• অক্ষয় কুমাৰৰ ‘বেল বটম’ প্ৰদৰ্শনত নিষেধাজ্ঞা !

    মনোৰঞ্জন
    অক্ষয় কুমাৰৰ ‘বেল বটম’ প্ৰদৰ্শনত নিষেধাজ্ঞা !

    মুম্ৱাইঃ অক্ষয় কুমাৰ, বাণী কাপুৰ, লাৰা দত্ত, হুমা কুৰেছী অভিনীত ‘বেল বটম’ ছবিখন ১৯ আগষ্টত ৰূপালী পৰ্দাত মুক্তি লাভ কৰে। বিশ্বব্যাপী মুক্তি পোৱা স্বত্বেও ছবিখনে চৌদি আৰৱ, কাটাৰ আৰু কুৱেইটত প্ৰদৰ্শিত কৰিব পৰা নগ’ল। তিনিওখন দেশতে নিষিদ্ধ কৰা হৈছে ‘বেল বটম’।






    জানিবলৈ পোৱা মতে, 'বেল বটমৰ দ্বিতীয় অংশত অপহৰণকাৰীসকলে লাহোৰৰ পৰা ডুবাইলৈ বিমানখন লৈ যোৱা দেখা গৈছে। দৰাচলতে, ১৯৮৪ চনত সংঘটিত বিমান অপহৰণ কাণ্ডটো আৰৱ প্ৰতিৰক্ষা মন্ত্ৰী শ্বেখ মহম্মদ বিন ৰছিদ আল মাকতুমে নিজেই বিষয়টো চম্ভালিছিল আৰু অপহৰণকাৰীসকল আৰৱ চৰকাৰৰ তৎপৰতাত আটক কৰা হৈছিল। কিন্তু ছবিখনত ভাৰতীয় বিষয়াসকলে আৰৱ প্ৰতিৰক্ষা মন্ত্ৰীক অন্ধকাৰত ৰখা আৰু সমগ্ৰ অভিযানটো চলাই থকা দেখুওৱা হৈছে।‘ সম্ভৱতঃ এইকাৰণেই চৌদি আৰৱ, কাটাৰ আৰু কুৱেইটত ছবিখন প্ৰদৰ্শনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।






    উল্লেখ্য যে, অক্ষয় কুমাৰে এইখন চলচ্চিত্ৰত স্পাই থ্ৰিলাৰত ৰ'ৰ এজেণ্টৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ কোড নাম বেল বটম। আণ্ডাৰ ক’ভাৰ এজেণ্টজনক বিমান অপহৰণৰ সন্দৰ্ভত মাতি অনা হৈছিল। চলচ্চিত্ৰখনৰ কাহিনীটোৱে ২১০ জন বন্দীক কেনেদৰে উদ্ধাৰ কৰিব লাগে আৰু অপহৰণকাৰীসকলক সঠিক পাঠ শিকাব লাগে তাৰ পৰিকল্পনাৰ মাষ্টাৰপ্লেন প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰঞ্জিত তিৱাৰীৰ দ্বাৰা পৰিচালিত এই ছবিখন আন যিকোনো অক্ষয় কুমাৰ চলচ্চিত্ৰৰ দৰে বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখন ৭০ ৰ দশকৰ শেষৰ ফালে আৰু ৮০ ৰ দশকৰ আৰম্ভণিতে সংঘটিত দুটা ঘটনাৰ পটভূমিত নিৰ্মাণ কৰা হৈছে।