলে৷ সুখৰ মুহূৰ্তত সকলোকে কাষত পাব পাৰি৷ কিন্তু দুখ আৰু জৰা-ব্যাধিয়ে আমনি দিয়াৰ পৰত কাষত থিয় দিয়াজনেই জীৱন বাটৰ এডাল লাখুঁটিও হ’ব পাৰে৷
সিদিনাৰ কথা৷ বলীউডৰ পাৰফেক্টচনিষ্ট হিচাপে পৰিচিত আমিৰ খানে হঠাতে মন্তব্য কৰিলে যে তেওঁ দীঘলীয়া সময়ৰ বাবে বলীউড তথা মুম্বাইৰ পৰা আঁতৰি যাব৷ আৰু বহু মাহ তেওঁ কোনো চিনেমাৰ সৈতে জড়িত নহয়৷ বলীউডৰ যিকেইজন আটাইতকৈ সফল অভিনেতা তাৰ ভিতৰত আমিৰ খান অন্যতম৷ এইগৰাকী অভিনেতা আনৰ সৈতেও ব্যতিক্ৰম৷ দক্ষতা থকাৰ পাছতো আমিৰ খানে কেতিয়াবা বছৰৰ পাছত বছৰ চিনেমাত অভিনয় নকৰাকৈ পাৰ কৰিছে৷ আৰু কেতিয়াবা একোখন চিনেমা সম্পূৰ্ণ কৰোতে দুই-তিনি বছৰপৰ্যন্ত লৈছে৷ আমিৰ খানে বলীউড এৰি চেন্নাইত থকা মাকৰ কাষলৈ যাবলৈ বিচৰাৰ কাৰণো জীৱনৰ আত্মিক সুখ৷
বলীউড এটা যন্ত্ৰ! এই যন্ত্ৰৰ সৈতে অমিতাভ বচ্চন বা সেই ধৰণৰ কিছু মানুহ একাত্ম হ’ব পাৰিছে৷ টিভি চেনেলৰ বিজ্ঞাপনৰ পৰা আৰম্ভ কৰি চলচ্ছিত্ৰলৈকে আটাইতকৈ ব্যস্ত মানুহজন অমিতাভ বচ্চন৷ ভূজিয়াৰ বিজ্ঞাপনৰ পৰা আৰম্ভ কৰি টিভিত প্ৰদৰ্শিত বেছিভাগ বিজ্ঞাপনতে অমিতাভ বচ্চনক দেখিবলৈ পাওঁ৷ সম্পূৰ্ণ প্ৰফেচনেল জীৱন এটা পাৰ কৰি অহা অমিতাভ বচ্চনে এই বয়সত আমিৰ খানৰ দৰে জীৱন আৰু সম্পৰ্কবোৰক লৈ কেনে অনুভৱ কৰে, সেয়া আমি নাজানো৷
পাৰিবাৰিক সম্পৰ্কত বান্ধোন আৰু বিচ্ছেদৰ মাজেৰে আগবঢ়া আমিৰ খানে মানসিক প্ৰশান্তিৰ বাবেই মাকৰ ওচৰলৈ যোৱাটো তেওঁৰ বাবে জৰুৰী বুলি কৈছে৷ যি প্ৰশান্তি বলীউডত তেওঁ পোৱা নাই, সেই প্ৰশান্তিৰ সন্ধান চেন্নাইত মাকৰ ওচৰত কৰিব খুজিছে সফল অভিনেতাজনে৷ অৱশ্যে আমিৰ খানে এইটোও কৈছে যে তেওঁলৈ বছৰি একাধিক অভিনয়ৰ প্ৰস্তাৱ আহে৷ ছবিত অভিনয়ৰ বিপৰীতে তেওঁলৈ আগবঢ়োৱা হয় ধনৰো লোভনীয় প্ৰস্তাৱ৷ কিন্তু ইয়াত তেওঁ সন্মতি জনোৱা নাই৷ এনে সময়ো গৈছে, ওৰে নিশা কেৱল সুৰাপান কৰি পাৰ কৰি দিছে আমিৰ খানে৷ যিটো জীৱন আমাৰ দৰে সাধাৰণ মানুহে লেখক বা তাৰকাৰ দেখা নাপাওঁ, সেই জীৱন প্ৰায়ে অতি অসহ্যকৰ আৰু বেদনাদায়ক৷ এনেকুৱা বিষতে প্ৰায়ে সৃষ্টি হৈছে কালজয়ী গীত, কবিতা, উপন্যাস নতুবা চলচ্চিত্ৰৰ যুগমীয়া কাহিনী৷
‘কাচঘৰ’ বোলছবিত ভূপেন হাজৰিকাই গোৱা এটা গীতৰ কথাংশ এনে ধৰণৰ– ‘জানো মৰণ-জীৱন/একেটি নদীৰ দুপাৰৰে দুটি ঘাট/শুনো মৰণ হেনো শ্যাম সমান/নিতে বাঁহী বাই তাত...৷’ জীৱন আৰু মৃত্যুৰ এখন সুন্দৰ নক্সা ভূপেন হাজৰিকাই এই গীতৰ জৰিয়তে গাই গৈছে৷ জীৱন যি, মৃত্যুও সি৷ এখন নদীৰ দুটা ঘাট৷ ইটো ঘাটৰ পৰা সিটো ঘাটলৈ প্ৰতিমুহূৰ্তত আগবাঢ়ে জীৱন৷ অথচ আমি বহুতে এক মুহূৰ্ততো এই বিষয়ে নাভাবো৷ অৱশ্যে নভবাটোৱে জীৱনক আগবাঢ়ি যোৱাত সহায়ো কৰে৷
জীৱন কিমান শৃংখলিত হ’লে হোমেন বৰগোহাঞি, ভৱেন্দ্ৰ নাথ শইকীয়াৰ জন্ম হয়, সেয়া প্ৰতিজন অসমীয়াৰ জ্ঞাত৷ নেতা-মন্ত্ৰীয়ে ভিৰ কৰা সভা-সমিতিবোৰলৈ যাবলৈ বহুতে ভৰি দাঙি থাকে৷ ইয়াৰ মাজত প্ৰথিতযশা লেখক, সাহিত্যিক, সাংবাদিক, শিল্পীও থাকে৷ এনেকুৱা সভা-সমিতিয়ে জীৱনৰ অমূল্য সময় নষ্ট কৰে বুলি অনুভৱ কৰিছিল ভৱেন্দ্ৰ নাথ শইকীয়া, হোমেন বৰগোহাঞিয়ে৷ এনেকুৱা সভাৰ অতিথি হ’বলৈ অস্বীকাৰ কৰা বহু উদাহৰণ এই দুগৰাকী কথাশিল্পীৰ জীৱনত ঘটিছে৷ বহু সময়ত বাহ্যিকতাৰে আমোলমোলাই থকা পৰিৱেশ বৰ্জন কৰিব পৰাটোও সাধনাৰে এটা পৰ্যায়৷
গৌতম বুদ্ধই কৈছিল– বৰ্তমানেই জীৱন৷ অতীতক খুচৰি থকাজনে বৰ্তমানক উপভোগ কৰিব নিশিকে৷ অতি কঠোৰ বাস্তৱকো গ্ৰহণ কৰিবলৈ আমি অনুশীলন কৰিব লাগে৷ কিন্তু সেই কঠোৰ বাস্তৱক ধিয়াই বৰ্তমানক নষ্ট কৰাৰ প্ৰয়াসৰ পৰা কিদৰে আঁতৰি থাকিব পাৰি, তাৰ পাঠ ভৱেন্দ্ৰ নাথ শইকীয়াৰ জীৱনটোৱে দি গৈছে৷ ‘প্ৰতিপক্ষ’ৰ পূৰ্বৰ এটা লেখাত উল্লেখ কৰিছিলোঁ যে জটিল ৰোগত আক্ৰান্ত হোৱাৰ পাছত চিকিৎসকে যেতিয়া ভৱেন্দ্ৰ নাথ শইকীয়াক তেওঁৰ জীৱনৰ বাচি থকা দিনকেইটাৰ হিচাপ দিছিল, সেই হিচাপ শুনি তেওঁ উচাপ খাই উঠা নাছিল৷ বৰঞ্চ অধিক বাস্তৱমুখী হৈ উঠিছিল৷
বাকী থকা জীৱনৰ দুবছৰত কৰিবলগীয়া কামৰ এখন তালিকা প্ৰস্তুত কৰিছিল৷ যিহেতু লেখাই ভৱেন্দ্ৰ নাথ শইকীয়াৰ জীৱনৰ প্ৰথম আৰু শেষ পৰিচয়, গতিকে এই দুবছৰত তেওঁৰ সৃষ্টিসমূহৰ প্ৰণালীবদ্ধ সংৰক্ষণৰ দিশটোক আটাইতকৈ বেছি গুৰুত্ব দিছিল৷ এটা কথা আপুনি-মই সকলোৱে দেখিছোঁ, সেয়া হ’ল– লেখকসকলৰ বেছিভাগেই জীৱনৰ শেষৰ দিনটোলৈকে প্ৰাণৱন্ত হৈ থকাই নহয়, লিখি থাকিবলৈ বিচাৰে৷ সাংবাদিক কুলদ্বীপ নায়াৰ, লেখক তথা সাংবাদিক খুচৱন্ত সিং, প্ৰখ্যাত লেখক তথা ‘আত্মঘাতী বাঙালী’ৰ স্ৰষ্টা নিৰদ চি চৌধুৰী, লক্ষ্মীনন্দন বৰা আদি জীৱনৰ শেষৰ দিনটোলৈকে সৃষ্টিৰ সৈতে সংপৃক্ত হৈ থাকিব পাৰিছিল৷ জীৱনৰ বাটত এওঁলোকক প্ৰতিমুহূৰ্তত যি শক্তিয়ে প্ৰেৰণা দিছিল, সেই শক্তি পত্নী, প্ৰেমিকা অথবা কোনোবা শুভাকাংক্ষী৷
ভৱেন্দ্ৰ নাথ শইকীয়াই ৰোগৰ সৈতে যুঁজি থকা যুঁজখনৰ মাজতো পত্নী প্ৰীতি শইকীয়াৰ ভৱিষ্যতক লৈ চিন্তা কৰিবলৈ এৰা নাছিল৷ এয়া আছিল তেওঁলোক দুজনৰ বান্ধোন৷ এই বান্ধোনৰ সৈতে নাছিল কোনো স্বাৰ্থ৷ ইয়াত আছিল ইজন সিজনৰ প্ৰতি দায়বদ্ধ হৈ থকাৰ প্ৰতিশ্ৰুতি৷ হয়তো এই বান্ধোন নথকাৰ বাবেই আমিৰ খানে পত্নী, সন্তান সকলোৰে পৰা আঁতৰি মাকৰ ওচৰলৈ গুচি গৈছিল৷ য’ত আছিল অকৃত্ৰিম মৰম আৰু ভালপোৱা৷ সেই ভালপোৱা প্ৰীতি শইকীয়াই দিছিল ভৱেন্দ্ৰ নাথ শইকীয়াক৷
জীৱনৰ সংজ্ঞা মানুহ ভেদে ভিন্ন৷ দুজন সফল ব্যক্তিৰ দৃষ্টিতো জীৱনৰ সংজ্ঞা ভিন্ন হোৱাটো স্বাভাৱিক৷ জীৱনৰ উদ্দেশ্য কেৱল নিজৰ বাবে সুখ আহৰণেই হ’ব পাৰে নেকি? যদি পাৰে, তেনেহ’লে বিচ্ছেদৰ ভেটিও ইয়াৰ আধাৰতে গঢ় লৈছে৷ নিজৰ সুখৰ সন্ধানত আগবাঢ়োতে প্ৰয়োজনত আঁকোৱালি আৰু প্ৰয়োজনত বিচ্ছেদ কৰিবলগীয়া হৈছে৷ বিয়া আৰু বিচ্ছেদ দুয়োটাই যন্ত্ৰণা বুলি কৈছে ছানিয়া মিৰ্জাই৷ জীৱনত প্ৰথমবাৰৰ বাবে বিবাহ বান্ধোনত সোমাই বিচ্ছেদৰ পাছত দুয়োটাকে একেশাৰীতে ৰাখিছে আন্তৰ্জাতিক খ্যাতি সম্পন্ন টেনিছ তাৰকাগৰাকীয়ে৷ কিন্তু যাৰ সৈতে বিচ্ছেদ ঘটিল, তেওঁ তৃতীয়বাৰৰ বাবে বিবাহ বান্ধোনত আবদ্ধ হৈ জীৱনটো অতি সুন্দৰ বুলিয়ে অনুভৱ কৰিছে৷ তেওঁৰ বাবে বিবাহ আৰু বিচ্ছেদ দুয়োটাই সত্য আৰু সুন্দৰ৷ ঠিক ছানিয়া মিৰ্জাৰ অনুভৱৰ বিপৰীত৷ এইসকল তাৰকাই জীৱনৰ মাদকতা ভৱেন্দ্ৰ নাথ শইকীয়াৰ দৰে অনুভৱ কৰিব পাৰিছেনে?
জিতুমণি বৰা
Leave A Comment