• মাতৃভাষাত শিক্ষাৰ সুবিধা নাপায় বিশ্বৰ ৪০% লোকে

    শিক্ষা
    মাতৃভাষাত শিক্ষাৰ সুবিধা নাপায় বিশ্বৰ ৪০% লোকে
    ডিজিটেল ডেস্ক: বিশ্বৰ প্ৰায় ৪০ শতাংশ লোকে নিজৰ মাতৃভাষা অথবা নিজে বুজি পোৱা বা কোৱা ভাষাত শিক্ষা গ্ৰহণৰ সুবিধা পোৱা নাই। -এই কথা প্রকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠনৰ (ইউনেস্ক') এখন প্রতিবেদনত। 

    প্রতিবেদনখনত কোৱা হৈছে যে বিশ্বৰ বিভিন্ন দেশত ঘৰুৱা ভাষাৰ ভূমিকাৰ বিষয়ে বুজি পোৱাৰ পাছতো নীতিগত পদক্ষেপ সীমিত হৈ আছে। ইউনেস্ক'ই লগতে প্রকাশ কৰে যে ঘৰুৱা ভাষাত শিক্ষা গ্ৰহণৰ দিশত ভালেমান অসুবিধা আছে। 

    ইয়াৰ ভিতৰত শিক্ষকৰ সংখ্যা সীমিত হোৱা, পঠন সামগ্ৰীৰ অভাৱ, বিভিন্ন সম্প্ৰদায়ৰ বিৰোধিতাৰ দৰে প্ৰত্যাহ্বান ইয়াত আছে। একাংশ নিম্ন আৰু মধ্য আয়ৰ দেশত নিজৰ ঘৰুৱা বা মাতৃভাষাত শিক্ষা গ্ৰহণৰ সুবিধা নোপোৱা লোকৰ সংখ্যা ৯০%ৰো অধিক। ইয়াৰ দ্বাৰা প্ৰায় ২৫ কোটি লোক প্ৰভাৱিত হোৱা বুলি প্রতিবেদনখনত কোৱা হৈছে। ইউনেস্ক'ই ৰাষ্ট্ৰসমূহক বহুভাষিক শিক্ষা নীতি আৰু পদ্ধতি গ্রহণ কৰিবলৈ পৰামৰ্শ দিছে, যাতে সকলো শিক্ষার্থী উপকৃত হোৱা এক শৈক্ষিক প্ৰণালী গঢ় লৈ উঠে।

    ‘লেংগুৱেজ মেটাৰঃ গ্ল'বেল গাইডেন্স অন মাল্টি লিংগুৱেল এডুকেশ্যন' শীর্ষক প্রতিবেদনখনত কোৱা হৈছে যে প্রৱাসত বসবাস বৃদ্ধি পোৱাৰ লগে লগে ভাষাৰ বৈচিত্র্যই সমগ্র বিশ্বতে বাস্তৱ ৰূপ লৈছে। ইয়াত উল্লেখ কৰা অনুসৰি বিশ্বত গৃহহীন হৈ থকা ৩.১ কোটিতকৈ অধিক শিশু তথা কিশোৰ-কিশোৰী শিক্ষা গ্রহণত ভাষা সম্পৰ্কীয় বাধাৰ সন্মুখীন হৈছে।

    উৎসঃ দৈনিক জনমভূমি

    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino online