স্বাস্থ্য
ডিজিটেল ডেস্ক : দুটাকৈ সন্তানৰ মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰাৰ পাছত কৰীণা কাপুৰে সন্মুখীন হৈছে নানা সমস্যাৰ৷ সেই জিৰো ফিগাৰ শৰীৰ আৰু কমনীয়তাৰ কথা পাহৰি তেওঁ এতিয়া অভিনেত্ৰীগৰাকীয়ে কটাইছে শাৰীৰিক সমস্যাজৰ্জৰ জীৱন৷ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী তাৰকা বলীউড অভিনেত্ৰী কৰীণা কাপুৰ৷ কেৰিয়াৰত বিভিন্ন ধৰণৰ ছবিত চমকপ্ৰদ অভিনয় কৰিছে কৰীণাই। বলীউডৰ জনপ্ৰিয় কাপুৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা কৰীণাৰ৷ কঠোৰ পৰিশ্ৰম আৰু অভিনয়ৰ জৰিয়তে কৰীণাই বলীউডত লাভ কৰিছে এক সুকীয়া স্থান৷ ক'ভিডকালত যিদৰে সাধাৰণ লোকে যথেষ্ট বেয়া পৰিস্থিতি বা বেয়া সময় পাৰ কৰিব লগা হৈছিল, ঠিক সেইদৰে অভিনেত্ৰীগৰাকীয়েও জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যা তথা দুখৰ ভাগ বতৰা কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে৷
কৰীণা কাপুৰ খান বৰ্তমান সামাজিক মাধ্যমত চৰ্চাৰ বিষয়। কৰীণাই বিবাহিত আৰু দুটা সন্তানৰ মাতৃ হোৱাৰ পাছৰ প্ৰত্যাহ্বানৰ বিষয়া অনুৰাগীসকলৰ সৈতে ভাগ বতৰা কৰিছে। কৰীণা কাপুৰে ইনষ্টাগ্ৰামত নিজৰ এখন ফটো আপলোড কৰি লিখিছিল 'বিয়া হোৱাৰ পাছত জীৱন সম্পূৰ্ণৰূপে সলনি হৈ গৈছে৷ কিয়নো মই বিবাহৰ পৰৱৰ্তী কেইবছৰমানত দুটা সন্তানৰ মাতৃ হৈছোঁ।' কৰীণা কাপুৰ খানেও এই মুহূৰ্তত সন্মুখীন হৈ থকা সকলো দুখৰ বিষয়ে কৈছিল। যিটো এতিয়া ভাইৰেল হৈ আছে।
কৰীণাই বিবাহৰ পাছতে দুটাকৈ সন্তানৰ মাতৃ হোৱাৰ সৌভাগ্য অৰ্জন কৰিছে৷ অৱশ্যে তাৰ পাছৰে পৰা অভিনেত্ৰী অতি শকত আৰু স্বাস্থ্যজনিত সমস্যাত জৰ্জৰিত হৈ পৰিছে। অনুৰাগীৰ নিজৰ শাৰীৰিত সমস্যাৰ বৰ্ণনা দি কৰীণা কাপুৰে কয় যে তেওঁ এতিয়া যথেষ্ট বিষ আৰু বেদনাৰ সন্মুখীন হৈছে কিয়নো গৰ্ভধাৰণৰ ফলত যথেষ্ট ওজন বৃদ্ধি হৈছিল। ছেইফ আলী খানৰ পত্নী কৰীণাৰ বিবাহোত্তৰ জীৱনৰ এই প্ৰত্যাহ্বানৰ স্বীকাৰোক্তিয়ে অনুৰাগীৰ অন্তৰ স্পৰ্শ কৰা দেখা গৈছে। বিভিন্নজনে প্ৰিয় তাৰকাগৰাকীৰ এই বেয়া সময়ৰ বেদনাৰ সমভাগীও হোৱা দেখা গৈছে।
Leave A Comment