• ছলমানৰ ঠাইত কিদৰে বিকিয়ে হৃদয় জিনিলে কেটৰ

    মনোৰঞ্জন
    ছলমানৰ ঠাইত কিদৰে বিকিয়ে হৃদয় জিনিলে কেটৰ

    ডিজিটেল ডেস্ক : দুই চেলিব্ৰিটীৰ বিবাহত উদুলি-মুদুলি বলীউডৰ বাকৰি৷ কি পিন্ধিব, কি খুৱাব এতিয়া তাৰেই জল্পনা-কল্পনা৷ আমি ক’ব বিচাৰিছো অভিনেত্ৰী কেটৰিনা কাঈফ আৰু অভিনেতা বিকি কৌশলৰ বিবাহৰ আয়োজনৰ কথা৷ যাৰ বাবে অনুৰাগীসকল এতিয়া গভীৰ অপেক্ষাত৷ বন্ধুৰ পৰা প্ৰেমিকলৈ? কেটৰিনা কাঈফ আৰু বিকি কৌশলৰ প্ৰেম ভিন্নজনৰ বাবে এক প্ৰশ্নহে যেন উদয় হৈছে৷ নিজৰ অভিনয়ৰে দৰ্শকক আপ্লুত কৰা কেট এসময়ত হৈ পৰিছিল ছলমান খানৰ প্ৰিয় অভিনেত্ৰী৷ দুয়োৰে মাজত গঢ় লৈছিল প্ৰেমৰ নিবিড় সম্পৰ্কও৷





    কেটৰিনা কাঈফে কেইবাখনো চলচ্চিত্ৰত ছলমানৰ বিপৰীতে অভিনয় কৰিছে, আটাইতকৈ শেহতীয়াকৈ ২০১৯ত ‘ভাৰত’। এই দুই চেলিব্ৰিটীয়ে শ্বুটিঙৰ সময়ছোৱাত দুয়োৰে মাজত গঢ় লৈছিল নিবিৰ সম্পৰ্কও৷ ছলমান আৰু কেটৰিনাই ইতিমধ্যে তেওঁলোকৰ শেহতীয়া ছবি ‘টাইগাৰ-৩’ৰ কাম আৰম্ভ কৰিছে।









    এনেসময়তে মোহময়ী অভিনেত্ৰীগৰাকীয়ে বিকি কৌশলক 'বৰ' হিচাপে বাছনি কৰাত সকলোৰে মনত যেন এক প্ৰশ্নৰ উদয় হৈছে৷ বিকি কৌশল হৈছে এজন সুনিপুন অভিনেতা৷ তেওঁৰ অভিনয়ৰ যোগেদি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটাও লাভ কৰে৷ শেহতীয়াকৈ ২০১৯ চনৰ ফৰ্বছ ইণ্ডিয়াৰ চেলিব্ৰিটীৰ তালিকাটো নাম প্ৰকাশ পাইছে। কিন্তু তাৰ বিপৰীতে ছলমান খানৰ বলিউডত আছে সুকীয়া নাম৷ তেওঁৰ নাম আৰু যশস্যাই সকলোকে কৰে মুগ্ধ৷





    এসময়ত হিন্দী ক’ব নাজানা মোহময়ী কেটে বলীউডত ছলমানৰ বাবেই যেন লাভ কৰিছিল ইখনৰ পাছত সিখনকৈ ছবি৷ দুয়োৰে যুজলবন্দীৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষমো হৈছিল৷ কেটক সকলোৱে আদৰি লৈছিল৷ কিন্তু এনে সময়তে কেটৰ আৰু বিকিৰ বিবাহৰ খবৰে আচলতে সকলোকে কৰিলে আচম্বিত৷









    কিন্তু কিয় কেটৰিনা পৰিল বিকিৰ প্ৰেমত? এয়া এক সাঁথৰ সকলোৰে বাবে৷ সিযিকি নহওক প্ৰাপ্ত খবৰ অনুসৰি, ৭ৰ পৰা ৮ ডিচেম্বৰৰ মাজত ৰাজস্থানৰ এখন ৰিজ’ৰ্টত বিবাহপাশত আবদ্ধ হ’ব এই দুই চেলিব্ৰিটী৷ দুয়োৰে বিবাহৰ বাবে জয়পুৰত এতিয়া প্ৰস্তুতি তংগত। ইপিনে বিবাহ অভ্যৰ্থনা আলহী হৈ যোৱাসকলে তুলিব নোৱাৰিব ফটোও৷ বিয়াত কেৱল আত্মীয় লোক, পৰিয়ালৰ সদস্য আৰু বন্ধুহে উপস্থিত থাকিব পাৰিব।





    মিডিয়া ৰিপ’ৰ্ট অনুসৰি, অভিনেতা ছলমান খান নিজৰ পৰিয়ালৰ সৈতে এই বিবাহ অনুষ্ঠানত উপস্থিত নাথাকে। বিকি কৌশল আৰু কেটৰিনাৰ বিবাহ অনুষ্ঠানত অভিনেতাগৰাকী উপস্থিত হোৱাৰ সম্ভাৱনা নাই। এইটোও হ’ব পাৰে নেকি যে, বিবাহৰ প্ৰথমখন চিঠি ছলমান খানৰ পৰিয়াললৈ প্ৰেৰণ কৰা হৈছিল। ছলমান খান আৰু কেটৰিনা কাঈফৰ মাজত পৰিয়ালকেন্দ্ৰিক সম্পৰ্কও আছিল। সময় বেয়া হওক বা ভালেই, ছলমান খান সদায় কেটৰিনাৰ লগত আছে।