• তুৰস্কতো জিলিকিছে ছলমান-কেটৰিনা

    মনোৰঞ্জন
    তুৰস্কতো জিলিকিছে ছলমান-কেটৰিনা

    ডিজিটেল ডেস্কঃ টাইগাৰ ৩ ৰ শ্বুটিঙৰ কামত বৰ্তমান তুৰস্কত আছেগৈ ছলমান খান। তেওঁৰ সৈতে আছে মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফো। পিছে তুৰস্কত ছলমান-কেটৰিনাই কেৱল শ্বুটিঙেই কৰা নাই। সাক্ষাৎ কৰিছে তুৰস্কৰ নেতা-মন্ত্ৰীকো। শেহতীয়াকৈ তুৰস্কৰ সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী মেহমেত নুৰি এৰচয়ে তেওঁৰ চ’ছিয়ল মিডিয়া হেণ্ডলত শ্বেয়াৰ কৰিছে এখনি বিশেষ আলোকচিত্ৰ।





    আলোকচিত্ৰখন বিশেষ, কিয়নো ইয়াত তুৰস্কৰ মন্ত্ৰীগৰাকীৰ সৈতে দেখা গৈছে বলিউডৰ মহা তাৰকা ছলমান খান আৰু অভিনেত্ৰী কেটৰিনা কাইফক।
    উৎফুল্লিত মন্ত্ৰী মেহমেত নুৰিয়ে লিখিছে- - “ মই বলিউডৰ বিখ্যাত অভিনেতা-অভিনেত্ৰীদ্বয় চলমান খান আৰু কেটৰিনা কাইফক সাক্ষাৎ কৰো। দুয়ো আমাৰ দেশলৈ আহিছে তেওঁলোকৰ এক নতুন প্ৰকল্পৰ কামত।আহি থকা দিনত আমি এইধৰণৰ আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বোলছৱিৰ প্ৰকল্পসমূহ আমাৰ দেশত অধিক সংখ্যাত ৰূপায়ণ কৰিম”।






    যি নহওঁক, দেখা গৈছে যে ছলমান-কেটৰিনাৰ গ্লেমাৰৰ চমক কেৱল ভাৰততেই নাই। সুদূৰ তুৰস্কৰ ক্ষমতাশালী নেতাও বাৰুকৈয়ে মোহিত ভাৰতীয় মহাতাৰকাৰ চমকনিত।