• কেটৰিনাৰ বিয়াৰ গুঞ্জন, ছলমানে গাব 'চান্না মেৰেয়া' !

    মনোৰঞ্জন
    কেটৰিনাৰ বিয়াৰ গুঞ্জন, ছলমানে গাব 'চান্না মেৰেয়া' !

    মুম্বাইঃ বলীউডৰ হৃদস্পন্দন কেটৰিনাৰ বিয়াৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে। একাংশৰ মতে, ছলমান খানৰ প্ৰাক্তন প্ৰেমিকা বিবাহিত। আকৌ, বলীউড এৰিণাত কেটৰিনাই শীঘ্ৰেই আনুষ্ঠানিকভাৱে হোমৰ জুইকুৰাত বহিবলৈ প্ৰস্তুতি চলোৱা বুলি গুজৱ উঠিছে। জানিবলৈ পোৱা মতে, কেটৰিনাৰ পাণী গ্ৰহণ কৰিব বলীউড অভিনেতা বিকি কৌশলে। মিম-নিৰ্মাতাসকলে ইতিমধ্যে ছলমান খানে তেওঁলোকৰ বিয়াত কেনেদৰে 'চান্না মেৰেয়া' গাব তাৰ ওপৰত মিম সৃষ্টি কৰিছে। ডাবাং খানৰ সৈতে দীঘলীয়া প্ৰেমৰ সম্পৰ্কৰ পাছত কেটৰিনাই ৰণবীৰ কাপুৰৰ প্ৰেমত পৰিছিল। এই সম্পৰ্কৰ শিহৰণো স্থায়ী নহ'ল। ৰণবীৰে কেটৰিনাক এৰি আলিয়া ভট্টৰ পাণী গ্ৰহণ কৰা বুলিও গুজৱ শুনিবলৈ পোৱা গৈছিল।






    শেহতীয়াকৈ কেটৰিনাৰ-বিকিৰ বিবাহৰ প্ৰসংগৰ অৱতাৰণা হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন মহলৰ মত অনুসৰি, কৰ’নাসৃষ্ট পৰিৱেশৰ সাম কাটিলেই বিকি আৰু কেটৰিনা 'মিষ্টাৰ এণ্ড মিছেছ' হ'ব। উল্লেখ্য যে, কেটৰিনা আৰু বিকি প্ৰথমবাৰৰ বাবে এটা টক শ্ব'ত লগ পাইছিল। তাৰ পাছত তেওঁলোকৰ কেইবাবাৰো সাক্ষাত হয়। লাহে লাহে সম্পৰ্কত সাঙোৰ খাই পৰে দুয়ো। তেওঁলোকক অলপতে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ 'শ্বেৰশ্বাহ'ৰ প্ৰিমিয়াৰত একেলগে দেখিবলৈ পোৱা গৈছিল। কেটৰিনা আৰু বিকিয়ে এতিয়াও বলীউডত তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে আনুষ্ঠানিক মন্তব্য প্ৰদানৰ পৰা বিৰত আছে।