Regional
Amitabh Sharma, a spokesperson for Indian Railways, stated on June 3 that the rescue operations at the terrible triple train collision scene...
নতুন দিল্লী : বিপদ বৃদ্ধি পাইছে এমাজন প্ৰাইমৰ ‘তাণ্ডৱ’ ৱেব ছিৰিজৰ নিৰ্মাতা তথা কলা-কুশলীৰ। ছিৰিজটোৰ জৰিয়তে ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগত ৰুজু হোৱা একাধিক গোচৰত গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা বিচাৰি উচ্চতম ন্যায়ালৰ কাষ চাপি বিমুখ হৈছে ‘টীম তাণ্ডৱ’। ছিৰিজটোৰ অভিনেতা জেছান আয়ুব, এমাজনৰ ক্ৰিয়েটিভ মুৰব্বী অপৰ্না পুৰোহিত আৰু ছিৰিজটোৰ নিৰ্মাতা হিমাংশু কিষণ মেহৰাই সম্ভাব্য গ্ৰেপ্তাৰত স্থগিতাদেশ জাৰি কৰাৰ আবেদন লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও তেওঁলোক বিমুখ হ’বলগীয়া হয়।
আৰু পঢ়িব পাৰিব : ১৮গৰাকী নাৰীক হত্যা, ২১টা গোচৰ, গ্ৰেপ্তাৰ ভয়ংকৰ অপৰাধী
তেওঁলোকে গোচৰ মুম্বাই আদালতলৈ স্থানান্তৰৰ বাবেও আবেদন জনাইছিল। উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ দ্বিতীয়টো আবেদন বিবেচনা কৰিবলৈ সন্মত হয় যদিও গ্ৰেপ্তাৰত আগতীয়া প্ৰতিবন্ধকতা আৰোপ নকৰিলে। ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি কয় যে, ‘আপোনাৰ বাক স্বাধীনতা অসীম নহয়। আপুনি কোনো জনগোষ্ঠীৰ অনুভূতিত আঘাত হনা চৰিত্ৰ ৰূপায়ন কৰিব নোৱাৰে।’
আৰু পঢ়িব পাৰিব : দেৰগাঁৱত আৰক্ষীৰ বৰ্বৰতা : মহিলাক অত্যাচাৰ, বৃদ্ধা গুলীবিদ্ধ
ন্যায়াধীশ আৰএছ ৰেড্ডী আৰু এমআৰ শ্বাহো এই বিচাৰপীঠৰ সদস্য আছিল। দেশৰ একাধিক ৰাজ্যত এই ৱেব ছিৰিজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।
Leave A Comment