• বিতৰ্কত সোমাই পৰিল অজয় দেৱগনৰ জীয়ৰী, সমালোচিত কাজল কন্যা

    মনোৰঞ্জন
    বিতৰ্কত সোমাই পৰিল অজয় দেৱগনৰ জীয়ৰী, সমালোচিত কাজল কন্যা

    ডিজিটেল ডেক্সঃ বলীউডৰ আশীৰ্বাদপ্ৰাপ্ত আটাইতকৈ সফল তাৰকাসকলৰ মাজত অজয় দেৱগনো এজন। সমান্তৰালকৈ কাজলৰো আছে বহু অনুৰাগী যি কাজলক ভগৱানৰ দৰে পূজাও কৰে। এই বলীউড দম্পতীৰ সন্তান নাইচা দেৱগনে এতিয়ালৈকে বলীউডত প্ৰৱেশ কৰা নাই যদিও তাৰকা সন্তানে লাভ কৰা প্ৰয়োজনীয় মনোযোগতকৈ অধিক লাভ কৰিছে।









    বৰ্তমান এটা পুৰণি ভিডিঅ'ৰ আলম লৈ নাইচাক সমাজিক মাধ্যমত সমালোচনা কৰা দেখা গৈছে৷ বিগত দিনবোৰতো নাইচাৰ প্ৰতি সমালোচনা যথেষ্ট বৃদ্ধি পাইছিল৷ আনকি সমালোচনাৰ নামত ব্যক্তিগত বিষয় টানি এবাৰ ককাকৰ মৃত্যুৰ পিছত চেলুন লৈ যোৱাৰ বাবে সমালোচনাৰ লক্ষ্য কৰি লোৱা হৈছিল। তাইৰ ফেশ্বন পছন্দবোৰত চোকা দৃষ্টি ৰাখে একাংশই৷ যাৰ বাবে বাৰেপতি সামাজিক মাধ্যমত চোকা সমালোচনাৰ সন্মুখীন হৈছে নাইচা দেৱগন৷









    সম্প্ৰতি নাইচা দেৱগানৰ এটা পুৰণি ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’ত নাইচাই তেওঁৰ বন্ধুবৰ্গৰ সৈতে টিকটক ভিডিঅ' বনোৱাৰ সৈতে কিছু আমোদজনক সময় উপভোগ কৰা দেখা গৈছিল। ক্লিপটোত; তেওঁলোকক এটা চৰ্চিত ইনষ্টাগ্ৰাম ছেলেঞ্জত অংশ লোৱা দেখা গৈছিল। এই ভিডিঅ’টোৰ বাবেই এতিয়া পুনৰ চৰ্চা আৰু সমালোচনাৰ শীৰ্ষত আছে তাৰকা কন্যা নাইচা দেৱগন৷