• ঠাকুৰ সজ্জন সিঙৰ বিয়োগ, বলীউডত শোকৰ ছাঁ

    মনোৰঞ্জন
    ঠাকুৰ সজ্জন সিঙৰ বিয়োগ, বলীউডত শোকৰ ছাঁ

    মুম্বাইঃ নিৰ্বাপিত হৈ পৰিল ‘মন কী আৱাজ প্ৰতিজ্ঞা’ৰ ঐতিহাসিক যাত্ৰা। খহি পৰিল বলীউডৰ এক উজ্জ্বল নক্ষত্ৰ। বলীউডৰ লগতে চলচ্চিত্ৰ জগতৰ বলিষ্ঠ অভিনেতা অনুপম শ্যামৰ বিয়োগ। শৰীৰৰ বিভিন্ন অংগ বিকল হোৱাত সোমবাৰে পুৱা মৃত্যুক সাবটি লয় জনপ্ৰিয় অভিনেতাগৰাকীয়ে। বিগত কিছুবছৰৰ পৰা বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকীয়ে।ক্ৰমাত্‍ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছিল। ১৯৫৭চনত উত্তৰ প্ৰদেশত জন্মগ্ৰহণ কৰা অভিনেতাগৰাকীয়ে ‘লজ্জা’ ছবিৰে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল।






    জনপ্ৰিয় হিন্দী ধাৰাবাহিক ‘প্ৰতিজ্ঞা’-ত সজ্জন সিঙৰ চৰিত্ৰত দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ অন্তৰ জিনিছিল অভিনেতাগৰাকীয়ে। উল্লেখ্য যে, ধাৰাবাহিকখনত অভিনয় কৰি থকা অৱস্থাত সপ্তাহত ৩বাৰকৈ ডায়লাইছিছ কৰিব লগা হৈছিল। বলীউদৰ কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছে। ‘দস্তক’; ‘দুশমন’; ‘সত্যা’; ‘দিল ছে’; ‘নায়ক’; ‘ৱেলডান’; ‘ৱাণ্টেড’; ‘মুন্না মাইকেল’ ইত্যাদিৰ দৰে বহুল সমাদৃত ছবিত অভিনয় কৰিছিল প্ৰবীণ অভিনেতাগৰাকীয়ে।






    বৰণ্য অভিনেতাগৰাকীৰ মৃত্যুত বলীউডত এতিয়া শোকৰ ছাঁ পৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে একাংশ গুণমুদ্ধই সমবেদনা জ্ঞাপন কৰিছে।৬৩বছৰ বয়সত অভিনেতীগৰাকীয়ে মৃত্যুক সাবটি লয়। কায়িকভাবে তেওঁ আমাৰ মাজত নাথাকিলেও চলচিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব অনুপম শ্যাম ।






    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor