ডিজিটেল ডেস্ক : কাইলৈ ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। আজি (২৯ এপ্ৰিল) অসমৰ শিক্ষামন্ত্ৰী ড০ ৰানোজ পেগুৱে এই কথা ঘোষণা কৰে ৷ এই সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বুধবাৰে পুৱা ৯:০০ বজাৰ লগে লগে ৱেবছাইটত শিক্ষাৰ্থীসকলে চাব পাৰিব কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফল।এইবাৰ মুঠ ৩০২৪২০ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত।
এইবাৰ পৰীক্ষাত কলা শাখাত ২,৩০,০৯১জন, বিজ্ঞান শাখাত ৫৭,৭২৪ জন আৰু বাণিজ্য ১৭,৮৬৯ জন শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল। কাইলৈ ফলাফল ঘোষণা হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে লগইন উইণ্ড’ত থকা তেওঁলোকৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইটত নিজৰ ফলাফল পৰীক্ষা কৰিব পাৰিব।
শিক্ষামন্ত্ৰী ড০ ৰানোজ পেগুৱে এক্সত কয় যে ‘মই জনাবলৈ পাই সুখী যে কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ উচ্চতৰ মাধ্যমিক ২০২৫ৰ ফলাফল অহা কাইলৈ (৩০-০৪-২০২৫) পুৱা ৯:০০ বজাত ঘোষণা কৰা হ’ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডে আজি জাননী প্ৰকাশ কৰিব। এইবাৰ মুঠ ৩০২৪২০ গৰাকী শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল।’
কেনেকৈ অনলাইনত ফলাফল লাভ কৰিব-
ahsec.assam.gov.in
indiaresults.com
assamresult.co.in
assamresult.in
Leave A Comment