• টকশ্ব’ৰ গুৰুত্ব আৰু বিৰোধীৰ সুযোগ গ্ৰহণ

    সম্পাদকীয়
    টকশ্ব’ৰ গুৰুত্ব আৰু  বিৰোধীৰ সুযোগ গ্ৰহণ
    জিতুমণি বৰা

    আপুনি টিভিৰ টকশ্ব’চাইনে? নিউজ চেনেলৰ অতি আকৰ্ষণীয় এই অনুষ্ঠান৷ এই অনুষ্ঠান আকৰ্ষণীয় কৰাত সূত্ৰধাৰ তথা এংকৰগৰাকী আৰু ইয়াত ভাগ লোৱা আলোচকসকলৰ ওপৰত নিৰ্ভৰ কৰে৷ বিষয়বস্তু ইয়াত কেতিয়াবা মুখ্য আৰু কেতিয়াবা গৌণ হ’লেও সূত্ৰধাৰ আৰু আলোচকসকলে ইয়াক মনোগ্ৰাহী কৰি তুলিব পাৰে৷ নিউজ চেনেলৰ এই আলোচনাবোৰে সমাজত প্ৰভাৱ পেলোৱাৰ বহু উদাহৰণ আছে৷ সময়ৰ গতিত সলনি হৈছে আলোচনাৰ বিষয়বস্তু আৰু উপস্থাপনশৈলীও৷ আজিৰ পৰা পাঁচ বছৰ পূৰ্বৰ আলোচনা আৰু এতিয়াৰ আলোচনাৰ পাৰ্থক্য ইয়াতে৷

    এই আলোচনাবোৰত লেখক, সাংবাদিক আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশ লয়৷ একেখন আকাশ, একেখিনি মাটিক লৈ বিভিন্ন কবি, বিভিন্ন গীতিকাৰে কবিতা আৰু গীত ৰচনা কৰিছে৷ কিন্তু সকলোৰে গীত আৰু কবিতাই জনপ্ৰিয়তা লাভ নকৰে৷ এটা কবিতা ভূপেন হাজৰিকাই আবৃত্তি কৰা, এটা গীত লতা মংগেশকাৰ, এ আৰ ৰহমান, অৰিজিৎ সিং আদিৰ কণ্ঠত যিদৰে প্ৰাণ পায়, সেয়া আন বহুতৰ বাবে সপোন হৈয়ে থাকে৷ কিছুমান ৰাজনৈতিক নেতাৰ ভাষণত শ্ৰোতা আৰু দৰ্শক মুগ্ধ হয়৷ আৰু আন কিছুমান ৰাজনৈতিক নেতাৰ ভাষণত ৰাইজ বিৰক্ত হয়৷ উপস্থাপনশৈলীৰ বাবেই ব্যক্তিভেদে ই ভিন্ন৷ 


    আপুনি টিভিত এটা কথা মন কৰিবচোন! ৰাজনৈতিক বিষয়বোৰ তথ্যসহকাৰে উপস্থাপন কৰাত যিকেইজন ব্যক্তিয়ে দৰ্শকক আপ্লুত কৰিব পাৰিছে, তাৰ ভিতৰত দুটামান ৰাজনৈতিক দলৰ মুখপাত্ৰৰ ভূমিকা উল্লেখনীয়৷ টিভিৰ টক শ্ব’লৈ বাতৰি কাকতৰ সাংবাদিককো এগৰাকী আলোচক হিচাপে নিমন্ত্ৰণ কৰে৷ জনপ্ৰিয় আৰু দায়িত্বশীল বহু সাংবাদিক এই টক শ্ব’লৈ আহিব নোৱাৰে৷ কাৰণ যি সময়ত টিভিৰ ষ্টুডিঅ’ত এই আলোচনাবোৰ কৰা হয়, সেই সময় বাতৰি কাকতৰ এজন সাংবাদিক বা সম্পাদকৰ বাবে অত্যন্ত ব্যস্ত সময়৷ অসমৰ বাতৰি কাকতত সাংবাদিক হিচাপে কৰ্মৰত বহুকেইগৰাকী দক্ষ ৰাজনৈতিক বিশ্লেষক আছে৷ দুখৰ কথা এইটোৱে যে তেওঁলোকৰ ব্যস্ততাৰ বাবে অসমৰ ৰাইজে টিভিৰ পৰ্দাত তেওঁলোকৰ বিশ্লেষণ চোৱাৰ সুযোগ নাপায়৷ 
    আজি ‘প্ৰতিপক্ষ’ত শাসক আৰু বিৰোধীৰ ৰাজনৈতিক বিশ্লেষক তথা দলীয় মুখপাত্ৰসকলৰ বিষয়ে কিছু কথা আলোচনা কৰিব বিচাৰিছো৷ শাসক দল বিজেপিৰ একাধিক মুখপাত্ৰ আছে৷ তেওঁলোকক বিভিন্ন নিউজ চেনেললৈ আলোচক হিচাপে দলে প্ৰেৰণ কৰে৷  বিজেপিয়ে তেওঁলোকৰ মুখপাত্ৰ তথা টিভিৰ আলোচনালৈ প্ৰেৰণ কৰাসকলক নিয়মীয়াকৈ অনুশীলন কৰায়৷ টিভিৰ পৰ্দাত বিৰোধীৰ আক্ৰমণ, প্ৰত্যাক্ৰমণ, সমালোচনা আদিৰ কিদৰে মুখামুখি হ’ব, সেই বিষয়ে মুখপাত্ৰসকলক বিভিন্ন ধৰণে সাজু কৰে৷ যিটো ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ক্ষেত্ৰত সাধাৰণতে দেখিবলৈ পোৱা নাযায়৷


    সংবাদ মাধ্যমে বিৰোধীৰ বক্তব্য সঠিকভাৱে প্ৰচাৰ আৰু প্ৰকাশ নকৰে বুলি অভিযোগ উঠে৷ এই অভিযোগ সত্যৰ ওপৰত বহুখিনি প্ৰতিষ্ঠিত৷ কিন্তু প্ৰতিটো নিউজ চেনেলে সন্ধিয়া আঠ বজাৰ পৰা আয়োজন কৰা আলোচনাবোৰত বিৰোধীয়ে যিদৰে সুযোগ ল’ব পাৰিব লাগিছিল, সেয়া বহুখিনি নোৱৰা বুলি ক’ব পাৰি৷ এটা নিউজ চেনেলৰ এই এঘণ্টা সময় অতি মূল্যৱান৷ ক্ষমতালৈ অহাৰ পূৰ্বে বিজেপিয়ে এই সময়ৰ সঠিক ব্যৱহাৰ কৰিছিল৷ অৱশ্যে বিজেপিয়ে বহু ক্ষেত্ৰত বিৰোধীৰ চকুত চকু থৈ মিছা তথ্য দিয়াৰ দেধাৰ অভিযোগ আছে৷ এতিয়া অৱশ্যে সকলো সজাগ আৰু সচেতন৷ ২০১৪ বা ২০১৬ৰ সময়তকৈ ৰাইজ, বিৰোধী সকলো সতৰ্ক৷ এতিয়া মিছা কথা ক’লেই মুখতে ধৰাৰ প্ৰৱণতা গণতন্ত্ৰৰ বাবে শুভ লক্ষণ৷

    অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে নিউজ চেনেলসমূহে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ নিউজ চেনেলৰ বাতৰিৰ সমান্তৰালভাৱে প্ৰতি সন্ধিয়া আঠ বজাত হোৱা আলোচনাবোৰৰ গুৰুত্ব তাতেই৷ কাৰণ আলোচনাৰ এই বিষয়বোৰে সৰ্বসাধাৰণ নাগৰিকক চুবগৈ পাৰিছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ হিন্দী, ইংৰাজী ভাষাৰ বহুকেইটা নিউজ চেনেলে এতিয়া কৃষক, দৰিদ্ৰ, বিৰোধীৰ প্ৰসংগ এৰি চৰকাৰক কিদৰে সহায় কৰিব পাৰিব, তাক লৈ ব্যস্ত৷ কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰোধ কৰি যেতিয়া হেজাৰ বিজাৰ কৃষকে দিল্লী, পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশত মাহৰ পাছত মাহ আন্দোলন কৰিছিল, তেতিয়া এই হিন্দী আৰু ইংৰাজী ভাষাৰ নিউজ চেনেলবোৰত হনুমানৰ জাত কি, পাকিস্তানত বিলাহীৰ দাম কিমান হ’ল, তাৰ ওপৰত ঘণ্টাৰ পাছত ঘণ্টা আলোচনা চলিছিল৷ কৃষক আন্দোলনক সম্পূৰ্ণভাৱে বয়ক’ট কৰিছিল এই নিউজ চেনেলবোৰে৷ বৰঞ্চ অসমৰ সংবাদপত্ৰ আৰু নিউজ চেনেলত গুৰুত্বসহকাৰে কৃষক বিদ্ৰোহৰ প্ৰতিটো বাতৰি প্ৰচাৰিত হৈছিল৷

    কৃষক বিদ্ৰোহ আৰক্ষীৰ দ্বাৰা দমন কৰিব নোৱৰাৰ পাছত জনপ্ৰিয় কৃষক নেতাক বদনামী কৰিবলৈ নিশাৰ ভাগত আন্দোলনস্থলীলৈ প্ৰেৰণ কৰা হৈছিল সুন্দৰীক৷ কৃষকে সুন্দৰীৰ ৰূপ-যৌৱনত ভোল নগৈ তেওঁলোকক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিছিল৷ যদি এই সুন্দৰীৰ ৰূপ-যৌৱনত ভোল গৈ কৃষক প্ৰেমত পৰিলেহেঁতেন বা ভোগ কৰিবলৈ তম্বুৰ তললৈ টানি নিলেহেঁতেন, তেতিয়াহ’লে দেশকঁপোৱা কৃষক আন্দোলন বদনামী হোৱাই নহয়, গণ বিদ্ৰোহ নিমিষতে ছাই হৈ গ’লহেঁতেন!

    এতিয়া আহোঁ টিভিৰ জনপ্ৰিয় এই আলোচনাবোৰলৈ৷ এই আলোচনাবোৰ এই কাৰণেই গুৰুত্বপূৰ্ণ যে ইয়াক চোৱা মানুহৰ সংখ্যা যথেষ্ট আৰু ইয়াৰ প্ৰভাৱো অপৰিসীম৷ তেনেস্থলত এঘণ্টীয়া এই আলোচনাৰ বাবে তেনেকুৱা ব্যক্তিক সমল হিচাপে বিৰোধী ৰাজনৈতিক দলবোৰে প্ৰেৰণ কৰা উচিত, যাৰ বক্তব্যত তথ্য আৰু যুক্তি প্ৰতিফলিত হয়৷ যাৰ জিভা শান দিয়া ছুৰীৰ দৰে৷ এই ক্ষেত্ৰত দুটামান বিৰোধী ৰাজনৈতিক দলৰ দুগৰাকীমান আলোচকৰ ভূমিকা অত্যন্ত চমকপ্ৰদ৷ এইকেইগৰাকী আলোচক উপস্থিত থাকিলে শাসক দলৰ মুখপাত্ৰ কেতিয়াবা চিন্তিত হোৱাও দেখা যায়৷ শেহতীয়াকৈ টিভিৰ কেইবাটাও আলোচনাত এইকেইজন যুৱ আলোচকৰ  বক্তব্য চোৱাৰ সৌভাগ্য হৈছে৷ অতি সাৱলীল আৰু বলিষ্ঠ উপস্থাপনেৰে এওঁলোকে চৰকাৰী পক্ষৰ আলোচকক সঠিক উত্তৰ দিব পাৰিছে৷ এই ক্ষেত্ৰত বিৰোধীৰ এইকেইগৰাকী মুখপাত্ৰ তথা আলোচক সফল৷ প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছৰ আৰু বহু কৰণীয় আছে৷ কংগ্ৰেছৰ আলোচকসকলৰ দুই-এজনৰ বাহিৰে বেছিভাগৰ বক্তব্য অত্যন্ত দুৰ্বল৷ একোগৰাকী আলোচকৰ শাৰীৰিক ভাষায়ো বহু কথা কয়৷ ৰাজনৈতিক দলৰ আলোচকৰ শক্তিশালী শাৰীৰিক ভাষা আৰু বলিষ্ঠ কথনশৈলীয়ে দলটোৰ ভাবমূৰ্তি নিৰ্ণয়ত ভূমিকা লয়৷ 

    বিজেপিয়ে নিউজ চেনেললৈ আলোচক প্ৰেৰণ কৰি তেওঁ গ্ৰহণ কৰা ভূমিকা টিভিৰ সন্মুখত বহি দলটোৰ আনসকলে নিৰীক্ষণ কৰে৷ বক্তব্য ৰখাত কিমান সফল বা কিমান বিফল, তেওঁৰ বক্তব্যই দলক সহায় কৰিব পাৰিছেনে নাই, এই কথাবোৰ বিজেপিয়ে তাৎক্ষণিকভাৱে পৰ্যালোচনা কৰে৷ এই ধৰণৰ নিৰীক্ষণ, পৰ্যালোচনা কংগ্ৰেছতো খুবেই প্ৰয়োজন৷ অসমৰ ৰাজনীতিত কংগ্ৰেছ বিকল্প হ’বলৈ যোৱাৰ পূৰ্বে তেওঁলোকৰ আলোচকসকলক নিপুণ সৈনিক হিচাপে গঢ় দিব লাগিব৷ ইয়াৰ বাবে তেওঁলোকক প্ৰশিক্ষণৰ প্ৰয়োজন আছে৷ কংগ্ৰেছে তেওঁলোকৰ টিভিৰ আলোচকসকলক প্ৰশিক্ষণ দিয়াৰ লগতে ষ্টুডিঅ’ত থকাৰ সময়ত প্ৰয়োজনীয় তথ্য-পাতি দলৰ সকলোৱে যোগান ধৰাটো উচিত৷ যাতে এই আলোচনাবোৰত তেওঁলোকৰ মুখপাত্ৰগৰাকী লঘু হ’বলগীয়া নহয়৷
    টিভিৰ পৰ্দাত যেতিয়া কোনো গুৰুত্বপূৰ্ণ আলোচনা চলি থাকে, কেতিয়াবা এটা কথা বুদ্ধিমান দৰ্শকৰ চকুত পৰে৷ সেয়া হ’ল– বিৰোধীয়ে যেতিয়া চৰকাৰক সবল যুক্তি আৰু তথ্যৰে সমালোচনা কৰে, উত্তৰ দিবলৈ অপাৰগ হ’লে বিষয়টোৰ পৰা কেতিয়াবা কোনো প্ৰতিনিধি কৌশলৰে আঁতৰিব বিচাৰে৷ বহুক্ষেত্ৰত এনেকৈ কোৱাও  দেখা যায় যে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ষ্টুডিঅ’লৈ অহা নাই৷ 

    গণতন্ত্ৰত জনপ্ৰতিনিধি আৰু প্ৰতিটো ৰাজনৈতিক দল ৰাইজৰ ওচৰত জবাবদিহি৷ ৰাইজৰ বা ৰাইজৰ প্ৰতিনিধিৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ শাসক-বিৰোধী দায়বদ্ধ৷ ৰাজহুৱা জীৱনত থকা যিকোনো লোকে ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যিদৰে দায়বদ্ধ, সেইদৰে শাসক দলৰ প্ৰতিগৰাকী লোক বিৰোধীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য থাকিব লাগিব৷ উত্তৰ দিব নোৱাৰি অন্য প্ৰসংগৰে বিষয়টোৰ পৰা ফালৰি কাটিব বিচৰা বা প্ৰশ্নকৰ্তাক ব্যক্তিগত আক্ৰমণ কৰা কাৰ্যই ব্যৰ্থতাহে প্ৰতিফলিত কৰে৷


    এই কথাখিনি অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়েও গুৰুত্বসহকাৰে লোৱা উচিত৷ টিভিয়ে তেওঁলোকক সুযোগ নিদিয়ে বুলি অভিযোগ নকৰি টিভিৰ আলোচনাবোৰৰ পূৰ্ণ সুযোগ তেওঁলোকে গ্ৰহণ কৰক৷ টিভিৰ আলোচনালৈ তেওঁলোকৰ যি প্ৰতিনিধি প্ৰেৰণ কৰে, এঘণ্টাৰ এই অনুষ্ঠানত দাড়ি-কমা পৰ্যন্ত দৰ্শকক সন্তুষ্ট কৰিব পাৰিব লাগিব৷ লুৰীণজ্যোতি গগৈ এগৰাকী সুদক্ষ বক্তা আৰু তাৰ্কিক৷ এই পৰ্যায়লৈ লুৰীণজ্যোতি গগৈয়ে আৰোহণৰ বাবে যথেষ্ট শ্ৰম আৰু অধ্যয়ন কৰিবলগীয়া হৈছে৷ এতিয়া অজাপৰ উত্তৰণৰ স্বাৰ্থত এদল এনেকুৱা তৰুণ-তৰুণীৰ প্ৰয়োজন, যিসকলে ২০২৬ৰ বাবে আঞ্চলিক দলটোক ৰাইজৰ মাজলৈ নিয়াত সহায় কৰিব৷ টিভিৰ আলোচনাৰ লগতে ৰাজহুৱা স্থানত এওঁলোকে অকাট্য যুক্তি আৰু তথ্যৰ জৰিয়তে শাসকৰ ভুলবোৰ ৰাইজৰ সন্মুখত উদঙাই দিব পাৰিব লাগিব৷ ইয়াৰ সুফল কিমান ব্যাপক, সেয়া ইয়াত নক’লেও লুৰীণজ্যোতি গগৈয়ে বুজি পাব৷

    ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা অত্যন্ত যোগাত্মক দিশ হ’ল– ইয়াৰ গৰিষ্ঠসংখ্যক সদস্য তথা নেতা-কৰ্মী সমসাময়িক ৰাজনীতিক লৈ সজাগ৷ তেওঁলোকৰ হাতত পৰ্যাপ্ত তথ্য আৰু যুক্তি থাকে৷ যি তথ্য আৰু যুক্তি লৈ সাহসৰে শাসক দলৰ মুখামুখি হৈ আহিছে৷ নিউজ চেনেলৰ আলোচনাত ৰাইজৰ দল আৰু কৃষক মুক্তিৰ আলোচকসকলৰ বুদ্ধিমত্তা গণতন্ত্ৰ আৰু এখন দায়িত্বশীল সমাজৰ বাবে প্ৰয়োজনীয় সম্পদ হৈ পৰিছে৷ অখিল গগৈলৈ এটা অনুৰোধ– তেওঁ টিভি চেনেলৰ আলোচনালৈ প্ৰেৰণ কৰা দলীয় সদস্যসকলক আৰু অধিক আগ্ৰাসী কৰি তোলক৷ 

    টিভিত হোৱা আলোচনাৰ এই বক্তব্যই দলটোক বহুখিনি সহায় কৰিব৷ টিভিৰ আলোচনাত যিসকলে মিছা কথা, ব্যক্তিগত আক্ৰমণ, মুখচুপতি মৰা, যুক্তি দিব নোৱাৰি পলাবলৈ বিচাৰে, তেওঁলোকৰ বিৰুদ্ধে দায়িত্বশীল নাগৰিকৰ ভূমিকা আলোচকসকলে ল’ব পাৰিব লাগিব৷ এই ক্ষেত্ৰত কংগ্ৰেছৰ মুখপাত্ৰসকলৰ আৰু অধিক প্ৰশিক্ষণৰ প্ৰয়োজন আছে৷ ইয়াৰ বাবে বিৰোধীয়ে দিল্লীকে ধৰি দেশৰ বাহিৰে-ভিতৰে অধ্যয়ন কৰি থকা প্ৰগতিশীল ছাত্ৰ-ছাত্ৰীৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে৷