• পলৰীয়া কইনা : বিয়া পাতিলে ৮ জনক, ওলাল এইচআইভি পজিটিভ!

    মনোৰঞ্জন
    পলৰীয়া কইনা : বিয়া পাতিলে ৮ জনক, ওলাল এইচআইভি পজিটিভ!

    পঞ্জাৱ : বিবাহ… ৰজাই হওক বা লগুৱা-লিকচৌৱেই হওক, বিবাহক লৈ সকলোৰে নিজাধৰণৰ এক সপোন থাকে। সপোন কুৱৰী আৰু সপোনৰ সদাগৰৰ লগত প্ৰত্যেকেই বিবাহৰ ডোলেৰে বান্ধ খাই জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিব বিচাৰে। পিছে এই পবিত্ৰ বিবাহো জানো হ'ব পাৰে প্ৰৱঞ্চনাৰে ধন ঘটাৰ 'ব্যৱসায়'! ঘটনা পঞ্জাৱৰ। এগৰাকী ৩০ বছৰীয়া মহিলাই এতিয়ালৈকে ৮জন লোকক প্ৰৱঞ্চনাৰ জালেৰে মেৰিয়াই সৰ্বহাৰা কৰিছে।





    পাটিয়ালা আৰক্ষী বিষয়া এজনে জনায় যে, মহিলাগৰাকীয়ে বিগত চাৰি বছৰত ৮জন পুৰুষক বিয়া পাতি এসপ্তাহৰ ভিতৰতে তেওঁলোকৰ পৰা গহনা আৰু নগদ ধন লৈ উধাও হয় বুলি স্বীকাৰ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীৰ সহযোগীসকলকো আটক কৰিছে। বিষয়টো অধিক চিন্তনীয় হৈ পৰে তেতিয়া, যেতিয়া মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোঁৱা হয়। আদালতত হাজিৰ কৰোৱাৰ প্ৰাকমুহূৰ্তত কৰা স্বাস্থ্য পৰীক্ষাত মহিলাগৰাকী এইচআইভি পজিটিভ ধৰা পৰে। লগে লগে আৰক্ষীয়ে তেওঁৰ প্ৰৱঞ্চনাৰ চিকাৰ হোৱা কেউজন পুৰুষক এইচআইভি টেষ্ট কৰাবলৈ পৰামৰ্শ দিয়ে।






    অভিযুক্ত মহিলাগৰাকীয়ে বিবাহৰ 'চিকাৰ'জন ধনী হ'লে আৰু বিলাসী ঘৰ থাকিলে তেওঁৰ বৈবাহিক 'পিৰিয়ড' ১০-১৫ দিনলৈ বঢ়াই দিয়ে। তাৰপাছত স্বামীৰ পৰিয়ালক নানা ভাবুকি দিয়া আৰম্ভ কৰে আৰু ধন লৈ উধাও হয়। আৰক্ষীৰ জেৰাত মহিলাগৰাকীয়ে ২টা সন্তানৰ মাতৃ বুলি স্বীকাৰ কৰিছে। মহিলাগৰাকীক তেওঁৰ স্বামীয়ে এৰি থৈ যোৱাৰ পাছৰ পৰাই তেওঁ এই 'ব্যৱসায়' আৰম্ভ কৰে বুলি জানিবলৈ দিয়ে।