• ‘‘চিঙৰা বিক্ৰী কৰিলেই মোৰ ভৱিষ্যত নিৰ্ণয় নহয়’’ NEET UGত সফল নয়ডাৰ এজন ১৮ বছৰীয়া চিঙৰা বিক্ৰেতা

    শিক্ষা
    ‘‘চিঙৰা বিক্ৰী কৰিলেই মোৰ ভৱিষ্যত নিৰ্ণয় নহয়’’ NEET UGত সফল নয়ডাৰ এজন ১৮ বছৰীয়া চিঙৰা বিক্ৰেতা
    ডিজিটেল ডেস্ক: ১৮ বছৰীয়া ছানী কুমাৰে পঢ়া-শুনাৰ লগতে চিঙৰাৰ দোকানখনো চম্ভালিছিল। তেওঁ কয় যে স্কুল শেষ কৰাৰ পিছত তেওঁ নিজৰ দোকানখন চলাইছিল। আৰু তাৰ পাছত গভীৰ নিশালৈকে পঢ়িছিল। তেওঁ অৱশেষত কষ্টৰ ফল লাভ কৰিলে আৰু NEET পৰীক্ষাত সফলতা লাভ কৰি আদৰ্শ দাঙি ধৰিলে।

    নয়ডাত ছানিৰ এখন চিঙৰাৰ দোকান আছে। তেওঁ চিঙৰা প্ৰস্তুত কৰি প্ৰতিদিনে সন্ধিয়া মানুহক খুৱাইছিল আৰু আনফালে ডাক্তৰ হোৱাৰ সপোন দেখিছিল। ছানীয়ে চিঙৰা বিক্ৰী কৰাৰ ওপৰিও পঢ়া-শুনা অব্যাহত ৰাখি NEETৰ দৰে কঠিন পৰীক্ষাত ৬৬৪ নম্বৰসহ লাভ কৰি নিজৰ কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ কৰিলে। ফিজিক্সৱালাৰ প্ৰতিষ্ঠাপক অলখ পাণ্ডেই ছানীৰ ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁৰ এই কৃতিত্ব বিশ্ববাসীৰ আগত দেখুৱাইছে।

    কঠিন পৰিস্থিতিৰ সন্মুখীন হৈ কৰি ছানী কুমাৰে NEETত ৬৬৪ নম্বৰ লাভ কৰে। আৰ্থিক সমস্যা আৰু পাৰিবাৰিক প্ৰত্যাহ্বানৰ মাজতো তেওঁ পঢ়া-শুনা আৰু কামৰ ভাৰসাম্যতা বজাই ৰাখিছিল। ছানীয়ে কয় যে তেওঁ এই প্ৰেৰণা মাক আৰু বন্ধু-বান্ধৱীৰ পৰা পাইছিল। চিকিৎসা ক্ষেত্ৰখনত কিবা এটা প্ৰমাণ কৰিব বিচৰা সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে তেওঁৰ এই যাত্ৰা আশাৰ ৰেঙণি। 

    ফিজিক্সৱালাৰ জৰিয়তে NEET ৰ বাবে প্ৰস্তুতি চলাইছিল ছানীয়ে। ছ’চিয়েল মিডিয়াত তেওঁৰ কাহিনী ইতিমধ্যে শ্বেয়াৰ কৰিছে ৷ তাত জনোৱা হৈছে যে কেনেদৰে ছানীয়ে নিজৰ কঠোৰ পৰিশ্ৰমৰ ভিত্তিত এই পদত অৰ্জন কৰিছে। ভিডিঅ’টোত NEET UG পৰীক্ষাত উত্তীৰ্ণ হোৱা ছানী কুমাৰৰ কোঠাটো দেখুওৱা হৈছে। এই ভিডিঅ’ত ছানীৰ কোঠাৰ বেৰত আঁৰি থোৱা অধ্যয়নৰ টোকাবোৰ স্পষ্টকৈ দেখা গৈছে। 

    চিকিৎসা ক্ষেত্ৰখনৰ প্ৰতি থকা আগ্ৰহৰ কথা কওঁতে নয়ডাৰ বাসিন্দা ছানী কুমাৰে কয় যে কেতিয়াবা চকুত বিষ হ’বলৈ আৰম্ভ নকৰালৈকে তেওঁ গোটেই ৰাতি পঢ়িছিল। সদায় তেওঁৰ মনত এটা প্ৰশ্ন উদয় হয় যে ঔষধ লোৱাৰ পিছত মানুহ কেনেকৈ ভাল হয় সেই কথা বুজিবলৈ তেওঁ আগ্ৰহী আছিল, সেয়েহে তেওঁ Biology বিষয় লৈছিল। তেওঁ কয় যে ‘চিঙৰা বিক্ৰী কৰিলেই মোৰ ভৱিষ্যত নিৰ্ণয় নহয়।’ ছানীৰ সংগ্ৰাম দেখি প্ৰশিক্ষণ কেন্দ্ৰই তেওঁক ৬ লাখ টকাৰ বৃত্তি প্ৰদান কৰে, আৰু মেডিকেল কলেজৰ টিউচন মাচুল দিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে।