• ফটোগ্ৰাফাৰ দৰাৰ জীৱন লেঞ্চত আৱদ্ধ হ’বলৈ ওলাইছে শ্ৰদ্ধা কাপুৰ !

    মনোৰঞ্জন
    ফটোগ্ৰাফাৰ দৰাৰ জীৱন লেঞ্চত আৱদ্ধ হ’বলৈ ওলাইছে শ্ৰদ্ধা কাপুৰ !

    মুম্বাইঃ বলীউড অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ বিবাহ-পাশত আৱদ্ধ হোৱাৰ গুজৱ শুনিবলৈ পোৱা গৈছে। শ্ৰদ্ধাৰ দৰা হৈছে ভাৰতৰ এজন প্ৰখ্যাত ফটোগ্ৰাফাৰ। জানিবলৈ পোৱা মতে, ফটোগ্ৰাফাৰ জনৰ সৈতে শ্ৰদ্ধাৰ সম্পৰ্ক বেছ পুৰণি। বিগত কেইবামাহত দুয়োজনৰ মাজৰ সম্পৰ্ক গভীৰতালৈ শিপাই যায়। উত্‍কন্ঠাৰ অৱসান ঘটাই এইবাৰ চলিছে শ্ৰদ্ধাৰ বিয়াৰ গুঞ্জন। ইতিমধ্য দৰাৰ পিতৃৰ পৰাও শ্ৰদ্ধাই লাভ কৰিছে ইতিবাচক সহাঁৰি।শেহতীয়াকৈ তেওঁলোকৰ বিবাহক লৈ বলীউড এৰিনাতো চলিছে জল্পনা-কল্পনা। পিছে মোহময়ী অভিনেত্ৰী গৰাকীৰ দৰা কোন?





    জানিবলৈ পোৱা মতে, শ্ৰদ্ধাই বৰমালা পিন্ধাবলৈ লোৱা দৰাজন গৈছে প্ৰখ্যাত ফটোগ্ৰাফাৰ ৰোহন শ্ৰেষ্ঠা। টেলিভিছনৰ এক সাক্ষাৎকাৰত, ফটোগ্ৰাফাৰ গৰাকীৰ পিতৃ ৰাকেশ শ্ৰেষ্ঠাই কৈছে যে, ‘শক্তি কাপুৰৰ জীয়েকৰ সৈতে তেওঁৰ পুত্ৰৰ বন্ধুত্ব বহু বছৰীয়া। তেওঁলোকে কলেজত একেলগে পঢ়িছিল। দুয়োজনে পেছাদাৰী জীৱনত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। যদি ৰোহন-শ্ৰদ্ধাই একেলগে থকাৰ সিদ্ধান্ত লৈছে সেয়া যোগাত্মক চিন্তাৰে প্ৰতিফলন। দুয়ো বিবাহৰ মত দিলে মই সকলো কৰ্তব্য নিায়াৰিকৈ পালন কৰিম। ইয়াত আপত্তিৰ কোনো প্ৰশ্ন নাই।’