• ছিকিম ভ্ৰমণত অনুমতি : পৰ্যটকে মানিব লাগিব এইখিনি নিৰ্দেশনা !

    মনোৰঞ্জন
    ছিকিম ভ্ৰমণত অনুমতি : পৰ্যটকে মানিব লাগিব এইখিনি নিৰ্দেশনা !

    ছিকিম : ক'ভিডৰ মাজতে পৰ্যটকসকলৰ বাবে সু-খবৰ৷ যিসকল লোকে সম্পূৰ্ণৰূপে ক’ভিড টিকা গ্ৰহণ কৰিছে, তেওঁলোকে আজিৰেপৰা ছিকিম ভ্ৰমণ কৰিব পাৰিব। ক'ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য এই বৰ্ষৰ মাৰ্চৰ মাহৰ পৰা ছিকিম চৰকাৰে বন্ধ ৰাখিছিল পৰ্যটকৰ প্ৰৱেশ।





    ছিকিমৰ গৃহমন্ত্ৰণালয়ে জাৰি কৰা এক নিৰ্দেশনাত যিসকল পৰ্যটকে দুয়োপালি ভেকচিন গ্ৰহণ কৰিছে, সেইসকলে মেলি আৰু ৰাংপো তালাচী চকীয়েদি প্ৰৱেশ কৰিব পাৰিব। অৱশ্যে হোটেল, অতিথিশালাত, হোম ষ্টে’ আদিত ৫০ শতাংশ লোকৰহে অনুমতি প্ৰদান কৰা হৈছে।





    তদুপৰি দোকান-পোহাৰ, শ্বপিং মলসমূহতো ক'ভিড নিৰ্দেশনা মানি খুলিবলৈ অনুমতি প্ৰদান কৰা হৈছে।