• জন আব্ৰাহামে মুকলি কৰিলে 'এক ভিলেইন ৰিটাৰ্নছ'ৰ পোষ্টাৰ


    মুম্বাই : আহি আছে নতুন ছবি 'এক ভিলেইন ৰিটাৰ্নছ' ৷ ২০২২ৰ ১১ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব লগা বলীউডৰ ছবিখনৰ আজি প্ৰথমখন পোষ্টাৰ টুইটাৰযোগে মুকলি কৰিলে ছবিখনত অভিনয় কৰা বলীউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে৷





    আৰু পঢ়িব পাৰিব : ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰ, ব্যৱস্থা গ্ৰহণক হুংকাৰ






    https://twitter.com/TheJohnAbraham/status/1307870031951216640?s=20





    মোহিত সুৰীয়ে পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে জন আব্ৰাহাম, অৰ্জুন কাপুৰ, দিশা পাটানি আৰু তাৰা ছুটাৰিয়াৰ দৰে জনপ্ৰিয় তাৰকাই৷ ছবিখনৰ পৰিচালক মোহিত সুৰীয়ে কয় যে, 'এক ভিলেইন' ছবিখনক যিদৰে সকলোৱে মৰম দিছে সেয়া আজিও সজীৱ৷ আশাকৰো পূৰ্বৰ দৰেই সকলোৱে আহিব লগা 'এক ভিলেইন ৰিটাৰ্নছ'ক মৰম দিব৷





    আৰু পঢ়িব পাৰিব : উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদনৰ শুনানি





    জন আব্ৰাহামে টুইটত লিখিছে,‘এই কাহিনীটোৰ হিৰো হৈছে ভিলেইনজন’ ("Iss kahaani ka hero, villain hai! #EkVillainReturns)। উল্লেখ্য যে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰা 'এক ভিলেইন'ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সিদ্ধাৰ্থ মালহোত্ৰা, শ্ৰদ্ধা কাপুৰ আৰু ৰিতেশ দেশমুখে৷