• থালাইৱী : নতুন ইতিহাস গঢ়াৰ দিশে বলীউডৰ ‘বিতৰ্ক ৰাণী’

    মনোৰঞ্জন
    থালাইৱী : নতুন ইতিহাস গঢ়াৰ দিশে বলীউডৰ ‘বিতৰ্ক ৰাণী’

    মুম্বাই : ছবিজগতত নিজৰ অভিনয়ৰ বাবে তেওঁ যিমান চৰ্চিত তথা প্ৰশংসিত হৈছিল, এতিয়া তেওঁ বিভিন্ন বিতৰ্কিত মন্তব্যৰ বাবেহে অধিক চৰ্চিত। কিন্তু অভিনয় জগততো তেওঁৰ সবল উপস্থিতি অব্যাহত আছে। এইবাৰ আন এক চমক দিবলৈ সাজু হৈছে বলীউডৰ ‘কণ্ট্ৰোভাৰ্ছী কুইন’ কংগনা ৰানাৱট। মুক্তিৰ বাবে সাজু হৈ উঠিছে কংগনা অভিনীত নতুন ছবি ‘থালাইৱী’।





    তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰী জয়াললিতাৰ জীৱন আধাৰিত এই ছবিয়ে ছবিঘৰত মুক্তি লাভ কৰিব ১০ ছেপ্টেম্বৰত। বহু চৰ্চিত এই ছবিৰ প্ৰথম জলকতে কংগনাই বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। ছবিগৃহত মুক্তিৰ লগতে তেওঁৰ এই ছবিখনে দুটাকৈ অনলাইন প্লেটফৰ্ম ক্ৰমে ‘এমাজন প্ৰাইম’ আৰু ‘নেটফ্লিক্স’তো মুক্তি পাব। প্ৰায় ৫৫ কোটি টকাত অনলাইন প্লেটফৰ্মৰ বাবে বিক্ৰী হৈছে ছবিখন।





    একেখন ছবি দুটাকৈ অনলাইন প্লেটফৰ্মত একে সময়তে প্ৰচাৰৰ হোৱাটো এটা অভিলেখ হিচাপে চিহ্নিত হৈছে। পূ্ৰ্বে এনে ঘটনা সংঘটিত হোৱা নাই। কংগনাৰ থালাইৱীয়ে হিন্দী ছবিজগতৰ ইতিহাসত নতুন নজিৰ গঢ়াৰ দিশে অগ্ৰসৰ হৈছে। ১০ ছেপ্টেম্বৰ ডাঙৰ পৰ্দাত মুকলি হোৱাৰ এমাহৰ পাছত অনলাইনত মুক্তি দিয়া হ’ব থালাইৱী। নিজৰ চৰিত্ৰক ন্যায় দিবলৈ কঠোৰ পৰিশ্ৰম কৰা তথা সাইলাখ জনপ্ৰিয় তামিল অভিনেত্ৰী তথা ৰাজনীতিকগৰাকীৰ দৰে চেহেৰাৰে এই ছবিত কংগনাক অসাধাৰণ ৰূপত দেখা গৈছে। এই ছবিৰ জৰিয়তে কংগনাই তেওঁৰ ক্ৰমাৎ স্থবিৰ হ’বলৈ ধৰা কেৰিয়াৰকো গতি দিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।