• বলীউড অভিনেতা নাছিৰুদ্দিন শ্বাহ অসুস্থ

    মনোৰঞ্জন
    বলীউড অভিনেতা নাছিৰুদ্দিন শ্বাহ অসুস্থ

    নতুন দিল্লীঃ দুঃশ্চিন্তাৰ ক’লীয়া ডাৱৰ আঁতৰা নাই বলীউডৰ আকাশৰ পৰা। শাৰীৰিক অসুস্থতাৰ বাবে চিকিত্সাডলয়ত ভৰ্তি কৰা হৈছে বলীউড অভিনেতা নাছিৰুদ্দিন শ্বাহক। কিছুদিন পূৰ্বে প্ৰবীণ অভিনেতাগৰাকীয়ে নিউমনিয়াত আক্ৰান্ত হৈছিল। হাওঁফাওঁত সংক্ৰমণ ধৰা পৰাৰ পাছত ততাতৈয়াকৈ তেওঁক মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰা হয়।






    অভিনেতাগৰাকীৰ মেনেজাৰে বম্বে টাইমছৰ আগত সদৰী কৰিছে যে, ‘বিগত দুদিন ধৰি চিকিত্সা লয়ত ভৰ্তি হৈ আছে নাছিৰুদ্দিন শ্বাহ। হাওঁফাওঁৰ সংক্ৰমণ ধৰা পৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে অনতি পলমে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ। স্বাস্থ্যৰ অধিক অৱনতি নঘটিলে আজি বা কালিৰ ভিতৰত তেওঁক ডিচাৰ্জ দিয়াৰো চিন্তা চৰ্চা কৰিছে চিকিৎসকে।’উল্লেখ্য যে, ৰূপালী পৰ্দাৰ লগতে থিয়েটাৰৰ মঞ্চত নিজস্ব প্ৰতিভাৰে অজস্ৰ চলচ্চিত্ৰপ্ৰেমীক মনোৰঞ্জন প্ৰদান কৰা ৭০ বছৰীয়া অভিনেতাগৰাকীৰ আশুআৰোগ্য কামনা কৰিছে দেশবাসীয়ে।