Regional
Amitabh Sharma, a spokesperson for Indian Railways, stated on June 3 that the rescue operations at the terrible triple train collision scene...
ডিজিটেল ডেস্কঃ পেট বিষ, মূৰ বিষ ইত্যাদিকে ধৰি 'ক্লাছ বাংক' মাৰিবলৈ বিদ্যালয়ৰ দেৱাল বগোৱালৈকে পন্থা লৈছিল নব্বৈ দশকৰ 'খতৰনাক' ছাত্ৰ-ছত্ৰীয়ে। যুগ সলনি হ'ল, শিক্ষা ব্যৱস্থা সলনি হ'ল; লগতে বাংক মৰাৰ বাহানাও সলাব হ'ল। সংস্কাৰী শিক্ষাব্যৱস্থাত নাই বেতৰ আগত বিদ্যাৰ ভয়। তথাপি শিক্ষাগুৰুক ফাঁকি দি নিজৰ ভৱিষ্যত বিপদাপন্ন কৰিবলৈ দ্বিধাবোধ নকৰে এক শ্ৰেণীৰ শিক্ষাৰ্থীয়ে।
ক'ভিড মহামাৰীয়ে ধ্বংসপ্ৰায় কৰা সমাজজীৱনত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে শিক্ষাৰ্থীসকল। বন্ধ শিক্ষানুস্থানৰ বিকল্পৰূপে প্ৰচলিত হৈছে অনলাইন ক্লাছ। তাৰ পৰাও বঞ্চিত হৈছে কিছুসংখ্যক নিম্ন মধ্যবিত্ত শ্ৰেণীৰ শিক্ষাৰ্থী। তাৰ মাজতো শিক্ষকক 'টুপী' পিন্ধাবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে কিছুসংখ্যক বেপৰোৱা শিক্ষাৰ্থীয়ে।
শেহতীয়াকৈ নিজে শুই থাকি এটা পুতলাৰ মুণ্ডক অনলাইন ক্লাছত অংশগ্ৰহণ কৰোৱা এগৰাকী ছোৱালীৰ ফটোৱে তোলপাৰ লগাইছে ছ'চিয়ে মিডিয়াত। টুইটাৰত বহুলভাৱে চৰ্চিত হৈছে বিষয়টো। প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লক্ষ লক্ষ লোকে। শয়নত মগ্ন ছাত্ৰীগৰাকীয়ে লেপটপৰ সমুখত এটা পুতলাৰ মাথা মাস্ক পিন্ধাই ৰাখি অনলাইন ক্লাছত অংশগ্ৰহণ কৰোৱা ফটোখনে যথেষ্ট চৰ্চা লাভ কৰিছে
Leave A Comment