• অসমৰ সংগীত জগতৰ ভোটাতৰা সুধাকণ্ঠৰ ওপজা দিনত শতকোটি প্ৰণিপাত

    মনোৰঞ্জন
    অসমৰ সংগীত জগতৰ ভোটাতৰা সুধাকণ্ঠৰ ওপজা দিনত শতকোটি প্ৰণিপাত

    গুৱাহাটী: ‘মানুহে মানুহৰ বাবে
    যদিও অকনে নাভাৱে
    ভাৱিব কোনেনো কোৱা সমনীয়া’
    অসমৰ সংগীতৰ আকাশত সদায়েই ভোটাতৰা হৈ জিলিকি থকা ভাৰতৰত্ন ড: ভূপেন হাজৰিকাৰ আজি ওপজা দিন৷ গীতেৰে একতা আৰু ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰা এই মহান শিল্পীজনৰ আজি ৯৫সংখ্যক জন্মদিন৷ অসমীয়া সমাজ জীৱনলৈ গীত আৰু চলচ্চিত্ৰৰ জৰিয়তে এক মেটমৰা সম্ভাৰ দি যোৱা এইগৰাকী মহান শিল্পীক আজি সুঁৱৰিছে সমগ্ৰ দেশে৷





    ড° ভূপেন হাজৰিকাৰ জন্ম ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত, শদিয়াৰ এখন গাঁৱত হৈছিল৷ তেওঁৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টীত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। তেওঁলোকৰ ভাই-ভনী সকলো মিলি মুঠ দহটা সন্তান আছিল। পৰিয়ালৰ দহোটা সন্তানৰ জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা।





    ড° হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষাগ্ৰহণ কৰিছিল। আৰু পাছলৈ গুৱাহাটীৰ ভৰলুমুখৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষাগ্ৰহণ কৰে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪০ চনত প্ৰৱেশিকা পৰীক্ষা, ১৯৪২ চনত কটন মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমেডিয়েট (কলা বিভাগ), ১৯৪৪ চনত বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।





    ভূপেন হাজৰিকাৰ সংগীতৰ যাত্ৰা তথা তেওঁৰ সাংস্কৃতিক যাত্ৰাৰ মূলতে তেওঁৰ সেই জীপাল ঘৰখন আছিল৷ যিখন ঘৰৰ দহোজন ভাতৃ-ভগ্নীয়েই অসমীয়া সংস্কৃতিৰ প্ৰতি কিবা নহয় কিবা এটা অৱদান আগবঢ়াই গ’ল। ভূপেন হাজৰিকাৰ অন্তৰস্পৰ্শী মৌ মিঠা অমৃতময়ী কণ্ঠই প্ৰতিজনকেই ঝংকাৰিত কৰি তোলে। ১৯৩০ চনৰ ৩০ অক্টোবৰৰ দিনা গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলৰ সভাত পিতৃৰ লগত ভূপেন হাজৰিকা গান গাবলৈ আহিছিল। সেইখন সভাৰেই বিশিষ্ট অতিথি আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাদেৱ ভূপেন হাজৰিকাৰ কণ্ঠত ‘‘কি স’তে হিয়াৰে…’’ শীৰ্ষক গীত শুনি অতি আহ্লাদিত হৈছিল আৰু বেজবৰুৱাদেৱে ভূপেন হাজৰিকাক প্ৰশংসাৰে উপচাই চুমা খাইছিল আৰু কলিকতাৰ সুগায়ক ‘মাষ্টাৰ মদন’ৰ লগত তুলনা কৰিছিল।





    ভূপেন হাজৰিকাৰ সাংস্কৃতিক প্ৰতিভাৰ বিকাশ ঘটে অসমৰ সাংস্কৃতিক নগৰী তেজপুৰত। তেজপুৰতেই ভূপেন হাজৰিকাৰ প্ৰতিভাত জ্যোতি-বিষ্ণু-ফণীৰ পৰশ পৰে আৰু ইয়াৰ পৰাই আৰম্ভ হয় তেওঁৰ বৰ্ণিল সাংস্কৃতিক জীৱন। ভূপেন হাজৰিকাৰ সংগীতত প্ৰতিফলন হৈছিল নিভাজ অসমীয়াৰ ছবি৷ কেঁচা মাটিৰ গোন্ধৰে সজ্জীৱিত হোৱা ভূপেন্দ্ৰ গীত আজিও সকলোৰে বাবে এক আৱেগ৷ ভূপেন হাজৰিকাই কেৱল সংগীত জগততে নহয় অসমীয়া চলচ্চিত্ৰলৈ দি গৈছে অনবৈদ্য অৱদান৷ ‘এৰাবাটৰ সুৰ’, ‘চামেলি মেম চাহাব’, ‘লটি-ঘটি’, ‘শকুন্তলা’, ‘প্ৰতিধ্বনি’, ‘চিকমিক বিজুলী’ আদি বহুকেইখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল ড৹ ভূপেন হাজৰিকাই৷ তেওঁৰ দ্বাৰা নিৰ্মিত সৰহ সংখ্যক ছবিয়ে ৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম বুটলিবলৈ সক্ষম হৈছিল৷ অসমীয়া সাহিত্য ভৰালো চহকী কৰিছে ভূপেন হাজৰিকাৰ ৰচনাই৷ ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্নৰে বিভূষিত কৰা সুধাকণ্ঠগৰাকীয়ে অৰ্জন কৰিছিল বহু খ্যাতি৷ ১৯৭৭ চনত পদ্মশ্ৰী, ২০০১ চনত একেটা বৰ্ষতে পদ্মভূষণ আৰু সাহিত্য অকাডেমী, ২০০৮ চনত সাহিত্যচাৰ্য, ২০০৯ চনত অসমৰত্ন আৰু ২০১২ চনত মৰণোত্তৰভাৱে পদ্মবিভূষণ সন্মান লাভ কৰিছিল হাজৰিকাই৷