• পুনৰ চৰ্চাত সুশান্ত সিঙৰ আত্মহত্যাৰ ৰহস্য ! ১২হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল...

    মনোৰঞ্জন
    পুনৰ চৰ্চাত সুশান্ত সিঙৰ আত্মহত্যাৰ ৰহস্য ! ১২হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল...

    মুম্বাই : নাৰ্কটিছ কন্ট্ৰ’ল ব্যুৰ' চমুকৈ এনচিবিয়ে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃ শ্বৌভিকসহ ৩৩ জনক আজি চাৰ্জশ্বিট দাখিল কৰিছে মুম্বাইৰ বিশেষ আদালতত৷ বিগত বৰ্ষৰ জুন মাহত আত্মহত্যা কৰা বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুটৰ ঘটনা সন্দৰ্ভত দাখিল কৰিছে এই চাৰ্জশ্বিট৷





    আৰু পঢ়িব পাৰিব : বিধানসভা নিৰ্বাচনত যুঁজিবলৈ সাজু ৫জন সাংসদ!





    জানিব পৰা মতে এনচিবিয়ে প্ৰায় ১২,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছে৷ ড্ৰাগছ কাণ্ডত জড়িত থকাৰ বাবে অভিনেত্ৰী আৰু তেওঁৰ ভাতৃসহ প্ৰায় ৩৩জনক গ্ৰেপ্তাৰ কৰিছিল৷ অৱশ্যে ইয়াৰে অধিকাংশই জামিনলাভ কৰিলে যদিও বৰ্তমানেও জিম্মাত আছে ৮জন লোক৷





    আৰু পঢ়িব পাৰিব : ৯২টা সমষ্টিত হ’ব বিজেপিৰ যুঁজ : অগপ-ইউপিপিএললৈ এৰিলে বাকী সমষ্টি





    উল্লেখ্য যে সুশান্ত সিঙৰ আত্মহত্যাৰ ঘটনাৰ বৰ্তমানেও তদন্ত চলাই ৰখা হৈছে বুলি জানিবলৈ দিয়ে এনচিবিয়ে৷ লগতে এতিয়াও বহুকেইজন চিনাক্ত হ'বলৈ বাকী আছে বুলিও জনায়৷