দৈনিক বিভিন্ন মানুহৰ মুখামুখি হওঁ৷ ভিন্নজনৰ সৈতে নানা ধৰণৰ কথা পাতো৷ যিহেতু সাংবাদিকতাৰ সৈতে জড়িত, গতিকে মানুহৰ সৈতে প্ৰত্যক্ষ সম্পৰ্কত থকাটো আমাৰ ধৰ্ম৷ সিদিনা আছিল পাঁচ মাৰ্চ, ২০২৪৷ গুৱাহাটীৰ হোটেল ভিভাণ্টাত অনুষ্ঠিত হোৱা প্ৰাগ প্ৰেৰণা শীৰ্ষক অনুষ্ঠানলৈ গৈছিলোঁ৷ অনুষ্ঠান আৰম্ভ হোৱাৰ আগে আগে হোটেলৰ বাৰান্দাত কফি একাপ খাবলৈ লওঁতেই ‘দৈনিক জনমভূমি’ৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন ডাঙৰীয়াই এগৰাকী চিকিৎসকৰ সৈতে চিনাকি কৰি দিলে৷ ফুকন ডাঙৰীয়াই ক’লে– অসমৰ যিমানবোৰ ‘ডাঙৰ ডাঙৰ’ মানুহ আছে, সেইসকলৰ সন্তান এওঁৰ হাততে জন্ম পাইছে৷ শীৰ্ষ আৰক্ষী বিষয়াৰ পৰা আৰম্ভ কৰি বহু ৰাজনৈতিক নেতাৰ সন্তান যিগৰাকী চিকিৎসকৰ তত্ত্বাৱধানত জন্ম পাইছে, সেইগৰাকী চিকিৎসকে কথা প্ৰসংগত ইমান ডাঙৰ এটা মন্তব্য কৰিলে, যি মন্তব্য ইয়াৰ আগতে কাৰো মুখত শুনা নাছিলোঁ৷
দুপৰনিশালৈ এতিয়া অসমীয়াই গান-নাচ কৰি থকাটো এৰিব পাৰিলে জাতিটোৰ মংগল হ’ব বুলি তেওঁ কৈছিল৷ চিকিৎসকগৰাকীয়ে আৰু ক’লে যে অসমীয়া মানুহৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে৷ ককাদেউতাকৰ প্ৰজন্মটোত এহাল স্বামী-স্ত্ৰীয়ে কমেও চাৰিৰ পৰা ছয়-আঠলৈকে সন্তানৰ জন্ম দিছিল৷ এতিয়া অসমীয়া পৰিয়ালত এটা সন্তান জন্ম দিয়া মানুহেই সৰ্বাধিক৷ দ্বিতীয় সন্তানটো আজিৰ প্ৰজন্মৰ বহু অসমীয়া পৰিয়ালে নিবিচৰা হৈছে৷
বিশেষ কাৰণত চিকিৎসকগৰাকীৰ নামটো উল্লেখ কৰিব বিচৰা নাই৷ চিকিৎসকগৰাকীয়ে কথা প্ৰসংগত কৈছিল– দ্বিতীয় সন্তানটো কিবা কাৰণত গৰ্ভতে নষ্ট হ’লে বহু অসমীয়া দম্পতীয়ে সুখৰ হাঁহি মাৰে৷ কিন্তু অন্যভাষী লোকৰ ক্ষেত্ৰত কথাটো সম্পূৰ্ণ ওলোটা৷ বিভ্ৰাট আৰু বিভ্ৰান্তিৰ বাবে দ্বিতীয় সন্তান নষ্ট হ’লে অন্যভাষী লোকে হাহাকাৰ কৰি উঠাৰ আঁৰত তেওঁলোকৰ জীৱন আৰু পৰিয়ালৰ আৰ্থিক নিৰাপত্তাৰ দিশটো জড়িত হৈ থকা বুলিও চিকিৎসকগৰাকীয়ে ক’ব বিচাৰিলে৷ বেছিভাগ অসমীয়াই এতিয়া দ্বিতীয় সন্তান তেওঁলোকৰ জীৱনৰ উপহাৰ বুলি অনুভৱ নকৰা হৈছে৷ এনেকুৱা অসমীয়া দম্পতীয়ে দ্বিতীয় সন্তান অনাকাংক্ষিত বুলিয়ে চিকিৎসকগৰাকীৰ ওচৰত স্বীকাৰোক্তি দিয়ে বুলি আমাক ক’লে৷ দ্বিতীয় সন্তান নষ্ট হ’লে ঈশ্বৰক ধন্যবাদ দি সকাহ লয় এওঁলোকে৷
চিকিৎসকগৰাকীয়ে ইয়াকো ক’লে– আজিৰ প্ৰজন্মৰ বহু অসমীয়া যুৱক-যুৱতীয়ে বিয়াৰ আঠ-দহ বছৰলৈ সন্তান নিবিচাৰে৷ আৰু গৰ্ভধাৰণতো আহি পৰিছে সমস্যা৷ বয়স আৰু খাদ্যাভাসে বিপদ মাতিছে আজিৰ প্ৰজন্মৰ অসমীয়া বিবাহিত যুৱক-যুৱতীৰ জীৱনলৈ৷ অসমীয়া পৰম্পৰাগত খাদ্যক একাষৰীয়া কৰি অহৰহ বাহিৰৰ পৰা অহা তথা বহিৰাগত খাদ্য গ্ৰহণ বিভিন্ন অসুখৰো কাৰণ হৈ পৰিছে৷ প্ৰসংগতে উল্লেখযোগ্য যে আন এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞই কিছুদিন পূৰ্বে জনাইছিল যে নতুন প্ৰজন্মৰ ৯০ শতাংশৰ অধিক দম্পতী সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ইয়াৰ বাবে ক’ৰবাত পুৰুষ আৰু ক’ৰবাত নাৰীগৰাকী শাৰীৰিকভাৱে অক্ষম৷ শ্ৰম আৰু শাৰীৰিক কচৰৎ অবিহনে মেদবহুলতাত ভুগিছে অসমীয়া আধুনিক প্ৰজন্ম৷
এই বিপৰ্যয় আহিছে ইংৰাজসকলৰ জীৱনলৈকো৷ আলস্য আৰু পীজা, পেপচি তথা এই ধৰণৰ পানীয়, বাৰ্গাৰ, তণ্ডুৰী, চাওমিন, মম’ জাতীয় খাদ্যই মেদবহুলতাৰ সৃষ্টি কৰাৰ সমানে পুৰুষ-নাৰীৰ যৌন জীৱনতো প্ৰভাৱ বিস্তাৰ কৰা বুলি চিকিৎসকেই স্বীকাৰ কৰিছে৷ চিকিৎসকগৰাকীয়ে অত্যন্ত ব্যথাৰে আধুনিক অসমীয়া সমাজখনক লৈ যথেষ্ট আশাবাদৰ কথা কৈয়ো দুখ প্ৰকাশ কৰিলে৷ ক’লে– কি আছিলোঁ আমি আৰু এতিয়া কেনেকৈ দিন পাৰ কৰিছোঁ?
কমেও ১০ বিঘা মাটিৰ গৰাকী বেছিভাগ অসমীয়াই আজি চহৰত দুটা বা তিনিটা কোঠাৰ এটা ফ্লেটত জীৱন কটাইছে৷ আগফালে চোতাল, পিছফালে প্ৰকাণ্ড বাৰীৰে সৈতে এটা আহল-বহল পৰিৱেশৰ মাজত জীৱন কটোৱা অসমীয়াই এতিয়া ১১০০ বৰ্গফুটৰ ফ্লেটৰ ২x৩ বৰ্গফুটৰ এখন বেলকনীত নিজকে আবদ্ধ কৰি ৰাখিবলগীয়া হৈছে৷ খেতি-মাটি বুলিবলৈ এতিয়া একো নাই৷ কি অৱস্থালৈ অসমীয়া সমাজখনে গতি কৰিছে, এই সম্পৰ্কত আমাৰ বিশ্ববিদ্যালয়কেইখনৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে গৱেষণা কৰাৰ প্ৰয়োজন আহি পৰিছে৷ কিয় গাঁৱৰ পৰা গুৱাহাটী তথা নগৰ-চহৰলৈ অসমীয়া মানুহৰ ব্যাপক প্ৰব্ৰজন ঘটিছে? গাঁওবোৰত এতিয়া একো নাই নেকি?
গল্পকাৰ তথা সাহিত্য অকাডেমি যুৱ বঁটাৰে সন্মানিত যুৱক তথা প্ৰাগ ডিজিটেলৰ সাংবাদিক প্ৰদ্যুম্ন গগৈয়ে কিছুদিন পূৰ্বে আক্ষেপ কৰি কৈছিল– গাঁৱত এতিয়া একো নাই৷ খেতি কৰিবলৈ পথাৰবোৰ টুটি আহিছে৷ এই পথাৰবোৰ কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে বিশেষ এটা সম্প্ৰদায়ৰ মানুহেই অকলে কিনা নাই৷ পথাৰবোৰ দুশ-তিনিশ বিঘাৰ ৰূপত কিনি পেলাইছে বিশেষ এক শ্ৰেণীৰ বণিকেহে৷ চৰকাৰে ভাত খাবলৈ গাইপতি পাঁচ কিলোগ্ৰাম চাউল দিছে৷ ইয়াৰ পাছত পথাৰৰ প্ৰয়োজনেই বা ক’ত? পথাৰবোৰ ৰাখি থৈ কি কৰিব? এই পথাৰবোৰ বহু গাঁৱত বহু অসমীয়া মানুহৰ বাবে সমস্যাহে হৈছেগৈ! এই মানসিকতাত এচাম অসমীয়া নামধাৰী দালালে তেল ঢালিছে৷ গল্পকাৰ প্ৰদ্যুম্নক সুধিছিলোঁ– গোলাঘাটৰ গাঁওবোৰ ঠিকে আছেনে? উত্তৰত গভীৰ আক্ষেপেৰে শৈশৱৰ গাঁওখনৰ পৰিৱেশ কিদৰে হেৰাই যাবলৈ ধৰিছে, সেই বিষয়ে ক’লে৷ এতিয়া গাঁৱত পদূলিমুখত দোকান দিয়াৰ বাহিৰে কৰিবলগীয়া একো নাই৷ পদূলিয়ে পদূলিয়ে দোকান দিলে কিনিব কোনে? চাউলকে ধৰি প্ৰায়বোৰ প্ৰয়োজনীয় সামগ্ৰী চৰকাৰে বিনামূলীয়াকৈ দিব খুজিলে এসময়ত এই দোকানবোৰো বন্ধ হৈ যাবগৈ৷ চৰকাৰে চাকৰিৰে সংস্থাপন দিব নোৱাৰিলেও যুৱক-যুৱতীৰ একোটা গোটক লৈ সমবায় ভিত্তিত বিভিন্ন উৎপাদনমুখী কামত নিয়োগ কৰাৰ পৰিকল্পনা কৰিব লাগিছিল– যি এক আন্দোলন৷
আমাৰ সৈতে সাক্ষাৎ হোৱা চিকিৎসকগৰাকী যিহেতু প্ৰসূতিৰ চিকিৎসাৰ সৈতে জড়িত, তেওঁ অসমীয়া মানুহৰ মানসিক অৱস্থাটো একেবাৰে ওচৰৰ পৰা দেখা পাইছে৷ আজিৰ বিবাহিত পুৰুষ-মহিলাই দ্বিতীয় সন্তান জন্ম দিবলৈ নিবিচৰাৰ অন্যতম কাৰণ নিৰাপত্তাহীনতাও৷ এই নিৰাপত্তাহীনতা ভৱিষ্যৎ আৰু অৰ্থনীতিক লৈ৷ সন্তান জন্ম দিয়াৰ পাছত সেই সন্তান পৰিয়াল বা সমাজৰ বোজা হৈ পৰিব বুলি পিতৃ-মাতৃয়ে ভয় খাইছে৷ ভৱিষ্যতৰ এই সন্তান কেতিয়াবা নিজেই নিজৰ বোজা হৈ পৰিব নেকি? এই অনুভৱ কৰিবলৈ লৈছে আজিৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ পাছৰ প্ৰজন্মক লৈ৷
‘প্ৰতিপক্ষ’ৰ যোৱা সংখ্যাত অসম বিধানসভাত অসম চৰকাৰে দিয়া তথ্যৰ উদ্ধৃতি দি লিখিছিলোঁ যে ২০২৩ বৰ্ষত অসমত ৮৬০গৰাকী যুৱক-যুৱতীয়ে আত্মহত্যা কৰিছে৷ অনিশ্চিত ভৱিষ্যৎ, অৰ্থনৈতিক নিৰাপত্তাহীনতা ইয়াৰ মূল কাৰণ যদিও জীয়াই থাকিবৰ বাবে অহৰহ নিজৰ সৈতে সংঘৰ্ষ কৰিবলগীয়া হোৱাত এক অসহনীয় মানসিক চাপৰ সন্মুখীন হৈছে অসমৰ তৰুণ-তৰুণী৷ যেতিয়াই সংঘৰ্ষত পৰাজিত হৈছে, তেতিয়াই আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লৈছে তৰুণ প্ৰজন্মই৷ এই কথাবোৰ চৰকাৰে কেতিয়াবা কেবিনেটত নতুবা সদনৰ মজিয়াত গভীৰভাৱে আলোচনা কৰিছে জানো?
আজমল, অখিল গগৈ আদি বিষয়বোৰ লৈ ব্যস্ত থকা মহলটোৱে অসমীয়া মানুহৰ ভৱিষ্যৎ কি, সেই সম্পৰ্কত উদ্বেগহীন৷ অসমত থকা সকলো মানুহেই অসমীয়া বুলি ক’লেই সমস্যাৰ সমাধান নহয়৷ যি মানুহে নামঘৰৰ সন্মুখত চাইকেলৰ পৰা নামি মূৰ দোৱাইছে, যি গাঁৱত পুৱা-গধূলি নামঘৰৰ দবাত কোব পৰিছে, যি মানুহে জীৱনত এবাৰ হ’লেও ভাওনাত ভাও দিছে, বিহুৰ বতৰত নাচিছে, যাৰ ঘৰত কীৰ্তন-দশম, গুণমালা, বেজবৰুৱা ৰচনাৱলীৰ কমেও এটা খণ্ড আছে, যি মানুহে জীৱনৰ কোনো নহয় কোনো সময়ত জ্যোতিপ্ৰসাদ, বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকাৰ গীত শুনিছে, সেই মানুহেই অসমীয়া নহয় জানো? অসমীয়াৰ এই সংজ্ঞাৰ ঊধবৰ্লৈ গৈয়ো মালিক, ইমৰান শ্বাহ কম অসমীয়া নহয়৷ যিদৰে খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈয়ো শুদ্ধ ৰূপত অসমীয়া ভাষাত প্ৰান্তিকৰ পাতত সাহিত্যৰ চৰ্চা কৰা আজিজুল হক এজন ভাল অসমীয়া৷ বৰকলাৰ নন্দ সিং, বাঁহী বাদক পৰমেশ্বৰ বসুমতাৰীও একোজন ভাল অসমীয়া৷
যিটো জাতিৰ আজিৰ প্ৰজন্মৰ গৰিষ্ঠসংখ্যকে আৰ্থিক আৰু সামাজিক নিৰাপত্তাহীনতাৰ বাবে দ্বিতীয় সন্তান বাদেই এটা সন্তানো জন্ম দিবলৈ আগ্ৰহী নহয়, সেই জাতিক এখন অৰুণোদয় আঁচনিয়ে উদ্ধাৰ কৰিব বুলি ভাবিব পাৰিনে? পথাৰ নোহোৱা হ’বলৈ ধৰা অসমীয়া মানুহৰ মূৰৰ ওপৰত ‘কা’ জাপি পুনৰ প্ৰব্ৰজনৰ বাট যদি মুকলি কৰি দিয়া হয়, তেতিয়াহ’লে ভৱিষ্যৎ ৰক্ষাৰ বাবে মানুহখিনিয়ে কাৰ মুখলৈ চাব?
অসমীয়া সমাজখনলৈ এয়াই নহয়, আৰু এক বিভীষিকা নামিছে৷ ৭০-৭৫ ঊৰ্ধ্বৰ বহু জ্যেষ্ঠ নাগৰিক সন্তানৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হৈছে৷ চাকৰি বিচাৰি অসমৰ পৰা হেজাৰ বিজাৰ মানুহ বহিৰ্ৰাজ্যলৈ দৈনিক ঢাপলি মেলিছে৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বেদব্ৰত বৰুৱাই এদিন কথা প্ৰসংগত কৈছিল যে বাংগালুৰু, গুজৰাট, দক্ষিণ ভাৰতৰ প্ৰতিখন ৰাজ্যত এপাৰ্টমেণ্ট, খেতিপথাৰ আদিত ৰখীয়াৰ কাম কৰা বেছিভাগ শ্ৰমিক অসমৰ৷ অতি সামান্য দৰমহাৰ বিনিময়ত বহিৰ্ৰাজ্যত কৰ্মৰত শ্ৰমিকৰ মৃত্যুৰ বাতৰিও এতিয়া নিয়মীয়াকৈ আহিবলৈ লৈছে৷ এনেকুৱা এটা অনিশ্চয়তাৰ পৰিৱেশত নতুনকৈ সন্তান জন্ম দিয়াৰ কথা আজিৰ দম্পতীয়ে কেনেকৈ ভাবিব?
চিকিৎসকগৰাকীয়ে আৰু এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল৷ তেওঁ কৈছিল– বিয়াৰ পাছত বহু অসমীয়া যুৱক-যুৱতীয়ে সন্তান জন্ম দিয়া কাৰবাৰটো বোজা বুলিও ভাবিবলৈ লৈছে৷ দুয়ো দুয়োকে অলপ সময় দিয়াৰ অজুহাতত ৮-১০ বছৰলৈ নিসন্তান হৈ থাকিব বিচাৰে আধুনিক অসমীয়া দম্পতী৷ সন্তানক ডাঙৰ-দীঘল কৰাৰ বাবে তেওঁলোকৰ হাতত সময় নাই৷ কোম্পানীৰ চাকৰি আৰু সামান্য দৰমহাৰে অধিক জটিলতাৰ মাজলৈ জীৱনটোক লৈ যাবলৈ নিবিচৰা অসমীয়াৰ সংখ্যা বাঢ়িছে৷ এই কথাবোৰ আমিয়েই ভাবিব লাগিব৷ আমাৰ সমস্যা আমি নিজে সমাধান কৰিব লাগিব৷
চীনে এসময়ত কঠোৰভাৱে জনসংখ্যা নিয়ন্ত্ৰণ কৰি এতিয়া জন্ম নিয়ন্ত্ৰণৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে৷ জাপান, অষ্ট্ৰেলিয়া, ফিনলেণ্ড, এষ্ট’নিয়া আদি দেশত দ্ৰুত গতিত জনসংখ্যা হ্ৰাস পাইছে৷ এই ধাৰা অব্যাহত থাকিলে এটা সময়ত পৃথিৱীৰ বুকুৰ পৰাই হেৰাই যাব এইবোৰ ৰাষ্ট˜ৰ স্থানীয় বাসিন্দাসকল৷ যাৰ বাবে এই দেশত এতিয়া সন্তান জন্ম দিয়াৰ বাবে নতুন প্ৰজন্মক আগ্ৰহী কৰি তুলিবলৈ স্থানীয় চৰকাৰে বিভিন্ন আঁচনি আৰু প্ৰচাৰৰ আশ্ৰয় লৈছে৷ অসমত অসমীয়া মানুহৰ সংখ্যা হ্ৰাসত এটা সন্তান আৰু নিসন্তান দম্পতীয়েও এটা প্ৰধান ভূমিকা পালন কৰিছে নেকি? অকণমান চিন্তা কৰকচোন!
‘কা’ বলৱৎ কৰিলে আটাইতকৈ সমস্যাৰ সন্মুখীন হ’ব অসমৰ ভূমিপুত্ৰ৷ যি সময়ত জাতিটোৰ আৰ্থিক আৰু সামাজিক নিৰাপত্তাৰ বিপৰীতে চৰকাৰৰ হিতাধিকাৰী আঁচনিয়ে একমাত্ৰ সম্বল, সেই সময়ত এই ভূখণ্ডৰ খিলঞ্জীয়া মানুহৰ সংখ্যা বৃদ্ধিৰ কথাটো গুৰুত্বপূৰ্ণ৷ অসমীয়া তথা খিলঞ্জীয়া মানুহৰ বংশবৃদ্ধি সমস্যা হ’ব পাৰে নেকি? সমাজ বিজ্ঞানীসকলে বিষয়টো গৱেষণা কৰি ৰাজহুৱা কৰক৷
যি গ’ল গ’ল, এতিয়াৰ পৰা খিলঞ্জীয়াৰ হাতত থকা অৱশিষ্ট কৃষিভূমিৰ একঠাও যাতে আনৰ হাতলৈ নাযায়, তাৰ ব্যৱস্থা চৰকাৰে কৰিবনে? চৰকাৰে অসমীয়া মানুহৰ আৰ্থ-সামাজিক নিৰাপত্তা হিতাধিকাৰী আঁচনিৰ জৰিয়তে দিব নোৱাৰে৷ এইবোৰ খন্তেকীয়া চমক৷ ই হয়তো ভোট গোটাই দিব পাৰিব৷ কিন্তু ই অসমীয়া মানুহৰ ভৱিষ্যৎ প্ৰজন্মক সুৰক্ষা দিব নোৱাৰে৷ পৃথিৱীৰ বুকুৰ পৰা বহু জাতি-জনগোষ্ঠী হেৰাই গৈছে৷ প্ৰব্ৰজনক স্বাগতম জনাই দুৱাৰ খুলি দিলে ৩০ বছৰৰ পাছত অসমীয়া মানুহৰ সংখ্যা বৰ্তমানৰ এক চতুৰ্থাংশলৈ হ্ৰাস পালেও আচৰিত হ’বলগীয়া নহ’ব৷
Leave A Comment