Regional
Digital Desk: The three-day Charaideo Festival, 2025 began on Thursday at the Charaideo Maidam Ground. This festival has been organized to celebrate the UNESCO World Heritage site tag for the Charaideo Maidam.
মুম্বাই : ড্ৰাগছ কাণ্ডত এইবাৰ নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ (এনচিবি)-এ আটক কৰিলে আন এজন বলীউড অভিনেতাক৷ বুধবাৰে পুৱা গ্ৰেপ্তাৰ কৰিছে অভিনেতা তথা ৰিয়েলিটী শ্ব’ বিগ ব’ছ-৭ৰ প্ৰাক্তন প্ৰতিদ্বন্দ্বী এজাজ খানক৷
আৰু পঢ়িব পাৰিব : ৰে’লত এতিয়াৰ পৰা নোৱাৰিব ম’বাইল, লেপটপ চাৰ্জ কৰিব!
মুম্বাইৰ নিজা বাসগৃহৰ পৰা আজি পুৱা এনচিবিয়ে গ্ৰেপ্তাৰ কৰে অভিনেতাগৰাকীক৷ ৰাজস্থানৰ পৰা মঙলবাৰে মুম্বাইৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে অভিনেতাগৰাকীক আটক কৰি নিজৰ জিম্মাত লৈছিল এনচিবিয়ে।
আৰু পঢ়িব পাৰিব : ৰাজ্যৰ ভিন্ন স্থানত পথ দুৰ্ঘটনাঃ নিহত ২
ড্ৰাগছ ব্যৱসায়ী শ্বাদব ফাৰুক শ্বেইখ ভাটাটাৰ ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে এজাজ খানৰ বিৰুদ্ধে৷ তদন্তকাৰী সংস্থাটোৰ মতে অভিনেতাগৰাকীৰ মুম্বাইৰ আন্ধ্ৰেৰী আৰু ল’খান্দৱালা এলেকাত থকা বাসগৃহত তালাচী চলাই আলপ্ৰাজ’লাম টেবলেট উদ্ধাৰ কৰাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।
Leave A Comment