• জন্মদিনত নতুন ছবিৰ ফাৰ্ষ্টলুক মুকলি কৰিলে আলিয়াই

    মনোৰঞ্জন
    জন্মদিনত নতুন ছবিৰ ফাৰ্ষ্টলুক মুকলি কৰিলে আলিয়াই

    মুম্বাই : ২৮ বছৰীয়া হ'ল বলীউডৰ অভিনেত্ৰী আলিয়া ভাট৷ সোমবাৰে জন্মদিনৰ দিনাই আলিয়াৰ নতুন ছবি 'আৰআৰআৰ'ৰ ফাৰ্ষ্টলুক মুকলি কৰে৷ এছএছ ৰাজামৌলীৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত 'সীতা' চৰিত্ৰত অভিনয় কৰিছে আলিয়াই৷





    আৰু পঢ়িব পাৰিব : ডিজিটেল ইণ্ডিয়াৰ সপোন আৰু চৰকাৰৰ নতুন ইণ্টাৰনেট নীতি





    এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অজয় দেৱগন, ৰামচৰণ আৰু এনটি ৰামা ৰাৱে৷ এই ছবিখন ১৯২০ চনৰ দুগৰাকী কিংবদন্তী মুক্তিযুঁজাৰু আলুৰি সীতাৰামাৰাজু আৰু কোমাৰাম ভীমৰ কল্পিত কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে৷






    https://twitter.com/aliaa08/status/1371339950256427009?s=20




    আৰু পঢ়িব পাৰিব : সংগীত বিশ্বৰ মহাতাৰকালৈ ‘গ্ৰেমী’, লছ এঞ্জেলছত বৰ্ণাঢ্য কাৰ্যসূচী





    আলিয়াৰ জন্মদিনত তাৰকাগৰাকীক শুভেচ্ছাৰে ওপচাই পেলাইছে অনুৰাগীসকলে। আহিবলগা নতুন ছবিখনৰ সীতা চৰিত্ৰটোৰ বাবেও শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে অনুৰাগীয়ে৷