• কেটৰীনাৰ বাহুবন্ধনত বিকি কৌশল! ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা

    মনোৰঞ্জন
    কেটৰীনাৰ বাহুবন্ধনত বিকি কৌশল! ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা

    মুম্বাই : বলীউড তাৰকাৰ মাজত ৰোমাঞ্চ তথা প্ৰেমৰ সম্পৰ্ক কোনো নতুন কথা নহয়৷ তাৰকা অভিনেতা-অভিনেত্ৰীৰ প্ৰেমৰ সম্পৰ্কই অনুৰাগীকো যথেষ্ট আমোদ দিয়ে৷ সেয়ে কোন অভিনেতাই কোন অভিনেত্ৰীক ডে'ট কৰিছে সেয়া একোটা ডাঙৰ খবৰৰ উৎস হৈ পৰে৷ পাপৰাজ্জিও দিনে নিশাই ব্যস্ত থাকে এনে বাতৰি খুঁচৰি ফুৰাত৷





    আৰু পঢ়িব পাৰিব : চ্যুকাফা মাল্টি স্পেচিয়েলিটী হাস্পতালত অত্যাধুনিক সংযোজন





    শেহতীয়াকৈ বলীউডৰ দুজন তাৰকাক লৈ সৰৱ হৈ আছে বলীউড গছিপ৷ সন্দেহ কৰা হৈছে যে 'উৰি'খ্যাত সুদৰ্শন অভিনেতা বিকি কৌশলৰ সৈতে প্ৰেমৰ দোলেৰে বান্ধ খাইছে কেটৰীনা কাইফ৷ ইনষ্টাগ্ৰামত কেটৰীনাই অলপতে এখন ফটো শ্বেয়াৰ কৰে য'ত তেওঁ কাৰোবাক সাবটি থকা দেখা গৈছে৷





    আৰু পঢ়িব পাৰিব : প্ৰতিবাদী কৃষকৰ সমৰ্থনত আন্দোলন ঘোষণা আন্না হাজাৰেৰ





    ইফালে দুয়ো অভিনেতাৰ অনুৰাগীয়ে ইতিমধ্যে থিৰাং কৰি পেলাইছে যে কেটৰীনা কাইফৰ বাহুবন্ধনত সেয়া আন কোনো নহয়, অভিনেতা বিকি কৌশলহে৷ অৱশ্যে দুয়োজন অভিনেতাই এই পৰ্যন্ত বিষয়টোত কোনো মত প্ৰকাশ কৰা নাই৷ বিকি-কেটৰীনা সঁচাকৈয়ে প্ৰেমৰ দোলেৰে বান্ধ খাইছে নেকি সেয়া জানিবলৈ অনুৰাগীসকল হয়তো আৰু কিছুদিন অপেক্ষা কৰিবলগীয়া হ'ব পাৰে৷