ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱাটো সহজ নহয়। এই পৰীক্ষাটোক ভাৰতৰ অন্যতম কঠিন পৰীক্ষা হিচাপে গণ্য কৰা হয় আৰু বিশ্ব পৰ্যায়তো ইয়াক প্ৰত্যাহ্বানমূলক বুলি গণ্য কৰা হয়। ইউ পি এছ চিত উত্তীৰ্ণ হ’বলৈ কেৱল কঠোৰ পৰিশ্ৰমেই নহয় প্ৰচণ্ড নিষ্ঠা আৰু সংগ্ৰামৰ প্ৰয়োজন।
প্ৰতি বছৰে এই পৰীক্ষাত হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হয় যদিও ইয়াৰে কেইজনমানহে চূড়ান্ত তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হয়। আমি আপোনালোকৰ বাবে লৈ আহিছো এটি জীৱনৰ ‘সফলতা মন্ত্ৰ’, য’ত আজি আমি আপোনালোকক জনাম আই এফ এছ (ভাৰতীয় বিদেশ সেৱা) বিষয়া এনিশা তোমাৰৰ প্ৰেৰণাদায়ক সফলতাৰ কাহিনী, য’ত তেওঁ তৃতীয়বাৰৰ বাবে ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ সংগ্ৰাম আৰু আবেগেৰে সফলতা লাভ কৰিব পৰা যায় বুলি প্ৰমাণ কৰিলে।
শৈশৱৰ পৰাই এনিশাৰ পঢ়া-শুনাৰ প্ৰতি তীব্ৰ আগ্ৰহ আছিল। পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক শিক্ষা সম্পূৰ্ণ কৰিছিল এনিশাই, স্নাতকৰ দিনৰ পৰাই তেওঁ ইউ পি এছ চি পৰীক্ষা দিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল। ২০১৬ চনত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত এনিশাই ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। তেওঁ ইউপিএছচিৰ পাঠ্যক্ৰম অনুসৰি নিজৰ অধ্যয়ন সামগ্ৰী সংগঠিত কৰিছিল আৰু নিয়মীয়াকৈ অধ্যয়নৰ নিয়ম প্ৰস্তুত কৰিছিল ৷
প্ৰথম প্ৰচেষ্টাত এনিশাই প্ৰিলিমছ কাটঅফ অতি কম নম্বৰত বিফল হয়, যাৰ বাবে তেওঁ অলপ হতাশ হৈ পৰিছিল। কিন্তু এই ব্যৰ্থতাই তেওঁক আগুৰি নাৰাখিল আৰু দ্বিতীয়টো প্ৰচেষ্টাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি থাকিল।
স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজিছিল এনিশাই
দ্বিতীয়টো প্ৰচেষ্টাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত এনিশাই ইডিয়পেথিক ইন্ট্ৰাক্ৰেনিয়েল হাইপাৰটেনচন (আই আই এইচ) ৰোগত আক্ৰান্ত হয়। অৱশ্যে স্বাস্থ্যজনিত সমস্যাৰ মাজতো তেওঁ নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি গৈ থাকিল। খবৰ অনুসৰি এনিশাই তেওঁৰ শক্তি কমি আহিছে বুলি অনুভৱ কৰিছিল যদিও ঔষধ, এম আৰ আই আৰু স্পাইনেল টেপৰ দৰে অসুবিধাৰ মাজতো তেওঁ পঢ়া-শুনা অব্যাহত ৰাখিছিল। দ্বিতীয়টো প্ৰচেষ্টাত প্ৰিলিমছ ক্লিয়াৰ কৰিবলৈ সক্ষম হয় কিন্তু মেইনছ পৰীক্ষাত মাত্ৰ ছয় নম্বৰত অনুত্তীৰ্ণ হয়।
বহু বছৰৰ কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামৰ অন্তত এনিশাই তৃতীয় প্ৰচেষ্টাত সফলতা অৰ্জন কৰে। অল ইণ্ডিয়া ৰেংক (এআইআৰ) ৯৪ লাভ কৰি আই এফ এছৰ বিষয়া হ’বলৈ সক্ষম হয়। এনিশাৰ কাহিনীয়ে প্ৰমাণ কৰে যে যদি এজন ব্যক্তিয়ে নিজৰ লক্ষ্যৰ প্ৰতি সম্পূৰ্ণৰূপে সমৰ্পিত হয় আৰু কেতিয়াও হাৰ নামানে, তেন্তে তেওঁৰ সফলতা নিশ্চিত ৷
Leave A Comment