ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ নৱম আৰু একাদশ শ্ৰেণীৰ পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত ৰাজ্যৰ শিক্ষা বিভাগে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে। একাদশ শ্রেণীৰ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত পৃথক ব্যৱস্থা গ্রহণ কৰাৰ লগতে প্ৰশ্নকাকত ফাদিল কৰা আৰু পেকেট খোলা বহুসংখ্যক বিদ্যালয়ৰ বিৰুদ্ধে শাস্তিমূলক ব্যবস্থাও গ্রহণ কৰিছিল বিভাগে।
বৃহস্পতিবাৰে শিক্ষা বিভাগে আন এক নির্দেশনাৰ জৰিয়তে এতিয়াৰ পৰা চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ে ব্যক্তিগত বিদ্যালয়ৰ নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন কৰাত নিষেধাজ্ঞা জাৰি কৰে।
এই নির্দেশনা অমান্য কৰিলে চৰকাৰী আৰু প্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰাৰ সকীয়নিও দিয়া হয়। আনহাতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এইবাৰ মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হ'ব নোৱাৰা পৰীক্ষাৰ্থীসকলৰ বাবে এক নতুন নির্দেশনা জাৰি কৰিছে। এই নির্দেশনা অনুসৰি চলিত শিক্ষাবৰ্ষতো কম্পার্টমেন্টেল পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। মেট্ৰিক অনুত্তীর্ণ পৰীক্ষাৰ্থীয়ে সর্বাধিক ৩টা বিষয়ত কম্পার্টমেন্টেল পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। এই পৰীক্ষাৰ বাবেও অনলাইন পদ্ধতিৰে আৱেদন কৰিব লাগিব। আবেদন দাখিলৰ বাবে অতি শীঘ্ৰে বিশেষ প'র্টেল মুকলি কৰা হ'ব বুলিও পৰিষদে প্রকাশ কৰে।
ইফালে চলিত বৰ্ষৰ একাদশ শ্রেণীত নামভর্তি প্ৰক্ৰিয়া কালিৰ পৰা আৰম্ভ হৈছে। চৰকাৰে ইতিমধ্যে মুকলি কৰি দিয়া 'দর্পণ' প'ৰ্টেলযোগে একাদশ শ্ৰেণীৰ অনলাইন নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই সন্দৰ্ভত শিক্ষা বিভাগে জাৰি কৰা এক নির্দেশনা অনুসৰি নামভৰ্তিৰ বাবে অহা ২৪ এপ্রিললৈ আৱেদন কৰিব পাৰিব। ২৭ এপ্ৰিলৰ পুৱা ১০ বজাত শিক্ষানুষ্ঠানসমূহে নামভৰ্তিৰ বাবে প্ৰাথমিক বাছনী তালিকা আৰু ৱেইটিং লিষ্ট প্রকাশ কৰিব। ৩০ এপ্রিলৰ পৰা ১০ মে’লৈ শিক্ষার্থীসকলে নামভৰ্তিৰ বাবে নিজৰ পচন্দৰ শিক্ষানুষ্ঠান দর্পণ প'ৰ্টেলৰ জৰিয়তে নিশ্চিত কৰিব লাগিব।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment