Regional
Digital Desk: The three-day Charaideo Festival, 2025 began on Thursday at the Charaideo Maidam Ground. This festival has been organized to celebrate the UNESCO World Heritage site tag for the Charaideo Maidam.
নতুন দিল্লী : শনিবাৰ আৰু দেওবাৰে নতুন দিল্লীৰ গুড়গাঁৱত দুদিনীয়াকৈ অনুষ্ঠিত হয় ‘চেলিব্ৰেটিং নৰ্থ-ইষ্ট ২০২১’৷ NEIFTৰ অধ্যক্ষ বিক্ৰম ৰায় মেধিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অসম তথা উত্তৰ-পূবৰ সাজপাৰৰ ফেশ্বন শ্ব’ৰ লগতে খাদ্য সম্ভাৰৰ প্ৰয়োভৰ হয়৷
আৰু পঢ়িব পাৰিব : দুটা সন্তান কিয়? বেছি ৰেচন লাগিলে ২০টা জন্ম দিয়ক…
এই মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে অসমৰ চাৰিগৰাকীকৈ কণ্ঠশিল্পীয়ে৷ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, শংকুৰাজ কোঁৱৰ, ৰিছা ভৰদ্বাজ আৰু মৈত্ৰেয়ী পাটৰে গীত পৰিৱেশন কৰে৷
আৰু পঢ়িব পাৰিব : অসমত কেন্দ্ৰীয় নেতাৰ ভিৰ, আজি শ্বাহ, নাড্ডাৰ প্ৰচাৰ
গুড়গাঁৱৰ চাইবাৰ হাবত হোৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কেইবা সহস্ৰাধিক লোকে৷ উত্তৰ-পূবৰ খাদ্য, সাজপাৰ তথা সংগীতৰ অপূৰ্ব সমাহাৰে মোহাচ্ছন্ন কৰে মহোৎসৱ উপস্থিত ৰাইজক৷
Leave A Comment