• একেখন ৰভাৰ তলত একেলগে বিয়াত বহিল ২২ যোৰা দৰা-কইনা

    মনোৰঞ্জন
    একেখন ৰভাৰ তলত একেলগে বিয়াত বহিল ২২ যোৰা দৰা-কইনা

    নগাঁও : আয়তীৰ উৰুলি, বিয়া নাম আৰু বেণ্ডৰ শব্দই দেওবাৰে মুখৰিত কৰিলে নগাঁও মৰিকলঙৰ ধেপাজান অঞ্চল ৷ নগাঁৱৰ ধেপাজান কোটায়ানী নামঘৰত একেলগে আনুষ্ঠানিকভাৱে বিয়াত বহিল ২২ যোৰা দৰা-কইনা ৷





    আৰু পঢ়িব পাৰিব : চকুৰ সন্মুখতে উটি গৈছিল প্ৰিয়জন, আমি অসহায় হৈ চাই ৰৈছিলোঁ…





    কোটায়ানী নামঘৰ পৰিচালনা সমিতিয়ে আয়োজন কৰা এই সমুহীয়া বিয়াখনক লৈ দেওবাৰে মৰিকলং ধেপাজান অঞ্চলতে সৃষ্টি হ’ল এক আনন্দমুখৰ পৰিৱেশ ৷ আয়তীসকলে পানী তুলি বিয়ানাম গাই মাহ-হালধি সানি নোৱালে-ধোৱালে দৰা- কইনাসকলক৷ হাতে হাতে উপহাৰলৈ বিয়া খাবলৈ অহা আত্মীয় - শুভাকাংক্ষীয়ে আশীৰ্বাদ দিলে ২২ যোৰা দৰা -কইনাক৷





    আৰু পঢ়িব পাৰিব : ৰাইজক মিছা সপোন দেখুৱাইছে মোদীয়ে: অসম প্ৰদেশ কংগ্ৰেছ





    উল্লেখ্য অভিভাৱকহীন আৰু আৰ্থিক সমস্যাৰ বাবে সামাজিক প্ৰথাৰে বিবাহপাশত আবদ্ধ হ'ব নোৱাৰা দম্পতী সকলক সকাহ দিয়াৰ উদ্দেশ্যে ধেপাজান কোটায়ানী নামঘৰত আয়োজন কৰা এই সমূহীয়া বিয়াই সকাহ দিলে বহু কেইটা পৰিয়ালক৷